বাঘজানৰ বিভীষিকা
তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়াৰ তৈলখাদত হোৱা বিধ্বংসী বিস্ফোৰণ আৰু তাৰ পাছৰ ঘটনাৱলীয়ে ৰাজ্য তথা দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই বিধ্বংসী বিস্ফোৰণৰ বাবে অসমৰ গৰিষ্ঠসংখ্যক ৰাইজ আৰু বিভিন্ন দল–সংগঠনে অইল ইণ্ডিয়া কর্তৃপক্ষকে জগৰীয়া কৰিছে৷ কাৰণ সুদীর্ঘ ১৪ দিন ধৰি বাঘজানৰ তৈলখাদত নির্গত হৈ আছিল তেল আৰু গেছ৷ তেল আৰু গেছৰ এই নির্গমন বন্ধ কৰাৰ ক্ষেত্রত অইল ইণ্ডিয়া কর্তৃপক্ষই বিশেষ গুৰুত্ব প্রদান কৰা নাছিল বুলি সামাজিক সংগঠনসমূহে অভিযোগ কৰিছে৷ প্রতি মুহূর্ততে নির্গত হৈ থকা তেল আৰু গেছে যিকোনো মুহূর্ততে বাঘজানত বিভীষিকা সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন মহলে আশংকা কৰিছিল৷ এই আশংকাই সত্য প্রমাণিত হ’ল মঙলবাৰে দুপৰীয়া৷ তৈলখাদত গেছ আৰু তেল নির্গত স্থানত প্রচণ্ড বিস্ফোৰণৰ লগে লগে বিস্তীর্ণ অঞ্চল জ্বলি ভস্মীভূত হ’ল৷ সমীপৱর্তী বহু গঞাৰ সা–সম্পত্তি মুহূর্তৰ ভিতৰতে বিস্ফোৰণৰ এই লেলিহান জুয়ে গ্রাস কৰিলে৷ আনকি ধ্বংস হ’ল বহু শস্যক্ষেত্র, চাহ বাগিচা, গঞাৰ বাৰীৰ গছ–বিৰিখকে ধৰি বৃহৎ পৰিমাণৰ সম্পত্তি৷ এই বিধ্বংসী অগ্ণিকাণ্ডত বহু পশুধন তথা চৰাই–চিৰিকটিৰ অকাল মৃত্যুও হ’ল৷ মুহূর্তৰ ভিতৰতে সমগ্র অঞ্চলটো জুয়ে গ্রাস কৰাৰ লগে লগে কেইবাশও লোকে ঘৰ এৰি পলায়ন কৰিলে৷ এক ভয়াৱহ কল্পনাতীত পৰিস্থিতি৷ ইয়াৰ বাবে অইল ইণ্ডিয়া কর্তৃপক্ষলৈ গৰিষ্ঠসংখ্যক লোকৰ অভিযোগৰ তর্জনী উঠাটো তেনেই স্বাভাৱিক কথা৷ বাঘজানৰ সমীপতে আছে এক জৈৱ–বৈচিত্র্যপূর্ণ অঞ্চল৷ ডিব্রু–ছৈখোৱাৰ এই অঞ্চলটোত বিপজ্জনক উদ্যোগ প্রতিষ্ঠান, কয়লা খনন বা তেল উদ্ঘাটন আদিক লৈ প্রকৃতিপ্রেমী সংগঠনসমূহে পূর্বৰে পৰা ক্ষোভ প্রকাশ কৰি আহিছে৷ কিন্তু অঞ্চলটোৰ ভূগর্ভৰ সম্পদ আহৰণ কৰাই লক্ষ্য হৈ পৰিছে অইল ইণ্ডিয়া বা বিভিন্ন কোম্পানীৰ বাবে৷ কিন্তু অঞ্চলটোৰ জীৱকুলৰ নিৰাপত্তা বা অৰণ্যভূমিক সুৰক্ষিত কৰাৰ বিষয়টোক এবাৰো গুৰুত্ব প্রদান কৰা হোৱা নাই৷ ১৪ দিন ধৰি তৈলখাদৰ পৰা গেছ আৰু তেল নির্গমন হৈ থকা ঘটনাত প্রতিৰোধ লগাব নোৱাৰা অইলে ছিংগাপুৰৰ পৰা তিনিগৰাকী বিশেষজ্ঞকো মাতি আনিছিল৷ আনকি বিশেষজ্ঞসকলে অবাধ গতিত নির্গমন ঘটি থকা এই কার্যক প্রতিৰোধ কৰিবলৈ ২৮ দিন সময় লাগিব বুলি ঘোষণা কৰিছিল৷ বিষয়টোক লৈ আলোচনা চলি থকাৰ মাজতে এক প্রচণ্ড বিস্ফোৰণে অঞ্চলটো এঙাৰত পৰিণত কৰাৰ লগে লগে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ আনকি অইলৰ দুগৰাকী অগ্ণিনির্বাপক বাহিনীৰ যোদ্ধাও নিহত হৈছে এই বিধ্বংসী কাণ্ডত৷ মূল কথাটো হৈছে অইল ইণ্ডিয়া বা অ’ এন জি চিৰ দৰে বৃহৎ সংস্থাসমূহে ভূগর্ভৰ পৰা তেল আৰু প্রাকৃতিক গেছ আহৰণ কৰাটোৱেই একমাত্র লক্ষ্য নেকি৷ বিভিন্ন সময়ত ৰাজ্যখনত প্রাকৃতিক গেছ জ্বলি থকা খবৰ সংবাদ মাধ্যমে সদৰী কৰি আহিছে৷ তৈলখাদসমূহত সংঘটিত দুর্ঘটনাৰ কথাও বাৰে বাৰে সংবাদ মাধ্যমে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে৷ কিন্তু এইক্ষেত্রত কোনোধৰণৰ নিৰাপত্তা অৱলম্বন কৰা নহ’ল৷ তাৰ পৰিণতিতেই বাঘজান পুৰি ছাই হ’ল৷ এই ভয়াৱহ কাণ্ডৰ দায়িত্ব অইল ইণ্ডিয়াই গ্রহণ কৰিবই লাগিব৷
প্রকৃতিক শোষণ কৰিয়েই আজি মানৱ জাতিয়ে সমৃদ্ধিৰ শিখৰত আৰোহণ কৰিছে৷ ভূগর্ভত থকা তেল, কয়লা তথা বিভিন্ন খনিজ পদার্থ আহৰণ কৰিবলৈ বৃহৎ সংস্থাসমূহৰ জন্ম হৈছে৷ ইয়াৰ বাবেই বহু বৈচিত্র্যপূর্ণ অৰণ্যভূমি ধ্বংস কৰি পেলোৱা হৈছে৷ বাঘজানো তেনেধৰণৰ এক অঞ্চল৷ অৰণ্য অঞ্চলবোৰৰ জৈৱ–বৈচিত্র্যক ৰক্ষা কৰাৰ দায়িত্ব এই বৃহৎ সংস্থাসমূহৰ যদিও তাক কেতিয়াও সংস্থাবোৰে পালন কৰা নাই৷ সৌ সিদিনালৈকে বিশ্বৰ ভিতৰতে বৃহৎ অক্সিজেনৰ ভাণ্ডাৰ আমাজন বর্ষা অৰণ্য বনজুইত বিধ্বস্ত হৈছে৷ ব্রাজিল চৰকাৰে কর্প’ৰেট গোষ্ঠীক অৰণ্য অঞ্চল ধ্বংস কৰি বৃহৎ কাৰখানা প্রতিষ্ঠান তথা খনি গঢ়ি তুলিবলৈ অনুমতি প্রদান কৰাৰ ফলতে একাংশ দুষৃকতিকাৰীয়ে বনজুইৰ গইনা লৈ আমাজন বর্ষা অৰণ্যৰ বৃহৎ অঞ্চল ধ্বংস কৰা বুলি প্রকৃতিপ্রেমী সংগঠনসমূহে অভিযোগ কৰিছে৷ অকল ব্রাজিলৰ আমাজন অৱবাহিকাৰ বর্ষা অৰণ্য বুলিয়েই নহয়, বিশ্বৰ প্রান্তে প্রান্তে ভূগর্ভৰ সম্পদ উদ্ঘাটন কৰিবলৈ মানুহৰ এই দানৱীয় হিংস্রতা চলি আছে৷ পৰিণতিত পৃথিৱী গ্রহত ভয়াৱহভাৱে বৃদ্ধি পাইছে উষ্ণতা৷ জলবায়ু পৰিৱর্তনে মহাসংকট কঢ়িয়াই আনিছে জীৱকুললৈ৷ আজি বাঘজানৰ ঘটনায়ো একেই ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে তিনিচুকীয়া জিলাত৷ গতিকে এই পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয়, তাৰবাবে সজাগ হ’ব লাগিব সকলোপক্ষ৷