নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট প্রস্তুতি

চলিত ২০২০–২১ বিত্তীয় বর্ষ শেষ হোৱাৰ দিশে আগবাঢ়িছে৷ অহা ৩১ মার্চত অন্ত পৰিব মহামাৰী ক’ৰোনাৰ গ্রাসত পৰা ২০২০–২১ বিত্তীয় বর্ষ৷ চলিত বিত্তীয় বর্ষৰ সামৰণিৰ পূর্বে অনাগত নতুন বিত্তীয় বর্ষটোৰ বাবে বাজেট প্রস্তুতি চৰকাৰৰ পৰম্পৰা৷ ইতিমধ্যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই প্রস্তুতিৰ অংশ হিচাপে বিভিন্ন বাণিজ্যিক সংস্থা–ট্রেড ইউনিয়নৰ স’তে একাধিক বৈঠকত মিলিত হৈছে৷ প্রধানতঃ এই বৈঠকৰ উদ্দেশ্য হ’ল– আগন্তুক বিত্তীয় বর্ষৰ বাবে দাখিল কৰিবলগীয়া বাজেট সন্দর্ভত পৰামর্শ গ্রহণ কৰা৷ ক’ৰোনাৰ প্রকোপে মোক্ষম আঘাত হনা দেশৰ অর্থনীতিক সকাহ প্রদান কৰাৰ ক্ষেত্রত ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটৰ অৰিহণা নিশ্চিতভাৱে অতি গুৰুত্বপূর্ণ হ’ব৷ সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি অহা ১ ফেব্রুৱাৰীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২১–২২ বিত্তীয় বর্ষৰ বাজেট৷ তাৰ পূর্বে বাণিজ্যিক সংস্থা আৰু ট্রেড ইউনিয়নসমূহৰ স’তে তেওঁ বাজেট প্রত্যাশাক লৈ ভিডি’ কনফাৰেঞ্চিংযোগে মিলিত হোৱা বৈঠকসমূহে যথেষ্ট গুৰুত্ব লাভ কৰিছে৷ কিয়নো এই বৈঠকসমূহত বাণিজ্যিক সংস্থা আৰু ট্রেড ইউনিয়নসমূহে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক বাজেট প্রস্তুতি সন্দর্ভত আগবঢ়াইছে বহু প্রাসংগিক পৰামর্শ৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে যোৱা শুকুৰবাৰে কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রীৰ এক অনুষ্ঠানত নিজেই ঘোষণা কৰিছে যে ক’ৰোনাত ক্ষতিগ্রস্ত অর্থনীতিৰ উন্নতিৰ ব্যৱস্থা কৰাটোৱে হ’ব আগন্তুক বিত্তীয় বর্ষৰ বাজেটৰ প্রধান লক্ষ্য৷ আগন্তুক বিত্তীয় বর্ষৰ বাবে এনেকুৱা এখন বাজেট প্রস্তুত কৰা হ’ব, যিটো ইতিপূর্বে কোনো এটা বিত্তীয় বর্ষতে হোৱা নাছিল৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীৰ এই ঘোষণাৰ পৰা এই কথাই বুজিব পাৰি যে ক’ৰোনাই তচনচ কৰি পেলোৱা দেশৰ অর্থনীতিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কেন্দ্রীয় চৰকাৰে আগন্তুক বিত্তীয় বাজেটত বিশেষ ব্যৱস্থাক অগ্রাধিকাৰ দিব বিচাৰিছে৷ ক’ৰোনা প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউন পর্যায়ক্রমে শিথিল কৰি দিয়াৰ পাছত আৰু মহামাৰীৰ দ্রুত সংক্রমণ কমি অহাৰ ফলত শেহতীয়াকৈ দেশৰ অর্থনীতিয়ে কিছু গতি লাভ কৰিছে৷ এই গতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত চৰকাৰী পৃষ্ঠপোষকতা অতি আৱশ্যক বুলি ইতিমধ্যে অর্থনীতিবিদ–বিশেষজ্ মত আগবঢ়াইছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মহামাৰীত ক্ষতিগ্রস্তসকলক সকাহ দিয়া আৰু ভাৰতক বিশ্ব অর্থনীতিৰ এক শক্তিশালী তথা গুৰুত্বপূর্ণ অংশ কৰাৰ লক্ষ্যৰে যোৱা ১২ মে’ত ঘোষণা কৰিছিল ‘আত্মনির্ভৰ ভাৰত অভিযান’৷ ক’ৰোনাত ক্ষতিগ্রস্ত দেশৰ অর্থনীতি উন্নয়নৰ ব্যৱস্থাৰ লগতে ‘আত্মনির্ভৰ ভাৰত অভিযান’ক বাজেটত কিদৰে স্থান দিয়া হয়, সেয়া লক্ষণীয় হ’ব৷
দেশৰ বর্তমানৰ অর্থনৈতিক অৱস্থাক লৈ সৃষ্টি হোৱা বিতর্কৰ অন্ত পৰা নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণকে ধৰি চৰকাৰী পক্ষৰ তৰফৰ পৰা দেশৰ অর্থনীতি ভালৰ দিশে অহাৰ ইংগিত পোৱা বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী তথা একাংশ অর্থনীতিবিদে ইয়াৰ সম্পূর্ণ ওলোটা মত আগবঢ়াই আহিছে৷ তেওঁলোকৰ মতে, দেশৰ অর্থনীতিলৈ ছন্দ ঘূৰি অহা বুলি ক’ব পৰাকৈ এতিয়াই সময় হোৱা নাই৷ চৰকাৰী পক্ষই নিজ দাবীৰ সপক্ষে বিদেশী বিনিয়োগ আৰু কর্প’ৰেট কৰ জমা হোৱাৰ পৰিসংখ্যা দাঙি ধৰিছে৷ এই পৰিসংখ্যা অনুসৰি চলিত বিত্তীয় বর্ষৰ তৃতীয় ত্রৈমাসিক (অক্টোবৰ–ডিচেম্বৰ)ত আগতীয়া কর্প’ৰেট কৰ জমা হোৱাৰ পৰিমাণ একেকোবে ৪৯ শতাংশ হাৰত বৃদ্ধি হৈ ১.০৯ লাখ কোটি টকা হৈছেগৈ৷ ইয়াৰ বিপৰীতে বিগত বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰে কর্প’ৰেট কৰ বিপুল হাৰত হ্রাস কৰাৰ ফলত সেই বছৰটোত তৃতীয় ত্রৈমাসিকত জমা হোৱা আগতীয়া কৰৰ পৰিমাণ যথেষ্ট কম আছিল৷ সেই বাবেই এইবাৰৰ জমাৰ পৰিমাণ যথেষ্ট বেছি যেন লাগিছে৷ এনে ধৰণৰ বিতর্ক থাকিলেও দেশৰ ভগ্ণ অর্থনীতিক আগন্তুক বিত্তীয় বর্ষৰ বাজেটেহে যে সকাহ দিব পাৰিব, তাত কোনো সন্দেহ নাই৷ সেয়েহে দেশৰ সাম্প্রতিক অর্থনৈতিক প্রেক্ষাপটত বাজেট প্রস্তুতিৰ বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে৷ বিশেষকৈ অর্থনীতিবিদসকলে আগবঢ়োৱা পৰামর্শ মানি লৈ ৰাজকোষ ঘাটিৰ চিন্তা পৰিহাৰ কৰি চৰকাৰী অনুদান বৃদ্ধি কৰিব লাগিব৷ অৱশ্যে এই মুহূর্তত এক ইতিবাচক খবৰ যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে পৰিকাঠামো আৰু মূলধনী শিতানত চৰকাৰী অনুদান বৃদ্ধিৰ বার্তা দিছে৷

You might also like