নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দলে আৰম্ভ কৰিছে ৩০ সমষ্টিৰ অংক; প্রার্থিত্ব চৰম অনিশ্চয়তাত কংগ্রেছৰ ৯ বিধায়ক

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে মিত্রতাক লৈ কংগ্রেছত মুকলি বিদ্রোহৰ ফলত দলটোত উলম্ব বিভাজন প্রকট হৈ পৰাৰ সমান্তৰালভাৱে বর্তমানৰ ৯গৰাকীকৈ কংগ্রেছ বিধায়কৰ পুনৰ প্রার্থিত্ব লাভত চৰম অনিশ্চয়তা সৃষ্টি হৈছে৷ মূলতঃ কংগ্রেছৰে কৰা মিত্রতাৰ বিনিময়ত এআইইউডিএফে ৰাজ্যখনৰ যি ৩০টা সমষ্টি বিচৰাৰ অংক কৰিছে, সেই তালিকাত সোমাই আছে বর্তমান কংগ্রেছৰ দখলত থকা ৯টাকৈ সমষ্টি৷

উল্লেখ্য যে আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থত এআইইউডিএফে কংগ্রেছৰ সৈতে মিত্রতাপাশত আবদ্ধ হোৱাৰ ক্ষেত্রত সম্পূর্ণ সন্মতি প্রকাশ কৰিছে৷ আনকি আনুষ্ঠানিকভাৱে মিত্রতা ঘোষণাৰ পূর্বেই আজমল মুখ্যমন্ত্রিত্বৰ দৌৰত নাই বুলিও এআইইউডিএফে স্পষ্ট কৰি দিছে৷ কিন্তু ইয়াৰ বিপৰীতে ২০০৬ চনৰ পৰা বর্তমানলৈকে এআইইউডিএফে জয়লাভ কৰা আৰু বিগত নির্বাচনত সামান্য ভোটত কংগ্রেছৰ হাতত পৰাজয়বৰণ কৰা মুঠ ৩০টা সমষ্টিত এইবাৰ প্রার্থী থিয় কৰোৱাৰ লক্ষ্য লৈছে৷ কংগ্রেছৰ সৈতে আনুষ্ঠানিকভাৱে আসন বুজাপৰাৰ সময়ত তেওঁলোকে সেই সমষ্টিসমূহ বিচাৰিব৷

এআইইউডিএফৰ এক সূত্রই জানিবলৈ দিয়া মতে, তেওঁলোকে বিচাৰিবলগীয়া ৩০টা সমষ্টি হৈছে– দক্ষিণ শালমাৰা, মানকাচৰ, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, বৰপেটা, ভৱানীপুৰ, জলেশ্বৰ, গোৱালপাৰা পশ্চিম, গোৱালপাৰা পূব, বকো, ৰহা, ধিং, ৰূপহী, লামডিং, হোজাই, যমুনামুখ, নাওবৈচা, পাথাৰকান্দি, কৰিমগঞ্জ দক্ষিণ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ আৰু কাটিগড়া৷

মন কৰিবলগীয়া এয়ে যে উক্ত সমষ্টিকেইটাৰ ভিতৰত বর্তমান ৯টা সমষ্টি কংগ্রেছৰ দখলত আছে৷ কংগ্রেছৰ ৱাজেদ আলী চৌধুৰীৰ দক্ষিণ শালমাৰা, ডাঃ মতিউৰ ৰহমান মণ্ডলৰ মানকাচৰ, আব্দুল হাইনাগৰীৰ অভয়াপুৰী উত্তৰ, শ্বেৰমান আলী আহমেদৰ বাঘবৰ, জাকিৰ হুছেইন শিকদাৰৰ সৰুক্ষেত্রী, আব্দুৰ ৰছিদ মণ্ডলৰ গোৱালপাৰা পশ্চিম, এ কে ৰছিদ আলমৰ গোৱালপাৰা পূব, নন্দিতা দাসৰ বকো আৰু নুৰুল হুদাৰ ৰূপহী সমষ্টিও এআইইউডিএফে বিচাৰিবলগীয়া সমষ্টিৰ তালিকাত থকাত তেওঁলোকৰ পুনৰ প্রার্থিত্ব লাভৰ ক্ষেত্রত চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ এআইইউডিএফৰে আসন বুজাপৰাৰ সময়ত বর্তমান কংগ্রেছৰ দখলত থকা উক্ত সমষ্টিকেইটাৰ কিমানসংখ্যক কংগ্রেছে নিজৰ অধীনলৈ আনিবলৈ সক্ষম হয়, সেয়া সময়তহে ক’ব পৰা যাব৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে এআইইউডিএফৰে হোৱা মিত্রতাৰ ফলত সমষ্টিত প্রার্থিত্ব লাভৰ অনিশ্চয়তা দেখি ইতিমধ্যে কংগ্রেছৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী–বিধায়কৰ দল এটাই মুকলিভাৱে সেই মিত্রতাৰ বিৰুদ্ধাচৰণ কৰিছে৷ এই সম্পর্কত তেওঁলোকে অহা সোমবাৰে নতুন বিধায়ক আৱাসত দিনৰ ১১ বজাত ভৱিষ্যৎ কর্মপন্থা নিৰূপণৰ বাবে এখন বিশেষ বৈঠকৰো আয়োজন কৰিছে৷ সেই বৈঠকতে তেওঁলোকে কোনো পৰিস্থিতিতে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা ফলৱতী হ’বলৈ নিদিয়াৰ পৰিকল্পনাও ৰচনা কৰিব৷ প্রয়োজনত দলৰ বিভাজন ঘটাই কংগ্রেছ–এআইইউডিএফক্ উপযুক্ত প্রত্যুত্তৰ দিয়াৰ ৰণনীতিও গ্রহণ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি বিদ্রোহী কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়ে৷

এনে অৱস্থাত নির্বাচনৰ প্রাক্মুহূর্তত আসন বুজাপৰাৰ ক্ষেত্রত বর্তমানৰ কংগ্রেছী বিধায়কে এআইইউডিএফক আসন এৰি দিবলগীয়া হ’লে দলটোৰ ভিতৰচ’ৰাত ক্ষোভ, অসন্তুষ্টি, বিদ্রোহে কি ৰূপ ধাৰণ কৰিব, সেয়া সহজেই অনুমেয়৷ অৱশ্যে এইক্ষেত্রত মুখ্যমন্ত্রিত্বৰ দৌৰৰ পৰা আঁতৰি অহাৰ দৰে আজমলে আসন বুজাবুজিৰ ক্ষেত্রত কিমান সহনশীল নীতি গ্রহণ কৰে, তাৰ ওপৰতে কংগ্রেছ–এআইইউডিএফৰ মিত্রতাৰ সফলতা–বিফলতা নির্ভৰ কৰিব৷

You might also like