নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ৰাজ্যৰ ক’ভিড পৰিৱেশ খুবেই জটিল৷ ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত অনাগত সময়ত অক্সিজেনৰ নাটনি হোৱাৰো সম্ভাৱনা প্রকট হৈ পৰিছে৷ কালি জনতা ভৱনত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰি কয় যে পৰহিৰ দিনটোত ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যাই এক লাখৰ সীমা অতিক্রম কৰিলে৷
অসমত ক’ভিডত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে ০.২৮ শতাংশৰে সর্বনিম্ন স্থানত আছে যদিও যোৱা ১০টা দিনৰ ভিতৰত মৃত্যুৰ হাৰ ০.২৪ শতাংশৰ পৰা ০.২৮ শতাংশলৈ বৃদ্ধি পালে৷ সেইদৰে কালিৰ দিনটোত ৰাজ্যখনত ৪৩৩গৰাকী ক’ভিড আক্রান্তই অক্সিজেনৰ ছাপ’ৰ্টত জীয়াই আছে৷ ইয়াৰে গুৱাহাটী মহানগৰীত ১৫২গৰাকী, যোৰহাটত ৫২গৰাকী, ডিব্রুগড়ত ৮০গৰাকী, শিলচৰত ৬০গৰাকীয়ে অক্সিজেনৰ ছাপ’ৰ্ট লৈ আছে৷
সেইদৰে ১২৬গৰাকী ৰোগী আইচিইউত আছে৷ ৭০৭গৰাকী ৰোগীক এতিয়ালৈ প্লাজমা প্রদান কৰা হৈছে৷ যোৱা জুলাই মাহত ক’ভিড ৰোগীৰ বাবে প্রতিদিনে ৫ মেট্রিকটন অক্সিজেনৰ প্রয়োজন হৈছিল৷ চলিত আগষ্ট মাহত প্রতিদিনে ৮.২৫ মেট্রিকটন অক্সিজেনৰ প্রয়োজন হৈছিল৷ ক’ভিড ৰোগীকে ধৰি অন্যান্য ৰোগীৰ বাবে দৈনিক ২৫ মেট্রিকটন অক্সিজেন ব্যৱহূত হৈ আহিছে৷ অথচ অসমত দৈনিক ৩৭.৮৬ মেট্রিকটন অক্সিজেন উৎপাদন হয়৷
আক্রান্তৰ ক্রমৱর্ধমান ধাৰা অব্যাহত থাকিলে অনাগত দিনত নিশ্চিতভাৱেই ৰাজ্যখনত অক্সিজেনৰ নাটনিয়ে দেখা দিব৷ চৰকাৰে ইতিমধ্যে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ পৰা অক্সিজেন অনাৰ চিন্তা কৰিবলগীয়া হৈছে৷ কিন্তু অধিক দিনলৈ সেই ধাৰা অব্যাহত ৰখাটো যথেষ্ট কষ্টসাধ্য হ’ব৷ এই প্রসংগতে তেওঁ কয় যে যোৱা জুলাই মাহত ৰাজ্যখনত আক্রান্তৰ হাৰ আছিল ৪.৫ শতাংশ৷ কিন্তু যোৱা ১৫ আগষ্টৰ পিছত সেই হাৰ সামান্যভাৱে বৃদ্ধি পাই ৫–৬ শতাংশৰ মাজত আছে৷
কামৰূপ মেট্র’, কামৰূপ গ্রাম্য, তিনিচুকীয়া, ডিব্রুগড় আৰু বৰাক উপত্যকা জিলাকেইখনত সংক্রমণৰ হাৰ বাঢ়িয়েই আছে৷ ইয়াৰ বিপৰীতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰিস্থিতি নিয়ন্ত্রণাধীন৷ মৃত্যুৰ ক্ষেত্রত এতিয়ালৈ কামৰূপ মেট্র’ত ৬৪গৰাকী, ডিব্রুগড়ত ৩৯গৰাকী, কাছাৰত ২৫গৰাকী, তিনিচুকীয়াত ২০গৰাকী, কৰিমগঞ্জত ১৮গৰাকী আৰু কামৰূপ গ্রাম্যত ১৭গৰাকী লোকৰ মৃত্যু হৈছে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই সেই উদ্বেগজনক তথ্য সদৰী কৰি জনসাধাৰণক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনাই কয় যে চৰকাৰে লকডাউনৰ পোষকতা নকৰে৷
আনলকৰ পক্ষতহে চৰকাৰ আছে৷ লকডাউন দিলে আর্থিকভাৱে ক্ষতিগ্রস্ত হয় বুলি যিসকলে কয়, তেওঁলোকক এই সময়ছোৱাত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায়৷ ইফালে, ক’ভিডৰ পৰিপ্রেক্ষিতত ৰাজ্যত ৰাজহ কমি অহাৰ উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এতিয়াৰে পৰা পেয়িং কেবিনত থকা ক’ভিড ৰোগীসকলে কেবিনৰ ভাৰা আদায় দিব লাগিব৷
অৱশ্যে দৰব আদি বিনামূলীয়াকৈ লাভ কৰিব৷ সেইদৰে সুস্থ হৈ উঠা ক’ভিড ৰোগীয়ে নিজা ব্যৱস্থাৰে এতিয়াৰে পৰা ঘৰলৈ যাব লাগিব৷ স্বাস্থ্য বিভাগে কোনো গাড়ী যোগান নধৰে৷ একেখন জিলাৰ ৰোগীয়ে নিজা ব্যৱস্থাৰেই ঘৰলৈ উভতিব লাগিব৷ অৱশ্যে আন জিলাৰ ৰোগীৰ ক্ষেত্রত তেওঁলোকক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হ’ব৷ তদুপৰি ২৪ ঘণ্টাৰ ভিতৰত আর্টিফিচিয়াৰ টেষ্টৰ ৰিপ’ট বিচাৰিলে সংশ্লিষ্ট ব্যক্তিয়ে ২২০০ টকা জমা দিব লাগিব৷
একেদৰে বিপিএল আৰু দৰিদ্র ক’ভিড ৰোগীক বাদ দি আনসকলে ঘৰৰ পৰাই খাদ্য আনিব পাৰিলে ভাল বুলি পৰামর্শ আগবঢ়ায়৷ নার্ছিং হোমত থকা ক’ভিড ৰোগীয়ে প্লাজমা বিচাৰিলে প্লাজমা কীটৰ বাবে ৬ হাজাৰ টকা আদায় দিব লাগিব বুলিও তেওঁ জানিবলৈ দিয়ে৷
সংবাদ মেলখনত তেওঁ আৰু কয় যে ডাব্লিং ৰেটৰ ক্ষেত্রত অসমত এতিয়া ১৫ দিনৰ পৰা ২৩ দিনলৈ বৃদ্ধি পাইছে৷ নমুনা পৰীক্ষাৰ ক্ষেত্রতো অসমে এতিয়ালৈ ২১,৪৬,৯৮৮টা নমুনা পৰীক্ষা সম্পন্ন কৰিছে৷ এক নিযুত লোকৰ বিপৰীতে ৬২,৬০৬টা নমুনা পৰীক্ষা সম্পন্ন হৈছে৷ দেশৰ ভিতৰতে নমুনা পৰীক্ষাত অসম এতিয়া তৃতীয় স্থানত৷ দিল্লী, অন্ধ্রপ্রদেশৰ পিছতেই অসম উপনীত হৈছে৷