আঘোণ আহিল আৰু গ’ল
আঘোণত আই ঘৰলৈ যাম৷ এপুৰা মাটিৰ বৰা–চকোৱা দাম৷ পিতায়ে আনিব দৈ৷ আখৈ–মুৰি টোপোলা ভৰাই তোমালৈ আনিম লৈ…৷ মানুহৰ কথাত আঘোণৰ ঢ়ৌ৷ কামত আঘোণৰ প্রস্তুতি৷ দেহত আঘোণৰ বা আৰু খোজত আঘোণৰ গোন্ধ৷ এনে অলেখ অনুভূতি লৈ ধৰাৰ বুকুলৈ আঘোণ আহে৷ আঘোণ যায়৷ থাকি যায় কেৱল স্মৃতি৷ আঘোণে ডখল–মাখল লগোৱা তাহানিৰ সেই গাঁৱৰ পৰিৱেশ এতিয়া অৱশ্যে নাই৷ যান্ত্রিকতাৰ আগ্রাসনত পিষ্ট হ’ল আঘোণৰ সকলো আৱেগ৷ আঘোণ এতিয়া কেৱল এটা মাহ৷ যাৰ পৰা নহয় কোনো অনুভৱ আৰু বিশেষ ডপলব্ধি৷ তথাপি দেহত এবুকু বিষাদ লৈ আকৌ আহিছে আঘোণ৷
কঁহুৱাৰ কোমল ফুল যেন শুভ্র কুঁৱলীয়ে গধূলি গধূলি ঢ়াকিছে পথাৰ৷ থাডনি নোপোৱা কুঁৱলীত গা বুৰাই পুৱাই পুৱাই কঁপিছে পূৰঠ ধানৰ থোক৷ মোৰ পথাৰৰ পূবৰ পৰা বেলি আহে নিঃশব্দে নীৰৱে৷ পথাৰে হাঁহে৷ নিয়ৰ হৈ ভয়ত কুঁৱলীৰ চকুপানী সৰে৷ নাৱৰীয়াই ডিঙি মেলি চায়– কোন পথাৰত বেলিৰ পোহৰ সৰিছে৷ নৈ গৰা ওখ৷ লাহী বিৰিণাৰ গা কঁপাই ডৰি যায় এজাক টুনি৷ মৰা শামুকৰ খোলাত ঠেং লগাই বালিমাহী নাচিলেই আমাৰ গাঁৱলৈ আঘোণ আহে৷ আঘোণ মানেই সোণোৱালী শইচে ভৰা এখন পথাৰ৷ ব্যস্ততাৰে ভৰা ধূলিয়ৰি বাট আৰু ডখল–মাখল নদীৰ ঘাট৷ দাৱনী হাতৰ কাঁচিখন হৈ থোক ভৰি হাডলি পৰে ধান৷ বৰা, চকোৱা, শ’লপোনা, জাহিঙা৷ কপৌ শালি, হাতীশালি, হালধৰম, আম পাখি …৷ কত যে ধানৰ নামে ভৰি থাকে আঘোণৰ পথাৰ৷ জহা ধানৰ সুগন্ধি বিয়পি থাকে পথাৰে বাটে একাকাৰ হৈ৷ আঘোণ আহিলে সেমেকা পুৱাৰ গাঁওবোৰ মানুহৰ ব্যস্ততাত ডমাল হৈ ডঠে৷ কান্ধত ডাঁৰিকী বাঁহ লৈ পথাৰ পায়গৈ ঘৰৰ মুখীয়া৷ গা ভাৰী ধানৰ মাজে মাজে ডাঁৰিকী গুজি সৰ ফালি ডলিয়াই সৰু সৰু বাট৷ সেই বাটেৰে দাৱনী যাব–লখিমী আহিব৷ কোমল মাটি কঁপাই চিৰিপ চিৰিপ ডাঙৰি আহিব৷ বাটৰ ধূলি ডৰাই লখিমী গাই আহিব গধূলি৷
আঘোণ আহিলে গঞাৰ দেহত পুৱা–গধূলি দেখা পাওঁ এক নতুন ব্যস্ততা৷ ৰ’দ–বৰষুণত তিতি বাৰিষাৰ ভাগৰ নৌমৰোঁতেই দেহত আকৌ কামৰ বোজা৷ পুৱা পথাৰত গৈ পিটিকি পিটিকি পকা ধান পৰীক্ষা কৰে৷ ক’লা পকা ধাননি এৰি আকৌ আন এডৰালৈ যায়৷ বেলাটো পথাৰত ঘূৰি দুপৰীয়া ঘৰ পায়হি৷ আমাৰ পিতায়েও তেনে কৰে৷ হাতত এথোক ধান আনি ব’টিক দেখুৱায়৷ থোকটো আগৰ পৰা গুৰিলৈকে পিটিকি চাই ব’টিয়ে মূৰ দুপিয়াই কয় – গুৰি ধানবোৰ গাখীৰতী হৈ আছে৷ দুদিনমান ৰওক৷ পিতাইৰ গা ডচ্পিছ কৰে৷ আবেলি আকৌ পথাৰলৈ যায়৷ বাঁহনিত সোমাই টমাল বাঁহ কাটি আনে৷ টমালৰ ৰছী তুলি ৰ’দত শুকুৱায়৷ পিতায়ে যিমান পাৰে কামবোৰ আগবঢ়াই থয়৷ পিতাইৰ বাবে আঘোণ এক ডাঙৰ অনুশীলন৷ পিতাইৰ কামত কোনো খুট নাই৷ কাতি মাহতে ভঁৰাল মচি সাজু কৰি থয়৷ বিৰিয়া মচি চিক্চিকীয়া কৰে৷ আমি পিতাইৰ কামবোৰ আগ্রহেৰে চাওঁ৷ কেতিয়াবা কয়– কামবোৰ শিকি থ’বি…৷ ভঁৰালৰ চাকোলা, ধৰণী, গাধৈ, ফৌকাম, খৰচনা আদি নামবোৰ আমি পিতাহঁতৰ মুখতে শুনা৷ পিতায়ে বহু মেহনত কৰি বনোৱা ভঁৰালটো আজিও চকুত লৈ ফুৰিছেছা৷ সেই ভঁৰালটোৱেই আছিল আমাৰ ঘৰৰ লখিমী৷ ভঁৰালবোৰক লৈয়ে প্রতিঘৰ মানুহৰ কিমান যে কল্পনা৷ আঘোণ আহিলে সেয়ে ভঁৰাল ঘৰ আশাৰ ঘৰ হৈ পৰে৷ ভঁৰালৰ আগখন মচি–কুচি পৱিত্র কৰি থোৱা হয়৷ এনে বিভিন্ন দায়িত্ব আৰু কামত বুৰ যায় গাঁওবোৰ৷ প্রতিঘৰ মানুহেই পথাৰলৈ গৈ নিজৰ পথাৰত ধান পকা ডমান লয়৷ পথাৰলৈ যাব পৰাকৈ ধাননিৰ মাজেৰে সৰ ফালি বাট ডলিয়ায়৷ ডাঙৰি বান্ধিবলৈ টমাল তোলে, ভঁৰাল সাজু কৰে আৰু এনেকৈয়ে হাড ভঙা পৰিশ্রমৰ বাবে সাজু হয় সকলো৷
পথাৰত সোণালী ৰং ছটিয়াই আঘোণ আহে সন্তর্পণে৷ পকা ধানৰ সুবাস সানি আলফুল মলয়া ঘূৰে৷ ন–কইনাৰ ওৰণি খহে৷ ৰ’দে আমনি কৰে৷ ধানৰ পাতে কপাহ লাহী আঙুলি কাটে৷ ডজুটিত কেঁচা নৰা ছিগে৷ তথাপি লাহী কোমল হাতেৰে দাৱনীয়ে আদৰে আঘোণ৷ বেলি বাঁহ গছৰ আগ ডঠিলেই জাকজাক দাৱনী যায়৷ আলি বগাই বাছি লয় নিজৰ পথাৰ৷ বতাহত গা লৰাই থকা ধানৰ থোকবোৰ কাচিৰে চপাই সেৱা ধৰি খচখচ ৰেপনি তোলে৷ সশব্দত পথাৰ শুৱলা হয়৷ সোণালী ধাননি ক্রমে নৰানি হয়৷ দাৱনী হাতৰ চুটি চুটি মুঠিবোৰ নৰা–ভাঙি থৈ যায় আলফুলে৷ ধান দাই ভাগৰ লাগে৷ খন্তেক জিৰণিৰ চলতে হাঁচতি খুলি তামোলেৰে সেলেঙি বোৱাই ওঁঠ৷ দেহত বল আনে তামোলে৷ আকৌ খেচ্ খেচ কাচিৰ ৰেপনি৷ জাপ জাপ মুঠি দেখি মন ভৰে মুহূর্তে মুহূর্তে৷ আনন্দতে বনগীত–বিয়ানামৰ সুৰ৷ কাষতে সেডতি, ৰমলা আৰু সোণপাহিহঁতৰ পথাৰ৷ সিহঁতেও বিয়ানাম জুৰিছে৷ লাহে লাহে সুৰীয়া হয় সোণালী পথাৰ৷ দূৰত কোনোবাই ডঁকিয়াই কথা কৈছে – ঐ মাখনী, গৰুজনী চাবি৷ এৰাল ছিঙি মুঠি খাব…৷ কোনোবাই কৈছে– শুনিছনে টেপুৰাম, গোজ দুটা পুতি কাপোৰখন আঁৰি দেচোন৷ ৰ’দ টান হৈছে৷ বেলি দুপৰ হয়৷ আঁতৰত ৰিণিকি ৰিণিকি দেখা মানুহবোৰ ওচৰ পায়হি৷ হাতত ভাত–জলপানৰ টোপোলা৷ পুৱাতে খাই অহা নিসনি ভাতকেইটা জিন গৈ দাৱনীৰ পেট কলমল কৰে৷ টোপোলা খুলিলেই গৰম ভাতৰ গোন্ধ বিয়পে৷ মূলা আৰু ঢ়েৰুৱা শাকৰ জোল৷ খৰুৱা বেঙেনাৰে ভাজি অনা সামান্য ব্যঞ্জনখনৰ আকর্ষণ ভোকৰ পেটেহে জানে৷ জুতি লগা বিলাসী ভোজনহেন টোপোলাৰ ভাত দাৱনীৰ মুখত অমৃত যেন হয়৷ কাঁহী দাঁতিত অকণমান নিমখ– এডোখৰ জলকীয়া৷ ইমানেই কৃষকৰ ভোগ৷ আঘোণৰ পথাৰত অৱশ্যে ভোগতকৈ কামৰ ভাৰ বেছি৷ জুতি ল’বলৈ কাৰো সময় নাই৷ পেটত এমুঠি পৰিলেই হ’ল৷ সেয়াই ভোগ, সেয়াই জুতি৷
ৰঙে–ৰূপে ভৰা আঘোণৰ পথাৰ৷ কেডফালে মানুহৰ ব্যস্ততা আৰু খোজৰ গিৰিপনি৷ ডজুটিত নখ–ছাল ছিগে৷ আঘোণত সেইবোৰ থাকিবই৷ তেজ ডোঙা পাতিলেও চাবলৈ সময় নাই৷ বন দৰব পিহি ফটাকাণি বান্ধিলেই ভাল হয়৷ কান্ধত ডাঙৰি লৈ গিৰিপ গিৰিপ ভদীয়াৰ খোজ৷ বাটত ধূলি ডৰে– পথাৰত নৰা ছিগে ভদীয়াৰ খোজত৷ তাৰ মাজতে এৰালৰ গৰুখুঁটি লৰোৱা– পানী খুডওৱা কামবোৰো হয়৷ কোনোবা পাকত বিৰিয়াৰ আগত বৰটেঙা খুঁচি পথাৰলৈ নিয়ে৷ আবেলি পৰত নৰানিৰ আঁৰত বহি নিমখ–জলকীয়াৰে বৰটেঙা খোৱাৰ সময়৷ ৰিং এটা মাৰি জেতুকীয়ে ওচৰৰ দাৱনীক কয়– ঐ মালতী, বৰটেঙা খাওঁ আহ৷ টেঙা খাবৰ হয় মানে চাপৰি চাপৰি ভদীয়াই ডাঙৰি বান্ধে৷ এপাকত লগত বহি ভদীয়াই টেঙা খায়৷ টেঙা খালো জিন যা– জলকীয়া খালো জিন যা …৷ দুবাৰ–তিনিবাৰ সেই বুলি কৈ পাতখন চেলেকি ভদীয়া গিৰিপকৈ ডঠি কান্ধত ডাঙৰি ভাৰ লয়৷ আকৌ চিৰিপ চিৰিপ ডাঙৰিৰ লহৰ৷ জেতুকীয়ে মাত লগায়– বোলো শুনিছেনে, পাণ দুখিলামান লৈ আহিব…৷ আঘোণৰ পথাৰত কত যে কথা, কত যে খাটনি৷ কত যে অনুৰোধ, কত যে কাবৌ কোকালি৷ ইয়াৰ মাজতে সোমাই থাকে আঘোণৰ প্রতি হিয়াৰ টান৷
লেছেৰি বোটলা শিশু আৰু চেমনীয়াই আঘোণৰ বুকুত প্রাণ–প্রাচুর্য ঢ়ালে৷ সেনি ছিগা থোক আৰু দাৱনীৰ চকুত নপৰা ধানৰ থোক বুটলি কত যে লৰা–ঢ়পৰা সিহঁতৰ৷ ডাঙৰি বান্ধোতে কেতিয়াবা ধানৰ মুঠিও থাকি যায়৷ তেনে মুঠি পালে সিহঁতে কিৰীলি পাৰি আনন্দ কৰে৷ মুঠি মুঠি ধানৰ থোক আৰু হেৰাই পোৱা মুঠিৰে কোঁচ ভৰাই গধূলি চেমনীয়া ঘৰলৈ আহে৷ ধানৰ পাতে হাত কাটে৷ কেঁচা নৰাই ভৰি কাটে৷ হাত–ভৰি দমলা দমল হয়৷ মাকহঁতে গধূলি ভৰি ধুৱালে চেঙালুটি পাৰে৷ ফেঁকুৰি–ডচুপি কান্দে৷ খাই তেল অকণমান সানি দিলে পোৰণি – দেৱনি মৰে৷ টোপনিত সিহঁতে সপোন দেখে৷ লেছেৰি বেচি কিতাপ ল’ব – গৰম চোলা ল’ব৷ পাৰিলে এযোৰ জোতা৷ লেছেৰিৰ মাজত পিটপিটাই ফুৰে শিশু চেমনীয়াৰ কত যে আশা৷ কত যে ভৰসা৷ সিহঁতৰ বাবে আঘোণ আশাৰ সপোন৷ আঘোণৰ পথাৰত শৈশৱৰ সোৱাদ থাকে৷ থাকে কিবা এটা বিচাৰি পোৱা আৰু পমখেদাৰ প্রতিযোগিতা৷ নৰানিৰ মাজে মাজে চেচোৰ দীঘলীয়া পাত বিচাৰি চেমনীয়াই নিজৰ পাৰদর্শিতা দেখুৱায়৷ কেঁহেৰুৰ শিপা বিচাৰি মনে মনে খোজ দিয়ে৷ পালেই চিঞৰি ডঠে৷ কিবা এটা বিচাৰি পোৱাৰ আনন্দত সকলো মতলীয়া হয়৷ সিহঁতৰ বাবে আঘোণ আনন্দৰ মাহ৷ কিন্তু সেই একেই আঘোণ– যি ডাঙৰসকলৰ বাবে এক মহান দায়িত্ববোধৰ মাহ৷ আঘোণেই এখন ঘৰৰ আর্থিক দাপোণ৷ আঘোণ ভৱিষ্যতৰ ভৰসা৷ আঘোণত ভঁৰাল নভৰিলে ঘৰখনৰ সপোন অথলে যায়৷ সেই বাবেই হয়তো দায়িত্ব আৰু আনন্দৰ সমাহাৰে আঘোণ বৰণীয়া হয়৷ আঘোণ আহিলে মিলাপ্রীতি আৰু সৌজন্যবোধত গাঁওবোৰ বুৰ যায়৷ গধূলি ঘৰে ঘৰে ন–খোৱা আৰু মৃতজনৰ আত্মাৰ সদ্গতিৰ অর্থে বৰা চাডলৰ জলপান খুওৱা হয়৷ চেৱা দিয়া, ভাপত দিয়া আৰু চুঙা চাডলৰ গোন্ধে আমোলমোলাই থাকে আঘোণৰ গধূলি৷ চুঙা দৈ আৰু টেকেলি গুড়ৰ লগত বৰা চাডলৰ জলপানত এক অনন্য সোৱাদ থাকে৷ আঘোণ গ’লে এনে সোৱাদ আৰু ঘূৰাই পোৱা নাযায়৷ ন–খোৱা আঘোণৰ এক অনন্য অংশ৷ ব’হাগত কঠীয়া পাৰোঁতেই গুৰুবচনেৰে অংগীকাৰ কৰা হয় – ‘গুৰুত লগাম, ভকতত লগাম আৰু ন পুৰুষৰ শ্রাদ্ধত লগাম …৷’ ব’হাগতে বোলা সেই বচন কৃষকে নাপাহৰে৷ আঘোণত সেয়ে গুৰু ভকত মাতি ন–ভাত আগবঢ়োৱা হয়৷ নানা ব্যঞ্জন আৰু মাছ–মঙহেৰে ন–চাডলৰ ভাত এক বিশেষ বিশিষ্টতাৰে ভৰা৷ সেই সোৱাদৰ বাবে আঘোণলৈ বাট চাই থাকে সকলো৷ আঘোণৰ অন্য এক আকর্ষণ হৈছে শাৰীয়া দোৱা বা হাৰিয়া দোৱা৷ এই কামৰ বাবে ছয়–সাতটা ডেকাল’ৰা লগ হৈ এদিন এদিনকৈ প্রত্যেকৰে ঘৰত ধান দাই যিমান পাৰি সোনকালে খেতি চপাবলৈ যত্ন কৰা হয়৷ নামনি অসমত ইয়াক হাৰিয়া দোৱা বোলে৷ শাৰীয়া বা হাৰিয়া দোৱাত যথেষ্ট আনন্দ আৰু খেতি চপোৱাত বল পোৱা যায়৷ নানা ৰং–ৰহইচ, বিহুনাম, যোৰানাম আৰু ধেমেলীয়া কথাৰে দিনটো কেতিয়া পাৰ হয় গমকে নাপায়৷ ধান দোৱা, মৰণা মৰা আৰু ডাঙৰি কঢ়িয়াওতে বহু কষ্ট হয় যদিও ইয়াৰ তুলনাত আনন্দ–আমেজৰ পৰিমাণ বেছি৷ ইয়াক কাম নুবুলি কৃষ্টি বুলি কোৱাহে যুগুত হ’ব৷ আমিও এই কৃষ্টিত জডিত হৈ আহিছো৷ গাঁওবোৰত এতিয়াও এই কৃষ্টি আছে৷ আমাৰ নিজৰ নিজৰ ঘৰত ধান দাই শেষ হ’লে আমাৰ পালবোৰ সৰহীয়া খেতি থকা ঘৰত বেচি দিওঁ৷ সেই পইচাৰে আমি গধূলি গধূলি দূৰণিৰ পামঘৰত ভোজ ভাত খাওঁ৷ নিশাটো আনন্দ কৰো৷ বিহু মাৰি অভিনয় কৰো৷ এনে আনন্দ কেৱল আঘোণেহে আনে৷
আঘোণ শীতকালৰ মাহ৷ আঘোণত জুই ফুডওৱা আৰু গাত কঁথা–কম্বল লোৱাৰ এক বিশেষ আমেজ আছে৷ গধূলি হ’লেই গাঁওবোৰ নিয়ৰ–কুঁৱলীয়ে ঢ়াকে৷ মানুহৰ মাত–কথা আৰু ৰিং– ডঁকিবোৰ নিয়ৰ–কুঁৱলীয়ে আগচি ধৰে৷ ওচৰ চাপিলেহে সেইবোৰ শুনা যায়৷ জুয়ো দূৰৰ পৰা নেদেখি৷ পুৱা বেলি বাঁহৰ আগ পালেহি নিয়ৰ–কুঁৱলী গুচে৷ এনে পৰিৱেশত জুই আৰু গৰম কাপোৰহে মানুহৰ একমাত্র সংগী৷ গধূলি বাহিৰৰ ঘৰত কাঠখৰিৰ জুই জ্বলালেই ওচৰ–চুবুৰীয়া আহি গোট খায়হি৷ দগমগীয়া জুইৰ চাৰিও কাষে বহি বিভিন্ন মুখৰোচক কথা পাতে৷ জুই ফিৰিঙতিয়ে কাৰোবাৰ এৰিয়া কাপোৰ পোৰে, হাত–ভৰি পোৰে৷ ধোঁৱাই চকু পানী ডলিয়ায়৷ জুই টান হ’লে কলাফুলত জুই চেৰেঙা মেলে৷ তথাপি জুইৰ সুখ আঘোণৰ এক অনন্য অনুভূতি৷ কাপোৰৰ সুখ এক অনন্য অনুভৱ৷ নিশা গছ পাতৰ নিয়ৰ কলপাতত টপৰ টপৰকৈ পৰে৷ পুৱতি নিশা চৰচৰকৈ৷ যেন এজাক চিম্চিমীয়া বৰষুণহে পৰিছে৷ নিয়ৰ সৰাৰ শব্দত ফেঁচাৰ ডৰুলি তল পৰে৷ তথাপি ফেঁচাজনীয়ে মাতে৷ ফেঁচাৰ মাতত শিশুৱে ভয় কৰে৷ কুঁচিমুচি মাকৰ বুকুত সোমায়৷ আঘোণৰ শীতত ভৰি ঠেঁটুৱৈ ধৰে৷ হাতৰ আঙুলি ঁকৰা হয়৷ জাৰত ওঁঠ ফাটে৷ শিয়ালে গাঁতত সোমাই শীতৰ আমেজ লয়৷ ধাননিৰ মাজত পাওকৰাই মাতে৷ নিয়ৰত তিতি জুৰুলি জুপুৰি হয় গেৰেলা মেচেকা৷ চৌদিশে সকলোৰে গাত শীতৰ আঁচোৰ৷ এনেকৈয়ে আঘোণৰ অনুভৱ শীতে যুগমীয়া কৰে৷ পুৱা নিয়ৰে তিয়াই থয় চোতাল–পদূলি৷ কুঁৱলীয়ে ঢ়াকি ৰাখে শুৱনি বাৰী৷ পুখুৰীৰ পাৰত ডাঠ কুঁৱলী বহে৷ কুঁৱলীৰ মাজতে ৰৈ পিতায়ে গা ধোৱে৷ কঁপি কঁপি চোতালৰ মূৰত তিয়নি সলায়৷ পিতাইৰ গাৰ পৰা ধোঁৱা ওলায়৷ আমি ৰ লাগি চাওঁ৷ গোহালিৰ গৰু বাজলে ডলিয়াই আনিলেও সিহঁতৰ নাক–মুখৰ পৰা ধোঁৱা ওলায়৷ কুকুৰ–মেকুৰীৰ মুখতো ধোঁৱা, আমাৰ মুখতো ধোঁৱা৷ আচলতে সেয়া ধোঁৱা নহয়৷ আঘোণৰ শীতে মুচৰি পেলোৱা জলীয় বাষ্পহে৷
আঘোণ আহিলে শীতত মুচ–কচ যায় শুৱনি গছৰ কুমলীয়া পাত৷ বাটৰ ধূলি সাবটি এদিন–দুদিনকৈ পাৰ কৰে শীতৰ দিন৷ পাতৰ ধূলি নিশা নিয়ৰে ধুৱায়– দিনত ধূলিয়ে ঢ়ৌৱায়৷ এনেকৈয়ে আগবাঢ়ে শীতৰ আঘোণ৷ ডালৰ চৰাই আঘোণত এলেহুৱা হয়৷ ঠেং সাবটি চোতালত শালিকী বহে৷ ওচৰ পালেও খোজ সলাবলে মন নকৰে৷ জাৰত গৰু–ছাগলীৰ গাৰ নোম ভোবোৰা হয়৷ গা লৰাবলেও এলাহ কৰে৷ সিহঁতৰ বাবে আঘোণ আমনিৰ মাহ৷ গোনা ম’হে ঘূলি এৰি ধূলিত গা থয়৷ ধূলিৰ ডমত নাক বজাই শোৱে৷ আঘোণৰ বাটত চিপ্ চিপ্ ডাঙৰি শবদ৷ কেৰ্ কেৰ্ গৰু গাডী ডাঙৰি ভৰি যায়৷ হাত সাবটি গধূলি ঘৰলৈ ঘূৰে দাৱনী৷ গাই ডিঙিৰ এৰাল চোঁচৰে বাটত৷ ঘটি–লোটাৰ টিং টিং মাত হাতত৷ আঘোণৰ শীতে চেমনীয়াৰ মুখৰ মাত হৰে৷ নিঃশব্দে নীৰৱে মাকৰ পিছত খোজ লয় ঘৰলৈ৷ আঘোণৰ শীতে এনেকৈয়ে মানুহ আৰু প্রকৃতিৰ জীৱন ছন্দহীন কৰে৷ ছন্দহীন কৰে মনৰ ডদ্যম৷ তথাপি আঘোণ আহিলে গ্রাম্য কৃষ্টিৰ জোৱাৰ ডঠে ঘৰ আৰু পথাৰত৷ আঘোণ অসমীয়া কৃষ্টি–সংসৃকতিৰ বৰঘৰ শুৱনি মাহ৷ আঘোণত গাঁৱে গাঁৱে বিয়াৰ আয়োজন হয়৷ ডেকা–গাভৰুৰ মিলনৰ ডত্তম মাহ আঘোণ৷ পথাৰৰ লখিমীৰ লগতে ঘৰৰ লখিমীয়ে পৰিয়াল শুৱনি কৰে৷ ঘৰলৈ নতুন মিতিৰ আহে৷ আঘোণৰ পথাৰখনো ন–কইনাই শুৱনি কৰে৷ কামত সহায় হয়৷ বুঢ়া লোকে কয় – আঘোণত মিতিৰ, ফাগুনত কুটিৰ…৷
আঘোণ মাহ খৰালি কালৰ এক অনন্য মাহ৷ এই মাহত শাক–পাচলিৰে নদন–বদন হয় প্রতিঘৰ মানুহৰ বাৰী৷ লাই, মূলা, কবি, বেঙেনা, গোন্ধোৱা, খুতৰা শাকৰ জুতি লগা জোল৷ হেন্দালিত শুকায় আবতৰীয়া ভোল৷ পিৰালি ভৰি থাকে খৰুৱা বেঙেনা আৰু মান ধনীয়াৰ পাত৷ জাতিলাউ–কোমোৰা আঘোণৰ বিশেষ পাচলি৷ বিধে বিধে ডৰহি৷ জাতে জাতে কচু৷ ডাল ভৰি লাগে কণ বিলাহী৷ আঘোণৰ পথাৰত লাই শাক–কচুগুটি আৰু কণ বিলাহীৰ আঞ্জাৰে আমপাখি চাডলৰ ভাত৷ এনে জুতি লগা ভাত আঘোণৰ বাহিৰে আন মাহত পোৱা নাযায়৷ আঘোণত আয়ে সিজোৱা তাহানিৰ সেই ভাত সাঁজলৈ চেৰেং চেৰেং মনত পৰে৷ মনত পৰে আই মুখৰ ফঁকৰাবোৰলৈ৷ আয়ে বোলে আইজনী আৰু দুদিন থাক, লৰুৱা পাভৰ লগত আছে পুৰৈ শাক৷ জীয়েকলৈ মাকৰ কিমান মৰম সেই কথা এই ফঁকৰাটিৰ পৰাই বুজিব পাৰি৷ অসমীয়া মানুহে সেয়েহে কথাই কথাই কয় – আই আছে খাই যা, আই নাই চাই যা…৷ আমাৰ কৃষ্টি–সংসৃকতি আৰু লোকাচাৰত আঘোণৰ অৱদান অসীম৷ আঘোণ কেৱল এটা মাহেই নহয়৷ আঘোণৰ আছে নিজা ঐতিহ্য, নিজা ৰং আৰু নিজা বিশিষ্টতা৷ আঘোণ গাঁৱৰ মাহ, আঘোণ কামৰ মাহ আৰু আঘোণ অনুভৱৰ মাহ৷ গ্রাম্য জীৱনৰ শিৰাই শিৰাই চিৰ প্রবাহমান আঘোণ আমাৰ বাবে শিৰৰ মুকুট৷ জাতিটো জীয়াই থকালৈকে আঘোণ জীয়াই থাকিব৷ এনে অলেখ ভাব–আৱেগ আৰু অনুভৱ–নুভূতিৰ বোজা লৈ আঘোণ আকৌ আহিছে আৰু আহি থাকিব অনন্ত কাললৈ …৷ সেয়েহে আঘোণ তোমাক জনালো স্বাগতম৷