কিতাপ আৰু গ্রন্থমেলা
কিতাপ এখনৰ ৰচনা এটি সৃজনীশীল কর্ম আৰু গ্রন্থমেলা এটা ব্যৱসায়িক–বাণিজ্যিক্ আয়োজন৷ এই কিতাপখন ছপা কৰি পাঠক বা সঠিক অর্থত গ্রাহকৰ হাতত তুলি দিয়াটো এটা ব্যৱসায়িক কাম৷ গ্রন্থমেলাও মূলতঃ ছপা কিতাপৰ মেলা, পাণ্ডুলিপি অথবা মনৰ ভিতৰত থকা কিতাপৰ মেলা নহয়৷ এই মেলা হ’ব লাগে ছপা কিতাপৰ বিক্রী, প্রদর্শন আৰু প্রমোচনৰ মেলা, সেই কাম কৰাসকলৰ বিভিন্ন সমস্যা আৰু সেই উদ্যোগৰ বিভিন্ন দিশৰ আলোচনা৷ যিকোনো উদ্যোগ মেলাৰ দৰে ইয়াৰ পৰিকল্পনা কৰিলেহে এই মেলাই গ্রন্থ প্রকাশন উদ্যোগটিক সহায় কৰিব পাৰিব৷ গল্প–কবিতা আদিৰ তাত্ত্বিক আলোচনাৰ বাবে লেখকসকলৰ বিভিন্ন সাহিত্য সংগঠন আছে৷ সেই সংগঠনবোৰে সৃজনীশীল দিশবোৰৰ আলোচনা কৰিব আৰু সেইবোৰৰ প্রত্যক্ষ অথবা পৰোক্ষ সহায়ৰ ফলত উন্নততৰ মানলৈ আগবঢ়া মুদ্রিত কিতাপ আদিৰ বিক্রী আদিৰ কথা আলোচনা হ’ব গ্রন্থমেলাত৷ এই গ্রন্থমেলাত প্রথম স্থান পাব লাগে প্রকাশক, মুদ্রক, বিতৰক আদিয়ে, তেওঁলোকৰ মাজত আলোচনা হ’ব লাগে এই উদ্যোগটিৰ সম্ভাৱনাৰ বিষয়ে আৰু সেই আলোচনাৰ পৰা উন্মোচিত হোৱা বিভিন্ন সম্ভাৱনাবোৰ তেওঁলোকে নিজৰ নিজৰ প্রকাশনৰ কামত প্রয়োগ কৰিব আৰু উদ্যোগটিক আগবাঢ়ি যোৱাত সহায় কৰিব৷ অসমত গ্রন্থ প্রকাশ আৰু বিক্রীৰ ব্যবসায়টোৰ আয়তন বাহিৰৰ পৰা অনুমান কৰা একেবাৰে সম্ভৱ নহয়৷ সাধাৰণতে প্রকাশকসকলে মন্তব্য কৰে যে অসমীয়া কিতাপৰ বিক্রী তেনেই কম৷ কিন্তু সামাজিক মাধ্যমত দেখা যায় যে দুই–এক অল্পখ্যাত লেখকেও প্রকাশকৰ পৰা শকত পৰিমাণৰ ধন ৰয়েল্টী হিচাপে পোৱা বুলি প্রচাৰ কৰে৷ সেই সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে অসমীয়া কিতাপৰ এক বিশাল পৰিমাণৰ পাঠক নতুন কিতাপৰ বাবে সাজু আছে৷ ঠিক তেনেদৰেই দেখা যায় যে ব্যাপক হাৰত নতুন কিতাপ প্রকাশ পাইছে আৰু বহু নতুন লেখকৰ আৱির্ভাব হৈছে৷ এই কথাটোও মন কৰিবলগীয়া যে এই নতুন কিতাপবোৰৰ অধিকাংশই কিন্তু পুৰণি পেছাদাৰী প্রকাশকৰ পৰিৱর্তে প্রকাশ কৰিছে নতুন প্রকাশকে৷ এই নতুন প্রকাশকৰ বহুতেই লেখকৰ ধনেৰে কিতাপ প্রকাশ কৰে অর্থাৎ লেখকৰ স্বপ্রকাশত সহায় কৰি দিয়ে৷ কিন্তু দুখৰ কথা হ’ল এই স্বপ্রকাশন ব্যৱস্থাৰ বহুতেই লেখকক বিভিন্ন ধৰণে প্রৱঞ্চনা কৰাৰ উদাহৰণ পোৱা যায়৷ স্বপ্রকাশন ব্যৱস্থা এটা নতুন ব্যৱস্থা আৰু এই ব্যৱস্থাত আৰম্ভণিৰে পৰা অসাধু লোকৰ ভিৰ হ’লে ই গ্রন্থ প্রকাশন উদ্যোগটিক ভিতৰৰ পৰা নষ্ট কৰি পেলাব৷
গুৱাহাটীত গ্রন্থমেলাৰ প্রচলন হোৱা কেইবাদশকো পাৰ হ’ল৷ কিন্তু আৰম্ভণিতেই গ্রন্থমেলাৰ যি চৰিত্র আছিল তাৰ অকণো পৰিৱর্তন হোৱা নাই৷ এই চাৰিটা দশকত অসমৰ কিতাপ, পাঠক, সমাজ, সামাজিক দৃশ্যপট আদিৰ ব্যাপক পৰিৱর্তন ঘটিছে, প্রযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰে পাঠকৰ পঠন অভ্যাস সলনি কৰি দিছে, লেখকৰ বাবেও নতুন নতুন মাধ্যমৰ যোগান ধৰিছে, কিতাপৰ মুদ্রণ–প্রকাশন আদিৰ ক্ষেত্রতো ভালেখিনি পৰিৱর্তন আহিছে৷ কিন্তু অসমৰ গ্রন্থমেলাকেইখনত সেই পৰিৱর্তনৰ কোনো চিহ্ণ নাই৷ অসম প্রকাশন পৰিষদৰ দৰে চৰকাৰী গ্রন্থমেলাই হওক অথবা গ্রন্থ প্রকাশকৰ সংগঠনে কৰা গ্রন্থমেলাই হওকপ্রতিখনেই পুৰণি বৃত্তত আবদ্ধ৷ এতিয়াও গ্রন্থমেলাত সাহিত্যৰ সংজ্ঞাৰ কথাকে আলোচনা কৰি থকা হয়৷ এশ কুৰি মিনিটৰ অধিৱেশনত বাৰগৰাকী বক্তাই কি গভীৰ কথা আলোচনা কৰিব সি সহজেই অনুমেয়৷ গ্রন্থমেলাক কিবা অদ্ভুত কাৰণত বৌদ্ধিক মেলাৰ ৰূপ দিব বিচৰা হৈছিল আৰু বাণিজ্যিক মেলা এখনক অদৰকাৰীভাৱে বৌদ্ধিক ৰূপ দিবলৈ গ’লে যিমানবোৰ প্রৱঞ্চনাৰ আশ্রয় ল’ব লগা হয়, সেইবোৰৰ সংমিশ্রণে গ্রন্থমেলাৰ কিতাপ বিক্রীৰ কথাৰ বাহিৰে আন কথাবোৰক কোনো ধৰণেই ফলদায়ক কৰি তুলিব নোৱাৰে৷ মেলা এখন প্রডাক্ট আৰু প্রডাক্ট স্রষ্টাৰ প্রচাৰৰ থলী হোৱা উচিত৷ আলোচনা হ’ব লাগে কিতাপৰ প্রডাকচন, ছপাবন্ধা–লংকৰণ আদিৰ নতুন কথাবোৰৰ, অডি’ বুক, ই বুক, স্ব–প্রকাশন, সম্পাদনা, বহল বজাৰৰ সন্ধান, যৌথ প্রকাশন আদিৰ দৰে বিষয়বোৰে স্থান পাব লাগে, কিন্তু এই কথাটোকো মেলা আয়োজনকাৰীসকলে ভালদৰে উপস্থাপন নকৰে৷ গ্রন্থমেলা মূলতঃ বিক্রেতা আৰু ক্রেতা পাঠকৰ সংগমস্থলী আৰু এই সংগমস্থলীত এটা উৎসৱৰ পৰিৱেশ সৃষ্টি কৰা হয়৷ এই উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ মূল কাৰণ হ’ল প্রডাক্টৰ প্রমোচন৷ গ্রন্থমেলালৈ পাঠক আহে পছন্দৰ কিতাপ কিনিবলৈ, তাতে দুই–এক প্রিয় লেখকক লগ পালে ভাল পায়৷ অধিকাংশ বিখ্যাত বুলি ভবা লেখকেই মেলালৈ নাহে যদিহে তেওঁলোকক কিবা অতিথি আদিৰ ৰূপত নিমন্ত্রণ কৰা নহয়৷ তেওঁলোক আনকি নিজৰ কিতাপৰ প্রচাৰৰ বাবেও নাহে৷ এই মানসিকতাৰ পৰিৱর্তন ঘটাই গ্রন্থমেলাক সঁচা অর্থৰ উদ্যোগ মেলা হিচাপে গঢ়ি তুলিব নোৱাৰিলে এই মেলাৰ পৰা আধুনিক পাঠকসকল আঁতৰি যাবলৈ বাধ্য হ’ব৷