লকডাউনৰ দিনলিপি
ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বলৈ আনি দিয়া অকল্পনীয় পৰিৱর্তনৰ বাবে গৃহবন্দী হৈ থাকিবলগীয়া মানুহসকলৰ মনত এফালে অনিশ্চিত ভৱিষ্যতৰ শংকা আৰু একে সময়তে কৰিবলৈ একো নথকাৰ শূন্যতাৰ প্রথমটো আঘাত অতিক্রম কৰাৰ পাছত মানুহে অলপ হ’লেও নিজকে ব্যস্ত ৰখাৰ বাট বিচাৰি লৈছে৷ ভৱিষ্যৎ যিমানেই অনিশ্চিত নহওক কিয়, বর্তমানটো ভালদৰে অতিক্রম কৰিবই লাগিব৷ জীৱন আৰু জীৱিকাৰ যুদ্ধত মানুহে কিছুমান কাম কৰিবলৈ ইচ্ছা থকা সত্ত্বেও সময় পোৱা নাছিল, কিন্তু লকডাউনে সেই সময় উলিয়াই দিছিল৷ লকডাউনৰ গৃহবন্দী সময়খিনিত বহুতে পুৰণি কিতাপ পঢ়িছে, কিছুমানে এই অভ্যাসটোক পুনৰ জীৱন দিছে৷ বাতৰিকাকত ঘৰলৈ দিব নহাৰ সময়তে বহুতে অনলাইন পঢ়াৰ অভ্যাসো গঢ়ি তুলিলে৷ আৰু যিহেতু এতিয়া আৰু পুৱাৰ সময়খিনিত লৰা–ঢ়পৰাকৈ বাতৰিকাকত পঢ়ি শেষ কৰিব নালাগে, সেয়ে অনলাইন পঢ়া সময়ত আগতে নপঢ়া আন বাতৰিকাকতৰ পিনেও মনোযোগ আগবাঢ়িল৷ কিছুমানে নিজৰ ঘৰটোকে পৰিষ্কাৰ কৰিলে আৰু নতুনকৈ সজালে৷ যিবোৰ বন্ধু–বান্ধৱ আদিৰ লগত ইচ্ছা থকা সত্ত্বেও সময়ৰ অভাৱতে কথা পতা হোৱা নাছিল, সেইসকলৰ লগত টেলিফোনৰ যোগেৰে সম্বন্ধ স্থাপন হ’ল৷ প্রযুক্তিবিদ্যাত উৎসাহীসকলে ভিডি’ কনফাৰেন্সৰ সুবিধা লৈ আড্ডাৰো আয়োজন কৰিলে৷ এতিয়াৰ প্রযুক্তিবিদ্যাৰ ব্যাপক প্রচলনৰ সময়ত তাৰ সুবিধা লৈ ঘৰৰ পৰা কাম কৰা, ঘৰৰ পৰা শিক্ষা দিয়া আদি ধাৰণাবোৰো বাস্তৱত ৰূপায়িত হ’বলৈ ধৰিলে৷ ঘৰৰ পৰা কাম কৰা সুবিধাটো আগতে সাধাৰণতে ব্যক্তিগত খণ্ড বা কর্প’ৰেট খণ্ডতহে আছিল৷ এতিয়া ভালেমান চৰকাৰী কার্যালয়তো সেইটো ব্যৱহূত হ’ল৷ লকডাউনৰ সময়ছোৱাত বহু লোকে নিজৰ সৃষ্টিশীল দিশবোৰৰ মামৰবোৰ গুচোৱাৰ চেষ্টা কৰিলে, কিছুমানে নতুন দুই–এটা কথা শিকিবলৈ আগবাঢ়ি আহিল৷ বিভিন্ন পাঠ্যক্রমৰ অনলাইন কোর্চবোৰৰ ফীজবোৰ ভালেখিনি কমাই দিয়া হ’ল, যাতে অধিকাংশ লোক সেই কোর্চবোৰৰ পিনে আগ্রহী হ’ব পাৰে৷ অকল এইখিনিয়েই নহয়, নহ’লেও চলি যোৱা কিছুমান সামগ্রীৰ কথা পাহৰি জীৱনটো কিছু পৰিমাণে সৰল কৰিবলৈকো মানুহে শিকিলে ৷
এই আটাইখিনি কথাই কিন্তু অকল মধ্যবিত্ত বা উচ্চ–মধ্যবিত্ত শ্রেণীৰ মানুহকহে সামৰি লয়৷ শ্রমজীৱী লোকসকলে যিসকলে দৈনিক কামৰ ওপৰত নির্ভৰ কৰি জীৱন অতিবাহিত কৰে, তেওঁলোকক চৰকাৰে যিমান সম্ভৱ সহায় কৰিছে, কিন্তু তেনে সহায় সদায়েই সম্ভৱ নহ’ব পাৰে৷ লাহে লাহে লকডাউন খুলিব, মানুহ কাম–কাজত ব্যস্ত হ’ব, হাতলৈ ধন আহিব৷ কিন্তু লকডাউনৰ এই সময়ছোৱা যি নতুন ধৰণৰ শৈলীৰে জীৱনটো অতিবাহিত কৰিছে তাৰ প্রভাৱ কিমান থাকিব, সেয়াহে মূল কথা৷ সাধাৰণ উদাহৰণৰ পৰা ক’ব পাৰি যে কিতাপ পঢ়াৰ যি অভ্যাস ঘূৰি আহিছে সি যদি স্থায়ী হৈ ৰৈ যায়, তেনেহ’লে তাক লকডাউনৰ পৰা পোৱা এটা ভাল অভ্যাস বুলি ক’ব পৰা যাব৷ কিন্তু বাতৰিকাকতৰ ক্ষেত্রত কথাটো দুই ধৰণৰ হ’ল, কাকত পঢ়া অভ্যাস বাঢ়িল, কিন্তু কিনা অভ্যাসটোৰ পৰিৱর্তন ঘটিল৷ লকডাউন খোলাৰ পাছত কিনা অভ্যাস হয়তো ঘূৰি আহিব, কিন্তু ইমানদিনে বিভিন্ন কাকত পঢ়ি নিজৰ পঠন অভিজ্ঞতাৰ যি উন্নতি সাধন কৰিলে তাক পুৰণি কাকতবোৰে সন্তুষ্ট কৰিব পাৰিবনে? অসমীয়া আলোচনীৰো বেয়া দিন গ’ল৷ কিন্তু লকডাউনে পাঠকৰ জীৱনশৈলীৰ যি পৰিৱর্তন আনি দিলে তাৰ লগত খাপ খুৱাই আলোচনীবোৰক নতুন ৰূপ দিব পাৰিলে আলোচনী আৰু সাপ্তাহিক কাকতৰ ভৱিষ্যৎ ভাল বুলি ভবাৰ ঠাই আছে ৷