পেগুৰ মহানুভৱতা
১৯৮৬ চনৰ ছেপ্টেম্বৰ মাহৰ কোনোবা এটা দিন৷ আমি তেতিয়া থাকোঁ মাদ্রাজৰ ৱেষ্ট মাম্বালামৰ ৩৩নং ঘৰৰ প্রথম মহলাত৷ এদিন মই আৰু মোৰ লগত থকা বন্ধুজন এখন অটোৰিক্সাত উঠি মাউণ্ট ৰোডৰ ‘দেৱী’ চিনেমা হললৈ গৈছিলোঁ সুভাষ ঘাইৰ ‘কর্মা’ চিনেমাখন চাবলৈ৷ ইণ্টাৰভেল হ’লৈ নৌপাওঁতেই এচাম তামিল লোকে হলৰ ভিতৰত সোমাই ‘হিন্দী চিনেমা চাবলৈ আহিছ’ বুলি ধমক দি আমাক মাৰপিট কৰ্বিলৈ আৰম্ভ কৰিলে৷ আমি ভয়তে দৌৰি ওলাই আহি চিটীবাছ ষ্টপেজ পালোঁহি৷ ৱেষ্ট মাম্বালামৰ নির্দিষ্ট নম্বৰৰ বাছখন ষ্টপেজত আহি ৰোৱাত লৰালৰিকৈ বাছখনত উঠিলোঁ৷ বাছত টিকেটৰ ভাৰা দ্বিলৈ লৈ দেখোঁ পেণ্টৰ পাছ পকেটত মানীবেগটো নাই৷ বাছতে মনটো বেয়া লাগি গ’ল৷ মোৰ বন্ধুজনেই যেন্বিা বাছৰ ভাৰাটো দি দিলে৷ পিছে ঘৰলৈ আহি মূৰটো গৰম হৈ গ’ল৷ ক’ত পেলালোঁ মানীবেগটো? কেনেকৈ হেৰাল মানীবেগটো? মাদ্রাজততো পকেটমাৰ থকা বুলি বিশ্বাসেই নহয়৷ তেনেহ’লে ক’ত পৰিল মানীবেগটো? চিনেমা চাই থাকোঁতেই হলত পৰি যোৱা নাইতো? বেছি চিন্তাত পৰিছিলোঁ এইবাবেই যে সেই মানীবেগটোতেই আছিল মোৰ কলেজৰ আই কার্ডখনৰ লগতে চিটী ড্রেইনৰ মাহেকীয়া ২১টকীয়া ছিজন টিকটটো৷ এই টিকটটো থাকিলে টিকটত উল্লেখ থকা ষ্টপেজ দুটাৰ মাজত চিটী ড্রেইনত মাহটোত যিমান মন যায় উঠি ফুৰ্বি পাৰি৷ মানীবেগটোত বাৰু পইচা তেনেকৈ নাছিল৷ কিন্তু আই কার্ডখন আৰু ড্রেইনৰ পাছখন হেৰুৱাই মই ভীষণ সমস্যাত পৰিলোঁ৷ আমাৰ চিনেমাৰ টিকট দুদিন পূর্বে আগতীয়াকৈ কাটি থোৱা আছিল বাবে চিনেমা হলত মানীবেগটো উলিয়াবলগীয়া হোৱা নাছিল৷ আৰু সেইবাবেই চিটীবাছত উঠিহে গম পাইছিলোঁ যে মানীবেগটো নাই৷ মানীবেগটোৰ কথা ভাবি ভাবিয়েই নিশা কেতিয়া টোপনি আহিল গমেই নাপালোঁ৷ পিছদিনা কাহিলিপুৱাই হঠাতে মোৰ কোঠাৰ দুৱাৰত টোকৰ পৰিল৷ এই ৰাতিপুৱাই কোন আহিল বুলি দুৱাৰখন মেলি চাই দেখোঁ যে এজন খাকী পোছাকধাৰী যুৱক দুৱাৰখনৰ সন্মুখতে থিয় হৈ আছে৷ মই প্রথমে তেওঁক চিনি পোৱা নাছিলোঁ৷ তেওঁ নিজে কোৱাতহে গম পালোঁ যে আগদিনা চিনেমা চাবলৈ যাওঁতে যিখন অটোত গৈছিলোঁ সেইখন অটোৰে তেওঁ আছিল চালকজন৷ তাৰ পিছত মোৰ হেৰোৱা মানীবেগটো তেওঁ মোক ঘূৰাই দিলে৷ তেতিয়াই গম পালোঁ যে মানীবেগটো অটোখনত পৰি গৈছিল৷ তেওঁ মোৰ আই কার্ড আৰু ড্রেইনৰ টিকটত থকা ঠিকনা চাই মোৰ ঘৰ ওলাইছিলহি৷মানীবেগটো ঘূৰাই দি তেওঁ ক’লে– ‘ছাৰ, ছাত্র এজনৰ এইবোৰ বস্তু হেৰালে কি বিপদ হয় মই জানো, আৰু সেয়ে আপোনাক দ্বিলৈ আহিলোঁ৷ ভৱিষ্যতে সাৱধান হ’৷’ আচলতে অটোৰ ভাৰা দিয়াৰ পিছতেই চিনেমাৰ টাইম ইতিমধ্যে পাৰ হৈ যোৱাত লৰালৰি কৰাৰ ফলত অটোৰ ছীটতেই মানীবেগটো পৰি গৈছিল৷ আজিও মই পাহৰা নাই মাদ্রাজৰ সেই অটোচালকজনৰ মহানুভৱতা মাদ্রাজৰ সেই ঘটনাটো আজি মনত পৰিল এটা বিশেষ কাৰণত৷ এটা সঁচা কাহিনী৷ ঠিক মাদ্রাজৰ সেই অটোচালকজনৰ দৰেই গুৱাহাটীৰ এজন উবেৰ চালকৰ এক মহানুভৱতাৰ কাহিনী…৷
উবেৰখনৰ চালকজনে গুৱাহাটীৰ এঠাইত এজন যাত্রীক উঠালে৷ যাত্রীৰ গন্ত্ব্যস্থান ছয়মাইল৷ উবেৰ আগ্বাঢ়িছে ছয়মাইল অভিমুখে৷ যাত্রীগৰাকীয়ে চালকজনৰ সৈতে কেইমিনিটমান কথা পাতিয়েই তেওঁৰ আপোন হৈ পৰিল৷ যাত্রাপথত কথা পাতি পাতি যাত্রীজনৰো আপোন যেন হৈ পৰা চালকজনে ক’লে তেওঁৰ সংগ্রামী জীৱনৰ কথা৷ যাত্রীগৰাকীয়ে সেইবোৰ শুনি শুনি এটা সময়ত নিজৰ গন্ত্ব্যস্থান ছয়মাইলস্থিত ঘৰ পালেগৈ৷ ঘৰ পোৱাৰ পিছত যাত্রীজনে পকেটৰ পৰা ৫০০ টকাৰ নোটখন উলিয়াই উবেৰৰ চালকজনক দিলে৷ ভাৰা হৈছিল ১১৮ টকা৷ যাত্রীজনৰ পৰা ৫০০ টকাৰ নোটখন লৈ চালকজনে ক’লে, ‘দাদা, মোৰ হাতত এক্বোৰে খুচুৰা নাই৷ …আপোনাৰ ঘৰটো চিনি পালোঁৱেই যেতিয়া কেতিয়াবা আহি লৈ যামহি দিয়ক৷’ যাত্রীজনে ক’লে– ‘ৰ’া, তুমি বাৰু মোৰ ঘৰটো চিনি পালাই, পিছে মই তোমাক ক’ত বিচাৰি পাম?’ চালকজনে যাত্রীগৰাকীক তেওঁৰ ব্যক্তিগত ফোন নম্বৰ দিলে৷ তাৰ পিছত যাত্রীজনেই চালকজনক ৫০০ টকাৰ নোটখন দি ক’লে– ‘এইখন তুমি ৰাখা৷ এইফালে আহিলে মোৰ ঘৰত দি যাবা৷’ সেইমতে যাত্রীজনৰ অত্যন্ত অনুৰোধত চালকজনে যাত্রীজনক নমাই তেওঁৰ পৰা ৫০০ টকাৰ নোটখন লৈ উভতি গ’ল৷ দুদিন পিছত ৰাতিপুৱাই হঠাতে যাত্রীজনৰ ঘৰ আহি ওলালহি সেই উবেৰ চালকজন৷ পুৱাই পুৱাই চালকজনক দেখি আচৰিত হ’ল যাত্রীজন৷ চালকজনে যাত্রীজনে সেইদিনা পাবলগীয়া টকাকেইটা ঘূৰাই দিলে৷ যাত্রীজন আচৰিত হ’ল চালকজনৰ মহানুভৱতাত৷ ঠিক মই যিদৰে আচৰিত হৈছিলোঁ মাদ্রাজৰ সেই অটো চালকজনৰ মহানুভৱতাত৷ পিছে গুৱাহাটীৰ এই উবেৰ চালকজন কোন আছিল জানেনে? আৰু সেই যাত্রীজন?? এই চালকজনেই আছিল নুনমাটিত সিদিনা সংঘটিত পৈশাচিক ঘটনাত মৃতু্য্বৰণ কৰা ঋতুপর্ণ পেগু৷ আৰু সেই যাত্রীজন আছিল পেগুৰ ১১ মহীয়া সন্তানটিৰ জীৱন গঢ়াৰ দায়িত্ব লোৱা বিজেপিৰ অন্যতম মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্ত৷