ক’ভিডমুক্ত হ’ল ভাৰতীয় হকী খেলুৱৈ
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত ভাৰতীয় হকী দলৰ ছগৰাকী খেলুৱৈ আৰোগ্য হৈ উঠিছে আৰু তেওঁলোকক আজি বাংগালুৰুৰ এখন চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়৷ অধিনায়ক মনপ্রীত সিং, ডিফেণ্ডাৰ সুৰেন্দৰ কুমাৰ, জাছকৰণ সিং, বৰুণ কুমাৰ, ষ্টাইকাৰ মনদীপ সিং আৰু গ’লকীপাৰ কিষণ বাহাদুৰ পাঠকৰ শেহতীয়া দুটা ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পিছতে তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়৷
ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ এক সূত্রই আজি এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে বাংগালুৰুত অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ৰাষ্ট্রীয় প্রস্তুতি শিবিৰত অংশ ল’বলৈ অহাৰ পিছতে খেলুৱৈকেইগৰাকীৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছিল৷ এই মুহূর্তত খেলুৱৈকেইগৰাকী সম্পূর্ণৰূপে সুস্থ হ’লেও তেওঁলোকে প্রস্তুতি শিবিৰত অংশ ল’ব নোৱাৰে আৰু আগন্তুক সাত দিন খেলুৱৈকেইগৰাকীক আইছ’লেচনত ৰখা হ’ব৷ টকি’ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি হকী ইণ্ডিয়াই আয়োজন কৰা শিবিৰটো অহা ৩০ ছেপ্ঢেম্বৰ পর্যন্ত চলি থকাৰ সম্ভাৱনা আছে৷