শিক্ষয়িত্রী আৰু আন মহিলা কর্মচাৰীৰ সাজপাৰ আৰু কেতবোৰ প্রাসংগিক কথা
- ড০ অখিল ৰঞ্জন দত্ত
দুটা অভিজ্ঞতাৰে লেখাটো আৰম্ভ কৰিব খুজিছেছা৷ আজিৰ পৰা প্রায় এটা দশকৰ আগেয়ে মই কর্মৰত গুৱাহাটী বিশ্ববিদ্যালয়ত নতুনকৈ যোগদান কৰা দুগৰাকী যুৱতী শিক্ষয়িত্রীয়ে মোক লগ ধৰিবলৈ আহিলে৷ দুয়োগৰাকী যুৱতীয়ে অসমৰ বাহিৰৰ আগশাৰীৰ দুখন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাগ্রহণ কৰিছিল৷ তেওঁলোকৰ স’তে পূর্বৰে পৰা মোৰ পৰিচয় আছিল৷ তেওঁলোকৰ বিভাগৰ জ্যেষ্ঠ শিক্ষয়িত্রীসকলে বিভাগলৈ শাৰী, মেখেলা–চাদৰ পৰিধান কৰি অহা বাবে তেওঁলোকেও যোগদান কৰাৰ পাছত কিছুদিনলৈকে শাৰী, মেখেলা–চাদৰ পৰিধান কৰি বিশ্ববিদ্যালয়লৈ আহিলে৷ বিশ্ববিদ্যালয়লৈ বাছেৰে অহা–যোৱা কৰা বা নিজে গাডী চলাই অহা দুয়োগৰাকী শিক্ষয়িত্রীয়ে মোক লগ ধৰি কিছু ভয়ে ভয়ে সুধিলে যে তেওঁলোকে সদায়ে এনেকৈয়ে বিশ্ববিদ্যালয়লৈ আহিব লাগিব নেকি৷ প্রশ্নটো শুনিয়েই মই কিছু বিব্রতবোধ কৰিলোঁ৷ মই ভাবিলোঁ এইটোনো সুধিবলগীয়া প্রশ্ণনে৷ তাৰ পাছত তেওঁলোকৰ অসহায় মুখ দুখন দেখি বুজিলোঁ যে তেওঁলোকক কিছু সাহস আৰু সমর্থন লাগে৷ মই ক’লোঁ যে তোমালোকৰ সাজপাৰৰ ওপৰত কোনেও আদেশ, নির্দেশ অথবা নিষেধজ্ঞা জাৰি কৰিব নোৱাৰে৷ তোমালোকৰ চিন্তা–চেতনাই তোমালোকক স্বাধীন হ’বলৈ শিকাইছে৷ তোমালোকে নিজৰ সিদ্ধান্ত নিজে লোৱা৷ কোনোবাই আপত্তি কৰিলে আওকাণ কৰিবা৷ দ্বিতীয় অভিজ্ঞতাটো বিশ্ববিদ্যালয়ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ হাইস্কুল পর্যায়ৰ ছাত্রীসকলৰ সাজ–পোছাকক লৈ৷ এইখন বিদ্যালয়ৰ এইসকল ছাত্রীয়ে মেখেলা–চাদৰ পৰিধান কৰি আহিছিল আজিৰ পৰা প্রায় এবছৰ আগলৈকে৷ অথচ সমীপতে থকা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সমবয়সীয়া ছাত্রীসকলে স্কার্ট–ছার্ট পৰিধান কৰি আহিছিল৷ দুয়োখন বিদ্যালয়ৰ ছাত্রীসকলৰ মাজত দুটা শ্রেণী সৃষ্টি হৈছিল৷ বিশ্ববিদ্যালয়ৰ এখন সভাত এই বিষয়টো আলোচিত হ’ল আৰু আমি বহুতেই দাবী কৰিলোঁ যে এইব্যৱস্থা তৎকালে নির্মূল কৰিব লাগে৷ কর্তৃপক্ষই তৎকালেই তাক কার্যকৰী কৰিলে৷ কিন্তু আমাৰ কাৰণে বিডম্বনাৰ কথা যে আমি একবিংশ শতিকাতো এইবোৰ প্রসংগৰ অৱতাৰণা কৰিবলগীয়া হৈছে৷ মই এই দুটা অভিজ্ঞতাৰ কথা এই বাবেই ক’লোঁ যে বিশ্ববিদ্যালয় এখনতো এনে প্রশ্ণৰ আমি সমুখীন হৈছোঁ, য’ত নাৰী অধিকাৰৰ ওপৰত প্রচুৰ গৱেষণা হৈছে আৰু বিশ্ববিদ্যালয়খনত মহিলা শিক্ষকৰ অৱস্থিতি যথেষ্ট শক্তিশালী ৷
অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষয়িত্রীৰ সাজপাৰৰ ক্ষেত্রত এতিয়ালৈকে মেখেলা–চাদৰ অথবা শাৰীৰ পৰম্পৰাই চলি আছে৷ মহাবিদ্যালয়–বিশ্বব্ শিক্ষয়িত্রীয়ে এতিয়া অন্ততঃ নিজৰ সুবিধা হোৱা আৰু শালীনতা বর্তাই ৰখা সাজপাৰ পৰিধান কৰিব পাৰে৷ তেওঁলোকে ইচ্ছা কৰিলে চুৰিদাৰ–কামিজ পিন্ধিব পাৰে অথবা পেণ্ট–ছার্ট পৰিধান কৰিব পাৰে৷ অৱশ্যে সকলো মহাবিদ্যালয়ত সেইটো প্রযোজ্য হৈছে নে নাই মই জ্ঞাত নহওঁ ৷
অসমৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহত আজিকালি ছাত্রীৰ সংখ্যাই বেছি ৷ বহুসংখ্যক ছাত্রী দূৰৰ পৰা বাছেৰে অহা–যোৱা কৰে ৷ তেওঁলোকৰ বাবে আটাইতকৈ সুবিধাজনক সাজপাৰ হ’ল পেণ্ট আৰু টি–ছার্ট অথবা ছার্ট৷ বিশ্ববিদ্যালয়ত দেখিছেছা বেছিসংখ্যক ছাত্রীয়ে আজিকালি জীন্ছ পেণ্ট আৰু টি–ছার্ট পিন্ধে৷ আৰু এই সাজ তেওঁলোকৰ বাবে আটাইতকৈ সুবিধাজনক৷ বহু ছাত্রীয়ে আজিকালি চৌহদত চাইকেল চলাই বিভাগলৈ আহে৷ ইয়াৰ বাবেও পেণ্ট আৰু ছার্টেই সুবিধাজনক সাজপাৰ৷ আমি ইয়াত আপত্তি কৰিবলগীয়া কিবা কথা আছে নেকি৷ সাজপাৰ মানুহে সুবিধা হোৱাকৈ, বিশেষকৈ কর্মক্ষেত্রত সুবিধা হোৱাকৈ পিন্ধিব লাগে৷ যদি সেইটোৱেই মূল কথা, তেনেহ’লে বিদ্যালয়ৰ শিক্ষয়িত্রীয়ে কিয় বিদ্যালয়লৈ আহঁোতে মেখেলা–চাদৰ অথবা শাৰী পিন্ধি আহিব লাগে ? আচলতে এইটো এনে এটা আওপুৰণি আৰু অলাগতিয়াল কথা আৰু এই সম্পর্কে আলোচনা কৰিবলগীয়া হোৱাটোৱেই দুর্ভাগ্যজনক কথা৷ কিন্তু, শিক্ষয়িত্রীসকল যিহেতু এই ব্যৱস্থাৰ বলি হৈ আহিছে, গতিকে তাৰ ওপৰত আলোচনা নোহোৱাটোহে আচৰিত কথা ৷ তাতকৈও আচৰিত কথা যে এই প্রশ্ণটো শিক্ষয়িত্রীসকলে নিজেও উত্থাপন কৰাৰ পৰা বিৰত থাকে৷ মই চৰকাৰক পৰামর্শ দিব বিচাৰোঁ যে ক’ৰোনা মহামাৰীয়ে মহিলা শিক্ষয়িত্রীসকলৰ বাবে সৃষ্টি কৰিব পৰা প্রত্যাহ্বানৰ প্রতি লক্ষ্য ৰাখি তৎকালে এই জাপি দিয়া সাজপাৰৰ বাধ্যবাধকতা বিলোপ কৰিব লাগে৷ সমাজৰ সংস্কৃতি আৰু শিষ্টাচাৰ ৰক্ষাৰ দায়িত্ব শিক্ষয়িত্রী আৰু মহিলা কর্মচাৰীৰ ওপৰত জাপি দিব খোজাটো আধুনিক চিন্তাৰ পৰিপন্থী ৷
আমি মনত ৰখা ভাল হ’ব যে শিক্ষয়িত্রী অথবা মহিলা কর্মচাৰীৰ সাজপাৰৰ ক্ষেত্রত থকা বাধ্যবাধকতা উঠাই ল’লে ই পাৰিবাৰিক অর্থনীতিৰ পৰা আৰম্ভ কৰি একেবাৰে মহিলাৰ স্বাস্থ্যলৈকে বহুবোৰ ক্ষেত্রত ইতিবাচক অৰিহণা যোগাব৷ দৈনিক শাৰী অথবা মেখেলা–চাদৰ পৰিধান কৰাটো কেৱল যে অসুবিধাজনকেই তেনে কথা মাত্র নহয়৷ ই এক খৰচী কাৰবাৰৰ লগতে সময় অপব্যয়ৰো এক কাৰক৷ আনহাতে ক’ৰোনাই আমাকবহু শিক্ষা দিলে৷ এতিয়া প্রত্যেকেই কর্মস্থানৰ পৰা আহি নিতৌ গা ধোৱাৰ লগতে পিন্ধি অহা সাজপাৰো ধুব লাগিব৷ তেনেক্ষেত্রত শিক্ষয়িত্রী বা আন মহিলা কর্মচাৰীসকলৰ ওপৰত নির্দিষ্ট সাজপাৰ জাপি দিয়াটো অযুক্তিসংগত আৰু অন্যায় হ’ব৷ আমাৰ যাতায়াত ব্যৱস্থায়ো ৰূপ সলনি কৰিব৷ ৰাজহুৱা বাহনত অহা–যোৱা কৰাতকৈ মানুহে অকলে বাহনত যাবলৈ ইচ্ছা কৰিব৷ অ’লা–উবেৰত যাবলৈকো মানুহে ভয় কৰা হ’ব৷ সকলোৰে ব্যক্তিগত গাডী থকাৰ আৰু থাকিলেও সদায়ে নিজা গাডীত অহা–যোৱা কৰাটো সম্ভৱ নহ’ব৷ সেয়েহে বিকল্প হিচাপে আমি চাইকেলৰ কথা ভাবিব লাগিব৷ বিদ্যালয়ৰ সমীপত থকাসকলে খোজকাঢ়ি যোৱাৰ পোষকতা কৰিব বা তেনে এক বিকল্পৰ কথা আমি ভাবিব লাগিব৷ এইবোৰ কথা ভাবিও আমি সাজপাৰৰ ক্ষেত্রত থকা আমাৰ আওপুৰণি চিন্তা পৰিহাৰ কৰিব লাগিব৷ সেয়েহে অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ ওচৰত মোৰ বিনম্র অনুৰোধ– চৰকাৰে যাতে লকডাউন উঠাই লোৱাৰ আগেয়েই এইক্ষেত্রত ল’বলগীয়া যাৱতীয় সিদ্ধান্ত লয় ৷
যিসকল মহিলাই ব্যক্তিগত প্রতিষ্ঠানত, বিশেষকৈ কর্প’ৰেট প্রতিষ্ঠানত কাম কৰে, তেওঁলোকৰ বাবে সাজপাৰৰ যি কঠোৰ নির্দেশনা সি আৰু অধিক ভয়াৱহ৷ তেনে নির্দেশনাও অতি সোনকালে পৰিহাৰ কৰাৰ নির্দেশ দিব লাগে৷ কর্মক্ষেত্রলৈ সকলোৱে নিজে ভাল পোৱা আৰু সুবিধাজনক হোৱা সাজপাৰ পৰিধানৰ ব্যৱস্থা বলৱৎ হ’ব লাগে৷ ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত বহু মহিলা কর্মচাৰীয়ে একেবাৰে উশাহ ঘূৰাবলৈও কষ্ট পোৱা সাজ পৰিধানৰ যি ব্যৱস্থা, সেইটো তৎকালে বিলোপ সাধনৰ বাবে চৰকাৰী নির্দেশনা যাব লাগে ৷
মই চৰকাৰক আৰু দুটামান পৰামর্শ দিব খুজিছেছা৷ চৰকাৰৰ নির্দেশনামর্মেই সম্প্রতি আমি ‘ঘৰতে থাকক কুশলে থাকক’ নীতিৰেই ক’ৰোনাৰ স’তে মোকবিলা কৰিছোঁ৷ অর্থাৎ ভ্রমণৰ কথাটোৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰিছোঁ৷ এই নীতিৰ লগত সংগতি ৰাখি যিমানদূৰ পাৰি কর্মচাৰীসকলে যাতে নিজা বাসস্থানৰ সমীপতে চাকৰি কৰাৰ সুবিধা পায় তাৰো ব্যৱস্থা কৰিব লাগে৷ সকলো কার্যালয়ৰ ক্ষেত্রত অথবা সকলোবর্গৰ কর্মচাৰীৰ ক্ষেত্রত সেইটো হয়তো সম্ভৱপৰ নহয়৷ কিন্তু য’ত যেনেকৈ সুবিধা হয় সেইখিনি কৰিব লাগে৷ বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীৰ ক্ষেত্রত নিশ্চয় এইটো কৰিব পাৰে৷ এইটো এক নীতিগত কথা হ’ব লাগে– জোৰ–জবৰদস্তি নহয়৷ তৃতীয় বা চতুর্থ শ্রেণীৰ কর্মচাৰীৰ ক্ষেত্রত যদি পতি–পত্নী বহু দূৰত কর্মৰত, তেন্তে তেওঁলোকক একেলগে থাকিব পৰাকৈ বদলিকৰণৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ পৰিণতিত দিনে–সপ্তাহে যাত্রা কৰাৰ বাধ্যবাধকতা কমিব ৷
আমি সকলোৱে জনা উচিত যে আমি সভ্যতাৰ এক অগ্ণিপৰীক্ষাত অৱতীর্ণ হৈছেছা৷ পৰম্পৰাগত চিন্তাই আমাক আৰু এতিয়া গতি দিব নোৱাৰে৷ এতিয়া আমি বুজি উঠা উচিত হ’ব যে প্রকৃতিয়ে আমাক প্রতিযোগিতাৰ দৌৰ স্তিমিত কৰিবলৈ কৈছে, জিৰণি ল’বলৈ কৈছে, আমাৰ দম্ভ আৰু লোভ সম্বৰণ কৰিবলৈ কৈছে, চৰকাৰৰো মই বৰ ভাব পৰিহাৰ কৰিবলৈ কৈছে, আমাৰ সমাজৰ বৈষম্য কমাবলৈ কৈছে, নিতান্তই আত্মকেন্দ্রিকতা ধুই–পখালি সামূহিক কল্যাণৰ নীতিৰে আগবঢ়াৰ বাট মোকলাবলৈ কৈছে৷ আন্ধাৰৰ বাট এৰি আমাক পোহৰৰ পথৰ সন্ধান কৰিবলৈ কৈছে ৷
বিদ্যালয়ৰ শিক্ষয়িত্রী আৰু মহিলা কর্মচাৰীৰ সাজপাৰৰ কথা ক’বলৈ গৈ মই আন বহু কথাও কৈ পেলালোঁ৷ সেইবোৰ নিশ্চয়কৈ অপ্রাসংগিক কথা নহয়৷ কিন্তু শেষত মই আকৌ মোৰ মূল কথাটো আকৌ এবাৰ কৈ যাওঁ– চৰকাৰে বিদ্যালয়–মহাবিদ্যাল্ তথা আন যিকোনো প্রতিষ্ঠানত ছোৱালী আৰু মহিলাৰ সাজপাৰৰ ওপৰত আনুষ্ঠানিক অথবা অনানুষ্ঠানিকভাৱে চলি থকা সকলো বাধ্যবাধকতা পৰিহাৰ কৰিবৰ বাবে চৰকাৰী নির্দেশ জাৰি কৰক৷ ক’ৰোনাই আমাক সমতাৰ ওপৰত প্রতিষ্ঠিত এখন সমাজৰ দিশে গতি কৰাৰ পথ খুলি দিয়ক৷ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ ৷