নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচ্ছিন্ন–এলাগী গুৱাহাটী

  প্রশাসনিক, অর্থনৈতিক, ৰাজনৈতিককে ধৰি অসমৰ প্রায় সকলো ক্ষেত্রৰে প্রাণকেন্দ্রস্বৰূপ গুৱাহাটী এতিয়া কার্যতঃ ৰাজ্যখনৰ পৰা বিচ্ছিন্নপ্রায়৷ ১২খন জিলা প্রশাসনে কামৰূপ মহানগৰ অর্থাৎ গুৱাহাটীৰ সৈতে নিজ নিজ জিলাক নিলগাই ৰাখিছে৷ নলবাৰী, বৰপেটা, বঙাইগাঁও, দৰং, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, মৰিগাঁও, দক্ষিণ শালমাৰা–মানকাচৰ, ডিব্রুগড, ধুবুৰী, মাজুলী জিলাৰ পৰা কোনো সাধাৰণ লোককে গুৱাহাটীলৈ যাবলৈ দিয়া হোৱা নাই৷ গুৱাহাটীৰ পৰা কাকো আহিবলৈ দিয়া হোৱা নাই৷ তৎসত্ত্বেও যদি কোনোৱে কামৰূপ মহানগৰ জিলা অর্থাৎ গুৱাহাটীৰ পৰা জিলাকেইখনলৈ যায়, তেনে লোকক ধৰিবলৈ অথবা ধৰা পেলাবলৈ সীমান্তত কঠোৰ তালাচীৰ ব্যৱস্থা কৰা হৈছে৷ এক কথাত গুৱাহাটী মানেই যেন এতিয়া অসমৰ বাবে আতংকৰ এটা নাম৷ গুৱাহাটীৰ ইতিহাসত ই এক নোহোৱা–নোপোজা ঘটনা৷ ক’ৰোনা ভাইৰাছে যেন গুৱাহাটীৰ এটা ইতিহাস ৰচনা কৰিলে৷ ইতিহাসৰ এই অবাঞ্ছিত পৃষ্ঠাটোক মচি নাইকিয়া কৰাৰ দায়িত্ব কিন্তু মহানগৰবাসীৰেই৷ তাৰ বাবে আৱশ্যক ক’ভিড–১৯ নামৰ এই মহামাৰীটোৰ বিৰুদ্ধে চলি থকা যুঁজখনক সার্থক ৰূপ দান কৰা৷ আজি জিলাই জিলাই প্রশাসনৰ তৰফৰ পৰা যি পদক্ষেপ লোৱা হৈছে, তাৰ বিকল্প নাছিল বুলিয়েই ক’ব পাৰি৷ কিয়নো গুৱাহাটী মহানগৰ ইতিমধ্যে ভাইৰাছটোৰ লীলাভূমিত পৰিণত হৈছে৷ প্রতিদিনে দুশ–তিনিশকৈ লোক ক’ৰোনাত আক্রান্ত হোৱা বুলি চৰকাৰী তথ্যই চিঞৰি চিঞৰি কৈ আছে৷ ততোধিক ভয়ংকৰ কথাটো হ’ল, ইয়াৰে সিংহভাগেই ভ্রমণ বৃত্তান্ত নথকা লোক৷ সৰল অর্থত সামাজিক সংক্রমণৰ বলি হৈছে মহানগৰখন৷ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে মহানগৰীৰ য’তে–ত’তে ভাইৰাছটোত আক্রান্ত লোক ওলাইছে৷ এনে অৱস্থাত যদি কোনো জিলাই গুৱাহাটীৰ সৈতে সম্পর্ক ছেদ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে, তাত তর্কাতীতভাৱে যুক্তি থকা বুলি ক’ব পাৰি৷ ভাইৰাছটোক অধিক সংক্রমণৰ পৰা ৰোধ কৰিবলৈ ইয়াতকৈ ভাল বিকল্প এই মুহূর্তত আন একো নাই৷

    গুৱাহাটীত ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ঘটিছে, এইটো এতিয়া কঠিন বাস্তৱ৷ইয়াক ৰোধ কৰিব লাগে, এইটো সময়ৰ দাবী৷ অন্যথা মুম্বাই, দিল্লীৰ দৰে গুৱাহাটীৰো অবর্ণনীয় দুৰৱস্থা হৈছে৷ চৰকাৰে মহানগৰকেইখনৰ দুৰৱস্থা দেখি আগতীয়াকৈ যথেষ্ট প্রতিৰোধমূলক ব্যৱস্থা লৈছে৷ ইয়াত জনসাধাৰণে সহযোগিতা কৰাহে মূল কথা৷ তদুপৰি, অধিক ফলপ্রসূ ব্যৱস্থাৰ পৰামর্শ থাকিলে, চৰকাৰে সেয়া আন্তৰিকতাৰে সৈতে গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাবাৰো ৰাজহুৱাকৈ ঘোষণা কৰি থৈছে৷ ৮ জুলাইত কেবিনেটৰ একাংশ সতীর্থৰ লগতে ডচ্চপদস্থ প্রশাসনিক বিষয়াৰে আলোচনাৰ অন্তত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পুনৰবাৰ একেখিনি কথাকে কৈছে৷ চৰকাৰৰ তৰফৰ পৰা ক’ভিড–১৯ পৰীক্ষাৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে৷ নমুনা সংগ্রহৰ বাবে মহানগৰীত কেইবাটাও কেন্দ্র স্থাপন কৰা হৈছে৷ তদুপৰি, ৱার্ডে ৱার্ডে জনসাধাৰণৰ ছোৱাব পৰীক্ষাৰ দিহা কৰা হৈছে৷ সেই পৰীক্ষাৰ ফলাফলৰ বাবে দীর্ঘকাল অপেক্ষাও কৰিব নালাগে৷ নমুনা সংগ্রহৰ এঘণ্টাতে ফলাফল জনাই দিয়া হৈছে৷ গুৱাহাটীৰ ভৱিষ্যতৰ স্বার্থত এই পৰীক্ষাৰ গুৰুত্ব অপৰিসীম৷ ইয়ে মহানগৰীক অধিক গণ সংক্রমণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ পথ সুগম কৰিব৷ যিয়ে নিজৰ অজ্ঞাতে মাৰাত্মক ভাইৰাছটো নিজৰ দেহত কঢ়িয়াই ফুৰিছে, সেই লোকসকলৰ পৰা সমাজখন সুৰক্ষিত হৈ থকাৰ পথ এটা ওলাব৷ তেনে লোকৰ পৰা পৰিয়ালত থকা বৃদ্ধ, কেঁচুৱা, শিশু, মধুমেহ ৰোগী, হূদৰোগী সংক্রমিত হোৱাৰ আশংকা থাকে৷ যদি কিবাকৈ সংক্রমণ ঘটে তেন্তে ই মানৱ জীৱনৰ বাবে কিমান মাৰাত্মক হ’ব পাৰে, আমেৰিকা যুক্তৰাষ্ট্র, ইটালী আদি তাৰ অন্যতম ডদাহৰণ৷

 তদুপৰি, ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধৰ বুনিয়াদী বিধিকেইটা মানি চলাটো অতি প্রয়োজন৷ কিন্তু বহুক্ষেত্রত ইয়াৰ ওলোটাটো দেখা যায়৷ লকডাডনৰ মাজতে জনসাধাৰণৰ সুবিধার্থে সীমিত পৰিসৰত গেলামালৰ দোকান খোলা দিয়াৰ লগে লগে সামাজিক দূৰত্বৰ কথা নাভাবি দোকানত ডবুৰি খোৱা, নিষিদ্ধ সত্ত্বেও মাছ–মাংসৰ ব্যৱসায়ীক ডদ্গনি যোগাই গোপনে সেইবোৰ ক্রয় কৰা, অনাহকত ঘৰৰ পৰা বাহিৰলৈ অহা এইবোৰে সংকট বঢ়াইহে৷ সমাগত দিনবোৰত এইবোৰত গুৰুত্ব নিদিলে গুৱাহাটীৰ ভৱিষ্যৎ বৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷ অবুজন, দায়িত্বজ্ঞানহীন মানুহৰ বাবে গুৱাহাটীৰ আজি এই দুৰৱস্থা৷ যাৰ বাবে গুৱাহাটী এতিয়া কার্যতঃ বিচ্ছিন্ন হৈ পৰিছে৷ যেতিয়ালৈকে মহানগৰীৰ অৱস্থাৰ পৰিৱর্তন নঘটে, তেতিয়ালৈকে অৱস্থাৰ পৰিৱর্তন হোৱা আশা ক্ষীণ৷বৰং তালিকাখন অধিক দীঘলীয়া হৈহে গৈ থাকিব৷ মহানগৰীক সামাজিক সংক্রমণৰ শৃংখলটোৰ পৰা ডদ্ধাৰ কৰিবই লাগিব৷ ক’ৰোনাৰ শিকলিডাল ভাঙিবই লাগিব৷

You might also like