নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

International Tiger Day ৰ লগত সংগতি ৰাখি আৰণ্যকৰ পেনেল ডিচকাচন

নিয়মীয়া বাৰ্তা, ৩০ জুলাই: সুদীৰ্ঘ ত্ৰিশ বছৰ ধৰি অসমৰ প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত কাম কৰি অহা আৰণ্যক নামৰ সংস্থাটোৱে ২৯ জুলাইত International Tiger Day ৰ লগত সংগতি ৰাখি ” Eco Talk”, নামৰ ধাৰাবাহিক অনলাইন চেমিনাৰত
“Tiger and Communities- Connecting the dots in NE India” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে। অসমৰ কেইবাজনো বন্যপ্ৰাণী বিশেষজ্ঞ আৰু বৈজ্ঞানিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বাঘ সংৰক্ষণ আৰু এই ক্ষেত্ৰত স্থানীয় সম্প্ৰদায় সমূহৰ ভূমিকা সম্পৰ্কে এক অন্তৰংগ আলাপ কৰে। এই বিশেষ অনুষ্ঠানটিৰ আঁতধৰে আৰণ্যকৰ মেডিয়া প্ৰডাকচন আৰু কমিউনিকেশ্বন বিভাগৰ মুৰব্বী উদয়ান বৰঠাকুৰে।

অনুষ্ঠানটিত আন আন গন্যমাণ্য ব্যক্তি সকলৰ লগতে উপস্থিত আছিল আৰণ্যকৰ প্ৰবীণ বিজ্ঞানী লগতে বাঘ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড০ ফিৰোজ আহমেদ। তেওঁ অনুষ্ঠানটিত প্ৰাৰম্ভিক বক্তিতা প্ৰদান কৰি বাঘ কেনেদৰে তৃতিয়ক পৰ্য্যায় ৰ চিকাৰী হব পাৰে, বাঘে কেনেদৰে পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু ই এটা পৰিস্থিতি তন্ত্ৰৰ স্বাস্থ্যক কিদৰে প্ৰতিবিম্বিত কৰে সেই সম্পৰ্কে বহলাই আলোচনা কৰে।লগতে তেওঁ বাঘৰ দিৰ্ঘম্যাদি পৰ্যবেক্ষণৰ ক্ষেত্ৰত হোৱা লাভালাভ, চিকাৰ আৰু বাসস্থল , বাঘ সংৰক্ষণ ৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ ইত্যাদি বিষই সমূহতো আলোকপাত কৰে। দৰ্শক সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি থকাৰ সময়ত তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ কৰ্বিলোক সকলৰ কথাও উনুকিয়াই দিয়ে। সেই লোক সকল কিদৰে এতিয়াও পৰ্যতন উদ্দোগতোৰ আংশিদাৰ হব পৰা নাই লগতে এই সমস্যা সমাধানৰ বাবে আৰণ্যক ” শিক্ষাৰ বাবে যাত্ৰা” শীৰ্ষক এক কাৰ্যসূচী হাতত লৈছে বুলিও জানিবলৈ দিয়ে।এই সমূহৰ উপৰিও তেওঁ উল্লেখ কৰে যে, বাঘ আৰু ইয়াৰ বাসস্থান সমূহ সংৰক্ষণ কৰাটো কিদৰে মানৱ জাতিৰ বাবে এক মহত্তপূৰ্ণ পৰিস্থিতি তন্ত্ৰ সুনিশ্চিত কৰে। সদৌ শেষত তেওঁ সময়ৰ পৰিবৰ্তনৰ লগে লগে সংৰক্ষণৰ মডেল সমূহৰ ওপৰত নতুনকৈ দৃষ্টি নিক্ষিপ্ত কৰাৰ লগতে সম্প্ৰদায় ভিত্তিক সংৰক্ষন পদ্ধতিৰ কথা চিন্তা কৰাৰ প্ৰয়োজন বুলি কৈ বক্তব্যৰ সামৰনি মাৰে।

ডাঃ জয়ন্ত কুমাৰ শৰ্মা, এজন স্বতন্ত্র সামাজিক বিজ্ঞানী আৰু পৰিৱেশবিদ, তেওঁ বাঘ সংৰক্ষণত সম্প্রদায়ৰ ভূমিকা সম্পৰ্কে বিশদভাবে ব্যাখ্যা আগ বঢ়ায়। তেওঁ উত্তৰ-পূবৰ বিভিন্ন সম্প্রদায়ৰ উদাহৰণ আগবঢ়ায় কয় যে, তেওঁলোকৰ পৰম্পৰাগত বিশ্বাস আৰু সাংস্কৃতিক নীতিনিয়ম সমূহে কিদৰে সংৰক্ষণৰ ক্ষেত্ৰত সহায় কৰিছে, যি পৰিৱেশগত সেৱা আৰু আর্থিক সুবিধাৰ ক্ষেত্রতো উপকাৰী। তেওঁ প্রতিটো সম্প্রদায়ৰে সংৰক্ষণৰ নৈতিকতা আৰু পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য বৈজ্ঞানিকভাবে ব্যাখ্যা কৰাৰ ক্ষেত্ৰত জোৰ দিয়ে। তেওঁ দর্শকৰ পৰা বিভিন্ন সম্প্রদায়-সম্পর্কিত প্রশ্ন গ্ৰহণ কৰি সেইসমূহৰ যথোচিত উত্তৰ প্ৰদান কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকি আৰণ্যকৰ আন এজন প্রবীণ বিজ্ঞানী ডঃ বিভূতি প্ৰসাদ লহকৰে সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ অংশগ্রহণৰ গুৰুত্বৰ ওপৰত বহলাই আলোচনা কৰে। লগতে তেওঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চলৰ সম্প্রদায়সমূহে বাঘ সংৰক্ষণৰ গুৰুত্ব বুজি উঠাত আৰণ্যক আৰু অন্যান্য সংস্থাৰ হস্তক্ষেপে কিদৰে সহায় কৰিছে সেই দিশত আলোকপাত কৰে। সম্প্রদায়সমূহৰ সক্রিয় অংশগ্ৰহণ, সংৰক্ষণৰ ক্ষেত্ৰখনৰ বাবে এক উদাহৰণ হোৱাৰ লগতে কিছু বছৰ আগতে সশস্ত্র সংঘাতৰ কবলৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঘক পুনৰুদ্ধাৰ কৰাতো ই যথেষ্ঠ সহায় কৰিছে।অংশগ্রহনকাৰীসকলৰ প্রশ্নৰ উত্তৰ প্ৰদান কৰি ডঃ বিভূতি প্ৰসাদ লহকৰে উল্লেখ কৰিছিল যে, টাইগাৰ ৰিজার্ভ পৰিচালনাৰ বাবে ক্ষেত্ৰ সঞ্চালক আৰু একাধিক উপ- সঞ্চালক লৈ বৃহত্তৰ টাইগাৰ ৰিজাৰ্ভ সংৰক্ষণৰ এক আলোচনা চলিছিল।

নগাঁও গার্লছ কলেজৰ সহকাৰী অধ্যাপক ডঃ স্মৰণজিৎ ওজাই অনুষ্ঠানটিত উপস্থিত থাকি লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য খন কিদৰে এক গুৰুত্বপূর্ণ বাঘৰ আবাসস্থললৈ পৰিবৰ্তন হৈছে সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে। যিখিনি অভয়াৰণ্য যোৱা দশকলৈকে ‘গ্ৰেজিঙ ৰিজাৰ্ভ’ হিচাপে ধৰা হৈছিল সেইসমূহে এতিয়া কাজিৰঙা ব্ৰাঘ্য প্ৰকল্পৰ এটা ভাগ হিচাপে মান্যতা প্ৰাপ্ত কৰিছে লগতে সেই ক্ষেত্ৰ সমুহত বাঘৰ প্ৰজননৰ সাক্ষীয়ে এক নতুন আশাৰ সঞ্চাৰ কৰিছে। স্থানীয় লোকসকল অন্তৰ্ভুক্ত হৈ থকা লাউখোৱা-বুঢ়াচাপৰি বন্য জীৱ সংৰক্ষণ সমিতিয়ে এই অঞ্চল সমুহত সামূদায়িক সংৰক্ষণক এক আকাৰ প্ৰদান কৰাত সহায় কৰিছে। ইয়াৰ উপৰিও তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰ্ভুক্তিয়ে এই অঞ্চল সমুহত কেমেৰা ট্ৰেপিংৰ ক্ষেত্ৰত কিদৰে সহায় কৰিছে সেই সম্পৰ্কেও মতামত আগবঢ়ায়।

অনুষ্ঠানটিত হোৱা প্ৰশ্ন উত্তৰ শিতানে অনুষ্ঠানতোক সাফল্যমন্দিত কৰি তোলে।

You might also like