কৃষক সমাজ অসন্তুষ্ট কিয়?
কৃষক আন্দোলনে কেন্দ্রীয় চৰকাৰৰ সন্মুখত গুৰুতৰ প্রত্যাহ্বান সৃষ্টি কৰিছে৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে কৃষকৰ হিত চিন্তা কৰি কৃষি আইন সংশোধন কৰিছিল৷ কিন্তু সেই তিনিখন কৃষি আইনৰ বিৰুদ্ধে এতিয়া স্বয়ং কৃষকেই প্রতিবাদ সাব্যস্ত কৰি ৰাজধানী দিল্লী উত্তাল কৰি তুলিছে৷ শেহতীয়াকৈ চৰকাৰে প্রতিশ্রুতি দিছে যে কৃষকসকলে যাতে উৎপাদিত সামগ্রীৰ নূ্যনতম সমর্থিত মূল্য লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ চৰকাৰে আন্দোলনকাৰী কৃষকৰ অন্যান্য দাবীসমূহো পূৰণৰ ক্ষেত্রত বিবেচনা কৰা হ’ব বুলি প্রতিশ্রুতি দিছে৷ কিন্তু আশংকা কৰা ধৰণেই আন্দোলনকাৰী কৃষকসকল চৰকাৰৰ প্রতিশ্রুতিত পতিয়ন যোৱা নাই৷ শুকুৰবাৰে সন্ধিয়া আন্দোলনকাৰী কৃষক নেতাসকলে ঘোষণা কৰিছে যে বিতর্কিত তিনিওখন কৃষক আইন চৰকাৰে বাতিল নকৰা পর্যন্ত আন্দোলন প্রত্যাহাৰ কৰা নহ’ব৷ স্বাভাৱিকতে প্রশ্ণ হয় চৰকাৰে যদি সঁচাই কৃষকৰ সামগ্রিক হিত চিন্তা কৰিয়েই আইনকেইখন প্রণয়ন কৰিছিল– যিটো চৰকাৰে নিজেই দাবী কৰি আহিছে, তেন্তে কৃষকসকল অসন্তুষ্ট আৰু উদ্বিগ্ণ হোৱাৰ কাৰণ কি? আইনকেইখন সংসদত গৃহীত কৰাৰ পূর্বে চৰকাৰে কৃষক সমাজৰ সৈতে দীঘলীয়া আলোচনা কৰাৰ প্রয়োজন আছিল৷ কৃষকসকল অনিশ্চয়তাৰ সন্মুখীন হোৱাটো অলপো আচৰিত নহয়৷ সেইদৰে তেওঁলোকক ন্যস্ত স্বার্থই বিপথে পৰিচালনা কৰাৰ আশংকাও নুই কৰিব নোৱাৰি৷ কিন্তু চৰকাৰে এই ডাঙৰ সমস্যাটোৰ সন্মুখীন হোৱাৰ সময়ত এইধৰণৰ যুক্তি প্রদর্শন কৰাটো উচিত নহয়৷ নিজৰ ভুল ঢ়াকিবলৈ এনেধৰণৰ যুক্তি আগবঢ়াই চৰকাৰ সাৰি যাব নোৱাৰে৷ ভাৰতত প্রায়ে ৰাজনৈতিক স্বার্থত হুৰমূৰকৈ সিদ্ধান্ত লোৱাটো বহুদিনৰ পূর্বৰে পৰা এক নিয়মত পৰিণত হৈ আহিছে৷ কৃষি আইন প্রণয়নৰ সময়তো ইয়াৰেই পুনৰাবৃত্তি দেখিবলৈ পোৱা গৈছিল৷ অর্থনৈতিক আৰু সামাজিক প্রতিক্রিয়াৰ দিশটোক একপ্রকাৰ উপেক্ষা কৰি চৰকাৰে এক প্রত্যাহ্বান হিচাপে আইনকেইখন গৃহীত কৰিছিল৷ ইতিপূর্বে নূ্যনতম সমর্থিত মূল্য আৰু অন্যান্য বিষয়ক কেন্দ্র কৰি কৃষকৰ মাজত প্রতিক্রিয়া সৃষ্টি হৈছিল৷ বিশেষকৈ পঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্র, উত্তৰ প্রদেশ আদি ৰাজ্যত এই আইনকেইখনৰ প্রকৃত উদ্দেশ্যক লৈ প্রশ্ণৰ অৱতাৰণা কৰা হৈছিল৷ ঠিক সেই সময়তে সদনত বিনাবিতর্কৰে আইনকেইখন প্রণয়ন কৰা হ’ল৷ সেইদৰে কৃষক নেতাসকলৰ সৈতে আলোচনাৰ সলনি তেওঁলোকৰ দাবীক প্রয়োজনীয় গুৰুত্ব প্রদান কৰা নহ’ল৷ চৰকাৰৰ এনে মানসিকতাই সাধাৰণ জনতা আৰু কৃষকক অসন্তুষ্ট কৰাটো স্বাভাৱিক৷ ইয়াৰ বাবেই কৃষক আন্দোলনে তীব্র ৰূপ ধাৰণ কৰা বুলি যদি অভিযোগ কৰা হয়, তেন্তে সেই অভিযোগ খণ্ডন কৰাটো সহজ নহ’ব৷
চৰকাৰৰ হাতত এতিয়াও সময় আছে৷ কৃষকসকলৰ দাবী সন্দর্ভত আন্তৰিকতাৰে আলোচনা কৰিবলৈ চৰকাৰে যদি আগবাঢ়ি আহে, তেন্তে এই সমস্যা সমাধান কৰাটো অসম্ভৱ নহয়৷ কিন্তু এটা কথা মনত ৰখাটো জৰুৰী যে আন্দোলনকাৰী কৃষকক শান্ত কৰাটোৱেই একমাত্র সমাধান হ’ব নোৱাৰে৷ চৰকাৰে কৃষকৰ সমস্যা সমাধান কৰিবলৈ আন্তৰিক প্রচেষ্টা গ্রহণ কৰিব লাগিব৷ ভাৰতত কৃষি খণ্ডই যিমান গুৰুত্ব লাভ কৰিব লাগিছিল, কেতিয়াও সিমান গুৰুত্ব লাভ কৰা নাই৷ কৃষক সমাজে নিজৰ প্রাপ্যৰ বাবে অতীতৰে পৰা সংগ্রাম কৰিবলগীয়া হৈ আহিছে৷ এনে পৰিস্থিতিত কৃষকে চৰকাৰৰ পৰা নূ্যনতম সমর্থন মূল্য বিচৰাটো স্বাভাৱিক৷ চৰকাৰে এই বিষয়টোত আৰম্ভণিৰে পৰা কিয় সর্বাধিক গুৰুত্ব নিদিলে, সেয়া আশ্চর্যজনক৷ অৱশ্যে এটা কথা ঠিক যে নূ্যনতম সমর্থন মূল্যই কৃষকৰ সমস্যা সমাধানৰ শেষ কথা নহয়৷ কৃষি খণ্ডক সর্পিল গতিত আগবঢ়াই নিবলৈ নূ্যনতম সমর্থন মূল্য উৎপাদনকাৰী কৃষকৰ বাবে নিশ্চিত কৰাৰ লগতে উৎপাদনৰ কার্যত তেওঁলোকে যাতে সকলো দিশৰ পৰা সহযোগিতা লাভ কৰে, তাৰ ওপৰতো চৰকাৰে ব্যৱস্থা গ্রহণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷ সঠিক কৃষি নীতি আৰু কৃষি আইনৰ সঠিক সংস্কাৰৰ জৰিয়তেহে দেশৰ অর্থনীতিক টনকিয়াল কৰিবলৈ কৃষকে কৰি অহা পৰিশ্রমৰ মূল্য দিয়াটো সম্ভৱ হ’ব৷