আসন্ন মন্দাৱস্থাৰ দিশে ভাৰতীয় অর্থনীতি
- কৰুণা ফুকন
চীন দেশত উৎপত্তি হৈ সমগ্র বিশ্বতে বিয়পি পৰা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে মৃত্যু–বিভীষিকাৰে ত্রাসৰ সৃষ্টি কৰাৰ সময়তে এক আসন্ন আৰু নিশ্চিত অর্থনৈতিক বিপর্যয়ৰ ভয়ে চিন্তাশীল জগতত তীব্র উদ্বেগৰ সৃষ্টি কৰিছে৷ নিম্নগামী অর্থনৈতিক বিকাশৰ পৰা পৰিত্রাণ পাবৰ কাৰণে সদ্যঘোষিত কেন্দ্রীয় বাজেটৰ যোগেদি ৰণকৌশল প্রস্তুত কৰাৰ কিছুদিন পিছতে নিতান্তই অনাকাংক্ষিতভাৱে অহা এই দুর্যোগ স্বাভাৱিকতে ভাৰতীয় অর্থনীতিৰ বাবেও এক বৃহৎ প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে৷ প্রাণঘাতক মহামাৰীবিধৰ পৰা পৰিত্রাণ পাবৰ উপায় হিচাপে চৰকাৰে ঘোষণা কৰা ‘লকডাউন’ কার্যসূচীয়ে সমগ্র বাণিজ্য জগতকে সম্পূর্ণৰূপে স্থবিৰ কৰি পেলোৱাত হোৱা আর্থিক ক্ষয়–ক্ষতিয়ে এক নিশ্চিত মন্দাৱস্থাৰে ইংগিত দিছে৷
ক’ভিড–১৯ মহামাৰীৰ উৎপত্তি হোৱাৰ পূর্বেও বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন সময়ত অনেক মহামাৰীয়ে শ–শ লোকৰ প্রাণ কাঢ়ি লোৱাৰ উদাহৰণ আছে৷ ৫৪১ চনত হোৱা প্লেগ মহামাৰীয়ে সেই সময়ৰ ইউৰোপৰ মুঠ জনসংখ্যাৰ আধা মানুহৰে প্রাণ লৈছিল৷ ৭৩৫ চনত জাপানত হোৱা বৰ–আয়ে ২০ লাখ লোকৰ, ১৩৩১ চনৰ পৰা ১৩৫৩ চনলৈ ইউৰোপ, আফ্রিকা আৰু উত্তৰ আমেৰিকাত হোৱা প্লেগ ৰোগে প্রায় ২০ কোটি লোকৰ, ১৮২৯ চনৰ পৰা ১৮৫১ চনলৈ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত হোৱা কলেৰা মহামাৰীয়ে এক লাখ লোকৰ, ১৮৭৭ চনৰ পৰা ১৯৭৭ চনলৈ সমগ্র বিশ্বতে হোৱা বৰ–আই মহামাৰীয়ে ৫০ কোটি লোকৰ, ১৮৮৯ চনত হোৱা ইনফ্লুৱেঞ্জাই বিশ্বজুৰি ১০ লাখ লোকৰ, ১৯১৫ চনৰ পৰা ১৯২৬ চনলৈ হোৱা এনকেফেলাইটিছ ৰোগে ১৫ লাখ লোকৰ, ১৯১৮ চনৰ পৰা ১৯২০ চনলৈ বিশ্বজুৰি হোৱা স্পেনিছ ফ্লু ৰোগে ১০ কোটি লোকৰ, ১৯৬০ চনৰ পৰা বর্তমানলৈকে এইচ–আই–ভি–এইডচ ৰোগে বিশ্বজুৰি ৩ কোটি লোকৰ, ২০০৯–১০ চনত হোৱা স্বোৱাইন ফ্লু ৰোগে ৫ লাখ ৭৫ হাজাৰ লোকৰ আৰু ২০১৯ চনত এছিয়া আৰু লেটিন আমেৰিকাত হোৱা ডেংগু জ্বৰে ২০০০তকৈ অধিক লোকৰ প্রাণ কাঢ়ি লৈছিল৷
আমেৰিকা যুক্তৰাষ্ট্রৰ বিনিয়োগ প্রতিষ্ঠান গ’ল্ডমেন ছেক্সৰ অধ্যয়নত প্রকাশ পাইছে যে ক’ভিড–১৯ৰ প্রভাৱত ভাৰতবর্ষৰ অর্থনৈতিক বিকাশৰ হাৰ অহা বিত্তীয় বর্ষত ১.৬ শতাংশলৈ হ্রাস পাব৷ ৰিজার্ভ বেংকৰ পূর্বৰ গৱর্নৰ ৰঘুৰাম ৰাজনে কৈছে যে ভাৰতবর্ষই স্বাধীনোত্তৰ কালৰ সর্ববৃহৎ আর্থিক বিপর্যয়টোৰ সন্মুখীন হ’বলৈ গৈ আছে৷ বাণিজ্যিক মূল্যায়ন প্রতিষ্ঠান মোডিয়ে ভাৰতবর্ষৰ অর্থনৈতিক বিকাশৰ হাৰ পূর্বে অনুমান কৰা ৫.৩ শতাংশৰ সলনি ২.৫ শতাংশহে হ’ব বুলি মত প্রকাশ কৰিছে৷ আন্তর্জাতিক মুদ্রা নিধি MF)] মতে চলিত বর্ষত ১৯৩০ চনৰ বিশ্বজোৰা মন্দাৱস্থাৰ দৰেই হুবহু পৰিস্থিতি এটাৰ সৈতে সমগ্র বিশ্ব সন্মুখীন হ’ব লাগিব৷ প্রতিটো গুৰুত্বপূর্ণ অর্থনীতিৰে জনমূৰি আয় চকুত লগাকৈ হ্রাস পাব৷ পোনতে আমেৰিকা যুক্তৰাষ্ট্রত আৰম্ভ হৈ সমগ্র বিশ্বলৈ বিয়পি পৰা ১৯৩০ চনৰ মন্দাৱস্থা প্রায় ১০ বছৰলৈকে বর্তি আছিল আৰু সকলো দেশৰে অর্থনৈতিক ব্যৱস্থা কোঙা কৰি পেলাইছিল৷ বিশ্ববাণিজ্য সন্থাই সকীয়াই দিছে যে ক’ভিড–১৯ মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে আন্তর্জাতিক বাণিজ্যৰ আয়তন অভূতপূর্ব পৰিমাণে হ্রাস কৰি পেলাব৷ এই মহামাৰীৰ ফলত বিশ্বত বৈদেশিক বিনিয়োগ প্রায় ৪০ শতাংশলৈকে হ্রাস হোৱাৰ আশংকা কৰা হৈছে৷
ক’ভিড–১৯ মহামাৰীটো ভাৰতবর্ষলৈ আহিছে এক বিপর্যয়ৰ সময়ত৷ যোৱা বিত্তীয় বর্ষত প্রকৃত মুঠ ঘৰুৱা উৎপাদন (ৰিয়েল জি.ডি.পি) বিকাশৰ হাৰ কমি আহি ছয় বছৰৰ ভিতৰতে সর্বনিম্ন পাঁচ শতাংশ হৈছিল৷ সাংখ্যিক জি ডি পি বিকাশৰ হাৰ যোৱা সোতৰ বছৰৰ ভিতৰত সর্বনিম্ন আঠ শতাংশ হৈছিল৷ তাতোকৈ ভয়াৱহ দিশ উন্মোচিত হৈছিল দেশৰ পূর্বৰ মুখ্য অর্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্রমণিয়মৰ এক মন্তব্যত৷ তেওঁৰ মতে চৰকাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰি জি ডি পি বিকাশৰ প্রকৃত হাৰ গোপনে ৰাখিছে৷ সুব্রমণিয়মে কৈছিল যে চৰকাৰে বিকাশৰ হাৰ আঢ়ৈ শতাংশ বঢ়াই প্রকাশ কৰিছে৷ অর্থাৎ ৫ শতাংশৰ ঠাইত প্রকৃততে ২.৫ শতাংশ হাৰতহে অর্থনৈতিক বিকাশ হৈছে৷ ভাৰতীয় অর্থনীতিয়ে বিশ্বৰ বৃহত্তম অর্থনীতিবোৰৰ ভিতৰত পূর্বৰ পঞ্চম স্থান হেৰুৱাই সপ্তম স্থানলৈ অৱনমিত হৈছিল৷ নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰৰ মতে সেই অর্থনৈতিক দুর্যোগ অসাধাৰণ আৰু যোৱা সত্তৰ বছৰত ভাৰতবর্ষ কোনোদিনে এনে দুর্যোগৰ সন্মুখীন হোৱা নাছিল৷
দেশ এখনৰ ৰাষ্ট্রীয় আয় বৃদ্ধিৰ চাৰিটা মূল কাৰক আছে৷ সেইকেইটা হ’ল ভোগ বা চাহিদা, ব্যক্তিগত বিনিয়োগ, চৰকাৰী বিনিয়োগ আৰু ৰপ্তানি৷ ভোগ বা চাহিদাবৃদ্ধি হ’লে উৎপাদনকাৰীসকলে অধিক উৎসাহেৰে দ্রব্যসামগ্রী উৎপাদন কৰে, বিনিয়োগৰ বৃদ্ধি ঘটে আৰু তাৰ ফলত নিয়োগ সৃষ্টিৰ যোগেদি আয় বৃদ্ধি হয়৷ সঠিক দিশত আৰু সঠিক উদ্দেশ্যেৰে হোৱা চৰকাৰী ব্যয় বা বিনিয়োগে দেশত আন্তঃগাঁথনিৰ সৃষ্টি কৰে, মানৱ সম্পদৰ উন্নয়ন ঘটে, নিয়োগ সৃষ্টি হয় আৰু জ্যামিতিক হাৰত আয়ৰ বৃদ্ধি হয়৷ ৰপ্তানিৰ যোগেদি বৈদেশিক মুদ্রা আহৰণ কৰিব পৰা যায়, দেশলৈ সম্পদৰ আগমন ঘটে আৰু ঘৰুৱা মুদ্রাৰ মূল্য শক্তিশালী হয়৷ কিন্তু লকডাউন কার্যসূচীৰ ফলত অর্থনীতিৰ চালিকাশক্তি এই আটাইকেইটা কাৰকেই স্থবিৰ হৈ পৰিছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ বাদে যান–বাহনকে আদি কৰি আন সকলো সামগ্রীৰে ভোগ বা চাহিদা যোৱা দিনকেইটাত শূন্য হৈ পৰিছে৷ উৎপাদন কার্যও সম্পূর্ণ বন্ধ হৈ পৰা বাবে বিনিয়োগো শূন্য হৈ পৰিছে৷ ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ হাজাৰ হাজাৰ লোকে নিয়োগৰ সুবিধা হেৰুওৱাটো নিশ্চিত হৈ পৰিছে৷ চৰকাৰী মূলধনী বিনিয়োগো যথেষ্ট হ্রাস পাইছে৷ ৰপ্তানি কার্যও প্রায় বন্ধ হৈ পৰাত বৈদেশিক মুদ্রাৰ প্রবাহ স্তব্ধ হৈ পৰিছে৷ বিদেশী বিনিয়োগো শূন্য হৈ পৰা এনে বিপর্যয়মুখী পৰিস্থিতিয়ে এক অৱধাৰিত আর্থিক জৰুৰীকালীন অৱস্থাৰ স্পষ্ট ইংগিত দিছে৷
ভাৰবর্ষৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশতকৈ অধিক লোক নিয়োগৰ বাবে অসংগঠিত খণ্ডৰ সৈতে জডিত৷ চৰকাৰৰ প্রত্যক্ষ নিয়ন্ত্রণৰ পৰা আঁতৰত থকা এই খণ্ডটিয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ ৫০ শতাংশতকৈও অধিক বৰঙণি আগবঢ়ায়৷ দেশৰ অর্থনীতিৰ ৰাজহাড স্বৰূপ এই অসংগঠিত খণ্ডটি লকডাউনৰ ফলত প্রায় সম্পূর্ণৰূপে স্তব্ধ হৈ পৰিছে৷
ঘেঁহুকে আদি কৰি কেইবাটাও গুৰুত্বপূর্ণ শস্য চপোৱাৰ এই সময়ছোৱাতে চৰকাৰে ঘোষণা কৰিবলৈ বাধ্য হোৱা লকডাউনে আটাইতকৈ বেছি ক্ষতি কৰিছে কৃষকসকলৰ৷ খেতি চপাব নোৱাৰি কৃষকে আত্মহত্যা কৰাৰ বাতৰিও আহিছে৷ আমাৰ অসমতে ক্ষুদ্র চাহ খেতিয়কসকলে শ শ কুইণ্টল কেঁচা চাহপাত ছিঙি পেলাই দিবলৈ বাধ্য হৈছে৷ হঁাহ–কুকুৰা আৰু পশুধন পানীৰ দৰতে বিক্রী কৰিবলগীয়া হৈছে৷ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শাক–পাচলি বজাৰলৈ উলিয়াব নোৱাৰি খেতিয়কসকলে মূৰে–কপালে হাত দিছে৷
ক’ভিড–১৯য়ে বিপর্যয় কঢ়িয়াই আনি ধবংসৰ মুখলৈ ঠেলি দিয়া মূল উদ্যোগটো হৈছে ভ্রমণ আৰু পর্যটন উদ্যোগ৷ ২০১৯ চনৰ হিচাপ মতে বিশ্ব অর্থনীতিলৈ এই উদ্যোগৰ বৰঙণি ৯.২৫ ড্রিলিয়ন আমেৰিকান ডলাৰ, যিটো ভাৰতৰ দৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ তিনি গুণৰ সমান৷ ২০১৮ চনত ভাৰতবর্ষৰ মুঠ ঘৰুৱা উৎপাদনলৈ এই উদ্যোগৰ অৱদান হৈছে ১৬.৯১ লাখ কোটি টকা, যিটো ভাৰতৰ ৰাষ্ট্রীয় আয়ৰ ৯.২ শতাংশ৷ নিয়োগ সৃষ্টিৰ ক্ষেত্রতো এই খণ্ডৰ অৱদান উল্লেখযোগ্য৷ ২০১৮ চনৰ তথ্য মতে ভ্রমণ আৰু পর্যটন উদ্যোগে দেশৰ ৪ কোটি ২০ লাখ লোকক (মুঠ নিয়োগৰ ৮.১ শতাংশ) নিয়োগৰ সুবিধা প্রদান কৰিছে৷
প্রশ্ণ হয়, এই আসন্ন অর্থনৈতিক দুর্যোগৰ কিবা সমাধান আছেনে? নিশ্চয় আছে৷ সম্প্রসাৰণমুখী ৰাজহ আৰু বিত্তীয় নীতি, চাহিদা বৃদ্ধিৰ বাবে লোৱা নীতি, জি এছ টিৰ সৰলীকৰণ, গ্রামাঞ্চলত বসবাস কৰা লোকসকলৰ আয় বৃদ্ধি, নীতি–নিশ্চয়তাৰ যোগেদি চৰকাৰ সম্পর্কে বিনিয়োগকাৰীসকলৰ আস্থা বৃদ্ধি, অর্থনীতি বিষয়ক গুৰুত্বপূর্ণ পদবীসমূহৰ স্বতন্ত্রতা ৰক্ষা আৰু যোগ্য লোকক নিযুক্তি প্রদান আদি হৈছে কেতবোৰ ফলপ্রসূ উপায়৷ সম্প্রসাৰণমুখী চৰকাৰী নীতিৰ যোগেদিয়ে ১৯৩০ চনৰ বিশ্বজোৰা মন্দাৱস্থাৰ পৰা মুক্তি পোৱা হৈছিল৷ অর্থনৈতিক অধঃগমনৰ মূল কাৰক হৈছে হ্রাসমান চাহিদা৷ সেয়েহে সামগ্রিক চাহিদা বৃদ্ধি কৰিব পৰা চৰকাৰী নীতি, যেনে নিয়োগ সৃষ্টি, কৰ আৰু সুদৰ হাৰৰ হ্রাসকৰণ, বর্ধিত চৰকাৰী ব্যয় সীমিতকৰণ আদি অতি গুৰুত্বপূর্ণ৷ ভাৰতবর্ষৰ ৬৬ শতাংশ লোকে গাঁও অঞ্চলত বসবাস কৰে৷ তেওঁলোকৰ আয় বৃদ্ধিৰ হাৰ মুঠেই সন্তোষজনক নহয়৷ গ্রাম্য–মজুৰি বৃদ্ধিৰ হাৰ ২০১৪ চনৰ ১৪.৬ শতাংশৰ পৰা হ্রাস পাই ২০১৮–১৯ বিত্তীয় বর্ষত মাত্র ১.১ শতাংশ হৈছেগৈ৷ অর্থনীতিত সামগ্রিক চাহিদা বৃদ্ধি কৰিবৰ কাৰণে দেশৰ জনসংখ্যাৰ এই গুৰুত্বপূর্ণ অংশটোক লক্ষ্য কৰি ল’ব লাগিব৷
প্রশ্ণ হয়, লকডাউন অন্ত পৰাৰ পিছত অহা আর্থিক মন্দাৱস্থা কিদৰে সমাধান কৰা হ’ব? অর্থনীতি এটাৰ মূল চালিকা শক্তি হৈছে চাহিদা৷ হ্রাসমান চাহিদাই হৈছে আর্থিক অৱনতিৰ মূল কাৰণ৷ ঠিক তেনেদৰে চাহিদাৰবৃদ্ধিয়েই হৈছে অর্থনৈতিক পুনৰুদ্ধাৰৰ সবাতোকৈ ফলপ্রসূ উপায়৷ দ্রব্য–সামগ্রীৰ চাহিদাবৃদ্ধি পালে বিনিয়োগকাৰীসকল উৎসাহিত হয়, বিনিয়োগ বৃদ্ধিৰ যোগেদি উৎপাদন আৰু নিয়োগ বাঢ়ে৷ তাৰ ফলত উপভোক্তাৰ আয় আৰু ক্রয় ক্ষমতা বৃদ্ধিৰ যোগেদি চাহিদা উচ্চগামী হয়৷ গতিকে অর্থনীতিত চাহিদা বৃদ্ধি ঘটোৱা সম্প্রসাৰণমুখী ৰাজহ নীতি (বর্ধমান চৰকাৰী ব্যয়, হ্রাসমান কৰ) সহজলভ্য বেংক ঋণ, কৃষকলৈ ৰাজসাহায্য আদি হ’ব কিছুমান আৱশ্যকীয় পদক্ষেপ৷ ন’বেল বিজয়ী অর্থনীতিবিদ অভিজিত বেনার্জীয়ে কৈছে যে আর্থিকভাৱে পিছপৰা লোকসকলৰ মাজত নগদ টকা বিতৰণ হ’ব পাৰে অন্য এক ফলপ্রসূ উপায়৷
অর্থনৈতিক অৱনতি (recession) হৈছে এনে এক নিম্নমুখী বাণজ্যিক অৱস্থা য’ত অর্থনীতি এটাৰ আয়, ক্রয় ক্ষমতা, চাহিদা, উৎপাদন, বিনিয়োগ, নিয়োগ, ৰপ্তানি এই আটাইবোৰ দৰকাৰী দিশৰ নিৰৱচ্ছিন্ন পতন ঘটে৷ এটা খণ্ডত হোৱা ক্ষতিয়ে আন খণ্ডবোৰকো প্রভাৱিত কৰিবলৈ আৰম্ভ কৰে৷ উদাহৰণ স্বৰূপে গাডী উদ্যোগত চাহিদা হ্রাস পালে ষ্টীল উদ্যোগৰো বিস্তৰ ক্ষতি হয় আৰু নিয়োগৰ সম্ভাৱনাও হ্রাস পায়৷ ঠিক তেনেদৰে এখন দেশত হোৱা অর্থনৈতিক অৱনতিৰ খৰতকীয়া গতিত আন আন দেশসমূহলৈও বিয়পি পৰে৷ ২০০৮ চনৰ বিশ্বজোৰা অর্থনৈতিক অৱনতি পোনতে আমেৰিকা যুক্তৰাষ্ট্রত উৎপত্তি হৈছিল আৰু পিছৰ সময়ত ইউৰোপ আৰু অন্য দেশসমূহলৈ বিয়পি পৰি বিশ্ব অর্থনীতিৰ বিস্তৰ ক্ষতি কৰিছিল৷ সুদৃঢ় অর্থনৈতিক ভেটিত প্রতিষ্ঠিত ভাৰতীয় অর্থনীতিক অৱশ্যে এই আর্থিক অৱনতিয়ে বিশেষ ক্ষতি কৰিব পৰা নাছিল৷ ক’ভিড–১৯ মহামাৰীৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ ফলত ভাৰতবর্ষৰ অর্থনৈতিক বিকাশৰ হাৰ নিশ্চিতভাৱে হ্রাস পাব যদিও সেয়া ঋণাত্মক নহয় বুলি বাণিজ্যিক বিশ্লেষক প্রতিষ্ঠান মোডিয়ে ঘোষণা কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপৰ বিকাশৰ হাৰ ক্রমে বিয়োগ ২ আৰু বিয়োগ ২.২ শতাংশ হোৱাৰ বিপৰীতে ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ধনাত্মক ২.৫ শতাংশ হ’ব বুলি মোডিয়ে বিশ্লেষণ কৰি উলিয়াইছে৷ অৱশ্যে এই পৰিসংখ্যা লকডাউনৰ দীর্ঘতা, মহামাৰীবিধৰ প্রতিষেধক আৱিষ্কাৰ হ’বলৈ লগা সময় আৰু লকডাউনৰ পৰৱর্তী সময়ছোৱাত চৰকাৰে গ্রহণ কৰা অর্থনৈতিক নীতিৰ নিপুণতাৰ ওপৰত নির্ভৰ কৰিব৷ লকডাউন কার্যসূচীৰ ফলত হ’ব পৰা আর্থিক ক্ষয়–ক্ষতি যিমান পাৰি কম কৰিবলৈ এই সময়ছোৱাতো কৃষিকার্য, চাহ–বাগিচা, কল–কাৰখানা, উদ্যোগ আদি শৃংখলাবদ্ধ নিয়ম–নীতি মানি চলি কার্যকৰী কৰি থাকিবলৈ প্রশাসনে অনুমতি দিব লাগিব৷ চীন দেশত ক’ভিড–১৯ য়ে সৃষ্টি কৰা অর্থনৈতিক বিপর্যয়ক বিশ্লেষণ কৰি গৱেষকসকলে মত প্রকাশ কৰিছে এই আর্থিক অৱনতি ইংৰাজী বর্ণ ‘দ্দ’– দৰে হ’ব৷ অর্থাৎ যিটো গতিত অর্থনৈতিক অৱনতি হ’ব ঠিক সেই একে গতিতে অর্থনীতিৰ পুনৰুদ্ধাৰো সম্ভৱ হ’ব৷ বিশ্বৰ বাবে নিশ্চিতভাৱে এইটো আশাব্যঞ্জক বাণী ৷