বিদ্রোহী কংগ্রেছীয়ে প্রার্থী দিব সংখ্যালঘু অধ্যুষিত ৪০ সমষ্টিত
আজমলক বাদ দি মহাজোঁট গঠনৰ দাবী মহিবুল হকৰ মহাৰাষ্ট্রৰ দৰে নির্বাচনৰ পিছত মিত্রতা বিচাৰে আলী আকবৰ মিঞাই
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ আসন্ন বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত প্রত্যাশিতভাৱেই কংগ্রেছত বিভাজন ঘটিল৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে কৰা মিত্রতাৰ পৰিণতিত ৰাজ্যৰ কংগ্রেছ দলত উলম্ব বিভাজনে একপ্রকাৰ আনুষ্ঠানিকতা লাভ কৰিলে৷ অসমৰ লগতে কংগ্রেছৰ ক্ষতিকাৰক সেই মিত্রতাৰ বিৰুদ্ধে যোৱা এসপ্তাহত ৰাজ্যৰ সংখ্যালঘু সম্প্রদায়ৰ কংগ্রেছৰ গৰিষ্ঠসংখ্যক নেতা, প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী–বিধায়কৰ লগতে উজনি অসমৰো ৰূপজ্যোতি কুর্মী, ৰাণা গোস্বামী আদিকে ধৰি বিভিন্নজন কংগ্রেছ নেতাই মুকলিভাৱে বিৰুদ্ধাচৰণ কৰি আহিছে৷ সেই বিৰুদ্ধাচৰণৰ অংশ হিচাপে কংগ্রেছৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী–বিধায়কক লৈ গঠিত ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ উদ্যোগত আজি দিছপুৰৰ নতুন বিধায়ক আৱাসৰ ৩০৪নং কোঠাত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ আহ্বায়ক প্রাক্তন মন্ত্রী মহিবুল হকৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ বৈঠকে একমুখে কংগ্রেছে এআইইউডিএফৰে মিত্রতা কৰাৰ সিদ্ধান্ত দলৰ বাবে অপূৰণীয় ক্ষতি হ’ব বুলি মত প্রকাশ কৰে৷ যোৱা ১৮ আগষ্টত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এআইইউডিএফৰে মিত্রতা কৰাৰ সিদ্ধান্ত গ্রহণৰ পিছতেই যোৱা ২২ আগষ্টত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিছপুৰস্থিত বিধায়ক আৱাসত দুয়ো দলৰ নেতৃত্বই মিত্রতাত চূড়ান্ত ৰূপ দিয়া কার্যত বৈঠকে তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ আদর্শগত কাৰণতে সাম্প্রদায়িক এআইইউডিএফ দলৰ সৈতে মিত্রতাৰ বিৰোধিতা কৰি এক প্রস্তাৱত কয় যে ২০১৯ চনৰ লোকসভা নির্বাচনৰ পূর্বে প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠকে বিজেপি আৰু এআইইউডিএফ দলক সাম্প্রদায়িক দল আখ্যা দি বিজেপিৰ দৰে এআইইউডিএফৰ সৈতে সম–দূৰত্ব বজাই ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে৷ কার্যনির্বাহকৰ সেই বৈঠকত স্পষ্টভাৱে এআইইউডিএফৰ সৈতে মিত্রতা নকৰাৰ প্রস্তাৱ পর্যন্ত তেতিয়াই গ্রহণ কৰে৷ প্রদেশ কংগ্রেছৰ কার্যনির্বাহকত গৃহীত সেই প্রস্তাৱ প্রত্যাহাৰ নকৰাকৈ এআইইউডিএফৰ সৈতে দলে শেহতীয়াকৈ কৰা মিত্রতাত আশ্চর্য প্রকাশ কৰি এই বিষয়টো আলোচনা কৰাৰ বাবে অচিৰেই প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনায়৷ সেইদৰে আজিৰ বৈঠকতে আন এক সিদ্ধান্ত অনুসৰি সংখ্যালঘু কংগ্রেছ নেতা তত্ত্বাৱধায়ক সমিতি এখন গঠন কৰে৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক প্রাক্তন মন্ত্রী মহিবুল হকক সভাপতি, ড০ ইদ্রিছ আলীক উপ–সভাপতি, আলী আকবৰ মিঞাক সাধাৰণ সম্পাদক, মকবুল হুছেইনক বিত্ত সম্পাদক, ৰছুল হক বাহাদুৰক সাংগঠনিক সম্পাদক, আফতাবুদ্দিন মোল্লাক প্রচাৰ সম্পাদক, জাহানুদ্দিন আহমেদ আৰু এবিএছ জোটদ্দাৰক কার্যনির্বাহক সদস্য হিচাপে লৈ সেই কমিটীখন গঠন কৰা হৈছে৷ কমিটীত উপদেষ্টা হিচাপে ৰখা হৈছে প্রাক্তন মন্ত্রী নজিবুল ওমৰ আৰু নুৰজামাল সৰকাৰক৷ উক্ত কমিটীয়ে অহা ছেপ্ঢেম্বৰ মাহৰ ভিতৰত ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত ৩৪টা সমষ্টিৰ লগতে সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰা আন ৬টা সমষ্টিসহ মুঠ ৪০টা সমষ্টিত ক্ষেত্রভিত্তিক অধ্যয়ন চলাই বিজয়ৰ সম্ভাৱনা থকা প্রার্থী তালিকা প্রস্তুত কৰাৰ লগতে সেইসকল প্রার্থীক বিজয়ী কৰাই অনাৰ ৰণকৌশল যুগুতাব৷ সংখ্যালঘু কংগ্রেছ নেতা তত্ত্বাৱধায়ক কমিটীয়ে ক্ষেত্রভিত্তিক অধ্যয়ন চলাই প্রস্তুত কৰিবলগীয়া সেই প্রার্থী তালিকা কংগ্রেছ হাইকমাণ্ডৰ লগতে প্রদেশ কংগ্রেছৰ নেতৃত্বকো প্রদান কৰিব৷ দলৰ হিতৰ স্বার্থতে তেওঁলোকে এই বিশেষ উদ্যোগ গ্রহণ কৰিছে৷ হাইকমাণ্ডকে ধৰি কংগ্রেছ নেতৃত্বই যদি তেওঁলোকৰ এই পদক্ষেপক গুৰুত্ব নিদিয়ে, তেতিয়া হ’লে সময়ৰ সংকেত অনুসৰি তেওঁলোকে পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব বুলি বৈঠকত উপস্থিত নেতাসকলে স্পষ্ট কৰি দিয়ে৷ এআইইউডিএফৰে মিত্রতাবিৰোধী এইসকল বিদ্রোহী কংগ্রেছ নেতাই গ্রহণ কৰা এই স্থিতিয়ে কার্যতঃ ৰাজ্যৰ কংগ্রেছ দলত উলম্ব বিভাজন ঘটালে, তাৰেই স্পষ্ট ইংগিত বহন কৰিছে৷ ইপিনে, সেই বৈঠকৰ অন্তত প্রাক্তন মন্ত্রী মহিবুল হকে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ স্বার্থত তেওঁলোকে মহাজোঁট গঠনৰ পোষকতা কৰে যদিও আদর্শগতভাৱে সাম্প্রদায়িক দল হিচাপে সর্বজনবিদিত এআইইউডিএফৰে মিত্রতা নিবিচাৰে৷ আজমলৰ এআইইউডিএফক বাদ দি মহাজোঁট গঠন হোৱাটোহে তেওঁলোকে বিচাৰে৷ প্রাক্তন মন্ত্রী হকৰ স্পষ্ট কথা– ‘আজমলক বাদ দি মহাজোঁট গঠন কৰক৷ আমি পূর্ণ সমর্থন আগবঢ়াম৷ কিন্তু আজমলক লৈ নহয়৷’ তেওঁ আৰু গুৰুতৰ অভিযোগ কৰি কয় যে বর্তমান যি মিত্রতা হৈছে, আমাৰ সন্দেহ অন্তিম ক্ষণত নির্বাচনৰ সময়ত আজমলে নিজেই এই মিত্রতা ভংগ কৰিব৷ সমষ্টি জধেমধে দাবী কৰি সেই আশা পূর্ণ নহ’লেই কংগ্রেছে প্রতাৰণা, প্রৱঞ্চনা কৰিছে বুলি মন্তব্য কৰি কংগ্রেছৰ পৰা আঁতৰি আহিব৷ বর্তমান মিত্রতাৰ যি প্রক্রিয়া চলি আছে, সেয়া বিজেপিৰ শ্রুতলিপিত চলি থকা বুলি অভিযোগ কৰি হকে কয় যে ইয়াৰ বাবেই মিত্রতা সম্পর্কীয় কথা–বতৰাত আজমল উপস্থিত থকা নাই৷ এআইইউডিএফৰ দ্বিতীয় শ্রেণীৰ নেতাহে মিত্রতা সম্পর্কীয় কথা–বতৰাত জড়িত হৈ আছে৷ সেইদৰে প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই মহাৰাষ্ট্রৰ দৰে নির্বাচনৰ পূর্বে নহয়, নির্বাচনৰ পিছতহে মিত্রতা কৰাৰ পোষকতা কৰে৷ নির্বাচনৰ পূর্বে এআইইউডিএফৰে মিত্রতা কৰিলে কংগ্রেছৰ লাভ নহয়, এআইইউডিএফৰহে লাভ হ’ব বুলি তেওঁ স্পষ্টভাৱে মন্তব্য কৰে৷ সেইদৰে বৈঠকত উপস্থিত প্রাক্তন বিধায়ক ড০ ইদ্রিছ আলীয়ে এআইইউডিএফৰে কংগ্রেছে কৰা মিত্রতাৰ বিৰোধিতা কৰি কয় যে আজমলৰ লগত মিত্রতা কৰিলে বিজেপিৰ লগত মিত্রতা কৰাত আপত্তি কি? কাৰণ এসময়ত কংগ্রেছে বিজেপিৰ দৰে এআইইউডিএফ দলকো সমানে সাম্প্রদায়িক দল বুলি অভিহিত কৰিছিল৷