নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ আৰু অসমৰ উচ্চ শিক্ষা : কিঞ্চিৎ চিন্তন

  • ড০ সব্যসাচী মহন্ত

সমগ্র বিশ্বজুৰি অব্যাহত থকা ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ ফলত উদ্ভৱ হোৱা অনাহূত পৰিস্থিতি সম্পর্কত ব্যাখ্যা কৰাৰ অৱশ্যেই প্রয়োজন নাই ৷ পৃথিৱীব্যাপী সংহাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছ সৃষ্ট মহামাৰী নিৰাময়ৰ অর্থে কোনো ঔষধ অথবা এই অসুখৰ সংক্রমণ প্রতিৰোধৰ বাবে কোনো প্রতিষেধক আজি পর্যন্ত উদ্ভাৱন হোৱা নাই৷ সেয়েহে ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ প্রতিৰোধৰ বাবে সামাজিক দূৰত্ব ৰক্ষাকেই একমাত্র উপায় হিচাপে চিহ্ণিত কৰা হৈছে আৰু এইমর্মে বিশ্বৰ প্রায়সংখ্যক দেশতেই লকডাউন(Lockdown) অথবা সম্পূর্ণ তলাবন্ধ ঘোষণা কৰি এই কালান্তক ভাইৰাছ প্রতিৰোধৰ প্রচেষ্টা অব্যাহত ৰখা হৈছে ৷

ইউনেস্ক’ৰ দ্বাৰা প্রকাশিত তথ্য অনুসৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে পৃথিৱীৰ মুঠ ১৯২খন দেশে লকডাউন ঘোষণা কৰি এই ভাইৰাছ সৃষ্ট ক’ভিড–১৯ মহামাৰী ৰোধৰ প্রচেষ্টা চলাইছে৷ ইয়াৰ ফলত সমগ্র বিশ্বৰ জনজীৱন ব্যাহত হৈ পৰিছে, সকলো স্তব্ধ হৈ পৰিছে৷ প্রায় গোটেই পৃথিৱীজুৰি ঘোষণা কৰা লকডাউনৰ ফলত প্রায় প্রতিখন দেশৰে সামাজিক আৰু অর্থনৈতিক ক্ষেত্রৰ লগতে শৈক্ষিক ক্ষেত্রখনতো ব্যাপকভাৱে বিৰূপ প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ এই লকডাউনৰ বাবে বিশ্বৰ প্রায় সকলো দেশৰে সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ ফলত সমগ্র বিশ্বৰে শিক্ষাখণ্ড অভাৱনীয়ভাৱে ক্ষতিগ্রস্ত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, বিশ্বজুৰি ঘোষিত এই লকডাউনৰ ফলত গোটেই বিশ্বৰ ১৫০ কোটিৰো অধিক ছাত্র–ছাত্রী শিক্ষানুষ্ঠানত শিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ এইক্ষেত্রত ভাৰতবর্ষত ইয়াৰ ব্যতিক্রম হোৱা নাই৷ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ অর্থে ভাৰততো যোৱা ২৫ মার্চৰ পৰা সম্পূর্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু বর্তমান পর্যন্ত এই লকডাউনৰ ম্যাদ তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰি অহা ১৭ মে’লৈকে বঢ়াই দিয়া হৈছে৷ ইফালে ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ পৰা ছাত্র–ছাত্রীসকলক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে ভাৰত চৰকাৰে যোৱা ১৬ মার্চৰ পৰাই দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিছিল৷ ইয়াৰ ফলত ভাৰতবর্ষৰ শৈক্ষিক ক্ষেত্রখন বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে আৰু সমগ্র দেশখনৰ প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত কেইবাকোটি বিদ্যার্থী শিক্ষানুষ্ঠানত শিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ প্রণিধানযোগ্য যে এই লকডাউনৰ ফলত ভাৰতৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্রায় এহেজাৰৰো অধিক বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়সমূহ অন্তর্ভুক্ত প্রায় ৪২ হাজাৰৰো অধিক মহাবিদ্যালয়ত অধ্যয়নৰত প্রায় ৩.৭০ কোটি ছাত্র–ছাত্রী বর্ণনাতীতভাৱে ক্ষতিগ্রস্ত হৈছে ৷

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্র আৰু চীন দেশৰ পাছতে ভাৰতৰ উচ্চ শিক্ষাখণ্ড হৈছে সমগ্র বিশ্বৰ বিতৰতে তৃতীয় বৃহৎ উচ্চ শিক্ষা ব্যৱস্থা৷ গতিকে ক’ভিড–১৯ মহামাৰী সংক্রমণ প্রতিৰোধৰ অর্থে তাৎক্ষণিকভাৱে প্রৱর্তন কৰিবলগীয়া হোৱা দেশজুৰি লকডাউনে এই বৃহৎ খণ্ডটোত কেনে প্রভাৱ পেলাইছে, সেয়া সহজেই অনুমেয়৷ তদুপৰি আকস্মিকভাৱে উদ্ভৱ হোৱা এনে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে দেশৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা শিক্ষানুষ্ঠান, শিক্ষক আৰু ছাত্র–ছাত্রীসকলো মুঠেও প্রস্তুত নাছিল৷ সেয়েহে হঠাৎ ঘোষিত লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ সকলো উচ্চ শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াত সমূহ শিক্ষক–শিক্ষয়িত্রী আৰু ছাত্র–ছাত্রীসকল ঘৰতে আবদ্ধ হৈ পৰিল৷ ইয়াৰ ফলত সমগ্র দেশৰে উচ্চ শিক্ষাখণ্ডৰ শিক্ষণ–শিকন প্রক্রিয়া স্থবিৰ হৈ পৰাৰ লগতে উচ্চ শিক্ষানুষ্ঠানত নতুন নামভর্তি, পৰীক্ষা, শৈক্ষিক দিনপঞ্জী, শিক্ষাবর্ষ আদি বিষয়সমূহৰ ক্ষেত্রতো ব্যাপক অনিশ্চয়তা সৃষ্টি হ’ল ৷

সেয়েহে সাম্প্রতিক পৰিস্থিতিৰ প্রেক্ষাপটত চৰকাৰ তথা বিশ্ববিদ্যালয়সমূহে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ প্রক্রিয়াৰ লগতে অন্যান্য বিষয়সমূহৰ ক্ষেত্রত ক্ষিপ্রতাৰে চিন্তা–চর্চা কৰি বিকল্প ব্যৱস্থা সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰাৰ আৱশ্যকতা আহি পৰিল৷ পৰিস্থিতিৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি উচ্চ শিক্ষাৰ সৈতে জড়িত এই বিষয়সমূহ সন্দর্ভত বিস্তৃত অধ্যয়ন কৰি পৰামর্শ প্রদান কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগে(University Grants Commission) এপ্রিল মাহৰ প্রথম সপ্তাহতে দুখনকৈ উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে৷ ইয়াৰে এখন সমিতি হাৰিয়ানা বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ আৰ চি কুহাদৰ অধ্যক্ষতাত আৰু অনাখন সমিতি ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ৰ(IGNOU) উপাচার্য ড০ নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত গঠন কৰা হয়৷ অধ্যাপক কুহাদ নেতৃত্বাধীন সাতজনীয়া সমিতিখনক লকডাউনৰ সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত কৰা তথা এই সময়ছোৱাত নির্ধাৰিত শৈক্ষিক দিনপঞ্জীৰ ৰূপায়ণ সন্দর্ভত আৰু অধ্যাপক ৰাও নেতৃত্বাধীন সমিতিখনক উচ্চ শিক্ষাখণ্ডত অনলাইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে পাঠদান কৰা সম্পর্কত পুংখানুপুংখ অধ্যয়ন কৰি পৰামর্শ আগবঢ়াবলৈ দায়িত্ব প্রদান কৰা হ’ব ৷

প্রণিধানযোগ্য যে এই দুয়োখন সমিতিয়েই নির্দিষ্ট পৰামর্শাৱলীসহ তেওঁলোকৰ বিস্তৃত প্রতিবেদন যোৱা ২৪ এপ্রিলত বিশ্ববিদ্যালয় অনুদান আয়োগক আনুষ্ঠানিকভাৱে প্রদান কৰে৷ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগেও সমিতি দুখনে দাখিল কৰা প্রতিবেদন সন্দর্ভত বিস্তৰ আলোচনা কৰি ইতিমধ্যে কেতবোৰ নির্দেশাৱলীও জাৰি কৰিছে৷ এই দুয়োখন প্রতিবেদনত সন্নিৱিষ্ট পৰামর্শাৱলীৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয় অনুদান আয়োগে চলিত শিক্ষাবর্ষৰ বাবে এখন সংশোধিত শৈক্ষিক দিনপঞ্জী প্রস্তুত কৰিছে আৰু স্থানীয় পৰিৱেশ–পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়সমূহ এই সন্দর্ভত নিজাববীয়াকৈ সিদ্ধান্ত গ্রহণ কৰি ইয়াৰ কার্যকৰীকৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা প্রদান কৰিছে৷ তদুপৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা অন্যান্য উচ্চ শিক্ষানুষ্ঠানসমূহক এই লকডাউনৰ সময়ছোৱাত অনলাইন পদ্ধতিৰ জৰিয়তে বিদ্যার্থীসকলক শিক্ষাদানৰ প্রক্রিয়া বাহাল ৰখাৰ ব্যৱস্থা কৰিবলৈও বিশ্ববিদ্যালয় অনুদান আয়োগে নির্দেশনা জাৰি কৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ উদ্দেশ্যে দেশজুৰি চলি থকা লকডাউনৰ বাবে উচ্চ শিক্ষাখণ্ডৰ ছাত্র–ছাত্রীসকলৰ যাতে কোনো শিক্ষাবর্ষৰ ক্ষতি নহয়, কিছু পলমকৈ হ’লেও যাতে ষাণ্মাসিক(Semester) পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পৰা হয় আৰু লকডাউনৰ সময়ছোৱাত শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিলেও যাতে শিক্ষার্থীসকলৰ শিক্ষণ–শিকন প্রক্রিয়া কোনো কাৰণতে ব্যাহত হৈ নপৰে, তাৰ প্রতি লক্ষ্য ৰাখিয়েই বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াভাৱে এই নির্দেশনাৱলী প্রস্তুত কৰিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে প্রস্তুত কৰা সংশোধিত শৈক্ষিক দিনপঞ্জীত চলিত শিক্ষাবর্ষৰ নতুন শিক্ষা সত্র(Academic Session) জুলাইৰ পৰিৱর্তে পহিলা ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ সেইদৰে ষাণ্মাসিক পৰীক্ষাসমূহো চলিত বর্ষৰ মে’ মাহৰ পৰিৱর্তে জুলাই মাহত আৰু নতুন নামভর্তি প্রক্রিয়া অহা আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্দেশনা প্রদান কৰিছে৷ অৱশ্যে বিশ্ববিদ্যালয় অনুদান আয়োগে প্রস্তুত কৰা সংশোধিত শৈক্ষিক দিনপঞ্জীৰ সঠিক ৰূপায়ণ যে শেহতীয়া পৰিৱেশ–পৰিস্থিতিৰ ওপৰতেই মূলতঃ নির্ভৰ কৰিব সেয়া ধুৰুপ ৷

এইখিনিতে এটা কথা বিশেষভাৱে উল্লেখনীয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত উদ্ভৱ হোৱা অনাহূত পৰিস্থিতি আৰু এই সংক্রমণ প্রতিৰোধৰ অর্থে দেশজুৰি জাৰি কৰা লকডাউনৰ ফলত অন্যান্য ক্ষেত্রসমূহৰ দৰে অসমৰ উচ্চ শিক্ষা ব্যৱস্থাও অভাৱনীয়ভাৱে ক্ষতিগ্রস্ত হৈছে৷ অসমতো যোৱা ১৬ মার্চৰ পৰা সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত প্রায় দুটা মাহ ধৰি ছাত্র–ছাত্রীসকল নিয়মীয়া শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে৷ লকডাউনৰ সময়ছোৱাত অসমৰ প্রায়বিলাক মহাবিদ্যালয়েই বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰি শিক্ষার্থীসকলক অনলাইন পদ্ধতিৰে পাঠদান কৰাৰ লগতে তেওঁলোকক অধ্যয়নৰ সমল যোগান ধৰাৰ ব্যৱস্থা গ্রহণ কৰিছে যদিও সেয়া পর্যাপ্ত বুলিব নোৱাৰি৷ তদুপৰি এইক্ষেত্রত থকা বিভিন্ন সীমাবদ্ধতা তথা সমস্যাৰ বাবে এনে পদ্ধতিৰে কৰা শিক্ষাদান প্রক্রিয়াত সকলো ছাত্র–ছাত্রীকে সামৰি লোৱাটোও সম্ভৱ হোৱা নাই৷
এই কথা অৱশ্যেই সত্য যে এনে ধৰণৰ এক আকস্মিক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহ একেবাৰেই সাজু নাছিল৷ লগতে এই কথাও অনস্বীকার্য যে ৰাজ্যখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহ পূর্বৰে পৰাই ভিন্নধর্মী বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত হৈ আছে৷ সেয়েহে হঠাতে উদ্ভৱ হোৱা এনে কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত শিক্ষানুষ্ঠানসমূহৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যদিও বিকল্প পদ্ধতিৰে ছাত্র–ছাত্রীসকলক শিক্ষাদান কৰাৰ বাবে পার্যমানে প্রচেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্রত মহাবিদ্যালয়বিলাকৰ্ অধ্যাপকসকলেও তেওঁলোকৰ উদ্ভাৱনী চিন্তাৰে বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষার্থীসকলক শিক্ষাদান কৰাৰ অর্থে আহোপুৰুষার্থ কৰিছে৷ অৱশ্যে সেয়ে হ’লেও এনে ধৰণে প্রদান কৰা অনলাইন শিক্ষাৰ দ্বাৰা সকলো ছাত্র–ছাত্রী আশা কৰা ধৰণে উপকৃত হৈছে বুলিব নোৱাৰি৷ আন কথাত লকডাউনকালীন শিক্ষা বাস্তৱিক ক্ষেত্রত সার্বজনীন আৰু সমতাপূর্ণ হোৱা নাই৷ তদুপৰি এইক্ষেত্রত বহু সময়ত শিক্ষাৰ গুণগত মানৰো যে কিছু হীন–ডেঢ়ি ঘটিছে, সেয়াও অস্বীকাৰ কৰিব নোৱাৰি৷ সমগ্র দেশৰ লগতে অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটোৱেও প্রাপ্তি, ব্যাপ্তি, সমতা, অন্তর্ভুক্তি আৰু শিক্ষাত নির্দিষ্ট মান আহৰণৰ দিশত পূর্বৰে পৰাই ঈপ্সিত সফলতা লাভ কৰিব পৰা নাই৷ সেয়েহে লকডাউনৰ ফলত উদ্ভুত পৰিস্থিতিত এনেবোৰ বিষয়ত লক্ষ্য প্রাপ্তিৰ বাবে অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটো কিছু জটিলতাৰ সন্মুখীন হোৱাটো নিতান্তই স্বাভাৱিক ৷

লকডাউনকালীন পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহত সচৰাচৰ চলি থকা শিক্ষণ–শিকন পদ্ধতিৰ তৎকালীন পৰিৱর্তন সাধন অৱশ্যেই এক যথেষ্ট কষ্টসাধ্য প্রক্রিয়া৷ অসমৰ প্রায় প্রতিখন মহাবিদ্যালয়তেই মূলতঃ শ্রেণীকোঠাৰ শিক্ষাৰেই সাধাৰণতে পাঠদান কৰা হয়৷ অৱশ্যে বহুসংখ্যক শিক্ষানুষ্ঠানত শ্রেণীকোঠাৰ পাঠদানৰ লগতে বিভিন্ন ইলেক্ট্রনিক সৰঞ্জাম তথা তথ্য আৰু যোগাযোগ প্রযুক্তিৰ(Information and Communication Technology) বিভিন্ন আহিলাৰ সহায়ত শিক্ষাদান কৰাৰ ব্যৱস্থা আছে যদিও ইবিলাকৰ ব্যৱহাৰ এতিয়াও যথেষ্ট সীমিত হৈয়ে আছে বুলিব পাৰি৷ সেয়েহে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শেহতীয়াকৈ উচ্চ শিক্ষাখণ্ডৰ শিক্ষার্থীসকলক অনলাইন পদ্ধতিৰে শিক্ষাদান কৰাৰ ক্ষেত্রত শিক্ষানুষ্ঠানৰ লগতে শিক্ষক–ছাত্র উভয়েই যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উল্লেখ্য যে সম্পূর্ণ অনলাইন পদ্ধতিৰে শিক্ষণ–শিকন প্রক্রিয়া পৰিচালনা কৰিব পৰাকৈ অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি বর্তমানেও পর্যাপ্ত হৈ উঠা নাই৷ সেইদৰে আমাৰ শিক্ষক–ছাত্রসকলো অনলাইন পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ সৈতে ভালদৰে পৰিচিত, অভ্যস্ত অথবা প্রযুক্তিগতভাৱে শিক্ষিত, দক্ষ বুলিব নোৱাৰি৷ তদুপৰি এই প্রক্রিয়াৰে শিক্ষা গ্রহণৰ বাবে ছাত্র–ছাত্রীসকলৰ হাততো কম্পিউটাৰ, লেপটপ, টেবলেট অথবা স্মার্টফোন লাগিব৷ লগতে ইয়াৰ বাবে হাইস্পীড ইণ্টাৰনেটৰ সুবিধা আৰু নিয়মীয়া বিদ্যুৎ যোগানো লাগিব৷ কিন্তু অসমৰ সৰহসংখ্যক মহাবিদ্যালয়েই গ্রামাঞ্চলত অৱস্থিত আৰু ইবিলাকত অধ্যয়নৰত অধিকাংশ ছাত্র–ছাত্রীয়েই গ্রামাঞ্চলৰ পৰাই অহা৷ সেয়েহে বহু সময়ত অনলাইন শিক্ষাৰ বাবে অতিকৈ প্রয়োজনীয় বিদ্যুৎ যোগান আৰু হাইস্পীড ইণ্টাৰনেট সেৱাৰ সুবিধা লাভ কৰাৰ ক্ষেত্রত শিক্ষক তথা ছাত্র–ছাত্রীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ সেইদৰে অনলাইন শিক্ষাৰ বাবে প্রয়োজনীয় বস্তুকেইপদ তথা হাইস্পীড ইণ্টাৰনেট সেৱা আহৰণ কৰিব পৰাকৈ বহুসংখ্যক ছাত্র–ছাত্রীৰ আর্থিক অৱস্থাও সিমান টনকিয়াল নহয়৷ এইবিলাক বিষয়ৰ উপৰি অন্যান্য কাৰকৰ ওপৰত ভিত্তি কৰি ছাত্র–ছাত্রীসকলৰ মাজত সৃষ্টি হোৱা তাৰতম্য অথবা পার্থক্যসমূহতো আছেই ৷
শেহতীয়াকৈ উদ্ভূত পৰিস্থিতি নিতান্তই আকস্মিক, অগতানুগতিক আৰু অকল্পনীয়৷ গতিকে এনে ধৰণৰ অনাহূত পৰিস্থিতিৰ মোকাবিলা কৰাটোও অৱশ্যেই জটিল৷ এইক্ষেত্রত সীমাবদ্ধতা তথা সমস্যাও তেনেই স্বাভাৱিক৷ এনে পৰিৱেশত আকাংক্ষিত, সার্বজনীন, সমতাপূর্ণ শিক্ষণ–শিকনো নিশ্চয়কৈ সম্ভৱ নহয়৷ কিন্তু এনে বিড়ম্বনাৰ মাজতো সম্ভাৱনা সৃষ্টিৰ প্রয়াস কৰিব লাগিব৷ আমাৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰিব লাগিব৷ এই সন্দর্ভত অসম চৰকাৰৰ শিক্ষামন্ত্রী, শিক্ষাধিকর্তা, শিক্ষানুষ্ঠানসমূহৰ কর্তৃপক্ষ তথা শিক্ষকসকলে যথেষ্ট ইতিবাচক ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হৈছে আৰু এনে পৰিস্থিতিৰ জোৰা মাৰিবৰ বাবে যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে৷ আৰু পৰিৱেশ–পৰিস্থিতি ঠিকে থাকিলে ছাত্র–ছাত্রীসকলৰ অধ্যয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা যাব৷ কিছু পলমকৈ হ’লেও পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পৰা হ’ব আৰু শিক্ষার্থীসকলৰ শিক্ষাবর্ষটোও নিশ্চয়কৈ বাচিব বুলি আশা কৰিব পাৰি ৷

অৱশ্যে সেয়ে হ’লেও, সাম্প্রতিক পৰিস্থিতিৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি অনাগত ভৱিষ্যতৰ বাবেও উচ্চ শিক্ষাখণ্ডত কিছু দীর্ঘম্যাদী পৰিকল্পনা গ্রহণ কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ শেহতীয়াভাৱে ভাৰতবর্ষত ক’ৰোনাৰ বর্ধিত সংক্রমণ আৰু ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যাধিক্যই দেশত লকডাউনৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনা বঢ়াই তোলা পৰিলক্ষিত হৈছে৷ গতিকে লকডাউনৰ ম্যাদ পুনৰ বৃদ্ধি পালে অথবা ক’ৰোনাৰ উত্তৰ কালত উচ্চ শিক্ষা ব্যৱস্থাত উদ্ভৱ হ’ব পৰা সমস্যাসমূহ কেনেদৰে নিৰাময় কৰা হ’ব, সেই সন্দর্ভত গভীৰভাৱে চিন্তা–চর্চা কৰাৰ সময় আজি সমাগত৷ সেয়েহে ক’ৰোনা উত্তৰকালীন উচ্চ শিক্ষা ব্যৱস্থাক অধিক ফলপ্রসূ কৰি তোলাৰ উদ্দেশ্যে কেইটামান দিশত আলোকপাত কৰাৰ কিঞ্চিৎ প্রয়াস কৰিছোঁ ৷
প্রথমতে, শিক্ষানুষ্ঠানসমূহত অধিক সমাগম এটা স্বাভাৱিক কথা৷ সেয়েহে ছাত্র–ছাত্রীসকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে শিক্ষানুষ্ঠানৰ ৰাজহুৱা ব্যৱহাৰৰ স্থান তথা সামগ্রীসমূহ নিয়মীয়াকৈ ছেনিটাইজ কৰাৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ প্রয়োজন সাপেক্ষে আন্তঃগাঁথনিৰো উন্নয়ন সাধন কৰিব লাগিব ৷

দ্বিতীয়তে, বর্তমান পর্যন্ত ক’ৰোনা ভাইৰাছৰ প্রতিষেধক আৱিষ্কাৰ হোৱা নাই৷ সেয়েহে এনে পৰিস্থিতি আৰু অধিক দীঘলীয়া হোৱাৰ বা পুনৰ অনুৰূপ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ গতিকে শিক্ষানুষ্ঠানসমূহৰ কর্মদিন পুনৰ হ্রাস পোৱাৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি প্রচলিত পাঠ্যক্রমসমূহ পুনৰ বিবেচনা কৰাৰো আৱশ্যকতা আছে ৷

তৃতীয়তে, বর্তমান পৰিস্থিতিৰ পৰিপ্রেক্ষিতত পৰম্পৰাগতভাৱে চলি অহা অন–কেম্পাছ(On-campus) শিক্ষণ–শিকন পদ্ধতিৰ সৈতে অনলাইন(Online) পদ্ধতিৰ সংমিশ্রণ এতিয়া সময়ৰ আহ্বান হৈছে৷ ইয়াৰ বাবে শিক্ষানুষ্ঠানসমূহৰ প্রয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব লাগিব৷ শিক্ষানুষ্ঠানসমূহত ভার্ছুৱেল শ্রেণীকোঠা নির্মাণ, ভিডি’ কনফাৰেঞ্চিঙৰ সুবিধা, নিয়মীয়া বিদ্যুৎ যোগান, হাইস্পীড ইণ্টাৰনেট সংযোগ, তথ্য আৰু যোগাযোগ প্রযুক্তিৰ আহিলাসমূহৰ ব্যৱস্থা কৰিব লাগিব ৷

চতুর্থতে, শিক্ষক আৰু শিক্ষার্থীসকলক অনলাইন পদ্ধতিৰে শিক্ষণ–শিকন প্রক্রিয়া পৰিচালনা কৰিবৰ বাবে প্রয়োজনীয় কম্পিউটাৰ শিক্ষা আৰু প্রযুক্তিগত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷

পঞ্চমতে, অনলাইন পদ্ধতিৰে শিক্ষা গ্রহণৰ বাবে ছাত্র–ছাত্রীসকলৰ হাততো হাইস্পীড ইণ্টাৰনেট সুবিধাসহ কম্পিউটাৰ, লেপটপ অথবা স্মার্টফোন থকাটো প্রয়োজনীয়৷ সেয়েহে আর্থিকভাৱে দুর্বল ছাত্র–ছাত্রীসকলক অনলাইন শিক্ষাৰ বাবে আৱশ্যকীয় আহিলা তথা হাইস্পীড ইণ্টাৰনেট সেৱা আহৰণৰ বাবে চৰকাৰী পৃষ্ঠপোষকতা আগবঢ়োৱাৰ বিষয়ে বিবেচনা কৰিব লাগিব৷
ষষ্ঠত, শিক্ষানুষ্ঠানসমূহে বর্তমান সহজতে উপলব্ধ হৈ থকা বিভিন্ন অনলাইন মাধ্যমসমূহক উপযুক্ত, বহুল ব্যৱহাৰেৰে শিক্ষার্থীসকলক শিক্ষাদান কৰাৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে শিক্ষকসকলেও তেওঁলোকৰ উদ্ভাৱনী চিন্তাৰে এই প্রক্রিয়াক অধিক গতিশীল আৰু ফলপ্রসূ কৰি তোলাৰ বাবে প্রয়াস কৰিব লাগিব ৷

সপ্তমতে, শিক্ষানুষ্ঠানসমূহৰ পুঁথিভঁৰালবিলাকে বিভিন্ন ধৰণৰOpen Source Library Softwareৰ মাধ্যমেৰে ছাত্র–ছাত্রীসকলক অনলাইনৰ জৰিয়তে অধ্যয়নৰ বিভিন্ন সমল আহৰণৰ সুবিধা প্রদান কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব পাৰে ৷

অষ্টমত, অনলাইন পদ্ধতিৰে শিক্ষণ–শিকন প্রক্রিয়া পৰিচালনা কৰাৰ লগতে প্রয়োজন সাপেক্ষে অনলাইনৰ মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবেও প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ আৱশ্যকতা আছে৷ এখন বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়তে অনলাইন পৰীক্ষাৰ বাবে প্রয়োজনীয় সকলো সৰঞ্জাম আৰু সুবিধা সমানে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিব লাগিব ৷

নৱমত, দেশজুৰি অব্যাহত থকা লকডাউনৰ বিৰূপ প্রভাৱ অর্থনৈতিক ক্ষেত্রখনতো বাৰুকৈয়ে অনুভূত হৈছে৷ এই সময়ছোৱাত বহু মানুহ কর্মহীন হৈ পৰিছে, আর্থিকভাৱে জুৰুলা হৈছে৷ আনকি দুবেলা দুসাঁজ খাই জীয়াই থকাটোৱেই বহুতৰ বাবে এতিয়া কষ্টসাধ্য হৈ পৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত এনেবোৰ পৰিয়ালৰ বহুসংখ্যক ছাত্র–ছাত্রীয়ে আধাতে শিক্ষা জীৱন সামৰিবলৈ বাধ্য হোৱাৰ প্রবল সম্ভাৱনা আছে৷ সেইদৰে একাংশ ছাত্র–ছাত্রীয়ে আগন্তুক পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰাৰ আশংকাও নুই কৰিব নোৱাৰি৷ তদুপৰি পৰৱর্তী শিক্ষাবর্ষৰ বাবে হ’বলগীয়া নতুন নামভর্তিৰ পৰাও একাংশ ছাত্র–ছাত্রী বঞ্চিত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ সেয়েহে এনে ধৰণৰ দুর্ভগীয়া ছাত্র–ছাত্রীসকলক শিক্ষা গ্রহণৰ সুবিধা প্রদানৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ আঁচনি গ্রহণ কৰাৰ প্রয়োজনীয়তা আছে ৷

দশমত, ক’ৰোনা উত্তৰকালীন অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটোক গতিশীল কৰি তোলাৰ অর্থে সংশ্লিষ্ট কর্তৃপক্ষই বিস্তৃত অধ্যয়ন আৰু গভীৰ চিন্তাৰে এখন সু–সংহত কর্ম আঁচনি যুগুত কৰি ইয়াৰ ফলপ্রসূ ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে৷ তদুপৰি এনে পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে প্রয়োজন সাপেক্ষে চৰকাৰে শিক্ষানুষ্ঠানসমূহলৈ পুঁজি যোগানৰো ব্যৱস্থা কৰাৰ আৱশ্যকতা আছে৷
এই কথা অনস্বীকার্য যে সমগ্র দেশজুৰি অব্যাহত থকা লকডাউনৰ ফলত অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰ উচ্চ শিক্ষাখণ্ডও অভাৱনীয়ভাৱে ক্ষতিগ্রস্ত হৈছে৷ এনে পৰিস্থিতিৰ ফলত ৰাজ্যখনৰ উচ্চ শিক্ষা ব্যৱস্থাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷

আকস্মিকভাৱে উদ্ভৱ হোৱা এনে পৰিস্থিতিত কিছুমান সমস্যাৰ সৃষ্টি হোৱাটো খুবেই স্বাভাৱিক৷ সেইদৰে কিছুমান সমস্যাৰ তাৎক্ষণিক সমাধানো নিশ্চয়কৈ সম্ভৱ নহয়৷ সেয়েহে আমাৰ বোধেৰে এনে ধৰণৰ অনাহূত পৰিস্থিতিত প্রয়োজন সাপেক্ষে সমস্যাৰে সহাৱস্থান কৰিও, কিছুমান সমস্যা আওকাণ কৰিও নির্ধাৰিত লক্ষ্য প্রাপ্তিৰ দিশত দৃঢ়তাৰে অগ্রসৰ হোৱাৰ মানসিকতা গঢ়ি তোলাৰ আৱশ্যকতা আছে৷ অৱশ্যে এই সকলো বাধা–হেঙাৰ–সমস্যা নেওচি অসমৰ উক্ত শিক্ষা ব্যৱস্থাক সঁচা অর্থত অর্থৱহ কৰি তোলাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহৰ উদ্যোগত শিক্ষক–ছাত্র–ভিভাৱ্ মাজত সমন্বয় স্থাপন কৰি সুপৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ প্রয়াস কৰিব লাগিব৷ অৱশ্যে এইক্ষেত্রত চৰকাৰৰ সক্রিয় সহায়–সহযোগিতাও নিশ্চয়কৈ এক প্রাথমিক পূর্বচর্ত হ’ব ৷

You might also like