জলসম্পদ বিভাগৰ ব্যর্থতা
ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বানৰ তাণ্ডৱ৷ বাৰিষাৰ লগে লগে নৈপৰীয়া ৰাইজৰ বাবে অমানিশা কঢ়িয়াই আনিছে ব্রহ্মপুত্রৰ লগতে উপনৈসমূহে৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে বানাক্রান্তই এতিয়া চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে৷ বিশেষকৈ আন বছৰৰ দৰে এইবাৰ বান সাহায্য প্রদানত অসুবিধাৰ সৃষ্টি হোৱাৰ পৰিপ্রেক্ষিতত বন্যার্তৰ মাজত হাহাকাৰ লাগিছে৷ অৱশ্যে অসমত যিহেতু প্রতি বছৰেই বানে বিভীষিকা সৃষ্টি কৰি আহিছে আৰু এনে কাৰণতেই বানৰ সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বিভিন্ন দল–সংগঠনে কেন্দ্রীয় চৰকাৰক দাবী জনাই আহিছে, তেনেস্থলত বানৰ বাবে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰাটো এটা স্বাভাৱিক প্রক্রিয়া হ’ব লাগিছিল৷ সাধাৰণ মানুহৰ পক্ষে এনেধৰণৰ ব্যৱস্থা আগতীয়াকৈ লোৱাটো যিহেতু সম্ভৱ নহয়, সেয়ে এইক্ষেত্রত চৰকাৰৰ অতিৰিক্ত দায়িত্ব আহি পৰে৷ কিন্তু এইবাৰ পুনৰ এটা কথা স্পষ্ট হৈ পৰিল যে বন্যার্তক সকাহ দিয়াৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰাত চৰকাৰ ব্যর্থ হ’ল৷ বানৰ সময়ত বানপীড়িতক পর্যাপ্ত সাহায্য প্রদান কৰাৰ লগতে তেওঁলোকক নিৰাপদ স্থানত আশ্রয় দিয়াটো এটা ডাঙৰ দায়িত্ব৷ এই কর্তব্য পালনত চৰকাৰে হেমাহি কৰা নাই৷ কিন্তু কেৱল বছৰে বছৰে সাহায্য আৰু আশ্রয় প্রদান কৰিয়েই চৰকাৰে দায়িত্ব সামৰিব নোৱাৰে৷ বানৰ সমস্যা সম্পূর্ণৰূপে দূৰ কৰাটো সম্ভৱ নহ’লেও চৰকাৰে এনে কিছুমান আঁচনি গ্রহণ কৰাটো জৰুৰী৷ যাৰ দ্বাৰা বানৰ ক্ষয়–ক্ষতি হ্রাস কৰাৰ লগতে বন্যার্তৰ দুখ–দুর্দশা অলপ হ’লেও উপশম ঘটাব পাৰি৷ দুর্ভাগ্যৰ বিষয় যে বছৰ বছৰ ধৰি চৰকাৰসমূহে এইক্ষেত্রত প্রয়োজনীয় আৰু সন্তোষজনক পদক্ষেপ গ্রহণ কৰাত ব্যর্থ হৈ আহিছে৷ ভগ্ণ মথাউৰি, বানত নিঠৰুৱা হোৱা দুর্ভগীয়াক পুনৰ সংস্থাপন, গৰাখহনীয়া প্রতিৰোধ আদি বিষয়বোৰ সমাধান কৰিবলৈ চৰকাৰৰ হাতত পর্যাপ্ত সময় থাকিলেও বছৰটোৰ বেছিভাগ সময় এইক্ষেত্রত কোনো কামেই নহয় বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে৷ আনকি মথাউৰি মেৰামতিৰ কামসমূহো সময়মতে কৰা নহয় আৰু বান আহে মানে অসম্পূর্ণ কাম সম্পূর্ণ কৰিবলৈ খৰখেদা কৰিবলগীয়া হয়৷ কার্যতঃ ইয়াৰ বাবে কামৰ মানো সন্তোষজনক হৈ নুঠে৷ চৰকাৰৰ এনে কিছুমান ভুলৰ বাবে ভুক্তভোগী হ’বলগীয়া হৈ আহিছে বানপীড়িত ৰাইজ৷ এনে প্রাকৃতিক দুর্যোগৰ পৰা সম্পূর্ণৰূপে ৰক্ষণাবেক্ষণ দিয়াটো সম্ভৱ নহ’লেও নিশ্চিতভাৱে বানৰ ধ্বংসলীলা হ্রাস কৰাৰ বাবে কিছুমান বিজ্ঞানসন্মত পদক্ষেপ গ্রহণ কৰিব পাৰি৷ দুর্ভাগ্যৰ বিষয় যে ইমান দূৰলৈ চিন্তা কৰাটো দূৰৰে কথা, সময়মতে জলসম্পদ বিভাগে ভঙা মথাউৰি মেৰামতিৰ কামো সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা নাই৷ এইবাৰৰ বানতে এই কথা জলজল–পটপট হৈ পৰিল৷
সংবাদ মাধ্যমত প্রকাশ পোৱা মতে যোৱা বছৰৰ বানত ৰাজ্যৰ ৩৮টা ডাঙৰ মথাউৰিৰ দুই হাজাৰৰো অধিক কিলোমিটাৰ দৈর্ঘ্যৰ অংশ উন্মুক্ত হৈ আছিল৷ এই মথাউৰিসমূহ মেৰামতিৰ বাবে ৪৮খনকৈ আঁচনি গ্রহণ কৰা হৈছিল৷ ইয়াৰ বাবে ধার্য কৰা হৈছিল ৬০৮ কোটি টকা৷ কিন্তু প্রশাসনীয় অনুমোদন লাভ কৰাৰ পাছতে অজ্ঞাত কাৰণত জলসম্পদ বিভাগে যোৱা এপ্রিল মাহপর্যন্ত এই আঁচনিসমূহৰ বিপৰীতে নিবিদাই আহ্বান নকৰিলে৷ ইয়াৰ ফলত ভগ্ণ মথাউৰিসমূহ মেৰামতিৰ কাম আজিপর্যন্ত আৰম্ভ কৰিব পৰা নগ’ল৷ স্বাভাৱিকতে এনে পৰিস্থিতিত এতিয়া বানে ভবাতকৈ বেছি অধিক ক্ষয়–ক্ষতি কৰিছে৷ উন্মুক্ত মথাউৰি পুনৰ নির্মাণ কৰা হ’লে নিশ্চিতভাৱে বানপীড়িত ৰাইজে বহুখিনি সকাহ পালেহেঁতেন৷ সংবাদ মাধ্যমত এই তথ্যও প্রকাশ পাইছে যে বিগত ৪ বছৰত কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া মুঠ ধনৰাশিৰ মাত্র ১১.৮৭ শতাংশহে ব্যয় কৰিবলৈ সক্ষম হয় জলসম্পদ বিভাগে৷ কি কাৰণত বিভাগটোৱে পর্যাপ্ত পুঁজি কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰাৰ পাছতো ইয়াৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে সেয়া চিন্তনীয় বিষয়৷ জলসম্পদ বিভাগৰ এই ব্যর্থতাৰ দায়িত্ব ৰাজ্য চৰকাৰেও সমানেই মূৰ পাতি ল’ব লাগিব৷ এনে ভুলৰ পিছতো বিভাগীয় মন্ত্রীৰ লগতে দায়িত্ববাহী বিষয়াসকল যদি জবাবদিহি নোহোৱাকৈ থাকে, তেন্তে সেয়া হ’ব ৰাজ্যৰ লাখ লাখ বানপীড়িত ৰাইজৰ লগতে অসমবাসীৰ বাবেও অত্যন্ত দুর্ভাগ্য আৰু পৰিতাপৰ বিষয়৷