নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে ১০০ মিটাৰকৈ খেতিপথাৰ খহাইছে সোৱণশিৰিয়ে

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: তীব্র গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে উত্তৰ লখিমপুৰ চহৰৰ পৰা প্রায় ৯ কিলোমিটাৰ নিলগৰ খগা আমগুৰি অঞ্চলত৷ সোৱণশিৰি নৈৰ প্রবল খহনীয়াত জাহ গৈছে ইখনৰ পিছত সিখন খেতিপথাৰ৷ যোৱা পাঁচ দিনত আধা কিলোমিটাৰ এলেকা খহনীয়াত জাহ গৈছে৷ নদীখন তীব্রগতিৰে গাঁৱৰ দিশে আগুৱাই আহিছে৷ এনে পৰিস্থিতি অব্যাহত থকিলে খুব কম সময়ৰ ভিতৰত বৃহত্তৰ তেলাহী অঞ্চলৰ ৰক্ষা কৱচস্বৰূপ আমগুৰি–খগা মথাউৰি খহনীয়াত জাহ যাব৷ সেয়ে কালি অঞ্চলটোৰ ৰাইজ একত্রিত হৈ অৰুণোদয় যুৱক সংঘৰ উদ্যোগত ৰাইজে খহনীয়া ৰোধৰ বাবে সোৱণশিৰিৰ পাৰত চাকি–বন্তি জ্বলাই ভগৱানক প্রার্থনা কৰাৰ লগতে বাঁহ–জেং আৰু অন্যান্য গছ কাটি খহনীয়া স্থানত নিক্ষেপ কৰে৷ ৰাইজ সমৱেত হৈ প্রথমে নদীৰ পাৰত আগলি কলপাতত চাকি জ্বলাই প্রার্থনা কৰে৷ গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি চন্দ্র কলিতাই কয়– ‘চকুৰ আগতে চপৰা চপৰে গৰা খহিছে৷

চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা আজিলৈকে গ্রহণ কৰা নাই৷ সেয়ে আমি আমগুৰি আৰু যুগলপুৰৰ ৰাইজে ভগৱানক প্রার্থনা জনাইছেছা, যাতে তেওঁ চকু মেলি চাই আমাক ৰক্ষা কৰে৷’ খহনীয়া ৰোধৰ বাবে গাঁও দুখনৰ ডেকা বুঢ়া কিশোৰলৈকে সকলো হাতে–কামে লাগি পৰে৷ দুখন ট্রেক্টৰৰ জৰিয়তে গছৰ ডালবোৰ কঢ়িওৱাৰ লগতে ৰাইজে দূৰৈৰ পৰা বাঁহবোৰ কঢ়িয়াই আনি খহনীয়া ৰোধৰ বাবে নদীত পেলাই দিয়ে৷ খহনীয়াস্থলী ইমানেই দ হৈ পৰে যে একোডাল বাঁহ দীঘে দীঘে নদীখনত সোমাই পৰে৷ সাংবাদিকৰ আগত গাঁৱৰ শিক্ষিত ব্যক্তি গোপাল হাজৰিকাই কয়, ‘এয়া আমাৰ একক প্রচেষ্টা৷ অৰুণোদয় যুৱ সংঘৰ অর্থ সহায়েৰে আৰু ৰাইজৰ দান–বৰঙণিৰে আমি বাঁহ–কাঠ পেলাই খহনীয়া ৰোধৰ চেষ্টা চলাইছোঁ৷ কিন্তু খহনীয়াৰ প্রকোপ ইমানেই বেছি যে আমাৰ এই প্রচেষ্টা কিমানদূৰ সফল হ’ব, তাৰ সন্দেহ আছে৷ আমি আশা কৰোঁ চৰকাৰখনে তথা জলসম্পদ বিভাগে পকী পার্কুপাইন নদীৰ সুঁতিত নিক্ষেপ কৰি গাঁওবাসীক ৰক্ষা কৰিব৷ সময় থাকোঁতেই কাম আৰম্ভ নকৰিলে সমগ্র তেলাহীবাসী বিপদত পৰিব লাগিব৷’ উল্লেখ্য যে অৰুণোদয় সংঘই খগা অঞ্চলত বহু ৰাজহুৱা কামত দীর্ঘদিন ধৰি আগভাগ লৈ আহিছে৷ নকুল কলিতাই কয়– ‘যোৱা পাঁচ দিনত নদীখনে পাঁচশ মিটাৰ এলেকা খহাই নিলে৷ প্রতিদিনে ১০০ মিটাৰকৈ খহাইছে৷ এনে পৰিৱেশ বাহাল থাকিলে, আমাৰ ঘৰ–দুৱাৰ নাথাকিবগৈ৷ চৰকাৰখনে কেৱল আশ্বাস দিলে নহ’ব, আমাৰ ঘৰ–সম্পত্তি ৰক্ষা কৰাৰ বাবে শীঘ্রে ব্যৱস্থা গ্রহণ কৰক৷’

স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি মহেন্দ্র ভূঞাই কয়– ‘আমি নিৰুপায় হৈ পৰিছোঁ৷ বিগত বছৰবোৰত এই খহনীয়াত অঞ্চলটোৰ পাঁচশ ঘৰৰো অধিক লোকে বাৰী–ঘৰ হেৰুৱাই ঠিকনাবিহীন হ’ল৷ পাঁচখনৰো অধিক গাঁও সমূলঞ্চে নদীৰ গর্ভত জাহ গ’ল৷ কিন্তু ইয়াৰ পিছতো জলসম্পদ বিভাগে স্থায়ী প্রতিৰোধৰ ব্যৱস্থা নকৰিলে৷ এনেদৰে খহনীয়া হৈ থাকিলে আমাৰ পঞ্চায়তৰ অস্তিত্ব নদীত বিলীন হৈ যাব৷’ যুগলপুৰ–আমগুৰি ৰাইজে যিমান পাৰে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ কিন্তু চৰকাৰে ব্যৱস্থা ল’ব কেতিয়া, জলসম্পদ বিভাগে সাৰ পাব কেতিয়া– এনে বহু প্রশ্ণৰ উত্তৰ বিচাৰিছে ৰাইজে৷

You might also like