নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ প্ৰস্তাৱ নাকচ কৃষকৰ, ল’ব আন প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ কৃষি আইনক লৈ চৰকাৰে আজি আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰিলে কৃষকে। ১৪ তাৰিখে ভাৰতজুৰি বিক্ষোভৰ প্ৰস্তাৱ ল’লে প্ৰতিবাদী কৃষক সমাজে। কৃষক নেতাৰ মন্তব্য এই যে কৃষি আইন বাতিল নকৰা পৰ্যন্ত চলি থাকিব আন্দোলন। ১২ ডিচেম্বৰত জয়পুৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ কৰাৰ লগতে চৰকাৰৰ মন্ত্ৰীসকলক ঘেৰাও কৰা হ’ব। কৃষক নেতা ড০ দৰ্শন পালে ৰিলায়েঞ্চ জিঅ’ৰ সকলো প্ৰডাক্ট বহিষ্কাৰ কৰিবলৈও আহ্বান জনায় দেশৰ জনতাক।

উল্লেখ্য গৃহমন্ত্ৰী অমিত শ্বাহৰে কালি হোৱা বৈঠক মৰ্মে আজি কিছু প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কৃষক মৰ্চাক। কিন্তু নিজৰ মাজত হোৱা আলোচনাৰ পিছত এই প্ৰস্তাৱ নাকচ কৰে প্ৰতিবাদী কৃষক নেতাসকলে।

You might also like