প্রহসনত আইনৰ শাসন
উত্তৰ প্রদেশত আইনৰ শাসন প্রহসনত পৰিণত হৈছে আৰু এয়া কোনো নতুন কথা নহয়৷ মুখ্যমন্ত্রীৰ আসনত বহাৰ পাছতে যোগী আদিত্যনাথে ৰাজ্যখনত আইন–শৃংখলা পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ প্রতিশ্রুতি দিছিল৷ অপৰাধী চক্রৰ বিৰুদ্ধে যোগী চৰকাৰে ব্যাপক অভিযানো চলাইছিল৷ আনকি পৰৱর্তী সময়ত চৰকাৰে দাবী কৰিছিল যে ৰাজ্যখনৰ পৰা অপৰাধী চক্রক নির্মূল কৰা হৈছে৷ কিন্তু প্রকৃতার্থত উত্তৰ প্রদেশৰ প্রকৃত ছবিখন যে সলনি নহ’ল সেই কথা প্রতীয়মান কৰিলে বিকাশ ডুবে নামৰ দাগী অপৰাধীজনে এসপ্তাহৰ পূর্বে সংঘটিত কৰা ভয়ংকৰ অপৰাধ আৰু ইয়াৰ পাছত এই দাগী অপৰাধীজনৰ লগত তেওঁৰ পাঁচজনকৈ সহযোগীৰ এনকাউণ্টাৰৰ ঘটনাই৷ এই কথা সু–স্পষ্ট হৈ পৰিছে যে উত্তৰ প্রদেশত ৰাজনৈতিক নেতা, আৰক্ষী, আমোলা আৰু অপৰাধীৰ মাজত ৰহস্যজনক সম্পর্কই ইটোৰ পাছত সিটো অপৰাধমূলক ঘটনা সংঘটিত হোৱাৰ পথ মুকলি কৰি দিছে৷ কেৱল উত্তৰ প্রদেশতে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত অপৰাধীৰ সৈতে নেতা–আৰক্ষীৰ সম্পর্কৰ জৰিয়তে আইনবিৰুদ্ধ কাম সংঘটিত হৈয়ে আছে৷ অৱশ্যেই উত্তৰ প্রদেশত যোৱা এসপ্তাহৰ ঘটনাক্রমে যেন সেই সকলোবোৰক চেৰ পেলাই গ’ল৷ যোৱা তিনি জুলাইৰ পুৱতি নিশা ‘বাহুবলী’ বিকাশ ডুবেই তেওঁৰ গুণ্ডা বাহিনীৰ জৰিয়তে এটা আৰক্ষীৰ দলৰ ওপৰত এম্বুছ চলাই আঠজনকৈ আৰক্ষীক হত্যা কৰিছিল৷ ইয়াৰ ভিতৰত এজন উপ–আৰক্ষী অধীক্ষকো আছিল৷ এই ঘটনাটোৰ পাছত যিবোৰ তথ্য ক্রমান্বয়ে পোহৰলৈ আহিছে, তাৰ পৰা প্রতীয়মান হয় যে অপৰাধী চক্র নির্মূল হোৱাটো দূৰৰে কথা বৰঞ্চ ৰাজনৈতিক প্রভাৱত অপৰাধ জগতখন আৰু বেছি শক্তিশালীহে হৈ উঠিছে৷ মাফিয়াই অপৰাধ সংঘটিত কৰি শাস্তিৰ পৰা বহুযোজন দূৰৈত থাকিবলৈ সক্ষম হোৱা আৰু সেই মাফিয়াৰ সৈতে নেতা–আৰক্ষীৰ ঘনিষ্ঠ সম্পর্ক অটুট ৰখাৰ ঘটনাবোৰ ধাৰাবাহিকভাৱে চলি আহিছে৷ বিকাশ ডুবে ১৯৯৩ চনতে বিজেপিৰ এজন নেতাক লোকচক্ষুৰ সন্মুখত থানাৰ ভিতৰতে হত্যা কৰিছিল৷ কিন্তু তাৰ পাছতো সাক্ষীৰ অভাৱত তেওঁ ইমানদিনে মুক্ত আকাশৰ তলত বিচৰণ কৰিবলৈ সক্ষম হ’ল৷ এই ৩০ বছৰত তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধন দাবীকে ধৰি ৬০টা গোচৰ পঞ্জীয়নভুক্ত হ’ল যদিও তেওঁ এবাৰো জে’ললৈ যাবলগীয়া হোৱা নাছিল৷ শেহতীয়া অপৰাধটোৱে অৱশেষত তেওঁৰ মৃত্যু মাতি আনিলে এইবাবেই যে তেওঁ জীয়াই থকা হ’লে অনুসন্ধানত বহুতো প্রভাৱশালী ব্যক্তিৰ মুখা খোল খালেহেঁতেন৷
উত্তৰ প্রদেশৰ দৰে ৰাজ্যত ‘বাহুবলী’ৰ অভাৱ নাই৷ সম্ভৱতঃ সাধাৰণ লোকে অপৰাধ সংঘটিত কৰি উত্তৰ প্রদেশ আৰক্ষীৰ পৰা বাচি যাব নোৱাৰে৷ কিন্তু কোনো অপৰাধীয়ে যদি প্রতিপত্তিশীল পটভূমি থাকে, তেন্তে তেনে এজন অপৰাধী নিজৰ নিজৰ অঞ্চলত ইমানেই বেছি প্রভাৱশালী হৈ পৰে যে মানুহে দেখিলেই তেওঁক ভয় কৰে৷ এনে অপৰাধীকে উত্তৰ প্রদেশৰ মানুহে ‘বাহুবলী’ বুলি জানে৷ আৰক্ষীৰ প্রত্যক্ষ সহযোগ আৰু ৰাজনৈতিক প্রভাৱৰ বাবেই তেওঁলোকক আইনেও ঢুকি নাপায়৷ বিধিৰ বিপাকত বিকাশ ডুবেই এনে এক অপৰাধ সংঘটিত কৰিলে যিয়ে তেওঁৰ কাষৰ পৰা সকলো ৰাজনৈতিক প্রভাৱ আৰু আৰক্ষীৰ সহযোগিতা আঁতৰাই লৈ গ’ল আৰু অৱধাৰিত হৈ পৰিল তেওঁৰ মৃত্যু৷ এটা কথা ঠিক যে ডুবে যিমান অপৰাধী, তেওঁক সহায় কৰাসকলো সমানেই অপৰাধী৷ সেইদৰে তেওঁৰ মৃত্যু যদি ভুৱা এনকাউণ্টাৰত হৈছে তেন্তে সেয়া আৰু ডাঙৰ অপৰাধ৷ কিয়নো ইয়াৰ জৰিয়তে আইনৰ শাসনক ভৰিৰে মোহাৰি পেলোৱা হৈছে৷ এনকাউণ্টাৰক উচ্চতম ন্যায়ালয়েও নিষিদ্ধ কৰি থৈছে৷ কিন্তু ইয়াৰ পাছতো উত্তৰ প্রদেশৰ দৰে ৰাজ্যত আৰক্ষীয়ে এনে ভুৱা এনকাউণ্টাৰ চলাই থকাই নহয়, বহু সময়ত ইয়াক লৈ গর্বও কৰিছে৷ ডুবেৰ ৰক্তাক্ত পৰিণতিৰ পাছত এতিয়া নিশ্চিতভাৱে এই বিষয়সমূহ অন্য দৃষ্টিকোণৰ পৰা চালি–জাৰি চোৱা হ’ব৷