নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লী সীমান্তৰ পথ অৱৰোধ কৰি কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদৰ বাবে অর্থনীতিত বৃহৎ প্রভাৱ পৰিছে৷ নতুন দিল্লীৰ লগতে অঞ্চলটোৰ বিভিন্ন স্থানলৈ যোগান ব্যৱস্থা আৰু যাতায়াতত ব্যাঘাত জন্মাত ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷ দেশৰ ঔদ্যোগিক সংস্থা এছ’ছামে প্রকাশ কৰা মতে কৃষকৰ প্রতিবাদ অব্যাহত থকা অঞ্চলটোৰ আন্তঃসংযোগী অর্থনীতিত প্রচণ্ড প্রভাৱ পৰিছে৷ প্রতিবাদৰ বাবেই যোগান আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মাত প্রতিদিনে ৩,০০০–৩,৫০০ কোটি টকা লোকচান হৈছে৷
এছ’ছামে এই লোকচানক লৈ উদ্বিগ্ণতা প্রকাশ কৰি শীঘ্রেই কেন্দ্রীয় চৰকাৰ আৰু কৃষক সংগঠনসমূহক সমাধানৰ আহ্বান জনাইছে৷ ঔদ্যোগিক সংস্থাটোৱে প্রকাশ কৰা মতে, পঞ্জাব–হাৰিয়ানা আৰু হিমাচল প্রদেশ কৃষি আৰু উদ্যান শস্যত সমৃদ্ধিশালী৷ ইয়াৰ লগতে অঞ্চলটোত বিভিন্ন উদ্যোগ যেনে– খাদ্য সংসাধন, বস্ত্র উদ্যোগ, যান–বাহন, কৃষি সামগ্রী আৰু তথ্য–প্রযুক্তিৰ উদ্যোগ আছে৷ ইয়াৰ উপৰি পর্যটন, বাণিজ্য, যান–বাহন আৰু আতিথ্য আদিও অন্যতম৷ কৃষকৰ আন্দোলনৰ বাবে এই আটাইবোৰ খণ্ডতে বিৰূপ প্রভাৱ পৰিছে৷
এছ’ছামৰ সচিবপ্রধান দীপক সুদে প্রকাশ কৰা মতে কৃষকৰ প্রতিবাদৰ বাবে যাতায়াত আৰু যোগান ব্যৱস্থা বিধ্বস্ত হৈছে৷ পৰিণতিত দিনে অঞ্চলটোত ৩,৫০০ কোটি টকা ব্যৱসায়ত লোকচান হৈছে৷ দেশৰ বিভিন্ন প্রান্তৰ ফলমূল আৰু শাক–পাচলিৰ খুচুৰা মূল্য বৃদ্ধি পাইছে৷ ক’ভিড–১৯ৰ প্রভাৱৰ পৰা অর্থনীতি পুনৰুদ্ধাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে এই আন্দোলনে পুনৰ অঞ্চলটোৰ অর্থনীতিত প্রভাৱ পেলাইছে৷ উল্লেখ্য যে পঞ্জাব, হাৰিয়ানা, হিমাচল প্রদেশ আৰু জম্মু–কাশ্মীৰৰ অর্থনীতি ১৮ লাখ কোটিৰ৷ প্রতিবাদৰ বাবে পথ অৱৰোধ, টোলপ্লাজা আৰু ৰে’ল যাতায়াত বন্ধ কৰাত অর্থনৈতিক কার্যকলাপত বাধা আহি পৰিছে৷