বর্তমান ৰাজনৈতিক প্রেক্ষাপট আৰু নৱগঠিত এজেপি
পঞ্চদশ অসম বিধানসভা গঠনৰ বাবে সাধাৰণ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ তৎপৰতা বৃদ্ধি পাইছে৷ যিহেতু ক্ষমতাপ্রয়াসী কোনো এটা দলেই অকলে নির্বাচন খেলি চৰকাৰ গঠনৰ বাবে প্রয়োজনীয়সংখ্যক আসন দখল কৰাৰ শক্তি নাই, সেয়ে আপেক্ষিকভাৱে ক্ষুদ্র দলবোৰৰ সৈতে জোঁটবন্ধনৰ প্রক্রিয়া আৰম্ভ হৈছে৷
কংগ্রেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্রতাত আনুষ্ঠানিক ছীল মোহৰ মাৰিবলৈ বাকী থকা অৱস্থাত আউল লাগিছে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ কেইবাগৰাকীও শীর্ষস্থানীয় নেতাৰ আপত্তি অগ্রাহ্য কৰি বিগত বিটিচি নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফ মিত্রতা পাশত আবদ্ধ হৈছিল৷ কিন্তু এই মিত্রজোঁটৰ প্রতি ৰাইজে সঁহাৰি নজনালে৷ কংগ্রেছৰ মহাজোঁটবন্ধনৰ আহ্বানৰ প্রতিও সঁহাৰি নিৰাশাজনক৷ এনে অৱস্থাত অসমত কংগ্রেছৰ ভৱিষ্যৎ অন্ধকাৰ দেখা পাই কেইবাজনো বিধায়ককে ধৰি অনেক কংগ্রেছ সদস্যই বিজেপিলৈ ঢ়াপলি মেলিছে বুলি বাতৰি ওলাইছে৷ অসমৰ কংগ্রেছত অচিৰেই ব্যাপক খহনীয়া হোৱাৰ ইংগিত পোৱা গৈছে৷ তাৰ সমান্তৰালকৈ অসম কংগ্রেছৰ নেতৃত্ব পৰিৱর্তনৰ দাবী দলটোৰ ভিতৰৰ পৰাই উত্থাপিত হৈছে৷ সকলো মিলি ক্ষমতাৰ দৌৰৰ পৰা কংগ্রেছ একপ্রকাৰ ছিটিকি পৰা বুলি কোৱাটো বোধহয় অযুক্তিকৰ নহ’ব৷
কংগ্রেছৰ এনে বিপর্যয় প্রত্যক্ষ কৰি বিজেপি পুলকিত হৈ পৰিছে৷ প্রায় ৮৫ লাখ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী আৰু ৪২ লাখ সদস্যৰ বলেৰে বলীয়ান বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ইমান আত্মবিশ্বাসী হৈ পৰিছে যে অসম বিধানসভাৰ ১২৬খন আসনৰ ১০৩খন আসন গেৰুৱা দলে লাভ কৰিব বুলি দাবী কৰিছে৷ বিজেপি আৰু অগপৰ মিত্রতা চূড়ান্ত৷ আঞ্চলিক দল অগপৰ বাবে বিকল্প নাই আৰু ক্ষমতা দখল কৰাৰ বাবে অগপৰ সমর্থন বিজেপিক প্রয়োজন৷
বিগত বিটিচি নির্বাচনত বিজেপি আৰু বি পি এফ–ৰ মিত্রতা ভংগ হৈছে৷ অৱশ্যে ৰাজ্যিক পর্যায়ত এই মিত্রতা অটুট আছে বুলি অসমৰ বিজেপি নেতৃত্বই দাবী কৰিছে৷ কিন্তু আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে বি পি এফ আৰু ইউ পি পি এল–ৰ মাজত কাক মিত্র হিচাপে গ্রহণ কৰিব, অহা ২৬ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রীৰ ভ্রমণৰ পিছতহে চূড়ান্ত হ’ব৷ অগপৰ যোগেদি আঞ্চলিকতাবাদী ভোট, বড়ো–মিচিং–ৰাভা, তিৱা আদি জনজাতিসকলৰ সমর্থন সংশ্লিষ্ট জনগোষ্ঠীয় নেতাসকলৰ যোগেদি লাভ কৰাৰ আশা কৰিছে বিজেপিয়ে৷ চাহ জনগোষ্ঠীৰ মাজতো বিজেপিৰ সমর্থন বৃদ্ধি পাইছে৷ কাজেই ২০২১ চনত বিজেপি অপ্রতিৰোধ্য হৈ পৰিব বুলি গেৰুৱা দলটো আত্মবিশ্বাসী হৈ আছে৷
কিন্তু ৰাজনৈতিক দলবোৰৰ সকলো হিচাপ–নিকাচ ওলট–পালট কৰি দিলে নৱগঠিত অসম জাতীয় পৰিষদ, চমুকৈ এজেপি নামৰ আঞ্চলিক দলটোৱে৷ বিজেপিক দিছপুৰত ক্ষমতাৰ পৰা উৎখাত কৰাৰ সংকল্প লৈ অসমৰ সকলো আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিক একত্রিত কৰাৰ প্রচেষ্টা চলোৱাৰ প্রতিশ্রুতি দিছে নতুন দলটোৱে৷ বিধানসভাৰ আটাইবোৰ সমষ্টিতে প্রার্থিত্ব দিয়াৰ কথাও এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰিছে৷ অসমীয়াৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে যুঁজ দিব দলটোৱে৷ অসম চুক্তিমর্মে ১৯৭১ চনৰ ২৪ মার্চৰ আগতে বাংলাদেশৰ পৰা অসমলৈ আহি বসতি স্থাপন কৰা লোকসকলৰ চিন্তা আৰু উদ্বেগৰ কাৰণ নাই বুলিও বাংলাদেশমূলৰ মুছলমানসকলক আশ্বস্ত কৰিছে এজেপিয়ে৷ আগতীয়াকৈ এনে ঘোষণাৰ উদ্দেশ্য স্পষ্ট৷ বাংলাদেশমূলৰ মুছলমান লোকসকলৰ মাজতো সোমাব বিচাৰে এজেপিয়ে৷ এই লোকসকলৰ লগত মূলসুঁতিৰ অসমীয়া মানুহৰ মাজত বুজাবুজিৰ অভাৱ কেইবাদশক জুৰি চলি আছে৷ তাৰ ফলত ধর্মনিৰপেক্ষতাৰ ভিত্তিত অসমীয়া জাতিগঠন প্রক্রিয়া ব্যাহত হৈ আহিছে৷
বৰাক উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনৰ ৰাইজে কেতিয়াও অসমীয়া জাতীয়তাবাদী দলক গ্রহণ কৰা নাছিল৷ এক ব্যাপক আন্দোলনৰ ফচল হিচাপে জন্মলাভ কৰা অগপই ১৯৮৫ চনৰ নির্বাচনত মাত্র ৫৬খন আসন লাভ কৰিছিল৷ পিছত কেইগৰাকীমান নির্দলীয় বিধায়কৰ সমর্থনতহে প্রফুল্ল কুমাৰ মহন্তই প্রথমখন আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ বৰাক উপত্যকাৰ পৰা এজনো বিধায়ক অগপৰ টিকটত জিকি আহিব পৰা নাছিল৷ আলগাপুৰৰ পৰা চহিদুল আলম চৌধুৰীয়ে নির্দলীয় হিচাপে জিকি আহি পিছত অগপত যোগদান কৰি মন্ত্রী হৈছিল৷
যিয়ে নহওক, অকল খিলঞ্জীয়া লোকৰ সমর্থনত যে অসমত চৰকাৰ গঠন কৰিব পৰা নাযায়, সেই কথা ১৯৮৫ চনতেই স্পষ্ট হৈ পৰিছিল৷ এতিয়া আকৌ জনগোষ্ঠীয় দলবোৰ শক্তিশালী হৈ উঠিছে৷ তেনে জনগোষ্ঠীভিত্তিক দলবোৰৰ সৰহভাগ এতিয়া বিজেপিৰ কবলত৷ অসমীয়াৰ স্বাভিমান, অসমৰ ভাষা–সংস্কৃতি ৰক্ষা আদি আদি বিষয়বোৰে অন্যান্য জনগোষ্ঠী আৰু বৰাক উপত্যকাৰ মানুহৰ মনত কোনো ৰেখাপাত নকৰে৷ যেনেকৈ প্রভাৱিত নকৰে বাংলাদেশমূলৰ মুছলমান লোকসকলক৷
গণতন্ত্রত নির্বাচন হৈছে সংখ্যাৰ খেল৷ ক্ষমতা দখল কৰিবলৈ হ’লে এটা দল বা জোঁটে ৬৪গৰাকী বিধায়কৰ সমর্থন লাভ কৰিবই লাগিব৷ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ১৫টা অৱস্থিত বৰাক উপত্যকাত৷ পার্বত্য জিলাকেইখনত আছে পাঁচটা সমষ্টি৷ বড়ো আৰু মিচিং জনগোষ্ঠীৰ আধিপত্য থকা সমষ্টিৰ সংখ্যা হ’ল ক্রমে ১২ আৰু তিনি৷ তাৰ উপৰি অন্ততঃ ৩০ সমষ্টিত বংগমূলীয় লোকৰ অখণ্ড প্রভাৱ৷ বাকী থকা ৬০টা সমষ্টিতে মূলসুঁতিৰ অসমীয়া আৰু চাহশ্রমিক জনগোষ্ঠীবোৰৰ প্রভাৱ সীমাবদ্ধ৷ এনে অৱস্থাত সকলোবোৰ জনগোষ্ঠী আৰু বৰাক–ব্রহ্মপুত্র উপত্যকা, পাহাৰ–ভৈয়ামৰ সকলো লোকৰে আস্থাৰ পাত্র হ’বলৈ নতুন দলটোৱে কেনে কৌশল গ্রহণ কৰিব, সেয়া এতিয়াও স্পষ্ট নহয়৷ এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ একমাত্র উপায় হ’ল আন সমভাবাপন্ন দলৰ সৈতে মিত্রতা পাশত আবদ্ধ হোৱা৷ কিন্তু সেই ক্ষেত্রতো এজেপিৰ সীমাবদ্ধতা আছে৷ দলটোৰ গঠনৰ প্রস্তুতি পর্যায়তে নীতি নির্ধাৰক দুগৰাকীয়ে ৰাষ্ট্রীয় দলৰ সৈতে বুজাবুজিৰ দুৱাৰ চিৰকালৰ বাবে বন্ধ কৰি দিছে৷ অকল আঞ্চলিক আৰু জাতীয়তাবাদী দল–সংগঠন মিলি নির্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্য কিমানদূৰ বাস্তৱসন্মত, তাকে লৈ অনেকৰ মনত সন্দেহৰ সৃষ্টি হৈছে৷
যোৱা ১৬–১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত এজেপিৰ প্রথম অভিৱর্তনত বিপুল জনসমাগম দেখা পাই নতুন দলটোৰ নেতৃত্ব উৎসাহিত হোৱাটো স্বাভাৱিক৷ প্রথিতযশা সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ উপস্থিতিয়ে অভিৱর্তনখনক সুকীয়া মাত্রা প্রদান কৰিছে৷ অগপত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি অনুভৱ কৰি পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্র চন্দ্র ডেকাই দলত্যাগ কৰি এজেপিত যোগদান কৰিছে৷ অগপ ত্যাগ কৰি নতুন আঞ্চলিক দলটোত পবীন্দ্র ডেকাই যোগ দিয়াৰ ফলত এজেপিৰ বিশেষ লাভ হৈছে বুলি ক’ব নোৱাৰি৷ ইয়াৰ আগতেও ডেকাই অগপ এৰি একাধিকবাৰ আন দলত যোগ দিছিল৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ শীর্ষ নেতাসকল শিৱসাগৰৰ অভিৱর্তনস্থলীত উপস্থিত হৈ এজেপিৰ প্রতি মুকলিকৈ সমর্থন ব্যক্ত কৰাটো এক উল্লেখযোগ্য ঘটনা৷ ইয়াৰ আগলৈ এই দুই শক্তিশালী জাতীয় সংগঠনে কোনো বিশেষ ৰাজনৈতিক দললৈ সমর্থন আগবঢ়োৱা নাছিল৷
অগপ যিদৰে ছবছৰীয়া অসম আন্দোলনৰ ফচল আছিল, তেনেদৰে ‘কা’বিৰোধী আন্দোলনৰ গর্ভত এজেপিৰ জন্ম হোৱা বুলি একে আষাৰে কোৱাটো বোধহয় সমীচীন নহ’ব, এয়া খুব বেছি অর্ধসত্যহে৷ কাৰণ ‘কেব’, পিছলৈ ‘কা’ৰ বিৰুদ্ধে অকল আছুৱে আন্দোলন কৰা নাছিল৷ বিভিন্ন ধর্মনিৰপেক্ষ দল–সংগঠন আৰু গণতান্ত্রিক ব্যক্তিয়ে এই আইনখনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলনত অংশ লৈছিল৷ এইটো অৱশ্যে অনস্বীকার্য যে আছুৱে সকলো অসমপ্রেমী ৰাইজক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনোৱাৰ পিছতহে ৰাইজ ৰাজপথলৈ ওলাই আহিছিল আৰু ‘কা’বিৰোধী আন্দোলন এক গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল৷ এই আন্দোলনৰ নেতৃত্ব দিবলৈ গৈ যুৱ–ছাত্র সংগঠনবোৰে বোধহয় বুজি পালে যে ‘কা’কে ধৰি অসমৰ বর্তমানৰ সমস্যাবোৰৰ বাবে জগৰীয়া বিজেপি চৰকাৰ৷ লগতে আৰু আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই হূদয়ংগম কৰিলে যে গেৰুৱা দলটোৱে ধর্মৰ নামত বিভাজনৰ সৃষ্টি কৰি অসমীয়া জাতিটোক দুর্বল কৰাৰ পথ লৈছে৷ ৰাজনৈতিক স্বার্থ পূৰণৰ বাবে কেন্দ্রীয় বিজেপিয়ে গ্রহণ কৰা পদক্ষেপবোৰৰ প্রতি সমর্থন জনাইছে অসমৰ বিজেপি নেতৃত্বই৷ যুৱ আৰু ছাত্রনেতাসকলে অনুভৱ কৰিলে যে অসমত এখন প্রকৃততে অসমবাসীৰ স্বার্থ ৰক্ষাকাৰী চৰকাৰ থকা হ’লে সেই সন্ধিক্ষণত ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ কৰিলেহেঁতেন৷ ৰাজনৈতিক সমস্যাৰ সমাধান যে ৰাজনৈতিক উপায়ৰ দ্বাৰাহে সম্ভৱ, সেই সৰল সত্যটো অভিজ্ঞতাৰ যোগেদি আৱিষ্কাৰ কৰিলে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতাসকলে৷ এজেপি দলটো ‘কা’ আন্দোলনৰ ফচল বুলি ক’ব পৰা গ’লহেঁতেন, যদিহে ‘কা’বিৰোধী সকলো শক্তি দলটোৰ নেতৃত্বত সমৱেত হ’লহেঁতেন৷ অগপ দলে অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণত ব্যর্থ হোৱাত, বিশেষকৈ ‘কা’ৰ প্রতি মুকলিকৈ সমর্থন জনোৱাত অসমপ্রেমী ৰাইজ ক্ষুব্ধ হৈ পৰিছিল আৰু অসম আৰু অসমীয়াৰ প্রতি দায়বদ্ধ এটা ৰাজনৈতিক দলৰ প্রয়োজন অনুভৱ কৰিছিল৷ সেয়ে কেইবাটাও আঞ্চলিক মঞ্চৰ সৃষ্টি হৈছিল৷ বিজেপিক অসমৰ শত্রু হিচাপে চিহ্ণিত কৰি শিৱসাগৰৰ পৰাই এজেপিয়ে ৰণহুংকাৰ দিছে৷ কিন্তু দুটা বিষয় এজেপি নেতৃত্বই এতিয়াও প্রায় এৰাই চলিছে৷ এক, বিজেপিৰ বিৰুদ্ধে এই ৰণত তেওঁলোকৰ সহযোদ্ধা কোন হ’ব৷ দুই, বিজেপিক মূল শত্রু ৰূপে চিহ্ণিত কৰি গেৰুৱা দলটোক ক্ষমতাৰ পৰা আঁতৰোৱাৰ উদ্দেশ্যে যুঁজ দি থকা অন্যান্য দলবোৰৰ প্রতি এজেপিৰ দৃষ্টিভংগী কি হ’ব? বিজেপিবিৰোধী ভোট বিভাজন ৰোধ কৰাৰ বাবে নতুন আঞ্চলিক দলটোৱে কি পৰিকল্পনা কৰিছে? এইবোৰ বিষয় স্পষ্ট নহ’লে, নতুন আঞ্চলিক দলটোৱে সকলো আঞ্চলিকতাবাদী, সাম্প্রদায়িকতাবিৰোধী আৰু গণতান্ত্রিক লোকক আকর্ষিত কৰিব নোৱাৰিব৷ মানুহৰ জীৱন–জীৱিকাৰ সৈতে জড়িত প্রশ্ণবোৰ একাষৰীয়া কৰি থৈ অকল আৱেগৰ ভিত্তিত সাময়িকভাৱে এক জনজাগৰণ সৃষ্টি কৰাটো সম্ভৱ, কিন্তু তাক স্থায়ী ৰূপ দিবলৈ হ’লে এক দীর্ঘম্যাদী পৰিকল্পনা আৰু দৃষ্টিভংগীৰ প্রয়োজন৷
লক্ষ্য কৰিব লগা কথা যে অগপ আৰু বিজেপি দলতো নেতৃত্বৰ ভূমিকাত অসন্তুষ্ট অনেক কর্মী আছে৷ তেনে লোকসকলক চিনাক্ত কৰি এজেপিৰ প্রতি আকৃষ্ট কৰিবলৈ দলটোৱে কৌশল প্রস্তুত কৰিব লাগিব৷ বর্তমান ৰাজনীতিত সকলো ৰাজৈনতিক কার্য–কলাপৰ অন্তিম লক্ষ্য হৈছে যি কোনো উপায়ে বিধানসভাত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে এটা দলীয় টিকট যোগাৰ কৰা৷ আন দলত নিৰাশ হৈ এজেপিলৈ টিকটৰ আশাত ঢ়াপলি মেলা দল বাগৰা লোকসকলৰ সম্বন্ধে এজেপি নেতৃত্ব সজাগ থাকিব লাগিব৷
আমাৰ দেশৰ ৰাজনীতি বহুলাংশে পৰিস্থিতি নির্ভৰ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ এজেপিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰাত সহায়ক হ’ব পাৰে৷ তাৰ উপৰি ক্ষমতা দখল কৰিব পৰাকৈ শক্তিশালী অৱস্থাত উপনীত হৈছে বুলি জনসাধাৰণৰ মনত প্রত্যয় জন্মাব নোৱাৰিলে এজেপিয়ে সংগঠন মজবুত কৰিব নোৱাৰিব৷ এই দিশটোৰ প্রতিও নৱগঠিত দলটোৱে দৃষ্টি ৰাখিব লাগিব৷ পানীত ননমাকৈ মাছ ধৰিব খোজা এচাম স্বয়ম্ভু পৰামর্শদাতাৰ পৰা এজেপি নেতৃত্ব আঁতৰত থকাটোৱেই বিচক্ষণতাৰ কাম হ’ব৷ কেৱল নির্বাচনমুখী দল নহৈ অসমৰ (খিলঞ্জীয়া অসমীয়াৰ মাত্র নহয়) সমগ্র জনসাধাৰণৰ আশা–আকাংক্ষাৰ প্রতীক হওক, এয়ে এই মুহূর্তৰ কামনা৷