নিয়মীয়া বাৰ্তা, ২৭ জুনঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ পৰা মহানগৰবাসীক ৰক্ষাৰ বাবে অৱশেষত গুৱাহাটীত সর্বাত্মক তথা কঠোৰ লকডাউনৰ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা দেওবাৰ অর্থাৎ ২৮ জুনৰ মাজনিশা ১২ বজাৰ পৰা ১২ জুলাইলৈ ১৪ দিনৰ বাবে সমগ্র মহানগৰীখনত কঠোৰভাৱে লকডাউন বলৱৎ থাকিব বুলি ঘোষণা ‘বেপৰোৱা’ গুৱাহাটীত সর্বাত্মক লকডাউন। এন এইচ এমৰ কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট ভাষ্য– চৰকাৰৰ এই সিদ্ধান্তই অর্থনৈতিক জীৱন ক্ষতিগ্রস্ত কৰিব যদিও গভীৰ দুখেৰে আৰু অনিচ্ছা সত্ত্বেও লকডাউনৰ সিদ্ধান্ত ল’ব লগা হ’ল৷
এই ভয়াৱহ পৰিস্থিতি প্রতিৰোধৰ বাবে চৰকাৰৰ হাতত আন কোনো বিকল্প নাই৷ উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰা ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে চলিত মাহৰ আৰম্ভণিৰ পৰাই গুৱাহাটীত ভ্রমণ বুৰঞ্জী নথকা বহু লোক ক’ৰোনাত আক্রান্ত হৈছে৷ লকডাউনৰ শিথিলতাৰ ফলতেই মহানগৰীখনৰ বিভিন্ন স্থানত অনাৱশ্যকীয়ভাৱে ভিৰ বৃদ্ধি পাইছে৷ একাংশ লোকে স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনা উলংঘা কৰি বেপৰোৱাভাৱে বজাৰ–ব্যৱসায়িক প্রতিষ্ঠান, ৰাজহুৱা স্থান আদিত ঘূৰা–ফুৰা কৰি আহিছে৷ যাৰ বাবে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷
পৰিস্থিতিৰ ভয়াৱহতাক আওকাণ কৰি আইন উলংঘা কৰা মহানগৰীৰ এইসকল বাসিন্দাক সংযত কৰিবলৈ চৰকাৰে কার্যতঃ গুৱাহাটীত পুনৰ তলাবন্ধৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই প্রসংগ আঙুলিয়াই দি কয়– ৰাজ্যত ভ্রমণ বুৰঞ্জী নথকা ২৫০–৩০০ লোক আক্রান্ত হৈছিল যদিও যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এই সংখ্যা হঠাৎ বৃদ্ধি হৈছে৷ অর্থাৎ ক’ভিড সন্দর্ভত ধাৰণা বদলি হোৱা আৰম্ভ হৈছে৷ বর্তমান বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা হ্রাস পাইছে৷ বিশেষ শ্রমিক ৰে’লো এতিয়া আহিব লগা নাই৷ বিমানৰ সংখ্যাও হ্রাস পাইছে৷ এনে অৱস্থাৰ পাছতো মই ভাবোঁ গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যাই ঊর্ধ্বমুখী ৰূপত গতি কৰিব৷ যোৱা ১৫ জুনৰ পৰা গুৱাহাটীত ১০,৬১৭জন লোকৰ ছোৱাব সংগ্রহ কৰি পৰীক্ষা কৰা হৈছে৷ এই ছেম্পলসমূহৰ পৰা ৭৫২জন লোক আক্রান্ত বুলি চিনাক্ত হৈছে৷
লক্ষণীয়ভাৱে এইসকলৰ ভিতৰত ৬৭৭জন লোকৰে কোনো ভ্রমণ বুৰঞ্জী নাই৷ ছেম্পল পৰীক্ষাৰ বাবে দিয়া দিনটোৰ আগৰে পৰা যদি ধৰা হয়, তেন্তে এই লোকসকলে বিনাবাধাই ৪–৫ দিন ধৰি ঘূৰি আছিল৷ তেনে পৰিস্থিতিত এয়া অনস্বীকার্য যে গুৱাহাটীত সাধাৰণ লোকৰ মাজলৈ ক’ভিড–১৯ বিয়পি পৰিছে৷ লক্ষণীয় যে ৰাজ্যত কালি আক্রান্ত হোৱা ২৭৬জন লোকৰ ১৩৩জনেই গুৱাহাটীৰ৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আক্ষেপেৰে কয়– আজিৰ পৰিৱেশতো ১০ শতাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি আছে৷ আনকি সামাজিক দূৰত্বও বহু লোকে মানি চলা নাই৷
অনাৱশ্যকীয় জনসমাগমে পৰিৱেশ জটিল কৰিছে৷ লকডাউন অর্থনৈতিক দিশৰ পৰা ইতিবাচক নহয়৷ বহু লোকে লকডাউনৰ নেতিবাচক দিশ দাঙি ধৰিছে৷ চৰকাৰ এইসকল লোকৰ সৈতে একমত৷ কিন্তু গুৱাহাটীত এতিয়া চিকিৎসালয়ত মাত্র ৮৯০খন বিছনা আছে৷ ক’ৰোনা আক্রান্তৰ সংখ্যা এইদৰে বৃদ্ধি হৈ থাকিলে ৪ দিনতে এই বিছনা ভর্তি হ’ব৷ তেনে ক্ষেত্রত স্বাস্থ্য বিভাগে গুৱাহাটীৰ ৰোগীক হয়তো নগাঁও, নলবাৰী বা আন ঠাইলৈ লৈ যাবলগীয়া হ’ব পাৰে৷ স্বাভাৱিকতে পৰিস্থিতি জটিল হৈ পৰিব৷ ক’ৰোনাৰ সংক্রমণ বৃদ্ধিৰ শেহতীয়াকৈ বহুকেইটা কাৰণ সমুখলৈ আহিছে বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে গুৱাহাটীত যি হাৰত অনাৱশ্যকীয়ভাৱে মানুহে ঘূৰা–ফুৰা কৰিছে, দেশৰ কোনো চহৰত এইদৰে ঘূৰা–ফুৰা কৰা নাই৷
লকডাউনৰ শিথিলতাৰ অংশস্বৰূপে চৰকাৰে হোটেল–ৰেস্তোৰাঁসমূহ্ খোলাৰ অনুমতি প্রদান কৰাৰ পাছত গুৱাহাটীত যোৱা সময়ছোৱাত বহু লোকৰ বাবে এই ৰেস্তোৰাঁ বা হোটেলসমূহ আড্ডাৰ স্থলী হৈ পৰিছে৷ জি এছ ৰোডতে মাস্ক নিপিন্ধা লোক ঘূৰি আছে৷ ব্যৱসায়ীসকলক দোকান খোলাৰ ক্ষেত্রত পৰামর্শ দিয়া হৈছিল যে ছেনিটাইজাৰ ব্যৱহাৰ কৰিব, সামাজিক দূৰত্ব বজাই ৰখাৰ দায়িত্ব পালন কৰিব৷ কিন্তু এই সকলো দিশত তেওঁলোক ব্যর্থ হৈছে৷ গতিকে জনসাধাৰণৰ সুৰক্ষাৰ বাবে চৰকাৰে দায়িত্ব পালন কৰিবই লাগিব৷
উল্লেখ্য যে দেওবাৰৰ পৰা বলৱৎ হ’ব লগা সর্বাত্মক লকডাউন পালনৰ ক্ষেত্রত চৰকাৰে এইবাৰ কঠোৰ হোৱাৰ ইংগিত প্রদান কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত আজি স্পষ্টকৈ কয়– পূর্বৰ দৰে লকডাউনৰ সময়ছোৱাত কোনো শিথিলতা গ্রহণযোগ্য নহ’ব৷ কার্যতঃ এই ১৪ দিন হ’ব কঠোৰ সান্ধ্য আইন৷ অৱশ্যে ৭ দিন অতিক্রম কৰাৰ পাছত পৰৱর্তী ৭ দিনত প্রয়োজন সাপেক্ষে কিছু শিথিলতা অনা হ’ব৷ এই ১৪ দিনীয়া লকডাউনে পুনৰ ৩০ আগষ্টলৈ পৰিস্থিতি চম্ভালাত আমাক সহায় কৰিব৷ গতিকে সকলোৱে এইক্ষেত্রত সহযোগিতা আগবঢ়াব লাগিব৷
ইফালে দেওবাৰৰ মাজনিশাৰ পৰা বলৱৎ হ’ব লগা লকডাউনৰ বাবে গুৱাহাটীত থকা আন জিলাৰ যুৱকসকলক ঘৰলৈ উভতি নাযাবলৈ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আহ্বান জনায়৷ তেওঁ কয়– এই পৰিৱেশত উভতি গ’লে গাঁৱতো ক’ৰোনা ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছে৷ গতিকে গুৱাহাটীতে থাকি এই ১৪টা দিন নিজকে সুৰক্ষিত কৰি ৰাখক৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই যুৱকসকলৰ প্রতি আহ্বান জনাই ইয়াকো কয়– এই সময়ছোৱাত যদি কোনো অসুস্থ হয়, তেন্তে ঘৰতে আছুতীয়াকৈ থাকি এই ৰোগৰ পৰা মুক্ত হ’ব পাৰিব৷
কিয়নো গুৱাহাটীত যি হাৰত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে, এই অৱস্থাত চিনাক্ত হোৱা এজন ৰোগীক চিকিৎসালয়লৈ আনিবলৈ ২৪ ঘণ্টাৰ প্রয়োজন হ’ব৷ একেদৰে ছোৱাবৰ পৰীক্ষাৰ ফলাফল আহিবলৈ হয়তো তিনি–চাৰি দিনৰ প্রয়োজন হ’ব৷ গতিকে নিজকে সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব নিজেই ল’ব লাগিব৷ ইফালে, গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৮০০ ৰোগীক চিকিৎসা কৰিব পৰাকৈ ক’ভিড চিকিৎসালয় এখন সাজু হৈ উঠা বুলি স্বাস্থ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ দুই–তিনি দিনৰ ভিতৰতে এই চিকিৎসালয়ত ৰোগীক ৰাখিব পৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷