নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ অসমত কার্টুন শিল্পৰ বাটকটীয়া বিশিষ্ট চিত্রশিল্পী ত্রৈলোক্য দত্ত আৰু নাই৷ যোৱানিশা প্রায় ১১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্রশিল্পীগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ৷ বার্ধক্যজনিত ৰোগত আক্রান্ত হোৱা শিল্পীজনক দুদিন পূর্বে হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসকে আই চি ইউত ভর্তি কৰাই বিশিষ্ট শিল্পীগৰাকীৰ চিকিৎসা অব্যাহত ৰাখিছিল যদিও যোৱানিশা স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ লগে লগে ৰাজ্যত চিত্রশিল্প আৰু কার্টুন শিল্পৰ ক্ষেত্রত এক নতুন ধাৰাৰ সূচনা কৰা এটা যুগৰ অৱসান ঘটিল৷ কেৱল কার্টুন শিল্পই নহয়, এইগৰাকী বিশিষ্ট শিল্পীয়ে অজস্র গ্রন্থৰ বেটুপাত অংকনৰেও তেওঁৰ স্মৃতি যুগমীয়া কৰি থৈ গৈছে৷ তদুপৰি তেওঁ কেইবাখনো গ্রন্থ ৰচনা কৰাৰ লগতে নাট্য সাহিত্যৰ ক্ষেত্রতো আগবঢ়াই গৈছে বিশেষ অৱদান৷ তেওঁ অংকন কৰা ৰেখাচিত্র এতিয়াও চিত্রশিল্পীসকলৰ বাবে অনুকৰণীয়৷ এইগৰাকী বিশিষ্ট শিল্পীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে৷ জি এম চি এইচৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ লখিমীনগৰস্থিত নিজা বাসগৃহলৈ লৈ অহা হয়৷ বৃহস্পতিবাৰে পুৱাৰে পৰা অনেক গুণমুগ্ধই তেওঁক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দিনৰ প্রায় ১ বজাত এখন পুষ্পসজ্জিত বাহনেৰে দত্তৰ নশ্বৰ দেহ লৈ অহা হয় চানমাৰিস্থিত গুৱাহাটী আর্টিষ্ট গীল্ডলৈ৷ আর্টিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসৰ তত্ত্বাৱধানত গীল্ডৰ প্রাংগণত তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰে সভাপতি আমিনুল হকে৷ অনুষ্ঠানত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় মৌন প্রার্থনা জনোৱা হয়৷ গীল্ডৰ সদস্য, শুভাকাংক্ষীৰ লগতে বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহ, প্রাক্তন প্রশাসনিক বিষয়া স্বপ্ণনীল বৰুৱা, নিখিলেশ্বৰ বৰুৱা, সুভাষ মহন্ত আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে বিশিষ্ট চিত্রশিল্পীগৰাকীক৷ এই অনুষ্ঠানতে শিল্পী সাহায্য নিধি, অসম চাৰু কলা পৰিষদ আৰু অসম দৃশ্য কলা সন্থায়ো দত্তৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ আর্টিষ্ট গীল্ডৰ পৰা তেওঁৰ নশ্বৰ দেহ আছাম ট্রিবিউনৰ কার্যালয়লৈ লৈ অহা হয়৷ ইয়াতো প্রতিষ্ঠানটোৰ কর্মচাৰীসকলে চিত্রশিল্পীগৰাকীক শ্রদ্ধা জ্ঞাপন কৰে৷ আছাম ট্রিবিউনৰ কার্যালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহ পোনে পোনে লৈ যোৱা হয় নৱগ্রহ শ্মশানলৈ৷ ইয়াতেও বহু গুণমুগ্ধই চিত্রশিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ নৱগ্রহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷ বিশিষ্ট শিল্পীগৰাকীৰ মুখাগ্ণি কৰে ভতিজী নঞ্জু দত্ত আৰু নাতি ভাগিনী আকাশী ভূঞাই৷
উল্লেখ্য যে ১৯৩০ চনৰ ১৮ ফেব্রুৱাৰীত বৰপেটা জিলাৰ ৰতনপুৰ গাঁৱত জন্মগ্রহণ কৰিছিল প্রবাদপ্রতিম শিল্পীগৰাকীয়ে৷ প্রয়াত ৰতিৰাম দত্ত আৰু প্রয়াত ৰথেশ্বৰী দত্তৰ সন্তান ত্রৈলোক্য দত্তই বজালী উচ্চ বিদ্যালয়ৰ পৰা ১৯৫০ চনত প্রৱেশিকা পৰীক্ষা উত্তীর্ণ হৈ দৰং কলেজত বিজ্ঞান শাখাত আই এছ চি অধ্যয়ন কৰে৷ সেই সময়তে দৰং কলেজৰ মুখপত্রৰ বেটুপাত অংকন কৰে৷ একক চিত্র প্রদর্শনী অনুষ্ঠিত কৰি তদানীন্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামৰ তেওঁ উচ্চ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৫২ চনত নতুন অসমীয়া কাকতত বিজ্ঞাপন বিভাগৰ কার্যালয় সহায়ক হিচাপে তেওঁ কাম কৰিছিল৷ কাকতখনৰ সম্পাদক কীর্তিনাথ হাজৰিকাই দত্তৰ চিত্রাংকনৰ দক্ষতাৰ বিষয়ে জানিবলৈ পাই তেওঁৰ হতুৱাই অসমৰ বান সমস্যাৰ ওপৰত এখন ব্যংগচিত্র অংকন কৰিছিল৷ অলপ দিনৰ বাবে তেওঁ অসম চৰকাৰৰ চৰকাৰী বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগতো কাম কৰিছিল৷ পৰৱর্তী সময়ত চৰকাৰী জলপানি লৈ চাৰু কলা মহাবিদ্যালয়ত নামভর্তি কৰে৷ ইয়াৰ পাছত অসমলৈ উভতি আহি নটৰাজ থিয়েটাৰৰ কলা বিভাগৰ বিভিন্ন কাম–কাজ চলাই যায়৷ কেইবাবছৰো তেওঁ অসম চৰকাৰৰ জনসংযোগ বিভাগতো কাম কৰিছিল৷ অৱশ্যে এই চাকৰি বাদ দি দত্তই নতুন অসমীয়াৰ দ্বাৰা প্রকাশিত ৰামধেনু আলোচনীত যোগদান কৰে৷ পৰৱর্তী সময়ত আছাম ট্রিবিউন গোষ্ঠীৰ দ্বাৰা প্রকাশিত প্রথমখন দৈনিক বাতৰিকাকত ‘দৈনিক অসম’ৰ লগত জড়িত হৈ পৰে৷ এই কাকতখনতে কাঁহুদী শীর্ষক ৰাজনৈতিক কার্টুনেৰে তেওঁ জনপ্রিয়তা অর্জন কৰাৰ লগতে ৰাজ্যৰ চিত্রশিল্পৰ জগতখনত এক নতুন ধাৰা সৃষ্টি কৰে৷ কেৱল চিত্রশিল্পী বা কার্টুনিষ্ট হিচাপে তেওঁ দক্ষ নাছিল৷ তেওঁ আছিল এগৰাকী দক্ষ নাট্যকাৰ৷ অভিনেতা, লেখক হিচাপেও তেওঁ সুখ্যাতি লাভ কৰিছিল৷ বিভিন্ন পত্রিকাত তেওঁৰ লেখা প্রকাশ পাইছে৷ স্থানীয়ভাৱে নাৰী শিক্ষা উন্নয়নৰ বাবে ৰতনপুৰতে এখন ছোৱালী বিদ্যালয় স্থাপন কৰিছিল৷ তেওঁৰ সৃষ্টিৰাজিৰ চিনস্বৰূপে বিভিন্ন চৰকাৰী–বেচৰকাৰী অনুষ্ঠানে সম্বর্ধনা আৰু বঁটা প্রদান কৰিছে৷ শিল্পী পেন্সন লাভ কৰা প্রয়াত ত্রৈলোক্য দত্তক বিষ্ণু ৰাভা বঁটা, শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা, অমূল্য কাকতি স্মাৰক বঁটাকে ধৰি বহুসংখ্যক বঁটা লাভ কৰিছিল৷
ইপিনে, তেওঁৰ মৃত্যুৰ লগে লগে অকলশৰীয়া হৈ পৰে বিশিষ্ট অভিনেত্রী অনুপমা ভট্টাচার্য৷ তেজৰ সম্পর্ক নাথাকিলেও ভাতৃ–ভগ্ণীৰ দৰে দীর্ঘদিন ধৰি একেলগে বাস কৰা অনুপমা ভট্টাচার্যই ত্রৈলোক্য দত্তৰ বিয়োগত শোকত ভাগি পৰে৷ সংবাদ মাধ্যমৰ আগত চকুলো টুকি তেওঁ কয়– ‘ত্রৈলোক্য মোৰ ভাই, পুত্রৰ দৰে আছিল৷ দুয়োটাই হাই–কাজিয়াও কৰোঁ, হাঁহি–ধেমালিও কৰি থাকোঁ৷ হঠাতে তেওঁ কিয় মোক এৰি থৈ গ’ল, সেইটোহে বুজি নাপালোঁ৷ সেইটোৱে মোৰ বুকুখন খুলি খুলি খাইছে৷ গোটেই জীৱনটো মোৰ দুখতেই গ’ল৷ জী–জোঁৱাইৰ মৃত্যু হ’ল৷ শেষত ত্রৈলোক্য দত্তকে ভাইৰ দৰে পাইছিলোঁ৷ মোক শুশ্রূষা কৰি ৰাখিছিল৷ এতিয়া মই কাৰ লগত থাকিম৷ কোনে মোৰ যত্ন ল’ব৷’ বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এক শোকবার্তাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত চিত্রশিল্পীগৰাকীয়ে ৰাজ্যখনৰ সংবাদ আৰু শিল্প জগতলৈ যি বৰঙণি আগবঢ়াই গৈছে, সেয়া জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ প্রয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে৷ বিশিষ্ট চিত্রশিল্পীগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যমত তেওঁ কয়– ‘প্রসিদ্ধ চিত্রশিল্পী তথা কার্টুনিষ্ট ত্রৈলোক্য দত্তৰ দেহাৱসানৰ বাতৰি পাই শোকাহত হৈছোঁ৷ কাঁহুদী শিৰোনামেৰে অসমৰ প্রথমটো বক্স কার্টুন অংকনেৰে এক নতুন ধাৰাৰ সূচনা কৰা দত্তদেৱৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷’ সদৌ অসম ছাত্র সন্থাৰ হৈ উপ–সভাপতি বিপুল ৰাভাই দত্তৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ তদুপৰি সদৌ গুৱাহাটী ছাত্র সন্থাই প্রয়াত চিত্রশিল্পীগৰাকীৰ নশ্বৰ দেহ শ্মশানলৈ পুষ্পসজ্জিত বাহনেৰে লৈ অহাৰ ব্যৱস্থা কৰে৷ বিশিষ্ট চিত্রশিল্পী আমিনুল হক, ছবি পৰিচালক অৰূপ বৰঠাকুৰকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়েও বাসভৱনত শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ অসম নাট্য সন্মিলনৰ সভাপতি তথা প্রাক্তন সাংসদ কুমাৰ দীপক দাসেও প্রথিতযশা চিত্রশিল্পীগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে৷ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰায়, অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব ড০ হৰিচৰণ দাস আৰু উপদেষ্টা দীপক কুমাৰ দাস, সদৌ অসম শিল্পী সমাজৰ কার্যকৰী সভাপতি প্রাঞ্জল শইকীয়া, সম্পাদক দুলাল দাসেও শোক প্রকাশ কৰি চিত্রশিল্পীগৰাকীৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে৷