নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজ অৰণ্যৰ অধিকাৰ আচলতে কাৰ ?

   সমুখত ৰঙা আচমান৷ মূৰ তুলি চালেই দেখি দাওদাও জুইৰ শিখা৷ চৌদিশ নিজান–নিতাল৷ প্রলয়ৰ পাছৰ নীৰৱতা৷ ঘিটমিট আন্ধাৰত হেৰাই গৈছে আহিব লগা দিনৰ সপোন৷ টেলিফোনৰ সিপাৰত ওলাই অহা কান্দোনটো চেপি ৰৈ আছে শমিলা শইকীয়া৷ বহু দশকৰ আগতে যি তিনিচুকীয়াৰ বাৰেকুৰিৰ পৰা বোৱাৰী হৈ আহিছিল বাঘজানলৈ৷ বাঘজানৰ ডিঙৰা নৈৰ পাৰৰ দীপ শইকীয়ালৈ বিয়া হৈ আহিবৰ দিনাৰে পৰা তেওঁৰো আপোন হৈ পৰিছিল সেই পথাৰ, সেই বাঁহনি, সেই প্রকৃতি৷ ডিব্রু–ছৈখোৱাকো নিজৰ ঘৰৰ বাৰী বুলিয়েই ভাবিছিল তেওঁ৷ অপতৃণবোৰ আঁতৰাই চিকুণাই ৰাখিব বিচাৰিছিল৷ এই অটব্য অৰণ্যৰ পাৰতে তেওঁৰ নতুন ঘৰৰ মানুহবোৰে পাৰ কৰিছে প্রজন্মৰ পাছত প্রজন্ম৷ বেলি উঠাৰ পৰা বেলি ডুবালৈ যাৰ আহ–যাহ, কথা–বতৰা কেৱল নৈ আৰু বিৰিখৰ লগত৷ এইখন বাঘজান৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ লগতে লাগি থকা, ডিঙৰা নৈৰ পাৰৰ সৰু এখন গাঁও৷ সৰু সৰু সপোন, সৰু সৰু আকাংক্ষাৰে যিয়ে পুহি ৰাখিছিল এটা এটা ডাঙৰ সংকল্প– নৈ, গছ আৰু চৰাইক জীয়াই ৰখাৰ৷ আজি সকলো ছাৰখাৰ হৈ গৈছে৷ ঘৰ এৰি মানুহবোৰ এতিয়া ছেদেলি–ভেদেলি৷

কাৰোবাৰ ঘৰ জ্বলি গৈছে, কাৰোবাৰ গডালৰ কুকুৰা, শালি ধানৰ কঠীয়াডৰাও ছাই হৈ পৰিছে৷ আটাইতকৈ ডাঙৰ কথা মাগুৰী মটাপুং বিল এতিয়া পুতি পেলাইছে তেলে৷ যিখন বিল আছিল বাঘজানৰ সহস্রজনৰ জীৱিকাৰ ভৰসা৷ ঘৰখন, গাঁওখন, চিনাকি বিল–নৈ– অৰণ্য সকলো ধোঁৱাৰ মাজত বিলীন হৈ যোৱা শমিলা শইকীয়াই চকুৰ সন্মুখতে দেখিছে৷ দেখি ভাগি পৰিছে আৰু টেলিফোনৰ সিপাৰত কোনোমতে বান্ধি ৰাখিছে উজাই অহা কান্দোনটো৷
– কি ঘটিছিল যোৱা ২৭ মে’ৰ দিনাখন?
– নাজানো৷ কেৱল ডাঙৰ এটা শব্দ হৈছিল৷ ধোঁৱা আৰু দুর্গন্ধই ছানি ধৰিছিল ঘৰৰ বাহিৰ–ভিতৰ৷ বৰজনাৰ ছোৱালীজনী উধাতু খাই আহিছিল৷ কৈছিল জুহালৰ জুইবোৰ নুমুৱাই দে৷ খিৰিকীবোৰ জপাই দে৷ অইলে গেছ এৰিছে৷

চৌদশে হুৱাদুৱা লাগিছিল৷ মাগুৰী বিলত মাছ মাৰি থকাসকলে নাও চপাই আনিছিল ঘাটলৈ৷ কোনোবাই কিবা উৱাদিহ পোৱাৰ আগতে সকলোকে গাঁও খালী কৰিব দিয়া হৈছিল৷ সেই দিনাই গাঁও এৰি গুচি আহিছিল শমিলা শইকীয়ায়ো৷ ঘৰৰ মূল মানুহদীপ শইকীয়াৰ দিহা মতেই গুচি গৈছিল বাৰেকুৰিৰ মাকৰ ঘৰলৈ৷ কিন্তু মঙলবাৰৰ দুর্ঘটনাৰ খবৰ শুনি আৰু ৰ’ব নোৱাৰিলে৷ অইলৰ গেছ কূপত জুই লাগিছে৷ গেছ কূপৰ পৰা কেইমিটাৰমান আঁতৰত শমিলা শইকীয়াৰ ঘৰ৷ বাৰেকুৰিৰ পৰা তেওঁ ঢ়পলিয়াই আহিল৷

কিন্তু ঘৰলৈ যোৱাৰ অনুমতি নাপালে৷ ওচৰৰে স্কুল এখনত তেওঁলোকক থাকিবলৈ দিয়া হ’ল৷ তাতেই খবৰ আহিল বছৰ বছৰজোৰা অক্লান্ত পৰিশ্রমেৰে গঢ় দিয়া ঘৰখন এতিয়া ছাইৰ স্তূপত পৰিণত হৈছে৷ বাৰীৰ তামোল–পাণ, গডালৰ হহাহ–কুকুৰা, তিয়নী দি ৰখা ১০ বিঘা মাটিৰ জোখৰ কঠীয়াডৰা– একো বাচি থকা নাই৷ খেতিমাটিৰ এচুকত লগাইছিল সৰু চাহগছৰ বাগান এখন– সিও এতিয়া সোঁৱৰণীৰ ছাই মাথোঁ৷
– আপোনালোকৰ ঘৰত কোন কোন আছে?
– মই, মানুহজন, ছোৱালী দুজনী, ল’ৰা দুটা৷ ডাঙৰজনী ছোৱালীয়ে তামিলনাডুত কাম কৰে৷ লকডাউনত তায়ো তাতেই ৰৈ গ’ল৷ সৰু ছোৱালীজনীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিছে৷ এটা ল’ৰা দশমমানত আৰু আনটো নৱমত৷ –শমিলা শইকীয়াই ফোনতে উত্তৰ দি যায়৷
– মানুহজনে কি কৰে?
– তেওঁ মাগুৰী বিলতে মাছ মাৰে৷ তাকেই বজাৰত বিক্রী কৰে৷ বতৰত খেতিও কৰে৷ ১০ বিঘামান খেতিমাটি আছে৷ তাতেই ধান আৰু পাচলিৰ খেতি লগাওঁ৷ কেইবছৰমান আগৰে পৰা অলপ মাটিত চাহগছো লগাইছিলোঁ৷ লকডাউনত চাৰিওফালৰ পৰাই অৱস্থা বেয়া হৈ আহিল৷ ভাবিছিলোঁ এইবাৰ ধানখেতি ভালদৰে কৰিব লাগিব৷ ১০ বিঘা মাটিৰ জোখাৰে আগতীয়াকৈ শালিখেতিৰ কঠীয়া পাৰিছিলোঁ৷ মাটি চহাই শেষ হৈছিলহে৷ কঠীয়া তিয়ন দিয়াই থাকিল৷ অইলৰ গেছ কূপৰ পৰা তেনেতে তেল–গেছ ওলাবলৈ ল’লে৷

গোটেই খেতিপথাৰত তেলৰ চামনি পৰিছে৷ সৰু বাগানৰ পাতবোৰো বেয়া গোন্ধাইছে৷ তেতিয়াই আমি ঘৰ এৰি গুচি অহা৷ আশা এটা আছিল– গেছ ওলোৱা বন্ধ হ’লেই কামত ধৰিব পাৰিম৷ কিন্তু এতিয়াটো সকলো শেষ৷ ঘৰখনো বাচি নাথাকিল৷ থোকাথুকি মাতটোৰে বিনাই উঠিল৷ তথাপি তেওঁ নৰ’ল৷ কৈ গ’ল– বৰ কষ্টৰে আমি চলোঁ৷ তাৰ পাছতো ল’ৰা–ছোৱালীকেইটাক প্রাইভেট স্কুলতে পঢ়াওঁ৷ পঢ়ি–শুনি বাহিৰলৈ ওলাই যাওক৷ আমাৰ দৰে যাতে আগলৈ চলিবলগীয়া নহয়৷
– খেতিৰ উপার্জনেৰে প্রাইভেট স্কুলৰ ফীজ দিব পাৰে জানো?
– নোজোৰে৷ তাকেই বাৰীৰ তামোল–পাণ দুই–এটা পাচলি বিক্রী কৰি ল’ৰা–ছোৱালীকেইটাৰ স্কুলৰ ফীজ উলিয়াওঁ৷
এনেদৰে চলি থকা পৰিয়ালটোৰ সন্মুখত এতিয়া ধোঁৱা আৰু আন্ধাৰৰ বাহিৰে একোৱেই বাকী থকা নাই৷ ঘৰ নাই, বাৰী নাই, পথাৰ–ভঁৰাল একোৱেই বাকী নাথাকিল অইলৰ গেছ কূপৰ দুর্ঘটনাৰ পাছত৷ একমাত্র আশা আছিল মাগুৰী বিলখন৷ বাৰিষাৰ বতৰ৷ মাছৰ উজান আহিব৷ তাৰ পৰাই অন্ততঃ জীৱিকাৰ পথ এটা মুকলি হৈ থাকিব৷ সেই মাগুৰী বিলো এতিয়া তেলে বিষাক্ত কৰি পেলালে৷ পানীত ভাহি উঠিছে মাছৰ শ৷ বাঘজানৰ সহস্রাধিক লোকৰ জীৱিকালৈ নামি আহিছে ঘোৰ অমানিশা৷ গছৰ ছাঁ আৰু নৈৰ বলুকাত জীয়াই থকা বাঘজান দীঘৰটঙৰ ৰাইজলৈ এটা দুর্ঘটনাই কঢ়িয়াই আনিলে কল্পনাতীত দুর্যোগ৷ এই বাঘজানবাসী, যাক ডিব্রু–ছৈখোৱাৰ ভিতৰত ইমানদিনে খৰি এডাল লুৰিবলৈও অনুমতি দিয়া নাছিল বন বিভাগে৷ সেই বন বিভাগে তেওঁলোকৰ মৰমৰ অৰণ্যখন জ্বলাই দিবলৈ অনুমতি দিলে এটা গুজৰাটী কোম্পানীক৷

শমিলা শইকীয়া আৰু তেওঁৰ দৰে বাঘজানৰ হাজাৰ মহিলাই এতিয়াও বুজি নাপায়– ড্রিলিং কি? ৰীগ কি? ক’ৰ পৰা আহিছে জন এনার্জী নামৰ কোম্পানীটো? তেওঁলোকে কেৱল অইলৰ নাম শুনিছে৷ বহু বছৰ আগতে অইল আহিছিল বাঘজানলৈ–তেলৰ সন্ধানত৷ গাঁৱৰ ৰাইজে অইলৰ বিৰুদ্ধে প্রতিবাদো কৰিছিল৷ তেতিয়া তেওঁলোকক বুজোৱা হৈছিল– বাঘজানত তেল ওলালে ৰাস্তা–ঘাট হ’ব৷ স্কুল–কলেজ হ’ব৷ ল’ৰা–ছোৱালীয়ে চাকৰি পাব৷ সেয়ে এইবাৰ তেল উলিয়াবলৈ আহোঁতে নির্জু বাঘজানবাসীয়ে সহজতে পথ এৰি দিলে৷ ওজৰ–আপত্তি নকৰিলে৷ নুসুধিলেও কাৰ ঘৰৰ কেইটাই চাকৰি পাব৷ বিলৰ মাছ আৰু পথাৰৰ শইচৰ ওপৰত ভৰসা কৰি জীয়াই থকা বাঘজানৰ ৰাইজে নতুনকৈ ভৰসা কৰিবলৈ লৈছিল অইলক– কিবা এটা ভাল হোৱাৰ আশাৰে৷ কিন্তু কেৱল তেল আৰু বজাৰৰ খবৰ ৰখা অইলৰ বাবে বাঘজানৰ সহস্রাধিক লোকৰ জীৱন–জীৱিকাৰ প্রশ্ণটো গুৰুত্বপূর্ণ হৈ নাথাকিল৷ বাঘজানৰ ৰাইজে সহোদৰৰ দৰে জীয়াই ৰখা মাগুৰী বিল আৰু ডিব্রু–ছৈখোৱাও অইল কোম্পানীৰ বাবে কোনো গুৰুত্ব দিবলগীয়া বিষয় নহয় আৰু ইয়াৰ মাছ–কাছ–পখিলা–বগ্ ঘোঁৰা– তাৰ জানো আন্তর্জাতিক তেলৰ বজাৰত কিবা মূল্য আছে? উন্নয়নৰ চেকুৰা ঘোঁৰাই এইবিলাক মহটিয়াই নিলেও কাৰোৰে বাবে এয়া ভাবিবলগীয়া বিষয় নহয়– কোম্পানীৰ বাবেও, চৰকাৰৰ বাবেও৷

কিন্তু ডিব্রু–ছৈখোৱা আৰু মাগুৰী বিলৰ পাৰত প্রজন্মৰ পাছত প্রজন্ম বাস কৰা বাঘজানৰ জনতাৰ বাবে বহু কিবাকিবি অর্থ আছে– এই অৰণ্য আৰু জলাশয়ৰ৷ এয়া তেওঁলোকৰ পৰিচয়, জীৱিকা আৰু জীৱনৰ লগত জডিত বিষয়৷ বছৰ বছৰৰ কর্ষণৰ পাছত সৃষ্টি হৈছিল এই পৰিৱেশতন্ত্রৰ৷ য’ত গছ, মানুহ, হাতী, ঘোঁৰা, বাঘ, চৰাই, পখিলা সকলো একেলগে জীয়াই থাকিব পৰা হৈছিল৷ সকলোৱে সমানে ভোগ কৰিছিল অৰণ্যৰ অধিকাৰ৷ সেই বাবেই ডিব্রু–ছৈখোৱাত একেলগে পোৱা যায় ৪০বিধ বিবিধ প্রজাতিৰ স্তন্যপায়ী প্রাণী, চৰাইৰ ৫০০ প্রজাতি, ১০৪ প্রজাতিৰ মাছ, নানাৰঙী ১০৫ প্রকাৰৰ পখিলা আৰু ৬৮০ প্রজাতিৰ গছ–গছনি৷ এই অঞ্চলটো এক উৎকৃষ্ট পৰিৱেশতন্ত্রৰ উদাহৰণ হোৱা বাবেই মুকলিত চৰি থাকিব পাৰে দুষ্প্রাপ্য বগা ঘোঁৰাই৷ মাগুৰী বিললৈ উৰি আহে জাক জাক পৰিভ্রমী চৰাই৷ সেইখন বাঘজানত তেল কোম্পানীক খননৰ অধিকাৰ দিয়াৰ লগে লগে নিমিষতে সকলো ছাই হৈ গ’ল৷ কেতিয়া উভতিব আগৰ পৰিৱেশ– কাৰো হাততে নাই উত্তৰ৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰ’লিয়ামৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰা অনুজ বৰুৱাই কৈছে– ‘মাথোঁ অণুজীৱ আৰু অণুকীটবোৰৰ ভাৰসাম্য থকা জৈৱতন্ত্রৰ সৈতে ভূপৃষ্ঠৰ উপৰিভাগত ৬ ইঞ্চি ‘জীৱিত’ মাটিৰ স্তৰ এটা প্রাকৃতিকভাৱে সৃষ্টি হ’বলৈ গডে ৬ হাজাৰ বছৰৰ বেছি সময় লাগে৷ এয়া মাথোঁ অণুজীৱ আৰু অণুকীটবোৰৰ হিচাপহে, বাকী গছ–গছনি, পশু–পক্ষী আদিৰ কথা সামৰিবলৈ গ’লে কথাটো আৰু কেইবাগুণো জটিল হৈ পৰিব৷’ সেয়ে তেওঁ ক্ষোভেৰে আৰু কৈছে–‘প্রাকৃতিকভাৱে ভাৰসাম্য থকা এখন নতুন বাঘজান পাবলৈ আমি কিমান দিনলৈ ৰ’ব লাগিব? কোনেও একো নকৰিলেও প্রকৃতিয়েই অৱশেষত জুইকুৰা নুমুৱাবগৈ৷ কিন্তু ক্ষতিকাৰকসকলে কি কি দি, কিহেৰে এই ক্ষতিখিনি পূৰণ কৰিব পৰিব? ক্ষতিপূৰণৰ নামত আন কিবাকিবি, টকা–পইচা আদি দিবলৈ নাহিব– আমাক প্রাকৃতিক ভাৰসাম্য থকা অৰণ্যখন ঘূৰাই লাগে৷’ উন্নয়নৰ দিবাস্বপ্নত মছগুলসকলৰ বাবে বাঘজানৰ ঘটনাই পুনৰ এৰি থৈ গৈছে সেই পুৰাতন প্রশ্ন– অৰণ্যৰ অধিকাৰ আচলতে কাৰ ?

  • অৰূপ কলিতা
You might also like