জীয়াই থকাৰ আনন্দ
পোনাৰামৰ গৰৈ মাছৰ ঘটনাটো ঘটিবৰ সময়ত মোৰ বয়স হৈছিল প্রায় সাত বছৰ৷ এই তুচ্ছাতিতুচ্ছ ঘটনাটোৰ স্মৃতি সুদীর্ঘ আশী বছৰ ধৰি কিয় মোৰ মনত জীৱন্ত হৈ আছে তাৰ কোনো ব্যাখ্যা মই বিচাৰি নাপাওঁ৷
আমাৰ ঘৰত সকলো সময়তে এজন কাম কৰা ল’ৰা বা ডেকা আছিল৷ তেনেকুৱা একোজন ল’ৰা বা ডেকা একেলেথাৰিয়ে সাত বছৰ পর্যন্ত আছিল৷ দেউতাৰ কাঢ়া নির্দেশত তেনেকুৱা সকলো মানুহকে পৰিয়ালৰ সদস্য বুলি ধৰি লোৱা হৈছিল৷ অৱশ্যে মোৰ মায়ো দেউতাৰ নির্দেশলৈ অপেক্ষা নকৰি নিজৰ স্বভাৱৰ দ্বাৰা চালিত হৈয়েই ঘৰৰ বন কৰা সকলো ল’ৰাকে পুত্রৱৎ স্নেহ কৰিছিল৷ এবাৰ মই মোৰ কাণ–সমনীয়া বুধিৰামৰ লগত কিবা কথাত কাজিয়া কৰি তাক চাকৰ বুলি গালি পাৰিছিলোঁ৷ দেউতাই কথাটো জানিব পাৰি মোক ইমান খঙেৰে ধমক দিছিল যে মই অভিমান কৰি দুসাঁজ ভাত নোখোৱাকৈ আছিলোঁ৷ মোৰ বাল্যকালত অভিমান কৰি ভাত নোখোৱাৰ ঘটনা ইমানবাৰ হৈছিল যে পিছলৈ তাৰ প্রতি ঘৰৰ কোনেও কেৰেপ নকৰা হৈছিল৷ ই আছিল মোৰ বাল্যকালৰ মনোকষ্টৰ এটা প্রধান কাৰণ৷
পোনাৰাম অতি ৰঙিয়াল স্বভাৱৰ ল’ৰা আছিল৷ সেই স্বভাৱৰ দ্বাৰা সি গাঁওখনত সকলো মানুহকে আপোন কৰি ল’ব পাৰিছিল৷ মই লিখা বেছিভাগ গল্পই অপাঠ্য৷ এখন হাতৰ আঙুলিৰ মূৰত লেখিব পৰা যিকেইটা গল্পক মই নিজে পাঠযোগ্য গল্প বুলি ভাবোঁ বা আনেও ভাবে সেইবোৰৰ ভিতৰত এটা হ’ল ‘গৰখীয়া’৷ গল্পটোৰ আচল নায়ক আছিল পোনাৰাম৷ কিন্তু গল্পটো লিখাৰ সময়ত মই কিবা এটা কথা ভাবি পোনাৰামৰ পৰিৱর্তে নায়ক কৰি পেলালোঁ তাৰ আপোন ভায়েক বুধিৰামক৷ সাত বছৰ ধৰি আমাৰ ঘৰত থাকি পোনাৰামে বিদায় লোৱাৰ পিছত তাৰ ঠাই লৈছিল বুধিৰামে৷ ওপৰত কৈছোঁ যে পোনাৰামে তাৰ ৰঙিয়াল স্বভাৱৰ দ্বাৰা গোটেই গাঁওখনৰ মানুহকে আপোন কৰি লৈছিল৷ সি যিদিনা আমাৰ ঘৰৰ পৰা চিৰকাললৈ বিদায় লৈ নিজৰ ঘৰলৈ যাত্রা আৰম্ভ কৰিলে সেই দিনটোৰ বর্ণনা দি মই ‘গৰখীয়া’ নামৰ গল্পটোত লিখিছিলোঁ– ‘গাঁওখনৰ মতা মানুহবোৰ বা বুধিৰামৰ লগৰীয়া ল’ৰাবোৰ তেতিয়া কোনোৱেই ঘৰত নাছিল, কাৰণ সকলোৱেই হাল বাবলৈ পথাৰলৈ গৈছিল৷ কিন্তু গাঁৱৰ বোৱাৰী–জীয়ৰী আৰু সৰু সৰু ল’ৰা–ছোৱালীবোৰ সকলোৱেই নিজৰ পদূলিত জুম বান্ধিছিল বুধিৰামক বিদায় দিবৰ কাৰণে৷ বুধিৰামে কান্দি কান্দি আৰু গাঁওখনৰ সকলোকে কন্দুৱাই নিজৰ বাটত আগবাঢ়ি গৈ থাকিল৷’
এইখিনি কথা লিখি থাকোঁতে মোৰ হঠাৎ মনত পৰিছে যে কেৱল ‘গৰখীয়া’ গল্পতে নহয়, মোৰ ‘পিতা–পুত্র’ নামৰ উপন্যাসখনতো পোনাৰামে কেইবাটাও পৃষ্ঠা দখল কৰিছে৷ ‘পিতা–পুত্র’ত সি নাম লৈছে গোপাল৷ (এইখিনিতে এটা কথা কৈ লোৱাটো দৰকাৰী বুলি ভবা হৈছে৷ ‘পিতা–পুত্র’ৰ নায়ক শিৱনাথ আচলতে এটাLiterary Cloning৷ কথাটো ইংৰাজীত লিখিলোঁ এই কাৰণে যেCloning শব্দটোৰ কোনো অসমীয়া প্রতিশব্দ মই বিচাৰি পোৱা নাই৷ জেনেটিক ইঞ্জিনীয়াৰিঙৰ দ্বাৰা মানুহে ‘ডলী’ নামৰ যিটো সর্বপ্রথম প্রাণী– এটা ভেৰা– সৃষ্টি কৰিছিল সি আছিল এটা ক্লনিং৷ অর্থাৎ বিভিন্ন ভেৰাৰ শৰীৰৰ পৰা জিন সংগ্রহ কৰি গৱেষণাগাৰত এটা জীৱন্ত ভেৰা সৃষ্টি কৰা হৈছিল৷ শিৱনাথৰ আধামানতকৈ বেছি মোৰ দেউতা, বাকী অংশ মই নিজে৷ দুয়োজনৰ অভিজ্ঞতাক মিলাই এজনৰ অভিজ্ঞতা হিচাপে বর্ণনা কৰা হৈছে৷)
উপন্যাসখনত গোপাল তথা পোনাৰামৰ বিষয়ে লিখা কথাখিনিত এটা মাত্র ক্ষুদ্র অংশ তলত উদ্ধৃত কৰা হ’ল৷ ‘শিৱনাথহঁতৰ ঘৰত যিমানবোৰ বন কৰা মানুহ আছিল সেই সকলোৰে ভিতৰত গোপালৰ কথাই তেওঁৰ আটাইতকৈ বেছিকৈ মনত পৰে, কাৰণ সি তেওঁৰ সমনীয়া আছিল আৰু কৈশোৰ বয়সৰ পাঁচ–ছটা বছৰ সিয়েই আছিল তেওঁৰ একমাত্র লগৰীয়া আৰু বন্ধু৷ জীৱন আৰু প্রকৃতিৰ বহুতো ৰহস্যৰ দুৱাৰ সেই গোপালেই এখন এখনকৈ তেওঁৰ চকুৰ আগত মুকলি কৰি দিছিল আৰু নতুন নতুন ৰহস্যৰ অভিযানত তেওঁক হাতত ধৰি লৈ গৈছিল৷ বাঁহনিৰ মাজৰ পোতা পুখুৰীৰ পাৰত বাঁকৰ খোজ আৰু জোনাক ৰাতি পথাৰৰ মাজৰ দুফেৰেঙীয়া গছৰ ডালত বহি থকা বুঢ়া ডাঙৰীয়াক আৱিষ্কাৰ কৰাৰ ভয়ার্ত শিহৰণ, ডাঠ জাৰণিৰ মাজৰ ওখ উৰিয়াম গছৰ ডাল বগাই মদনা আৰু গাল–পোৰা ভাটৌ পোৱালি চুৰ কৰি অনাৰ চৰম উত্তেজনা, বোৱাল গছৰ ডালত বহি পকা বোৱাল গুটিৰ টোপেৰে ৰাস্তাৰ কাষৰ খালত সোমোৱা বাঢ়নী পানীৰ পৰা বৰশীত ইটোৰ পিছত সিটোকৈ পাভ মাছ তোলাৰ ফূর্তি– এই সকলোবোৰ অবিস্মৰণীয় অভিজ্ঞতাৰ লগত শিৱনাথক প্রথম চিনাকি কৰি দিছিল গোপালেই৷’
এই কথাবোৰ লিখি থাকিবৰ সময়ত পোনাৰামৰ বিষয়ে ইমানবোৰ কথা মোৰ মনত পৰিছে যে সেই গোটেইবোৰ কথা লিখিলে সি এখন কিতাপৰ ৰূপ ল’ব৷ কিন্তু মোৰ পৰিকল্পনাত পোনাৰামৰ বিষয়ে কিতাপ লিখাৰ কথাই ঠাই পোৱা নাই৷ মই ক’ব খুজিছোঁ কেৱল পোনাৰামৰ গৰৈ মাছটোৰ কথা৷
আমাৰ গাঁৱৰ পৰা উত্তৰ ফাললৈ প্রায় এক কিলোমিটাৰ দূৰত কোৱাবাৰী নামৰ এখন ডাঙৰ পথাৰ আছে৷ বহুতো প্রাকৃতিক কাৰণত পথাৰখন এতিয়া খেতিৰ অনুপযোগী হৈ জলাহত পৰিণত হ’ল৷ ঢ়কুৱাখনাৰ বহুতো প্রকৃতিপ্রেমী মানুহে পথাৰখনক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে, কাৰণ পথাৰখন এতিয়া পৰিভ্রমী চৰাইৰ গন্তব্যস্থলত পৰিণত হৈছে৷ সি যি কি নহওক, মোৰ যৌৱন কাললৈকে কোৱাবাৰী আছিল এখন স্বর্ণ প্রসৱিনী শস্যক্ষেত্র৷ সেই সময়ত শালিখেতিৰ উপযোগী মাটি আমাৰেই আটাইতকৈ বেছি আছিল আৰু সেই গোটেইখিনি মাটি আছিল কোৱাবাৰী পথাৰত৷ ফলত কোৱাবাৰী পথাৰৰ লগত আমাৰ ঘৰখনৰ মানুহবোৰৰ আছিল অতি ঘনিষ্ঠ সম্পর্ক৷
কোৱাবাৰী পথাৰ য’ত আৰম্ভ হৈছে ঠিক সেইখিনি ঠাইতে আছিল এটা সৰু জান৷ জানটোৰ ওপৰত এখন কাঠৰ দলং৷ বোকাপানীত থাকি ভাল পোৱা শিঙি, মাগুৰ, কুচিয়া আৰু গৰৈ জাতীয় মাছবোৰ আছিল তৰাং জানটোৰ প্রধান বাসিন্দা৷ মাছবোৰ ধৰিবলৈ গাঁৱৰ ল’ৰাবোৰে জানটোৰ ঠায়ে ঠায়ে খোঁকা পাতি থয় (বাঁহেৰে সজা এবিধ মাছ ধৰা সঁজুলি)৷ যাৰ কপালত থাকে তাৰ খোঁকাত মাজে–সময়ে মাছ ধৰা পৰে৷
পোনাৰামেও জানটোত এটা খোঁকা পাতিছিল৷ সদায় নহ’লেও কেতিয়াবা নিশ্চয় তাৰ খোঁকাটোতো মাছ ধৰা পৰিছিল কিন্তু সেই খবৰ মোৰ কাণত পৰা নাছিল৷ কিন্তু এদিন পোনাৰামৰ খোঁকাত মাছ ধৰা পৰাৰ দৃশ্য মই নিজৰ চকুৰে দেখিবলৈ পালোঁ৷ মোৰ চকুত সেইদিনা সেই দৃশ্যটো ইমান ৰোমাঞ্চকৰ হৈ দেখা দিছিল যে আজি প্রায় আশী বছৰৰ পিছতো মই তাক পাহৰিব পৰা নাই৷
গাঁৱলীয়া খেতিয়কে বছৰৰ মাঘ–ফাগুন মাহত আহু ধানৰ খেতিৰ কাৰণে মাটি চহাবলৈ আৰম্ভ কৰে৷ আমাৰ অঞ্চলটোৰ মানুহে ঘাইকৈ দুবিধ ধানৰ খেতি কৰে ঃ শালি আৰু আহু৷ শালি খেতি আৰম্ভ হয় বাৰিষা কালত আৰু ধান চপোৱা হয় শীতকালত৷ আনহাতে, আহু খেতি আৰম্ভ হয় খৰালি কালত আৰু ধান চপোৱা হয় বাৰিষা কালত৷
আহু খেতিৰ কাৰণে পথাৰত হাল বাওঁতে মাটিত ডাঙৰ ডাঙৰ লদা বা চপৰা সৃষ্টি হয়৷ ধানৰ বীজ সিঁচাৰ আগতে সেই চপৰাবোৰ গুড়ি কৰি ল’ব লগা হয়৷ চপৰাবোৰ গুড়ি কৰিবলৈ দুটা সঁজুলি ব্যৱহাৰ কৰা হয় ঃ মৈ আৰু দলিমৰা৷ গৰুৱে টনা মৈখনত এটা মানুহ উঠি দিলে তাৰ ভৰত চপৰাবোৰ গুড়ি হৈ যায়৷ দলিমৰাটো হ’ল এডাল বাঁহৰ এমূৰত বান্ধি লোৱা এটা গধুৰ সঁজুলি– যাৰ সহায়েৰে এজন মানুহে চপৰাবোৰ খুন্দি খুন্দি গুড়ি কৰি দিয়ে৷ আজিকালি গৰু আৰু নাঙলৰ ঠাই ট্রেক্টৰে লোৱাৰ ফলত ওপৰত উল্লেখ কৰা সঁজুলিবোৰৰ নাম পর্যন্ত এতিয়াৰ মানুহে পাহৰি পেলাইছে৷ সেই কাৰণেহে সেই সঁজুলিবোৰৰ ব্যৱহাৰ বহলাই ব্যাখ্যা কৰিব লগা হ’ল৷
গাঁৱৰ সৰু সৰু ল’ৰাবোৰে মৈত উঠিবলৈ খুব ভাল পায়৷ দুটা গৰুৱে যেতিয়া মৈখন টানি নি থাকে, তেতিয়া মৈত উঠা ল’ৰাটোৱে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ অর্থাৎ মৈখনৰ পৰা বাগৰি নপৰিবলৈ গৰুৰ নেজত ধৰি থাকিব লগা হয়৷ অৱশ্যে কিছু সময় মৈখন চলাৰ পিছত মৈত উঠা ল’ৰাটোৱে গৰুৰ নেজত নধৰাকৈও শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা হয়৷ তেতিয়া ল’ৰাটোৰ মনত খুব ফূর্তি হয়, কাৰণ সি নিজকে সাবালক বুলি ভাবিব পৰাৰ অধিকাৰ অর্জন কৰে৷
পথাৰত যেতিয়া মৈ চলোৱাৰ সময় হয় তেতিয়া পোনাৰামৰ লগত ময়ো পথাৰলৈ যাওঁ৷ পোনাৰামৰ বাহিৰেও আমাৰ আৰু তিনিজন হালোৱা আছিল তেওঁলোক আছিল ওচৰ–চুবুৰীয়া গাঁওকেইখনৰ মানুহ৷ মৈত উঠিবলৈ মই যিদিনা পথাৰলৈ যাওঁ সেইদিনা আটাইকেইজন হালোৱাই এটা আনন্দৰ উৎসৱ হোৱা যেন অনুভৱ কৰে৷
যিদিনাৰ কথা ক’ব খুজিছোঁ সেইদিনা পথাৰত হাল বোৱা আৰু মৈ দিয়াৰ কাম শেষ কৰি মই পোনাৰামৰ লগত ঘৰলৈ উভতিছোঁ৷ বাকী দুজন হালোৱাই নিজৰ গাঁৱৰ ঘৰলৈ খোজ লৈছে৷ আমি ওপৰত উল্লেখ কৰা দলংখনৰ ওচৰ পাওঁতে পোনাৰামে মোক ক’লে– ‘তই এইখিনিতে অলপ ৰ৷ মই খোঁকাটো চাই আহোঁ৷’
পোনাৰামে ওখ আলিটোৰ পৰা খৰ খোজেৰে তললৈ নামি গ’ল আৰু জানটোৰ এআঁঠু পানী ভাঙি খোঁকাটোৰ ওচৰ পালেগৈ৷ পোনাৰামৰ খোঁকাত মাজে মাজে মাছ পৰে বুলি মই জানো, কাৰণ সেইদিনা পোৰা জীয়া মাছৰ গোন্ধত ঘৰখন মলমলাই থাকে৷ পোনাৰামৰ খোঁকাত মাছ ধৰা পৰাৰ দৃশ্য ইয়াৰ আগতে মই কেতিয়াও দেখা নাছিলোঁ৷ মই আলিবাটত থিয় হৈ তীব্র কৌতূহলেৰে তাৰ কাণ্ড–কাৰখানা চাই আছোঁ, এনেতে এটা ডাঙৰ চিঞৰ শুনি মই প্রায় চঁক্ খাই উঠিলোঁ৷ পিছ মুহূর্ততে মই দেখিবলৈ পালোঁ– পোনাৰামৰ সোঁহাতখনত এটা ডাঙৰ গৰৈ মাছ নাচিব ধৰিছে আৰু এটা অবর্ণনীয় উত্তেজনাত তাৰ মুখখন বিকৃত হৈ পৰিছে৷ মাছটো মোক দেখুৱাবলৈ বুলি সি নাচি থকা গৰৈ মাছটোৰে সৈতে তাৰ সোঁহাতখন ওপৰলৈ দাঙি ধৰিছে, আৰু ফাগুন মাহৰ দুপৰীয়াৰ ৰ’দ জাকতকৈও তাৰ মুখত ফুটি উঠা আনন্দৰ ৰ’দজাক বেছি উজ্জ্বল হৈ পৰিছে৷ মোৰ অনভিজ্ঞ অপৈণত মনটোৱেও অনুভৱ কৰিলে যে ইয়াতকৈ বেছি তীব্র আনন্দ কোনো উপলক্ষ্যতে কোনো মানুহৰ পক্ষেই অনুভৱ কৰা সম্ভৱ নহয়৷
আমি দুয়ো ঘৰলৈ খোজ ল’লোঁ৷ মই খোজ কাঢ়িছিলোঁ, কিন্তু পোনাৰামে খোজেপতি নাচি আছিল৷ গোটেই বাটছোৱা সি উত্তেজিত মাতেৰে কেৱল এটা কথাই কৈ আছিল– পোৰা গৰৈ মাছৰ পিটিকাৰে কর্কৰা ভাত খাবলৈ কিমান যে ভাল লাগিব তাৰ কথা শুনি মোৰ মনত ধাৰণা হ’ল যে পোৰা গৰৈ মাছৰ পিটিকা আৰু কর্কৰা ভাততকৈ বেছি সুস্বাদু খাদ্যৰ কল্পনা কৰাটো কোনো মানুহৰ পক্ষেই সম্ভৱ নহয়৷
মই যিমান দূৰ মনত পেলাব পাৰোঁ, এই ঘটনাটো ঘটিছিল ১৯৩৯ চনত৷ মোৰ বয়স তেতিয়া প্রায় ৭ বছৰ৷ ১৯৯৪ চনৰ ফেব্রুৱাৰী মাহত মই লিখিছিলোঁ ‘প্রজ্ঞাৰ সাধনা’ নামৰ মোৰ দীর্ঘতম ৰচনাখন– যিখন ৰচনা ১৯৯৪ চনৰ ১২ ফেব্রুৱাৰীত ডিব্রুগড়ৰ হনুমান বক্স কানৈ কলেজত পাঠ কৰা হৈছিল লক্ষ্মী প্রসাদ দত্ত সোঁৱৰণী বত্তৃণতা হিচাপে৷ বত্তৃণতাৰ সামৰণি খণ্ডত মই লিখিছিলোঁ– ‘পৃথিৱীৰ কোনো মানুহৰেই জীৱন সমূলি ব্যর্থ বা নিৰানন্দ হ’ব নোৱাৰে– যদিহে কোনবোৰ উৎসৰ পৰা জীৱনৰ আনন্দ আৰু সার্থকতা বিচাৰিব লাগে সেই কথা তেওঁ জানে৷ জীৱনৰ উচ্চাকাংক্ষাবোৰ অনেক সময়ত মৰীচিকাৰ নিচিনা তাৰ পিছে পিছে পাগলৰ দৰে ঢ়পলিয়াই থাকোঁতেই এদিন জীৱন শেষ হৈ যায়৷ অতি সাধাৰণ বুদ্ধি–বৃত্তি লৈ জন্মগ্রহণ কৰা যিবোৰ মানুহে কেতিয়াও জীৱনত অসাধাৰণ কৃতকার্যতা অর্জন কৰাৰ স্বপ্ণ দেখিব নোৱাৰে, অখ্যাত আৰু দৰিদ্র জীৱন যাপন কৰাটোৱেই যিকল লোকৰ বিধিলিপি, তেওঁলোকে যদি ওঠৰ শতিকাৰ বিখ্যাত ইংৰাজ লেখক হ’ৰেছ ৱালপোলৰ এষাৰ কথা মন্ত্রৰ দৰে ধ্যান কৰে, তেন্তে তেওঁলোকে নিজৰ তুচ্ছ আৰু নগণ্য জীৱনটোকো নতুন পোহৰত চাবলৈ শিকিব পাৰিব৷ হ’ৰেছ ৱালপোলে কৈছিল– ‘এজন ছাত্রই নিজৰ শ্রেণীৰ কেপ্ঢেইন হৈ যিখিনি গর্ব আৰু আনন্দ অনুভৱ কৰে, বিশ্ববিজয়ী আলেকজেণ্ডাৰে এটা বিশাল সেনাবাহিনীৰ সেনাপতি হৈও সিমানখিনি আনন্দ আৰু গর্ব অনুভৱ কৰা নাছিল৷’ এই কথাষাৰিৰ অর্থ এয়েই যে তৃপ্তি বা আনন্দৰ পৰিমাণ জুখিবলৈ সমগ্র বিশ্ব ভুবনতেই কোনো সঁজুলি বা মাপকাঠী নাই সি একান্তভাৱে নিজৰ অনুভূতিৰ কথা৷ এটা গাঁৱলীয়া খেতিয়কৰ ল’ৰাই পথাৰত হাল বাই দুখে–ভাগৰে ঘৰলৈ আহি পোৰা গৰৈ মাছ আৰু কর্কৰা ভাত খাই যিখিনি তৃপ্তি পায়, কোনোবা কোটিপতিয়ে পৃথিৱীত আটাইতকৈ বিলাস–বহুল হোটেলত মহার্ঘ আহাৰ খায়ো সিমানখিনি তৃপ্তি কেতিয়াও পাব নোৱাৰে৷’
সুদীর্ঘ ৫৫ বছৰ ধৰি মই মনত কঢ়িয়াই লৈ ফুৰিছিলোঁ পোনাৰামৰ গৰৈ মাছৰ স্মৃতি, এটা গৰৈ মাছে অবর্ণনীয় আনন্দেৰে উজ্জ্বল কৰি তোলা তাৰ মুখখনৰ ছবি৷