আন্দোলনৰত কৃষকৰ বাবে সাহায্যঃ দৰা-কইনাই বিবাহৰ উপহাৰৰ সলনি ল’লে অনুদান
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ কৃষি আইনক লৈ দেশত আৰম্ভ হোৱা কৃষক আন্দোলনৰ সমাপ্তিলৈ কিমান দূৰ সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আজি চৰকাৰৰ ফালৰ পৰা নমনীয়তা প্ৰদৰ্শন কৰি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে যদিও কৃষকৰ সিদ্ধান্ত জনোৱা হোৱা নাই।
কিন্তু এই কৃষক আন্দোলনক লৈ দেশখনৰ বলীউডৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত চলি থকা চৰ্চা-কাৰ্যই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। এনে এটা খবৰ আহিছে পঞ্জাৱৰ পৰা। পঞ্জাৱৰ মুক্তচৰ অঞ্চলৰ এখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
বিবাহখনত দেখা গৈছে এক আবেদন- য’ত কোৱা হৈছে যে বিবাহৰ বাবে উপহাৰৰ সলনি বিবাহ মণ্ডপত ৰখা দান পাত্ৰত কৃষক আন্দোলনৰ বাবে দান কৰক উপহাৰ। এই সাহায্যৰে কৃষকক খাদ্য, কাপোৰ বা আন প্ৰয়োজনীয় সামগ্ৰীৰে সহায় কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। কইনা আৰু দৰা উভয়ৰ মণ্ডপত সজাই ৰখা হৈছে এই দানপাত্ৰ। কৃষক আন্দোলনৰ প্ৰতি সহায়-সমৰ্থন বিভিন্নজনে আগবঢ়োৱাৰ মাজত এই খবৰেও দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ।