নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তিৰ ক্ষেত্রত নতুন পৰিকল্পনা

ভাৰতৰ দৰে ৰাষ্ট্র এখনত, য’ত নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈ আহিছে, তাত এইসকলৰ কথা বিশেষভাৱে চিন্তা কৰাটো চৰকাৰৰ দায়িত্ব আছিল৷ নিয়োগৰ সুবিধাৰ সৃষ্টি কৰা কথাটোৱেই একমাত্র কথা নহয়, কথা হ’ল বিশেষকৈ চৰকাৰী খণ্ডৰ নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু দুন্তিমুক্ত কৰি তোলা, যাতে চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা অটুট থাকে৷ এটা কথা ঠিক যে এটা সময়ত আমাৰ অসমতে চাকৰিৰ যি মুকলি বজাৰ বহিছিল, সেই বজাৰত চাকৰি কিনাসকলৰ প্রতিও ৰাইজৰ কোনো বেয়া ভাব নাছিল, কেৱল চাকৰি কিনিব নোৱাৰাসকলে দুখ প্রকাশ কৰিছিল৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দিনত শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত আৰু সেই ব্যৱস্থাই যোগ্যজনক সন্তুষ্টিদায়ক পৰীক্ষা আৰু ফলাফলৰ সুবিধা দিয়াৰ পিছত এই ব্যৱস্থাটোৰ প্রতি ৰাইজৰ আস্থা বাঢ়িছিল আৰু নির্বাচিত শিক্ষকসকলেও সন্মান অনুভৱ কৰিছিল৷ কিন্তু শিক্ষকৰ নিযুক্তিত ৰাইজক দিব পৰা সন্তুষ্টি একেখন চৰকাৰৰ আন নিযুক্তি প্রক্রিয়াবোৰে দিব পৰা নাছিল৷ প্রতিটো পৰীক্ষাকে কিবা নহয় কিবা এটা কেলেংকাৰিয়ে চুই গৈছিল৷ আনকি অসম লোকসেৱা আয়োগৰ পৰীক্ষাকো কেলেংকাৰিয়ে স্পর্শ কৰিছে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰি আগৰ কংগ্রেছ চৰকাৰৰ দিনতেই আৰম্ভ হৈছিল, কিন্তু এই কেলেংকাৰিৰ বিৰুদ্ধে ৰাইজৰ মনত একো বিশেষ সজাগতা নাছিল৷ কিন্তু সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ দুর্নীতিৰ কথা পোহৰলৈ অহাৰ পিছত ৰাইজৰ মাজত সচেতনতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল৷ কিন্তু ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ দুর্নীতি উৎখাত কৰিবলৈ লোৱা কামৰ ধাৰাবাহিকতা ৰক্ষা নহ’ল অথবা তাৰ ফল ৰাইজৰ চকুত নপৰিল৷ শেহতীয়াকৈ আৰক্ষীৰ পৰীক্ষাৰ ক্ষেত্রত যি কেলেংকাৰি হ’ল, সেই কেলেংকাৰিয়ে চৰকাৰৰ নিষ্ঠা আৰু দক্ষতাৰ পৰিচয় দিব পৰা নাই৷ আজি সেই কেলেংকাৰিত জডিত লোকৰ সম্পত্তিৰ হিচাপ দি তেওঁক দুর্নীতিপৰায়ণ বুলি কোৱা সময়তে প্রশ্ণ কৰিব পাৰি যে চাকৰি কালত সম্পত্তিৰ পাহাৰ নির্মাণ কৰা সময়ত তেওঁৰ সেই কার্যকলাপ কাৰো চকুত পৰা নাছিলনে? চৰকাৰী চাকৰিয়ালৰ সম্পত্তিৰ পৰিমাণৰ হিচাপ কৰাটো তেনেই সাধাৰণ কথা৷ কিন্তু এই কেলেংকাৰিত ধৰা নপৰা হ’লে তেওঁৰ সেই সম্পত্তিৰ পাহাৰত কাৰো চকু নপৰিলহেঁতেন৷ সামান্য চকু–কাণ খুলি ৰাখিলেই দেখা যায় যে আয়ৰ স’তে সামঞ্জস্য নথকা সম্পত্তিৰ মালিকেও কোনো অপৰাধবোধত নোভোগাকৈ সমাজত নিজৰ পৰিচয়েৰে সন্মানেৰে জীয়াই আছে৷ এইবোৰ উদাহৰণেই চাকৰি কিনা–বেচা কার্যটোক সমর্থন আৰু সাহস যোগাই আহিছে৷
নিবনুৱাসকলৰ বাবে আৰু এটি কষ্টদায়ক অভিজ্ঞতা হ’ল বাৰে বাৰে আবেদন কৰা, মাচুল দিয়া, এসোপা কাগজ বাৰে বাৰে ফটোকপী কৰা আৰু পৰীক্ষা দিবলৈ যোৱা৷ নিবনুৱা এজনেহে জানে এইবোৰৰ খৰচ কিমান৷ এই খৰচবোৰ কমাব পৰা উপায় কল্যাণকামী ৰাষ্ট্রৰ চৰকাৰে চিন্তা কৰা উচিত৷ এই কথাবোৰ চিন্তা কৰিয়েই কেন্দ্র চৰকাৰে নেচনেল ৰিক্রুইটমেণ্ট এজেঞ্চীৰ পৰিকল্পনা কৰিছে৷ যোৱা আগষ্ট মাহত ইয়াৰ আৰম্ভণি হৈছে আৰু ইয়ে নিবনুৱাসকলৰ বাবে কিছু হ’লেও আশাৰ সংবাদ লৈ আহিব বুলি আশা কৰা হৈছে৷ ভাৰত চৰকাৰৰ কেইটামান বিভাগৰ অনা–ৰাজপত্রিত বিষয়াৰ আৰু কিছুমান বেংকৰ বিষয়াৰ বাবে একেটা পৰীক্ষাৰে চাকৰিৰ বাবে প্রার্থী নির্বাচন কৰাই হ’ব এই এজেঞ্চীৰ প্রধান কাম৷ ভাৰতীয় ৰে’লৱে, বেংক আদিৰ ভালেমান চাকৰিৰ বাবে প্রায় একেই যোগ্যতাৰ প্রয়োজন থকা প্রার্থীৰ পৰা বেলেগে বেলেগে পৰীক্ষা লোৱা হৈছিল, প্রার্থীৰো খৰচ হৈছিল, পৰীক্ষা পাতোতাৰো৷ এই নতুন ব্যৱস্থাই দুয়োপক্ষৰ ভালেখিনি বোজা হ্রাস কৰি দিব৷ নেচনেল ৰিক্রুইটমেণ্ট এজেঞ্চীয়ে বছৰত দুবাৰ এনেদৰে পৰীক্ষা পাতিব আৰু অনলাইন পদ্ধতিত হ’ব লগা এই পৰীক্ষাৰ বাবে প্রতি জিলাতে কেন্দ্র থাকিব৷ এই কমন ইলিজিবিলিটী টেষ্টৰ ফল তিনি বছৰলৈকে বৈধ থাকিব৷ এই পদ্ধতিয়ে নিয়োগৰ জগতখনলৈ কিছু পৰিৱর্তন অনাটো স্বাভাৱিক৷ কিন্তু অসমৰ দৰে লাহে লাহে ৰাজ্যত চৰকাৰে ইণ্টাৰনেটৰ সুবিধা নিশ্চিত কৰিব লাগিব, যাতে কোনো পৰীক্ষার্থীয়ে শ্লো নেটৰ বাবে পৰীক্ষাত বিফল হ’বলগীয়া নহয়৷ এই পৰীক্ষাৰ বাবে প্রার্থীসকলক প্রস্তুত কৰাত কেৰিয়াৰ প্রসংগত সজাগতা বৃদ্ধি কৰাত আগভাগ লৈ অহা সংগঠন আৰু সংবাদ মাধ্যমেও পালন কৰিবলগীয়া দায়িত্ব বহুত আছে৷

You might also like