নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰ বছৰ ধৰি দিহিং পাটকাই অভয়াৰণ্যত কল ইণ্ডিয়া-অইলৰ ধব্বংসযজ্ঞ

 নিয়মীয়া বাৰ্তা ২৪ মেঃ  পূৰ্বৰ আমাজান দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে ভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী। পিছে অসমৰ এই বৰ্ষাৰণ্যখনত চৰকাৰৰ বন-নীতি-আইন উলংঘাৰে বছৰৰ পিছত বছৰ ধৰি জৈৱ-বৈচিত্ৰ্যৰ ধব্বংস যজ্ঞ অব্যাহত আছে। বিগত বছৰ বছৰ ধৰি দিহিং পাটকাই অভয়াৰণ্যত ক’ল ইণ্ডিয়া সময়ছোৱাত এইক্ষেত্রত কিন্তু চকুমুদা কুলিৰ ভাও ধৰি থকাৰহে অভিযোগ উঠিছে বর্তমান সৰৱ হৈ পৰা দল–সংগঠন আৰু প্রকৃতিপ্রেমীসকলৰ বিৰুদ্ধে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি কেন্দ্রীয় চৰকাৰৰ দ্বাৰা অনুমোদিত সংস্থা অইল ইণ্ডিয়াৰ সমান্তৰালভৱে বন মাফিয়া চক্রই দিহিং পাটকাই হস্তী প্রকল্প (সমষ্টি) আৰু দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্য (অংশ)ত ধ্বংস যজ্ঞ চলাই আহিছে৷ তিনিচুকীয়া জিলাৰ মার্ঘেৰিটা থানাৰ অন্তর্গত নামদাং আৰু আৰোধৰা পাহাৰৰ পৰা বৰগোলাই–লিডু–লেখাপ্ হৈ জাগুনৰ নামফাই, টিংকুপানী সংৰক্ষিত বনাঞ্চললৈকে (শালেকী প্রস্তাৱিত বনাঞ্চলো অন্তর্ভুক্ত হৈ আছে) হাজাৰ হাজাৰ হেক্টৰ বনভূমিত চৰকাৰী পৃষ্ঠপোষকতাত অবৈধ খনন চলাই আৰু মূল্যৱান গছ কাটি জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই অনা হৈছে৷ কিন্তু মাফিয়াৰ ভূ–স্বর্গত পৰিণত হোৱা এই চোৰাং সাম্রাজ্যখনৰ বিৰুদ্ধে সমাজৰ কোনোপক্ষই বিগত সময়ছোৱাত জনমত গঠন কৰা পৰিলক্ষিত নহ’ল৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যোৱা ১৮ জুলাইত কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰৰ সভাপতিত্বত অনুষ্ঠিত ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদৰ ৫৪সংখ্যক ষ্টেণ্ডিং কমিটীৰ বৈঠকত কয়লা খননৰ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ত তথ্যসহকাৰে বাতৰিও প্রকাশ পাইছিল৷ কিন্তু অসমৰ দল–সংগঠন, প্রকৃতিপ্রেমীয়ে সেই সময়ত মৌনতা অৱলম্বন কৰা দেখা গ’ল৷ ইফালে, বিভাগীয় কর্তৃপক্ষৰ পৰা উপযুক্ত অনুমতি অবিহনেই বনাঞ্চলখনত কয়লা খনন অব্যাহত ৰাখি অসম বন নীতি–১৮৯১ আৰু বন সংৰক্ষণ আইন–১৯৮০ উলংঘা কৰা ক’ল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বন বিভাগে সংশ্লিষ্ট বন বিষয়াসকললৈ নির্দেশ জাৰি কৰাতেই পদক্ষেপ সীমাবদ্ধ ৰাখিলে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ডিগবৈ বন সংমণ্ডলৰ অন্তর্গত শালেকী আৰু টিপং প্রস্তাৱিত বনাঞ্চল, ডিব্রুগড বন সংমণ্ডলৰ অন্তর্গত জয়পুৰ সংৰক্ষিত বনাঞ্চল আৰু শিৱসাগৰ বন সংমণ্ডলৰ অন্তর্গত দিল্লী সংৰক্ষিত বনাঞ্চলত ক’ল ইণ্ডিয়া লিমিটেডে বন নীতি উলংঘা কৰি যুগ যুগ ধৰি কয়লা খনন অব্যাহত ৰাখিছে৷ অসমৰ মুখ্য বন সংৰক্ষক তথা ন’ডেল বিষয়াই এফ জি ২৭/এফ চি এ/ইলিগেল ক’ল মাইনিং/২০১৯নং পত্রযোগে সংশ্লিষ্ট বন সংমণ্ডল প্রাধিকাৰীক কৈছিল যে ক’ল ইণ্ডিয়া লিমিটেডে ১৯৮০ চনৰ ২৫ ডিচেম্বৰত বলৱৎ হোৱা বন সংৰক্ষণ আইনৰ পূর্বৰে পৰা বনভূমিত কয়লাৰ খনন কার্য অব্যাহত ৰাখিছে৷ ক’ল ইণ্ডিয়া লিমিটেডে কয়লা খননৰ বাবে নীতিগতভাৱে ০১–০৪–১৮৯২ তাৰিখে বলৱৎ হোৱা অসম বন নীতিৰ অধীনত অনুমতি ল’ব লাগিছিল৷ গতিকে ক’ল ইণ্ডিয়া লিমিটেডে অসম বন আইনৰ ২৪ আৰু ২৫ অনুচ্ছেদৰ অধীনত অপৰাধ সংঘটিত কৰাৰ হেতু শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ তদুপৰি উক্ত আইনৰ ৪৯ (৪)ৰ অধীনত খনন কার্যত ব্যৱহূত বাহন, সা–সৰঞ্জাম আদিও জব্দযোগ্য৷ তাৎপর্যপূর্ণভাৱে ডিগবৈ বন সংমণ্ডল প্রাধিকাৰীৰ পত্র নং এ এফ/০–১/ইলিগেলিটিছ/চি আই এল/২০১০/১৩১০ (তাৰিখ ০৮–০৮–২০১৯)ৰ উদ্ধৃতি দি কোৱা হৈছে যে ক’ল ইণ্ডিয়াই বর্তমানো শালেকী প্রস্তাৱিত বনাঞ্চলৰ অন্তর্গত টিককৰ ৩৭–২০ হেক্টৰ মাটিত কয়লাৰ মুক্ত খনন অব্যাহত ৰাখিছে৷ অতি পৰিতাপৰ কথা যে উক্ত নির্দেশৰ পিছতো বনাঞ্চলখনৰ ৯৮.৫৯ হেক্টৰ ভূমি টিকক অ’ চি পি ক’ল মাইনিং প্রজেক্টৰ নামত দিছে৷ যোৱা ১৮ জুলাইত বিভাগীয় মন্ত্রী প্রকাশ জাভাড়েকাৰৰ সভাপতিত্বত অনুষ্ঠিত ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদৰ ৫৪সংখ্যক ষ্টেণ্ডিং কমিটীৰ সভাতেই এই সিদ্ধান্ত লোৱা হৈছিল৷ বন বিভাগ (বন্যপ্রাণী)ৰ মহাপৰিদর্শকে ষ্টেণ্ডিং কমিটীৰ বৈঠকত দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ চৌহদৰ পৰা দহ কিলোমিটাৰ ব্যাসার্ধত অৱস্থিত ৯৮.৫৯ হেক্টৰ বনভূমিত প্রতিবছৰে ০.২০ মিলিয়ন মেড্রিক টন কয়লাৰ মুক্ত খননৰ বাবে প্রস্তাৱ গ্রহণ কৰাৰ কথা সদৰী কৰিছিল৷ উক্ত প্রস্তাৱিত প্রকল্পত অসমৰ ‘চীফ ৱাইল্ড লাইফ ৱার্ডেন’ৰ অনুমোদন আছে বুলিও কোৱা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ বিভাগীয় নির্দেশনাটোত বান্ধি দিয়া কেতবোৰ চর্ত অনুসৰি ক’ল ইণ্ডিয়া লিমিটেডে প্রস্তুত কৰা আৰু অনুমোদন জনোৱা ‘মাইন ক্ল’জাৰ প্লেন’ সুৰক্ষিত ৰখাৰ লগতে সংশোধন আৰু পুনৰ সংস্থাপনৰ কাম অব্যাহত ৰখাৰ ক্ষেত্রত উত্তৰ–পূব কয়লা ক্ষেত্র দায়বদ্ধ হ’ব৷ বুঢ়ীদিহিং আৰু নামদাং নৈৰ পানীৰ অনুমোদিত গুণাগুণ ধৰি ৰাখিব পৰাকৈ নির্দিষ্ট সময়ৰ বিৰতিৰ মূৰে মূৰে ধাৰাবাহিক নিৰীক্ষণ আৰু অত্যাৱশ্যকীয় সাৱধানতা অৱলম্বন কৰিব লাগিব বুলিও কোৱা হৈছে৷ সমগ্র অঞ্চলটো ‘ইণ্ডো বার্মা বায়’–ডাইভার্ছিটী হটস্প’ট’ৰ অন্তর্গত হোৱাৰ বাবে খনন অভিযান সমাপ্তিৰ অন্তত বন্যপ্রাণীৰ বসবাসৰ বাবে সুস্থ পৰিৱেশৰ ৰূপত বনাংশ ওভতাই দিব লাগিব৷ খনন কার্য অব্যাহত ৰখাৰ সময়ত প্রদূষণৰ প্রশ্ণ আহিলে সংশ্লিষ্ট কর্তৃপক্ষ আৰু বিভাগীয় বিশেষজ্ঞৰে আলাপ– আলোচনাৰ মাধ্যমেৰে তাৎক্ষণিকভাৱে মৰিষণৰ ব্যৱস্থা গ্রহণ কৰিব৷ খনন কার্যৰ জৰিয়তে কেউফালৰ স্থানীয় বাসিন্দাৰ ওপৰত পৰিব পৰা কুপ্রভাৱ ক’ল ইণ্ডিয়া লিমিটেডৰ চি এছ আৰ আঁচনিৰ অধীনত সমাধা কৰিবলৈ চর্ত বান্ধি দিছে৷ খনন কৰা অঞ্চলৰ জৈৱ–বৈচিত্র্য, প্রান্তীয় অঞ্চলৰ বন্যপ্রাণীৰ স্থিতি, পাৰিপার্শ্বিকতাৰ প্রসংগ, গছ সংৰক্ষণৰ প্রায়োগিক দিশত সহযোগিতা আগবঢ়োৱা ইত্যাদি বিষয়বস্তুৰ ওপৰত পৰামর্শৰ বাবে বন বিভাগ, পাৰিপার্শ্বিক আৰু বন্যপ্রাণী বিশেষজ্ঞ আৰু স্থানীয় লোকক লৈ পৰামর্শদাতা সমিতি গঠনৰ বাবেও পৰামর্শ আগবেঢ়াৱা হৈছে৷ ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদৰ সদস্য প্রফেছাৰ আৰ সুকুমাৰে কয় যে প্রস্তাৱিত খনন অঞ্চলটো হস্তী কৰিড’ৰৰ ভিতৰত পৰাৰ হেতু বন্যপ্রাণী বিশেষজ্ঞৰ দ্বাৰা মূল্যায়ন কৰাব লাগিব৷ ষ্টেণ্ডিং কমিটীৰ সভাই প্রফেছাৰ আৰ সুকুমাৰ, বন্যপ্রাণী বিভাগৰ প্রতিনিধি আৰু ৰাজ্যৰ মুখ্য বন্যপ্রাণী ৱার্ডেনক লৈ গঠিত পৰিদর্শনকাৰী দলক প্রকল্পস্থলী পৰিদর্শন কৰি এমাহৰ ভিতৰত বিভাগীয় মন্ত্রালয়ত প্রতিবেদন দাখিল কৰিবলৈকো পৰামর্শ দিছিল৷

উল্লেখ্য যে মার্ঘেৰিটা মহকুমাৰ ভিন্ন স্থানত কয়লাৰ অবৈধ খনন আৰু বিপণনৰ ফলত চৰকাৰে বছৰি প্রায় ৩০০ কোটি টকাৰ ৰাজহ হেৰুওৱাৰ উপৰি দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ অন্তর্গত বর্ষাৰণ্য ধ্বংস কৰি জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই অনা হৈছে৷ ইফালে, ৰবি কাপুৰ স্বাক্ষৰিত এফ আৰ এছ ৭০/২০১৯/পি টি/৭ (তাৰিখ ১০ জুলাই, ২০১৯)নং পত্র অনুসৰি তিনিচুকীয়া আৰু ডিমা হাছাও জিলাৰ নির্দিষ্ট মাইনিং এলেকাতহে কয়লা খনন কৰিব পাৰিব৷ পত্রখনত কোৱা হৈছিল যে বিশেষকৈ তিনিচুকীয়া আৰু ডিব্রুগড বন সংমণ্ডলৰ অন্তর্গত কয়লা খনিত ব্যাপক অনিয়ম সংঘটিত হৈ থকা সন্দর্ভত ছপা আৰু বৈদ্যুতিন মাধ্যমত প্রচাৰিত প্রতিবেদনসমূহৰ আঁত ধৰি জ্যেষ্ঠ বন বিষয়াৰ এটা দলৰ হতুৱাই চৰজমিন তদন্ত চলোৱা হৈছিল৷ বিষয়াৰ দলটোৱে ডিগবৈ বন সংমণ্ডলৰ অন্তর্গত, মার্ঘেৰিটা মহকুমাৰ লেখাপানী, নামফাই, টিংকুপানী সংৰক্ষিত বনাঞ্চল আৰু শালেকী প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ বিগত বর্ষৰ ৩ আৰু ৪ জুলাইত তদন্ত চলায়৷ নির্দেশটোত কোৱা হৈছে যে ‘খনি আৰু খনিজ পদার্থ (ডেভেলপমেণ্ট এণ্ড ৰেগুলেচন) আইন, ১৯৫৭ৰ প্রথম তালিকাৰ ‘ক’ অংশৰ অন্তর্গত ‘কয়লা হ’ল বিশেষ খনিজ পদার্থ’৷ কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ দ্বাৰা প্রাপ্ত মাইনিং লীজ আৰু অনুমোদিত খনন পৰিকল্পনাসহ কেন্দ্রীয় চৰকাৰৰ পৰিৱেশ বিভাগৰ প্রমাণ–পত্র সাপেক্ষেহে কোনো অঞ্চলৰ কয়লাৰ খনন কার্য চলাব পাৰিব৷ ৰাজ্য চৰকাৰে বর্তমানলৈকে অসমত কয়লা খননৰ ম্যাদ থকা অনুজ্ঞাপত্র সাপেক্ষেহে খননৰ অনুমোদন জনাইছে৷ সেই অনুসৰি ডিমা হাছাও জিলাৰ গৰমপানী ক’ল এক্সড্রেকচন প্রজেক্টৰ ৫০০ হেক্টৰ, খটা অর্ডা ক’ল এক্সড্রেকচন প্রজেক্টৰ ৬৩ হেক্টৰ ভূখণ্ডৰ ভিতৰত আছাম মিনাৰেল ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডে খনন কার্য চলাব পাৰিব৷ তাৰ বিপৰীতে তিনিচুকীয়া জিলাৰ ফ’ৰ স্কোৱেৰ মাইল মাইনিং লীজ (লিডু–বৰগোলাই)ৰ ১০৩৪.৩৪ হেক্টৰ, ৪.৪৮ স্কোৱেৰ মাইল মাইনিং লীজ (লেখাপানী–টিপংপানী)ৰ ১১৫৮.৪৬ হেক্টৰ, টিৰাপ ক’ল গ্রাণ্ট (৫৮৮ একৰ)ৰ ২৩৮ হেক্টৰ, নামদাং ক’ল গ্রাণ্ট (৩৮৭ একৰ)ৰ ১৫৬.৩৬ হেক্টৰ, জয়পুৰ (৩.৩৫ স্কোৱেৰ মাইল)ৰ ৮৬৬.২৬, দিল্লী লীজ–১ এণ্ড টোৰ ১০৩৬.৪০ হেক্টৰ, লিডু অ’পেন কাষ্ট প্রজেক্টৰ ১০১ হেক্টৰ, শিলনীজানৰ .৪০ স্কোৱেৰ কিঃমিঃ আৰু কইলাজান এৰিয়াৰ ১ স্কোৱেৰ কিলোমিটাৰৰ বিপৰীতেহে কয়লা খান্দিব পাৰিব৷ বন (সংৰক্ষণ) আইন–১৯৮০ৰ ২নং অনুচ্ছেদৰ অধীনত কেন্দ্রীয় চৰকাৰৰ পৰা আগতীয়া অনুমোদনৰ অবিহনে ৰাষ্ট্রীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল, প্রস্তাৱিত বনাঞ্চল আৰু ৰাজ্যৰ শ্রেণীবিহীন বনাঞ্চল আদিত কয়লা খনন নিষিদ্ধ কৰা হৈছে৷ উল্লেখ্য যে বন সংৰক্ষণ আইন–১৯৮০ৰ অধীনত যোৱা ৫ জুলাইত জাৰি কৰা নির্দেশত কোৱা হৈছে যে কোনো ব্যক্তি বা কর্তৃপক্ষ কিম্বা সংগঠনক অসমৰ বনাঞ্চলত কয়লা খননৰ অনুমোদন মঞ্জুৰ কৰা নহ’ব৷ কয়লাৰ অবৈধ খননৰ ঘটনাসমূহৰ বিষয়ে অসম চৰকাৰ সম্পূর্ণ অৱগত বুলি কৈ ইয়াৰ কুপ্রভাৱ জীৱমণ্ডল আৰু পৰিৱেশৰ ওপৰত পৰিব বুলি দোহাৰিছিল যদিও বর্তমানৰ পৰিস্থিতিয়ে কিন্তু তাৰ ওলোটা ছবিখনহে প্রতিফলিত কৰিছে৷

You might also like