অর্থনীতিলৈ আশা
মন্দাৱস্থাৰ গ্রাসত থকা বিশ্ব অর্থনীতি মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রকোপত তচনচ হৈ পৰিছে৷ বিশ্বৰ ২১৩খন দেশে সন্মুখীন হোৱা মহামাৰীৰ সংকট অদ্যাপি দূৰ হোৱা নাই৷ বৰঞ্চ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনা সংক্রমিতৰ সংখ্যা৷ ইতিমধ্যে বিশ্বত আক্রান্তৰ মুঠ সংখ্যা ১ কোটি আৰু মৃতকৰ সংখ্যাই ৫ লাখৰ ঘৰ অতিক্রম কৰিছে৷ মাৰাত্মক ভাইৰাছৰ এনে দ্রুত সংক্রমণে অনাগত সময়ছোৱাত জনস্বাস্থ্যৰ সমান্তৰালভাৱে অর্থনীতিকো যে আৰু অধিক ভয়ংকৰ বিপর্যয়ৰ গৰাহলৈ ঠেলি দিব, সেয়া একপ্রকাৰ নিশ্চিত৷ আক্রান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে চতুর্থ স্থানত থকা ভাৰতৰ অর্থনীতিতো ক’ৰোনাই মোক্ষম আঘাত হানিছে৷
মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে যোৱা ২৪ মার্চত সমগ্র দেশতে লকডাউন বলৱৎ কৰা হৈছিল৷ পৰিণতিত স্তব্ধ হৈ পৰে কৃষি, উদ্যোগকে ধৰি ভাৰতৰ অর্থনীতিৰ মূল খণ্ড তথা সেৱাসমূহ৷ কর্মহীন তথা নিবনুৱাৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰে৷ দেশৰ অর্থনীতিৰ এনে বিপর্যয়ৰ ছবিখন বিভিন্ন সংস্থাৰ সমীক্ষা আৰু চৰকাৰী তথ্যতে ইতিমধ্যে স্পষ্ট হৈছে৷ দেশ এখনৰ অর্থনীতিৰ সুস্থিৰতা নিবনুৱাৰ সংখ্যা বা সংস্থাপনৰ দিশটোৰ ওপৰত বহু পৰিমাণে নির্ভৰ কৰে৷ লকডাউনৰ পূর্বে ভাৰতত নিবনুৱাৰ হাৰ আছিল ৮.৫০ শতাংশ৷ যোৱা এপ্রিল–মে’ মাহত এই হাৰ প্রায় তিনিগুণ বৃদ্ধি হৈ হৈছিলগৈ ২৩ শতাংশ৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল– ৩ মে’ত শেষ হোৱা সপ্তাহটোত ভাৰতত নিবনুৱাৰ হাৰ ২৭.১ শতাংশ পর্যন্ত বৃদ্ধি হৈছিল৷ পিছে অতি শেহতীয়াকৈ পর্যায়ক্রমে নিবনুৱাৰ হাৰ হ্রাস পাবলৈ ধৰাটো দেশৰ অর্থনীতিৰ বাবে আশাৰ বতৰা ৰূপে বিবেচিত হৈছে৷
‘আনলক–১’ৰ জৰিয়তে লকডাউন শিথিল কৰি দিয়াৰ লগে লগে কমি আহিছে কর্মহীন লোকৰ সংখ্যা৷ সম্প্রতি দেশত নিবনুৱাৰ হাৰ ৮.৫০ শতাংশ অর্থাৎ এইক্ষেত্রত লকডাউনৰ পূর্বৰ পৰিৱেশ ঘূৰি অহা বুলি ক’ব পাৰি৷ ভাৰতীয় অর্থনীতিলৈ আশাৰ বতৰা কঢ়িয়াই অনা এই কথা স্পষ্ট হৈছে ‘চেণ্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’ন’মী’ (চিএমআইই)ৰ সমীক্ষাত৷ সংবাদ মাধ্যমত প্রকাশিত শেহতীয়া সমীক্ষাটোৰ তথ্য অনুসৰি, জুন মাহত দেশত নিবনুৱাৰ হাৰ হ্রাস পাবলৈ ধৰে৷ জুন মাহৰ প্রথম তিনিটা সপ্তাহত পর্যায়ক্রমে নিবনুৱাৰ হাৰ হ্রাস পাই হয় ক্রমে ১৭ শতাংশ, ১১.৬ শতাংশ আৰু ৮.৫০ শতাংশ৷ নিবনুৱাৰ ঊর্ধ্বমুখী বৃদ্ধিৰ হাৰ কেন্দ্রীয় চৰকাৰৰ সন্মুখত প্রত্যাহ্বানৰ এক অন্যতম কাৰক হৈ পৰিছিল৷ এতিয়া চি এম আই ইৰ এই সমীক্ষাটোৱে কার্যতঃ কেন্দ্রীয় চৰকাৰলৈ স্বস্তিৰ খবৰ কঢ়িয়াই আনিলে৷
লকডাউনৰ ফলত কর্মসংস্থাপন হেৰুৱাই দেশৰ বিভিন্ন প্রান্তৰ পৰা হাজাৰ হাজাৰ লোকে ইতিমধ্যে নিজৰ নিজৰ ঘৰলৈ উভতি আহিছে৷ এনে প্রেক্ষাপটত নিবনুৱাৰ হাৰ হ্রাস পোৱাটো কিদৰে সম্ভৱপৰ হ’ল? স্বাভাৱিকতে এই প্রশ্ণ সকলোৰে মনত উদয় হ’ব৷ এই সন্দর্ভত সমীক্ষাটোত দাবী কৰা হৈছে যে গ্রামীণ ভাৰতৰ বাবে এয়া সম্ভৱ হৈছে৷ সঠিক সময়ত হোৱা বৰষুণৰ কাৰণে সকলোৱে খাৰিফ শস্যৰ খেতিত আত্মনিয়োগ কৰাৰ উপৰি গ্রামাঞ্চলত কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হৈছে৷ জটিল সময়ত দেশৰ গ্রামাঞ্চলে আগবঢ়োৱা এই অৰিহণা নিশ্চিতভাৱে অতি গুৰুত্বপূর্ণ৷ ইয়াক স্থায়ী কৰিবলৈ চৰকাৰীভাৱে তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰা উচিত৷
বিশেষকৈ কৃষিখণ্ডলৈ অধিক পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰি ইতিপূর্বে ঘোষিত আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু সুফল যাতে জনসাধাৰণে লাভ কৰে, তাৰ বাবে পর্যবেক্ষণ ব্যৱস্থাটো চৰকাৰে অধিক শক্তিশালী কৰি তোলক৷ তেতিয়া গ্রামাঞ্চলত কর্মসংস্থাপনৰ সুযোগ আৰু যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ মুঠৰ ওপৰত চৰকাৰে সমগ্র বিষয়টোক লৈ যথোপযুক্ত পৰিকল্পনাৰে আগবাঢ়ি গ’লে কর্মসংস্থাপনৰ সমস্যাটোৰ ক্ষেত্রত বহুখিনি সকাহ পোৱা যাব বুলি ধাৰণা কৰিব পাৰি৷