নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেথ ভেলীত তাপমাত্রা ৫৪.৪ ডিগ্রী চেণ্টিগ্রেড

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ আমেৰিকাৰ কেলিফ’র্নিয়াৰ ডেথ ভেলী নেচনেল পার্ক প্রচণ্ড তাপপ্রৱাহৰ বাবে বিভিন্ন সময়ত বিজ্ঞানীসকলৰ মাজত চর্চালৈ আহিছে৷ শেহতীয়াকৈ পৃথিৱীত তাপপ্রৱাহৰ অভিলেখ ঘটিছে ডেথ ভেলীত৷ আমেৰিকাৰ ৰাষ্ট্রীয় বতৰ সেৱাৰ তথ্য অনুসৰি ডেথ ভেলী নেচনেল পার্কত কালি পাৰাস্তম্ভ ১৩০ ফাৰেনহাইট অর্থাৎ ৫৪.৪ ডিগ্রী চেলছিয়াছলৈ ঊর্ধ্বমুখী হয়৷ এতিয়ালৈকে আধুনিক পৃথিৱীত এনেধৰণৰ তাপপ্রৱাহ কোনো দেশতে সংঘটিত হোৱা নাই৷

স্মর্তব্য যে আমেৰিকাৰ পশ্চিম প্রান্তৰ উপকূলীয় অঞ্চলত বর্তমান চলি আছে ভয়াৱহ তাপপ্রৱাহ৷ ২০১৩ চনত ডেথ ভেলীত সর্বাধিক তাপমাত্রা ৫৪ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছিল৷ ইয়াৰ এটা শতিকাৰ পূর্বে ডেথ ভেলীত সর্বোচ্চ তাপমাত্রা ৫৬.৬ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছিল৷ বর্তমান শতিকাটোত কালিৰ দিনটোত ডেথ ভেলীয়ে পৃথিৱীৰ তাপমাত্রাত নতুন অভিলেখ গঢ়িছে৷ স্মর্তব্য যে ইয়াৰ পূর্বে টিউনিছিয়াত ১৯৩১ চনত পাৰাস্তম্ভ ৫৫ ডিগ্রী চেণ্টিগ্রেডলৈ ঊর্ধ্বমুখী হৈছিল৷ কিন্তু ডেথ ভেলীত প্রতি বছৰেই তাপমাত্রা অভাৱনীয়ভাৱে বৃদ্ধি পায়৷ অঞ্চলটোৰ এই অত্যধিক তাপমাত্রা সন্দর্ভত বিজ্ঞানীসকলে চলাই আছে অধ্যয়ন৷

You might also like