আঞ্চলিক ধেমাজিত নার্ছৰ শৰীৰত ক’ভিড–১৯ পজিটিভ; চিভিল কনটেইনমেণ্ট এলেকা ঘোষণা By নিয়মীয়া বাৰ্তা On Jun 25, 2020 Share নিয়মীয়া বাৰ্তা, ২৫ জুনঃ এগৰাকী কর্তব্যৰত নার্ছৰ ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ পাছত বুধবাৰে মাজনিশাৰ পৰা ২৭ জুনলৈ ধেমাজি অসামৰিক চিকিৎসালয়ৰ চৌহদ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ বুধবাৰৰে পৰা চিকিৎসালয়খনত সর্বসাধাৰণ লোকৰ ওলোৱা–সোমোৱা বন্ধ কৰিছে প্রশাসনে৷ ক’ভিড কেন্দ্রত কর্মৰত নার্ছগৰাকী ছোৱাব টেষ্টৰ বুধবাৰে পজিটিভ ধৰা পৰাৰ লগে লগে সমগ্র চিকিৎসালয়খনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ Share