গুৱাহাটীত ক’ৰোনাবিৰোধী সামাজিক আন্দোলনৰ দৰকাৰ
১৪ দিনীয়া কঠোৰ লকডাডন অন্ত পৰাৰ পাছত এসপ্তাহৰ বাবে প্রশাসনে বৃদ্ধি কৰা লকডাডনৰো কেইদিনমান গ’ল৷ কিন্তু গুৱাহাটীত ক’ভিড–১৯ৰ সংক্রমণ প্রত্যাশিতধৰণে নকমিল৷ বৰং সংক্রমণৰ গতিধাৰাটো পূর্বৰ দৰেই চিন্তাজনক তথা ভয়াৱহ ভৱিষ্যতৰ বাহক হৈয়েই থাকিল গুৱাহাটী৷ চৰকাৰী পক্ষই অনুমান কৰিছিল, ১০ জুলাইৰ পৰা সংক্রমণৰ হাৰ কমিব৷ কার্যতঃ সেয়া হৈ ডঠা দেখা নগ’ল৷ বিগত দিনকেইটাৰ পৰিসংখ্যালৈ চালে, গুৱাহাটীৰ দুর্দশাগ্রস্ত ছবিখন জল্জল পট্পটকৈ ওলাই পৰে৷ চৰকাৰী তথ্য অনুসৰি, গুৱাহাটীত পহিলা জুলাইত ৩৭৮জন ভাইৰাছবিধত আক্রান্ত হৈছিল৷ ২ জুলাইত ২৩৮জন, ৩ জুলাইত ১৩৪জন, ৪ জুলাইত ৭৭৭জন, ৫ জুলাইত ৫৫২জন, ৬ জুলাইত ৫৯৮জন, ৭ জুলাইত ৫৮৮জন, ৮ জুলাইত ৪২৩জন, ৯ জুলাইত ৩৫৫জন, ১০ জুলাইত ৫২১জন, ১১ জুলাইত ৪১০জন, ১২ জুলাইত ৪০০জন, ১৩ জুলাইত ৫১৩জন, ১৪ জুলাইত ৬২৭জন আৰু ১৫ জুলাইত ৬৪৯জন আক্রান্ত হয়৷ অর্থাৎ জুলাইৰ প্রথম পষেকত গুৱাহাটী মহানগৰীত ৭,১৬৩জন মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ এইটো গুৱাহাটীৰ বাবে অতি ডদ্বেগ আৰু চিন্তাৰ বিষয়৷ সামাজিক সংক্রমণৰ শৃংখলডালক এতিয়াই ছিগিব নোৱাৰিলে, সমাগত দিনবোৰে গুৱাহাটীলৈ বিপর্যয় নমাই আনিব পাৰে৷ গুৱাহাটীত ইমান কঠোৰভাৱে লকডাডনৰ ব্যৱস্থা কৰা সত্ত্বেও কিয় আক্রান্তৰ পৰিসংখ্যাটো হ্রাস পোৱা নাই, বিষয়টোত চৰকাৰ, জনসাধাৰণ সকলোৱে চিন্তা কৰা ডচিত৷ লগতে আত্মসমালোচনাৰো দৰকাৰ৷
মহামাৰী ভাইৰাছটোৱে গুৱাহাটীত জটিল সমস্যাৰ সৃষ্টি কৰা সময়তে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক্ষোভ মিশ্রিতভাৱে এষাৰ গুৰুত্বপূর্ণ কথা কৈছে৷ মহানগৰীৰ মানুহে যদি মাস্ক নিপিন্ধে আৰু সামাজিক দূৰত্ব মানি নচলে, গুৱাহাটীত দিনে দুহাজাৰজনকৈ কৰোনাত সংক্রমিত লোক ওলাব৷ কথাষাৰ হাঁহি ডৰুৱাই দিব পৰাবিধৰ নহয়৷ দৰব নথকা তথা অতি সংক্রমণ প্রবণ ভাইৰাছ এটাৰে যুঁজ দিয়া সহজ কাম নহয়৷ ভাইৰাছটোত যদি এজন লোকো সংক্রমিত হোৱাটো প্রতিপন্ন হয়, লগে লগে সেই ব্যক্তিজনৰ ভ্রমণ বৃত্তান্ত, তেওঁৰ সংস্পর্শলৈ অহা লোকৰ তালিকা প্রস্তুত কৰাত লাগি যায় স্বাস্থ্য বিভাগ৷ কাৰণ এটাই ই ভয়ংকৰভাৱে সংক্রমণ প্রৱণ৷ এজন মানুহৰ পৰা আনজন মানুহৰ গালৈ এনেদৰে বিয়পে যে কম সময়ৰ ভিতৰতে এটা বৃহৎ অঞ্চল সামৰি ল’ব পাৰে৷ তেনে অৱস্থাত ভাইৰাছটোৱে কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, সেয়া সহজে অনুমেয়৷ গতিকে দৰব বা ভেকচিন নোলোৱালৈকে সংক্রমণক বাধা দি সমাজখনক সুৰক্ষিত কৰি ৰাখিব লাগিব৷ কিন্তু সেই কামটো চৰকাৰে অকলে কৰিব নোৱাৰে৷ আইন বা কঠোৰ আইন জাৰি কৰি ইয়াক এটা পর্যায়লৈকেহে সীমিত কৰি ৰাখিব পাৰি৷ শৃংখল ভাঙিব লাগিব জনসাধাৰণে৷ সেয়ে চৰকাৰ তথা ভাইৰাছটোৰ গতি–প্রকৃতিক অধ্যয়ন কৰি থকা, সমাজ সচেতন ব্যক্তি আদি সকলোৱে বাৰে বাৰে জনসাধাৰণক সজাগ–সতর্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে৷ আজি যদি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ শর্মাই মাস্ক নিপিন্ধাৰ প্রসংগটো ডত্থাপন কৰিছে বা সামাজিক দূৰত্বৰ কথা ক্ষোভেৰে ডচ্চাৰণ কৰিবলগীয়া হৈছে, তেন্তে বুজিব লাগিব যে কোনোবাখিনিত গা এৰা মনোভাব গঢ় লৈ ডঠিছে৷ ক’ৰোনা ভাইৰাছক দুর্বল হিচাপে ধৰি লোৱা হৈছে৷ এই মনোভাব সমাজখনৰ বাবে অতি বিপজ্জনক৷ অৱশ্যে ইয়াৰ অর্থ এইটোও নহয় যে সমগ্র গুৱাহাটীবাসীয়ে মাস্ক নিপিন্ধাকৈ আছে অথবা সামাজিক দূৰত্বৰ বিধিক আওকাণ কৰিছে৷ দায়িত্বশীল লোকসকলে লকডাডনৰ সময়ছোৱাত পিলিঙাৰ দৰে ঘূৰিও নুফুৰে৷ অনাহকত বাহিৰলৈ ওলায়ো নাহে৷ সামাজিক দূৰত্বও বিধিসন্মতভাৱে মানি চলে৷ কিন্তু মহানগৰীত এনে এচাম লোক আছে, যিয়ে সুযোগ পালেই নিয়ম ভংগ কৰে৷ অনাহকত ঘূৰি ফুৰাটো তেওঁলোকৰ স্বভাৱ৷ সামাজিক দূৰত্বৰ কথাও তেনে লোকে নাভাবে৷ তেনে লোকৰ বাবে গুৱাহাটীখন গণসংক্রমণৰ চিকাৰ হৈছে আৰু আজিও সংক্রমণৰ ধাৰাটো অব্যাহত আছে৷ অৱশ্যে পৰীক্ষাৰ হাৰ বৃদ্ধি পোৱা বাবেও ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি নোপোৱা নহয়৷ কিন্তু এচাম দায়িত্বজ্ঞানহীন লোকে এতিয়ালৈকে গুৱাহাটীৰ যিমান ক্ষতি কৰিলে, তাক যদি সামাজিকভাৱে ৰোধ কৰা নহয়, ক’ভিড–১৯ৰ জালখনৰ ফালি ওলাই অহাটো গুৱাহাটীৰ বাবে সহজসাধ্য নহ’ব৷ আৰু লকডাডন–আনলকৰ ধাৰাবাহিকতাও চলি থাকিব৷ খাটিখোৱা, দিন ভিক্ষা প্রাণ ৰক্ষাৰ দৰে লোকৰ জীৱন কষ্টকৰ হৈয়েই থাকিব৷ সেয়ে গুৱাহাটীবাসীয়ে এতিয়া এটা কথালৈ মন কৰিব লাগে৷ এক কথাত ক’বলৈ গ’লে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখাটোক এটা আন্দোলনত পৰিণত কৰিব লাগে৷ কাকোৱেই ৰেহাই দিব নালাগে৷ মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাই অহা, সামাজিক দূৰত্বক অৱজ্ঞা কৰা লোকক জবাবদিহি কৰাৰ ব্যৱস্থা এটা গঢ় দিব লাগে৷ তেতিয়াহে গুৱাহাটীবাসীৰ ক’ভিড–১৯ বিৰুদ্ধে চলি থকা কঠিন যুঁজখনে সার্থকতাৰ বাট এটা বিচাৰি পাব৷