মাতৃ ভাষাক লথিওৱাৰ আনন্দ: বৰল পোক, আমৰলি পৰুৱাৰ ধ্বনিৰে সত্রাধিকাৰক বিদায় ‘প্রার্থসাৰথি’ ইত্যাদি
খাৰখোৱা অসমীয়াই নিজৰ মাতৃ ভাষাটোক চৰিওৱা, গুৰিওৱা, ঘুঁচিওৱা, কাণ চেপা দিয়া আৰু ঠলামূৰি আৰু খকৰামুকুটি মৰাৰ বিষয়ে এতিয়ালৈকে কেইলাখ শব্দ লিখিলোঁ আৰু কেইকোটি শব্দ ক’লোঁ, তাৰ লেখ দিয়া সম্ভৱ নহয়৷ আজি আৰু পাতনি নেমেলোঁ পোনে পোনে, কিছুমান নমুনাসহ মূল কথালৈ আহোঁ৷
অসমীয়া ভাষাটো সম্ভৱতঃ নাথাকেগৈ৷ থাকিলেও, যিটো ৰূপত থাকিবগৈ, সেইটো এটা মান্য ৰূপ নহ’ব৷ ইতিমধ্যে বেছিভাগ অসমীয়া লোকৰ মুখত আৰু কলমৰ আগত এই ভাষাটোৱে নির্দিষ্ট বৈয়াকৰণিক নীতি–বিধি নথকা এটা জঘন্য, জগাখিচিৰি ৰূপ লৈছে৷ এতিয়া ই এটা দোৱান৷ সময় আৰু পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ভাষাত কিছু পৰিৱর্তন ঘটাটো স্বাভাৱিক আৰু সর্বজনস্বীকৃত কথা৷ কিন্তু অসমীয়া ভাষাৰ বর্তমান চূড়ান্ত বিকৃতি আৰু দুৰৱস্থা, ‘ভাষা এক বোৱঁতী নৈ’ বুলি গায়ত্রী গাই সামৰি থ’ব পৰা কথা নহয়৷ ই, সামগ্রিক জনসমাজ আৰু চৰকাৰকে ধৰি সকলো অসমীয়া সন্তানে অলেখ প্রকাৰে কৰা অৱহেলা, অনীহা, তাচ্ছিল্য, নির্যাতন আৰু অত্যাচাৰৰ বলি হোৱা হতভাগিনী, দুখুনী মাকৰ কাহিনী৷
আৰু কিছু বছৰৰ পাছত অসমীয়া ভাষাই যিটো ৰূপ ল’বগৈ, সেইটো কল্পনা কৰিলেও গাৰ নোম শিয়ঁৰি উঠে৷ উচাপ খাই নুঠিব৷ হয়তো, অসমীয়া ভাষা বাংলাৰ অপভ্রংশ বুলি সততে দাবী কৰি থকা এচামৰ কথাটো ‘‘সঁচা’’ বুলি, বিভিন্ন ক্ষেত্রৰ ক্রমবর্ধমান সংখ্যক বে’–পৰোৱা, ‘‘বিন্দাছ্’’ অসমীয়া মানুহেই প্রতিপন্ন কৰিবগৈ৷ কথাবোৰ কাক্তালীয় নহয়৷ আনন্দৰাম ঢেঁকিয়াল ফুকন, মাইল্য্ ব্রন্সন্, অলিভা(ৰ্) কটা (ৰ্) আৰু ফাদা (ৰ্) নেইথন্ ব্রাউনৰ সংগ্রামৰ পৰা আৰম্ভ কৰি বিগত প্রায় দুশটা বছৰৰ ঘটনা–পৰিঘটনাকে ধৰি সমগ্র পৰিক্রমাটোলৈ এবাৰ উভতি চাওক৷ কথাবোৰ এনেয়ে জল্জল্ পট্পট্ হৈ পৰিব৷ অসমীয়া অসমৰ ৰাজ্য ভাষা তথা চৰকাৰী ভাষা ‘‘হোৱা’’ৰ পৰা এতিয়ালৈ ষাঠি বছৰ হ’ল৷ কিন্তু দৰাচলতে হ’লনে অসমীয়া অসম চৰকাৰৰ চৰকাৰী ভাষা? পূর্বৰ ঘটনাৱলী একাষৰীয়া কৰি থৈও, অসমীয়া জাতীয়তাবাদী আন্দোলনৰ ‘‘সন্তান মুখ্য মন্ত্রী’’ সর্বানন্দ সোণোৱালৰ বিগত চাৰি বছৰ তিনি মহীয়া (৫১ মাহ) শাসন কালত কি গতি হৈছে ‘চৰকাৰী ভাষা’টোৰ? আগৰ কথা তেহেলৈ হেঁচুকি থৈ, ভাইৰাছ্ মহামাৰীৰ বিগত ছমহীয়া ৰাজত্ব কালত প্রকাশিত চৰকাৰী জাননী/বিজ্ঞপ্তিবোৰৰ প্রথমখনৰ পৰা আৰম্ভ কৰি, (মোৰ ম’বাইল্ ফোনত দেখা পোৱা) যোৱা ১৩ আগস্তত Augusht নহয়, এতেকে ‘‘আগষ্ট্’’ নহয়) চৰকাৰৰ মুখ্য সচিবে, – ১৬ আগস্তৰ পৰা ৩১ আগস্তলৈকে বলৱৎ হ’বলগীয়া নির্দেশাৱলী ৰাজহুৱা কৰি জাৰি কৰা জাননীখনলৈকে আটাই নির্দেশ, আটাই বিজ্ঞপ্তি দেখোন বে’–চৰকাৰী (তথা বে’–আইনী) ভাষা ইংৰাজীত ইয়াৰ অন্তর্নিহিত দর্শন তথা ভাৱ এইটোৱেয় নহয়নে যে জাননীখনতো সংবাদ মাধ্যমে অসমীয়ালৈ অনুবাদ কৰি দিবই সেইটোতো নিষিদ্ধ কৰা হোৱা নাই এয়া হ’ল, বৰাক–ব্রহ্মপুত্র–প্ চৌদিশে সততে ‘কঠোৰ নির্দেশ’ দি ফুৰা, ৰাজ্যৰ মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী সর্বানন্দ সোণোৱালৰ শাসনৰ ‘আগন্তক’ দিনবোৰত ৰাজ্যৰ চৰকাৰী ভাষাৰ অপ্রতিৰোধ্য অগ্রগতিৰ পূর্বাভাস৷ কথাবোৰ কাক্তালীয় নহয়৷ অলপ দিনৰ আগেয়ে, ভাজপাৰ ধাৰী দলৰ মন্ত্রী অতুল বৰাৰ কৃষি বিভাগে নগাঁও জিলাত বাংলাত প্রচাৰ কৰা ৰাজহুৱা প্রচাৰ পত্রকে ধৰি, বিশেষতঃ ব্রহ্মপুত্র উপত্যকাৰ বিভিন্ন ঠাইত, বিভিন্ন সময়ত বাংলাত প্রকাশিত আৰু প্রচাৰিত চৰকাৰী জাননী আদিৰ কথা মনত পেলাওক৷ তেজপুৰত এই ষড়যন্ত্রৰ এটা কাৰখানা আছে৷
বোলোঁ, শুনিছেনে? কথাবোৰ কাক্তালীয় নহয়৷ অসম চুক্তিৰ ৬নং দফা কার্য্যকৰীকৰণৰ বাবে পৰামর্শ আগ বঢ়াবলৈ কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাপ্রাপ্ত সমিতি (শুনিবলৈ ভাল)ৰ প্রতিবেদনৰ দশাৰ কথা মনত পেলাওক৷ চৰকাৰী চাকৰিয়ালৰ ভিতৰত সকলোতকৈ বেছি চৰকাৰী হ’ল ভাৰতীয় প্রশাসনীয় সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকল৷ পিচে, আগৰজনা মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী তৰুণ গগৈয়ে, সম্ভৱতঃ নিজৰ ধৰণী লৰাৰ আতংকতে, সেই বিষয়াসকলক সম্বোধন কৰা এখনো সভা নিজৰ চৰকাৰখনৰ মূল প্রশাসকসকলৰ আগত চৰকাৰী ভাষাটো ব্যৱহাৰ কৰিবলৈ বুকুত সাহস গোটাব নোৱাৰিলে৷ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ সর্বময় কর্তা হৈ থাকোঁতে, ৰাজধানী মহানগৰৰ দোকান–পোহাৰ আৰু বে’–চৰকাৰী কার্য্যালয়, প্রতিষ্ঠান আদিৰ নামফলকবোৰ অসমীয়াত লিখাৰ দাবীত (সেইটোও এটা, দাবী, বিক্ষোভ বা আন্দোলন কৰিবলগীয়া বিষয়) আৰম্ভ কৰা আল্কতৰা আন্দোলনটোৰ ফল কি হ’ল? স্বয়ং গুৱাহাটীৰ অমুক, তমুক, ভচুক আৰু তহুক এলেকাত নামফলকবোৰ বাংলাত লিখা হ’ব বুলি চৰকাৰৰ অন্তেষপুৰৰ পৰা এটা বিষাক্ত, উদ্ভট সূত্র বজাৰত মেলি দি যে সেই আলকতৰা আন্দোলন মষিমূৰ কৰা হৈছিল, সেই কথা মনত আছেনে? বোলোঁ – ৰাজ্যিক তথা ৰাষ্ট্রীয় পর্য্যায়ৰ দুটা–তিনিটা–চাৰিটাক্ লাখটকীয়া বঁটাপ্রাপ্ত বিয়াগোম অসমীয়া সাহিত্যিকবৃন্দ? আটাইৰে কথা কোৱা নাই৷ কিন্তু এনে বিয়াগোম ৰাজ্যিক তথা ৰাষ্ট্রীয় বঁটাপ্রাপ্ত অনেকগৰাকী স্বনামধন্য অসমীয়া ‘সাহিত্যৰত্ন’ৰ একোখন গ্রন্থত ভাষাগত আৰু অন্যান্য ইমানেই মাৰাত্মক ভুল থাকে যে মই ৰঙা, ক’লা, নীলা, সেউজীয়া আদি নানাৰঙী চিয়াঁহীৰে সেই ভুলবোৰৰ তলত আঁচ পাৰি, কাষত বৃত্ত, তৰা, ত্রিভুজ আদি আঁকি আৰু অ’ৰ পৰা ত’লৈ কাঁড় টানি সিবোৰ আঙুলিয়াই দিওঁতে, কিছুমান পৃষ্ঠা শিপিনীয়ে তাঁতত ফুল বছা একো একোখন চাদৰৰ দৰে হৈ পৰে আৰু তিনিদিনত পঢ়ি শেষ কৰিব পৰা একোখন কিতাপ শেষ কৰোঁতে মোক সাত/আঠ দিন সময় লাগে৷ তাহানিতে, মাজে মাজে, দুই–তিনিখন বাতৰি কাকতৰ, তেনে দৰে ফুল বছা কেইটামান পৃষ্ঠা নি কাকতৰ সম্পাদকৰ হাতত দি কৈছিলোঁ গৈ – চাওক, এইখন আপোনাৰ আজিৰ কাকতৰ নমুনা৷ মূৰে–কপালে (‘‘কঁপালে’’ নহয়) হাত দি সম্পাদক বহু সময় তলমুৱা হৈ ৰৈছিল৷ আজিকালি সেই বলিয়ালি বাদ দিছোঁ৷
আচৰিত নহ’ব৷ আকৌ কৈছোঁ, কথাবোৰ কাক্তালীয় নহয়৷ অসমত অসমীয়া ভাষা প্রকৃতার্থত আৰু শুদ্ধ ৰূপত, চৰকাৰী ভাষা নহ’বগৈ৷ জাতিপ্রেমহীন, দেশপ্রেমহীন, মাতৃ ভাষা বিৰোধী কিছুমান অজীণপাতকী অসমীয়া ৰাজনীতিকে (পলিটিকাৰে), সাহিত্যিকে, সমাজসেৱীয়ে, ভিন্ ভিন্ বৃত্তিধাৰী অসমীয়া লোকে নিজৰ ল’ৰা–ছোৱালীক বিভিন্ন থলুৱা মাতৃ ভাষা মাধ্যম তথা অসমীয়া ভাষা মাধ্যমৰ বিদ্যালয়ত প্রাথমিক শিক্ষা দান কৰোৱাৰ পৰিৱর্তে, কিছুমান থুনুকা, তৰল, হাস্যকৰ আৰু আত্মপ্রতাৰণামূলক অজুহাতত,– কৃষি ভূমি আৰু বনভূমি দখলকাৰী, হাজাৰ হাজাৰ কোটি আৰু লাখ কোটি টকীয়া বহিৰাগত মালিকৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষা দান কৰোৱাৰ পৰিপ্রেক্ষিতত অসমীয়া ভাষাই সম্পূর্ণ অহৈতুকীভাবে ইংৰাজী, হিন্দী আৰু প্রধানতঃ বাংলা শব্দ গাত সানি লৈ, খুদ খহু, বেচু আৰু বিহ–ফোঁহোৰাই লম্ভা, ফাপৰে খোৱা ৰূপ লৈছে, সেই ৰূপত ৰাজ্য ভাষা স্বৰূপে (অপ–) ব্যৱহূত হ’বলৈ হ’লে, আমাৰ দৰে চকু–চৰহা, অজীণপাতকীহঁত পাতালত লুকাবৰ বাবে বসুমতীয়ে ফাঁট মেলি দিব লাগিব৷ সাংবাদিক মিত্রগণ, পাৰে যদি, এমুঠ বা দুমুঠ প্রাক্তন ১২৬ আৰু বর্তমান ১২৬ ফেৰাৰ ল’ছালিহঁতৰ বিদ্যালয় শিক্ষাৰ মাধ্যমৰ কিবা ভু–ভটং পায়নে, চাবচোন৷ ২০১৪ চনত, লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ চহৰ শিৱসাগৰ তথা স্বর্গদেউসকলৰ, ৰঙে ৰসে ভৰপূৰ ৰাজধানী ৰংপুৰকে ধৰি শিৱসাগৰ জিলাত চৌত্রিশখন (মানে, থ্যার্টি ফ’(ৰ্)খন) অসমীয়া মাধ্যমৰ প্রাথমিক বিদ্যালয় বন্ধ হৈ গৈছিল৷ খাৰখোৱা নিধক অছমীয়া, কটা যোৱা নৌয্, খাৰণি দি ক্লৌয্ (কাভা (ৰ্)৷
মই এপাচি শাকত এটা জালুকৰ দৰে, অ’ত ত’ত থকা দুই–এটা ব্যতিক্রম (এ’ক্সে’প্শ্ন্)ৰ কথা কোৱা নাই সাধাৰণ ‘নীতি বা বিধি’, অর্থাৎ গতি বা ধাৰাটোৰ কথা কৈছোঁ৷ এতিয়া, অসমীয়া মানুহৰ মাজত ব্যক্তিগত কথা–বতৰা, সভা–সমিতি আদি ৰাজহুৱা অনুষ্ঠান আৰু নাটক, কথাছবি, বাকচ ধাৰাৱাহিক আদিত অপ্রয়োজনীয়ভাবে, অর্থাৎ মান্য, যথার্থ আৰু উপযুক্ত অসমীয়া শব্দ থকা সত্ত্বেও, ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ যিবোৰ শব্দ, লোকজনে টুপীত পাখি গুঁজি লোৱাৰ দৰে, অসমীয়া ভাষাত ‘ঘুস্পেইথী’ কৰাই, ভাষাটো চিলাপখৰা কৰা হৈছে, তাৰ ক্ষুদ্রাতিক্ষুদ্র একাংশ নমুনা দিওঁ৷ এনেকুৱা নমুনা আৰু সিবোৰৰ উদ্ভট প্রকৃতি তথা অসমীয়া মানুহৰ ফোঁপযহী, ফপহুতা স্বভাৱ আৰু আচৰণৰ ব্যাখ্যাৰে এদিনৰ এখন বাতৰি কাকতৰ আটাইকেইটা পৃষ্ঠা ভৰাই দিব পাৰি৷ আছামীয্ লোকে সুৱাগুৰি তুলি আনি চ’ৰাঘৰ, বৰঘৰ, মাৰলঘৰ আৰু ভাতঘৰত সুমুওৱা বিজতৰীয়া শব্দবোৰৰ জাত অনুসৰি শ্রেণী বিভাজন নকৰি বাৰোৱাৰীকৈ দিয়া হৈছে৷ চাওক, পঢ়ক, শুনক – সোচ্চাৰ (মুখৰ, সৰৱ) জল্দি, তাৰাতাৰি (সোনকালে), বাহানা (অজুহাত), বেবেৰিবাং, বাৰে বাংকৰা (বক্ৱাছ), ট্রাই (চেষ্টা কৰা)use– বিশেষ্য স্বৰূপে ‘য়ূস্’ ক্রিয়া স্বৰূপে –য়ূয্’ (ব্যৱহাৰ), প্রব্লে’ম্ (সমস্যা), ফ্রেইণ্ড্ (বন্ধু), হে’ল্প্ (সহায়), ৰিকুৱে’স্ত্ (অনুৰোধ), ৰে’স্ত্ (জিৰণি), ছেইফ্টি (নিৰাপত্তা), ছেইফ্ (নিৰাপদ), বাচ্চা (কেঁচুৱা, শিশু), বোপাই, বাছা (বে’টা), আইজনী, মাজনী (বে’টী), বনোৱা (ৰন্ধা, বকা, তপতোৱা, ভজা, সজা, নির্মাণ কৰা, বন্ধা, চিলোৱা, ইস্ত্রি কৰা আদি অনেক), পাঁচটা/বাৰটা/দুটা বাজিছে (পাঁচ/বাৰ/দুই বাজিছে), ক’ত গ’ল/ক’ত গৈছে/ঘৰত আহাঁ/ওচৰত আহ (ক’লৈ গ’ল/ক’লৈ গৈছে/ ঘৰলৈ আহাঁ, ওচৰলৈ আহ বাংলাত কোথায় গে’ল’/কোথায় গে’ছে/ঘৰে এ’স’– বাৰীতে এ’স’/কাষে আইস্৷ বাংলাত থকা আৰু যোৱা, অহা, এই আটাই কার্য্য বা কর্মতে – ‘কোথায়’, এখানে’ সেখানে’ আদি কিন্তু অসমীয়াত, থকাতহে ‘ত’, অহা আৰু যোৱাত– ‘লৈ’, ‘ফালে’ আদি একাধিক শব্দ–প্রত্যয়) ফাদা(ৰ্) (দেউতা/পিতা) মাদা (ৰ্) (আই/মা) ব্রাদা(ৰ্) ভাই/ককাইদেউ/দাদা) ছিস্তা(ৰ্) (বাইদেউ/ভনীটি) ফাদা (ৰ্)–ইন্–ল (শহুৰ দেউতা) মাদা (ৰ্)–ইন্–ল (শাহু আই) ব্রাদা (ৰ্)–ইন্–ল (ভিনিহি/খুলশালি/জেঠেৰী/শালপতি ইত্যাদি) ছিস্তা(ৰ্)–ইন্–ল (জেশাহু/ খুলশালী/ নবৌ/ননদ/ জা–যোৱালি ইত্যাদি) আংক্ল্ (মোমাই/ বৰদেউতা/খুৰা/ মহা/ পেহা/ জেঠপেহা ইত্যাদি), আণ্ট্/আণ্টি (মাইদেউ বা মামীদেউ)/বৰবৌ বা বৰমা/ খুৰীদেউ/ মাহীদেউ/ পেহীদেউ/জেঠাইদেউ ইত্যাদি)৷ এইখিনিতে পুনৰ কওঁ যে এনে উদাহৰণ আৰু বহু কুৰি দিব পাৰি) ঠায়ে নুকুলায়৷
কথাবোৰ কাক্তালীয় নহয় এটা উদ্দেশ্য, লক্ষ্য, আর্হি বা পেটার্নৰ অংশ এই সমস্ত৷ মাথোন বাঙালী, অর্থাৎ ভাৰতীয় বাংলাভাষী লোক নহয়, যি কোনো ঠাইৰে মাথোন বাংলাভাষী তথা হিন্দু হ’লেই ভাৰতীয় নাগৰিকত্ব প্রদানৰ বাবে, সংবিধানৰ বিৰুদ্ধে গৈও, ভাৰত চৰকাৰে অসমৰ ধর্মীয় সংখ্যাগত দগা–পালাত হিন্দুৰ ওজন বৃদ্ধিৰ ‘‘হে’ৰাফেৰি’ চলাই থকা পাশা খেলখনত সোণোৱালৰ দৰে ‘হীৰা’ কিম্বা মুকুতাৰ দৰে আন কোনো ব্যক্তি বিশেষ কিয়, অসমীয়াৰ দৰে সমূহ ক্ষুদ্র জাতি সত্তাও একো একোটা ক্রীড়নক মাত্র৷ পশ্চিমবংগ বিধানসভাৰ নির্বাচন সমাগত৷ চৌদিশে এটা ‘পেটার্ন্’ আছে৷ মুম্বাই বা কলকাতাত প্রস্তুত বহু ৰাষ্ট্রীয় ব্যৱসায়িক প্রতিষ্ঠানৰ ভোগ্য–পণ্য সামগ্রীবোৰৰ বাকচ বিজ্ঞাপনবোৰলৈ মন কৰিব৷ সৰু–ডাঙৰ সকলো কথাতে এটা ‘ডিজাইন্’ আছে৷ এবিধ ছেনিটেৰি নেপ্কিনৰ বিজ্ঞাপনটোলৈ, তাত থকা–র–টোলৈ আৰু সমগ্র বাক্যটোলৈ মন কৰিব – ‘ৰেগুলাৰ প্রাইসর মধ্যে’’৷ ইট্ ইয্ এ’ ডিফ্(ৰ্)ণ্ট্ মেটা(ৰ্) দেট্, ভেৰি ৰীস্ণ্ট্লি, দা ‘ফুট্ থকা–র’ হেয্ বীন ৰিপ্লেইস্ড্ ৱিথ্ দ্য ‘পেট কটা–ৰ–’৷ মুম্বাইৱালা বন্ধুৱে ৰাতি ৰে’স্তৰাঁত খাবলৈ যোৱাৰ কথা উলিওৱাত ‘হৰণ লোহাৰ’ নে কিবা নামৰ বলীউডী কলা বেপাৰী এজনে সোধে – ‘ৰাতি তিনিটা বজাত?’ অসমীয়াত ‘তিনিটা’ নাবাজে, ‘তিনি’–হে বাজে ‘তিন্টা’ বাজে বাংলাতহে৷ আছামীয্ এণ্ড্ দী আছামীয্ আ(ৰ্) ডিস্পৌয্ এ’ব্ল্ কমৌডিটিয্৷
বৰল আৰু আমৰলি টোপধ্বনি
শুনক হে’ লুইতপৰীয়াগণ: উঠোঁতে, বহোঁতে, খাওঁতে, শোওঁতে, অর্থাৎ কওঁতে, লিখোঁতে অসমীয়া ভাষাটো অসমীয়া মানুহে নিজে ৰক্ষা নকৰিলে, তামিলনাডু, পাঞ্জাব, গুজৰাত (‘ট’ নহয়, মূল গুজৰাতী আৰু দেৱনাগৰী বানান চাওক), এমে’ৰিকা, ফ্রান্স্, নৰৱে, টাংগানিকা, ইৰাক বা মৰিশিয়াছৰ লোকে ৰক্ষা কৰি দিবহি নেকি? এতিয়া বাতৰি বাকচ আৰু ধাৰাৱাহিক বাকচবোৰে অসমীয়া ভাষাক লৈ নিতৌ কৰি থকা ল’ৰা ধেমালি আৰু কাণ্ড–কাৰখানাগিলাখ্ গোটাদিয়েক নমুনালৈ মন কৰক৷ ‘টোপ’ মানে হৈছে প্রলোভন৷ পৰিস্থিতি অনুসাৰে, ধন–সোণ, মাটি, ভোজ, ঘৰ–দুৱাৰ, কেঁচু বৰল পোক, আমৰলি পৰুৱাৰ পোক আদি বিভিন্ন বস্তু, বিভিন্ন পক্ষৰ বাবে টোপ বা প্রলোভন হ’ব পাৰে৷ জাল বা বৰশীৰে মাছ ধৰিবৰ বাবে কেঁচু, বৰল পোক, আমৰলি পৰুৱাৰ পোক আদি বস্তু ব্যৱহাৰ কৰা হয়৷ আনহাতে ‘তোপ’ মানে হৈছে হিলৈ, বন্দুক, কামান৷ এইবাৰ শুনক৷ যোৱা ১১ আগস্ত্ তাৰিখে গুৱাহাটীত মাজুলীৰ নতুন কমলাবাৰী সত্রৰ অধিকাৰ, পণ্ডিত নাৰায়ণ চন্দ্র দেৱগোস্বামীৰ পৰলোকপ্রাপ্তি ঘটে৷ সেই দিনাতে তেখেতৰ নশ্বৰ দেহ মাজুলীলৈ নি সৎকাৰ কৰা হয়৷ শৱ দাহৰ বেলিকা ৰাজ্য চৰকাৰে একৈশ জাঁই গুলী অর্থাৎ তোপধ্বনিৰে, ৰাজ্যিক মর্যাদাৰে, প্রয়াত সত্রাধিকাৰগৰাকীক সন্মান জনায়৷ তাৰে বাতৰি দিওঁতে এটা বাকচৰ পর্দাত বাখৰ যেন আখৰেৰে জিলিকি উঠিল– ‘২১ জাঁই টোপ ধ্বনিৰে সত্রাধিকাৰ নাৰায়ণ চন্দ্র দেৱ গোস্বামীক ৰাজ্য চৰকাৰৰ সন্মান প্রদর্শন৷’ ভাল কথা৷ প্রভু ঈশ্বৰৰ আত্মাই শান্তি লাভ কৰক৷ পিচে, ইটো কথা জানিবলৈ নাপাই মঞি মূঢ়মতিয়েহে চৰম অশান্তিত ভুগি আছোঁ বোলোঁ চৰকাৰে বিস্ফোৰণ ঘটোৱা সেই ‘২১ জাঁই টোপ’ বা কি আছিল, – ‘কেঁচু, নে, বৰল পোক, নে, আমৰলি পোক একেটা বাকচৰ পর্দাতে এদিন দেখিলোঁ– ‘অস্ত্রৰ জনজননি’৷ অস্ত্রৰ জনজননি নহয় ‘‘জনজননি’’ হয় নাকৰহে ‘পানী লগা’ হ’লে নাকটো জনজনায়৷ অস্ত্রৰ ঝনঝননিহে৷ ‘কেইস্’টো কি বাৰু? জনজননি আৰু ‘ঝনঝননি’ৰ অর্থৰ পার্থক্য তথা ‘জ’ আৰু ‘ঝ’–ৰ ধ্বনিগত উচ্চাৰণৰ পার্থক্য হূদয়ংগম কৰাত বিফলতা৷ এয়ে নে ৰাজ্য ভাষা অসমীয়াৰ ভৱিষ্যৎ?
এতিয়া বিভিন্ন সময়ত বিভিন্ন বাতৰি বাকচৰ পৰা নির্গত বাতৰিৰ মাজৰ পৰা কিছু বাক্যামৃত আগ বঢ়াওঁ, – পান কৰি সোৱাদ লৈ চাওক ঃ (১) ‘আহত মহিলাগৰাকীক ৰাইজে চিকিৎসালয়লৈ নিয়ে যদিও নিশা একমান বজাত মৃত্যুক সাৱটি লয়৷’’ ভালকৈ মন দি বাক্যটো আকৌ এবাৰ পঢ়ক আৰু শুনক৷ বাক্যটো অনুসাৰে মৃত্যুক কোনে সাৱটি লয় (ল’লে)? মহিলাগৰাকীয়ে, নে সমূহ ৰাইজে? অছমীয়া ভাছা (২) ‘বন বিভাগে গঁড়টো ইমান দিনে কিয় নিৰাপদ ঠাইলৈ নিব পৰা নাই বুলি প্রশ্ণ তুলিছে প্রতিজন সচেতন ৰাইজে’ ‘প্রতিজন সচেতন ৰাইজে’? অর্থাৎ প্রতিজন ব্যক্তিয়েয় একো একোজন ‘ৰাইজ’ নহ’লেনো, মুখ্য মন্ত্রীকে আদি কৰি অনেক লোকে ‘ৰাইজসকল’ বুলি কয়নে? (৩) ‘কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইৰফান খানে’ ‘খানে সক্ষম হৈছিল’’, নে, খান সক্ষম হৈছিল? কিয়, – ‘সক্ষম হোৱা’–টো একেবাৰে বাদ দি, – ‘খানে কেইবাটাও বঁটা লাভ কৰিছিল’, বা – ‘…কৰিব পাৰিছিল’ বুলিলেনো কি মহাভাৰতখন অশুদ্ধ হ’লহেঁতেন? তেতিয়াতো ‘কৰ’ ধাতু বা ‘পাৰ’ ধাতুৰ ক্রিয়া ৰূপৰ কর্তা – ‘খান’–টোত অতি সহজেই – ‘এ’ প্রত্যয়টো যোগ দিব (খা=+খানে) পাৰিলেহেঁতেন নে, ‘সক্ষম’ বোলা শব্দটো ‘লট্কাই’ দিব নোৱাৰিলে বাতৰিটোত সাহিত্যৰ সুবাস নাথাকিলহেঁতেন? য’তে ত’তে জধে–মধে এই ‘সক্ষম’টো ঠেলি–হেঁচুকি ভৰাই দিয়াৰ ফলত যে নিতৌ কিমান হাজাৰকৈ ভুল অসমীয়া বাক্য উৎপাদিত হ’ব লাগিছে আৰু কিমান লাখ ন–শিকাৰু ছাত্র–ছাত্রী বিপথে পৰিচালিত হৈ আছে (৪) ‘যেনিয়েই চায়, সেইফালেই পানী’ নহয়, ভুল শুদ্ধ–(ক) ‘যেনিয়েই চায়, তেনিয়েই পানী’, অথবা (খ) ‘যিফালে চায়, সেইফালেই পানী’৷ (৫) বঙাইগাঁও জিলাৰ কাকৈজান নামে গাঁৱত সোণালী বান্দৰৰ এখন বাসভূমি গঢ়া হৈছে৷ এদিন এটা বাকচে তাৰে বতৰা দিওঁতে ক’লে – ‘বন বিষয়াজনে ৰাইজক আহ্বান ৰাখে’ এইটো, অশুভ বাংলা প্রভাৱৰ প্রত্যক্ষ ফল৷ অসমীয়াত আহ্বান নাৰাখে, আহ্বান কৰে বা জনায় বাংলাতহে আহ্বান, বক্তব্য, ভাষণ সকলো ‘‘ৰাখে’’ (৬) বাবু জগজীৱন ৰাম কিমান বছৰ দেশৰ ৰেইল মন্ত্রী হৈ আছিল, মনত নাই৷ ইন্দিৰা গান্ধীৰ মন্ত্রী সভাত তেখেত সম্ভৱতঃ উপ–প্রধান মন্ত্রীও আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বাবু জগজীৱন ৰাম ছাত্রাবাস’ নামে এটা ছাত্রাৱাসো আছে৷ চলিত মহামাৰীৰ কালতে এদিন এটা বাকচে মহামাৰী সম্পর্কীয় বতৰা দি থাকোঁতে পর্দাত জিলিকি উঠিল– ‘বাবু জগজীৱন ৰাও ছাত্রাবাসক ৰেহাই’ কৰক এতিয়া কি কৰে লক্ডাউন্ চলি থাকোঁতে, লক্ডাউন নামানি বাটলৈ ওলাই অহা এজাক ল’ৰাক আৰক্ষীয়ে সাস্তি দিয়াৰ বতৰা দিয়া এটা বাকচৰ পর্দাত দেখা গৈছিল– ‘আঁঠু কাঢ়ি পাৰ কৰালে বাট’ হে’ হৰি হে’ পৰবৰদিগাৰ ল’ৰাকেইটাক আৰক্ষীয়ে বাটডোখৰ পাৰ কৰাই দিওঁতে সিহঁতকহে ‘আঁঠু কঢ়াই’ ল’ব লাগিছিল৷ কিন্তু তাকে কৰাওতে আৰক্ষীয়ে নিজে আঁঠু কাঢ়ি’ ল’লে কিয়, হয়নে বাৰু ছাহিত্য ছভা? পার্থসাৰথি মহন্ত নামেৰে এজন আৰক্ষী বিষয়া তথা লিখক আছে৷ অলপতে এগৰাকী আবৃত্তিকাৰে মহন্তৰ এটা কৱিতা আবৃত্তি কৰোঁতে এটা বাকচে পর্দাত মহন্তৰ নামটো দিলে এনেদৰে– ‘প্রার্থসাৰথি’ এদিন এখন পর্দাত বাখৰৰ দৰে জিলিকি উঠা এটা বানানেৰে আজিলৈ মেলানি মাগিছোঁ– ‘দূৰণীবতীয়া (দূৰণিবটীয়া) বাছ’ এতিয়া আসামী ভাষাটো হিন্দু বাংলাদেশীয়ে ৰক্ষা কৰিলেহে ৰক্ষা