নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দঃ–পূব এছিয়াৰ দুৱাৰডলিত পৰিণত হ’ব গুৱাহাটীঃ মুখ্যমন্ত্রী

মালিগাঁৱত অসমৰ দীর্ঘতম উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  গুৱাহাটী মহানগৰীৰ পথ যোগাযোগ ব্যৱস্থাত অহা ব্যাপক পৰিৱর্তনৰ মাজতে দেওবাৰে মালিগাঁৱত আধাৰশিলা স্থাপন হ’ল ৰাজ্যৰ দীর্ঘতম উৰণীয়া সেতুখনৰ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মালিগাঁৱৰ পৰা কামাখ্যা গেট অভিমুখী তথা পাণ্ডু সংযোগী এখন ফ’ৰলেন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে৷ প্রস্তাৱিত এই উৰণীয়া সেতুখন মালিগাঁৱৰ পৰা আৰম্ভ হৈ এ টি ৰোডৰ কামাখ্যা গেটত সমাপ্ত হ’ব৷ আনহাতে, সেতুখনৰ এটা বাহু পাণ্ডুঘাট সংযোগী পথৰ দিশে সম্প্রসাৰণ কৰা হ’ব৷ ৰাজ্য চৰকাৰৰ ২০২০–২১ বর্ষৰ স্ব–গ্রাধিকাৰ পুঁজিৰ অধীনত লোকনির্মাণ (পথ) বিভাগে নির্মাণ কৰিবলগীয়া এই সেতুৰ মুঠ প্রকল্প ব্যয় হৈছে ৪২০.৭৫ কোটি টকা৷ প্রায় তিনি কিলোমিটাৰ দৈর্ঘ্যৰ এই সেতুখন নির্মাণ হৈ উঠিলে ৰাজ্যৰ ভিতৰতে দীর্ঘতম উৰণীয়া সেতু হিচাপে পৰিগণিত হ’ব৷ উৰণীয়া সেতুখনৰ কাম অহা দুবছৰৰ ভিতৰতে সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ এই উপলক্ষে দেওবাৰে মালিগাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– আন্তঃগাঁথনিৰ দ্রুত উন্নয়নে গুৱাহাটীক দক্ষিণ–পূব এছিয়াৰ দুৱাৰডলিত পৰিণত কৰিব৷ চৰকাৰে সেয়েহে মহানগৰীৰ আন্তঃগাঁথনি উন্নয়নত সর্বাধিক গুৰুত্ব দিছে৷ ৰাজ্যিক ৰাজধানী অঞ্চল পৰিকল্পনাৰ অধীনত ইতিমধ্যে উন্নয়নৰ বিভিন্ন কাম হাতত লোৱা হৈছে৷ কেন্দ্রীয় চৰকাৰে হাতত লোৱা স্মার্ট চিটী প্রকল্পৰ প্রথম পর্যায়তে গুৱাহাটী মহানগৰীক অন্তর্ভুক্ত কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে ইায়াকো উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ট্রেন্সফর্মেচন থ্র’ ট্রেন্সপ’র্টেচন নীতি অনুকৰণ কৰি ৰাজ্য চৰকাৰে ৰাজ্যখনৰ গ্রামাঞ্চলকে ধৰি সকলো অঞ্চলৰে পথ যোগাযোগ ব্যৱস্থা সুগম আৰু সুচল কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ পূর্বৰ চৰকাৰসমূহৰ দিনত আন্তঃগাঁথনিমূলক কাম–কাজৰ লেহেমীয়া অগ্রগতিৰ বিপৰীতে বর্তমান চৰকাৰৰ কার্যকালত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ১৫ হাজাৰ কিলোমিটাৰৰো অধিক দৈর্ঘ্যৰ পথ নির্মাণ কৰা হৈছে৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ বাবে ৰাজ্যখনত শেহতীয়াকৈ আন্তঃগাঁথনি উন্নয়নৰ কাম–কাজ ক্ষিপ্রগতিত আগুৱাই গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এই প্রসংগতে ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’বলগীয়া চাৰিখন নতুন দলঙৰ কথা উল্লেখ কৰে৷

অনুষ্ঠানত লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাষণ প্রদান কৰি কয়– গুৱাহাটীৰ যাতায়াত অধিক সুচল কৰাৰ বাবে ৰাজ্য চৰকাৰে চাৰিখন উৰণীয় সেতু নির্মাণৰ কাম সম্পূর্ণ কৰাত সর্বাধিক গুৰুত্ব দিছে৷ ইয়াৰে গণেশগুৰিৰ পৰা আৰ জি বৰুৱা ৰোডলৈ যোৱা উৰণীয়া সেতুখনৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ এটা বছৰৰ ভিতৰতে এখন উৰণীয়া সেতু নির্মাণৰ কাম অসমতেই নহয়, উত্তৰ–পূবৰ ইতিহাসতে প্রথম৷ দুর্গাপূজাৰ ষষ্ঠী অথবা দশমীৰ দিনা এই উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব৷ আনহাতে, ছুপাৰ মার্কেটত নির্মাণ হৈ থকা উৰণীয়া সেতুখনৰ কাম ক্ষিপ্রতাৰে আগুৱাই গৈছে৷ ব’হাগ বিহুৰ প্রথম দিনটোতে এই উৰণীয়া সেতুখন মুকলি কৰা হ’ব৷ আনহাতে, মালিগাঁৱৰ উৰণীয়া সেতুখনৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে মালিগাঁৱৰ যান–জঁটৰ প্রতি লক্ষ্য কৰি প্রথম অৱস্থাত এখন ৮০০ মিটাৰৰ উৰণীয়া সেতু নির্মাণৰ কথা চিন্তা কৰা হৈছে যদিও ভৱিষ্যতৰ পৰিকল্পনাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তিনি কিলোমিটাৰৰ সেতুখন নির্মাণৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ ৰাজ্যত এনে দীর্ঘতম উৰণীয়া সেতু এতিয়ালৈ নির্মাণ হোৱা নাই৷ এই তিনিখন ফ্লাই অভাৰৰ লগতে গুৱাহাটী ক্লাবৰ পৰা বামুণীমৈদাম সংযোগী আন এখন উৰণীয়া সেতু নির্মাণৰ পৰিকল্পনাৰ কথাও  মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ এই সন্দর্ভত তেওঁ কয়– এই উৰণীয়া সেতুখন নির্মাণৰ বিভিন্ন দিশত অধ্যয়ন চলাই থকা হৈছে৷ অহা ফেব্রুৱাৰী মাহত ইয়াৰ নির্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব৷ বর্তমানৰ চৰকাৰৰ কার্যকালতে শৰাইঘাটত ব্রহ্মপুত্রৰ ওপৰত দ্বিতীয়খন দলঙৰ লগতে বগীবিল, ধলা–শদিয়া দলং মুকলি কৰিব পৰাটো চৰকাৰৰ অন্যতম সফলতা বুলিও তেওঁ উল্লেখ কৰে৷ মন্ত্রীগৰাকীয়ে মালিগাঁও উৰণীয়া সেতু নির্মাণৰ ক্ষেত্রত দুবছৰলৈ জনসাধাৰণে যান–জঁট ভুগিব লাগিব বুলি উল্লেখ কৰি এইক্ষেত্রত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত সাংসদ বিশ্বজিৎ দৈমাৰী, লোকনির্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজেশ কেম্প্রাইৰ লগতে বিভাগটোৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like