ক’ভাক্সিন–ক’ভিশ্বিল্ডৰ গণ টিকাকৰণত অনুমোদন, সুদীর্ঘ প্রতীক্ষাৰ অন্তত আহিল সুখবৰ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ সুদীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই ভাৰতত শীঘ্রেই ক’ভিড–১৯ৰ গণ টিকাকৰণ নিশ্চিত কৰা হ’ল৷ ড্রাগ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই) দেওবাৰে অক্সফ’ৰ্ড এষ্টাজেনেকাৰ ভেকচিন ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিনক অনুমোদন কৰাৰ লগে লগে গণটিকাকৰণৰ পথ প্রশস্ত হৈ পৰিল৷ স্মর্তব্য যে বিশেষজ্ঞ সমিতিৰ সেউজ সংকেতৰ পাছত ১ জানুৱাৰীত চেণ্ড্রেল ড্রাগছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচনে (চি ডি এছ চি অ’) ক’ভিশ্বিল্ডক জৰুৰীকালীন প্রয়োগ আৰু ক’ভাক্সিনক প্রতিবন্ধিত প্রয়োগৰ বাবে অনুমোদন জনাইছিল৷
ডি চি জি আই ভি জি ছোমানীয়ে কয় যে চি ডি এছ চি অ’ৰ পৰামর্শ অনুসৰি দুয়োটা ভেকচিনক জৰুৰীকালীন প্রয়োগৰ বাবে অনুমোদন প্রদান কৰা হৈছে৷ উল্লেখ্য যে ভাৰতত ছেৰাম ইনষ্টিটিউটে ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকে ক’ভাক্সিন প্রস্তুত কৰিছে৷ ডি চি জি আইৰ অনুমোদনৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটাৰত কয় যে জৰুৰী প্রয়োগৰ বাবে অনুমতি লাভ কৰা দুয়োটা ভেকচিনেই ভাৰতত প্রস্তুত কৰা হৈছে৷
এয়া নিশ্চিতভাৱে প্রতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়৷ ইয়াৰ দ্বাৰা প্রমাণিত হয় যে আত্মনির্ভৰ ভাৰতৰ সপোন পূৰণ কৰাৰ বাবে ভাৰতীয় বিজ্ঞানীসকল অত্যন্ত আগ্রহী৷ ‘সকলো বিপদ নেওচি চিকিৎসক, চিকিৎসাকর্মী, বিজ্ঞানী, আৰক্ষী, চাফাই কর্মী আৰু সকলো ক’ভিড যোদ্ধাই যি অৱদান আগবঢ়ালে, তাৰ বাবে পুনৰ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ বহু জীৱনৰক্ষাৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰদিনলৈ কৃতজ্ঞ হৈ ৰ’ম৷’ –প্রধানমন্ত্রী মোদীয়ে কয়৷
সাংবাদিকক সম্বোধন কৰি ডি চি জি আই ছোমানীয়ে নৱবর্ষৰ আৰম্ভণিতে ভেকচিনৰ সুখবৰ প্রদান কৰাৰ লগতে আন এক ইতিবাচক ঘোষণা কৰি কয় যে আন এটা ভেকচিনৰ বাবে কেডিলা হেল্থ কেয়াৰক তৃতীয় পর্যায়ৰ ক্লিনিকেল ট্রায়েলৰ অনুমতি প্রদান কৰা হৈছে৷ ক’ভিড–১৯ সৈতে বছৰজোৰা সংগ্রামৰ পাছত গণটিকাকৰণৰ ইতিবাচক বার্তাই নিশ্চিতভাৱে দেশবাসীক সকাহ দিছে৷ আন এক সুখবৰ হ’ল– দুয়োবিধ ভেকচিন হ’ল ১১০ শতাংশ নিৰাপদ৷ এই কথা জানিবলৈ দি ছোমানীয়ে কয় যে নিৰাপত্তাক লৈ সামান্যতম সন্দেহৰ অৱকাশ থকা হ’লেও গণটিকাকৰণৰ অনুমতি প্রদান কৰা নহ’লহেঁতেন৷
উল্লেখ্য যে ক’ভাক্সিন আৰু ক’ভিশ্বিল্ডৰ সম্পূর্ণ কার্যকাৰিতাৰ বাবে দুটাকৈ ড’জ লোৱাটো প্রয়োজন হ’ব৷ দুয়োবিধ ভেকচিনেই ২ৰ পৰা ৮ ডিগ্রী চেলছিয়াছৰ ভিতৰত সংৰক্ষণ কৰাটো জৰুৰী৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে কয় যে এয়া হ’ল এক অতি গুৰুত্বপূর্ণ সন্ধিক্ষণ৷ আজি ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ বাবে দেশবাসীৰ অপেক্ষাৰ অন্ত পৰিল৷ ছেৰাম ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া আডৰ পুনাৱালাই উল্লসিত সুৰত কয়–‘ভেকচিন বৃহৎ পৰিমাণত প্রস্তুত কৰি আগতীয়াকৈ মজুত কৰাৰ বাবে এটা ডাঙৰ ৰিস্ক ল’বলগা হৈছিল ছেৰাম ইণ্ডিয়াই৷ আমি ইয়াৰ সুফল লাভ কৰিলোঁ৷ ভাৰতৰ প্রথমটো ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড হ’ল সম্পূর্ণ নিৰাপদ আৰু কার্যকৰী৷ কেইটামান সপ্তাহৰ ভিতৰতে গণটিকাকৰণৰ বাবে আমি সাজু৷’
উল্লেখ্য যে ভাৰতৰ গণটিকাকৰণ অভিযান হ’ব বিশ্বৰ ভিতৰতে সর্ববৃহৎ৷ ১ কোটি ৩ লাখৰো অধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱা দেশখনত এনে বৃহৎ অভিযান সফল কৰি তোলাৰ বাবে অত্যন্ত নিখুঁত পৰিকল্পনাৰ প্রয়োজন হ’ব৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰি ভেকচিন প্রদান প্রক্রিয়াৰ আখৰা বা ড্রাই ৰান চলাইছে৷
আনহাতে, এই দুয়োটা পর্যায়ৰ সমান্তৰালকৈ আন লোককো ভেকচিন প্রদানৰ প্রক্রিয়া কম সময়ৰ ভিতৰতে আৰম্ভ কৰাৰ বাবে চিন্তা–চর্চা কৰি থকা হৈছে৷ টিকাকৰণৰ প্রক্রিয়া কিমান দ্রুত হয় আৰু সেই অনুপাতে ভেকচিন মজুতকৰণ কিমান ত্রুটিশূন্য হয়, তাৰ ওপৰতে এই বিষয়টো নির্ভৰ কৰিব৷ ছেৰাম ইণ্ডিয়াই ঘোষণা কৰিছে যে তেওঁলোকে দ্রুত উৎপাদনৰ বাবে ইতিমধ্যে আন্তঃগাঁথনি উন্নত কৰি তুলিছে৷ সুখবৰ যে বিশ্বৰ আগশাৰীৰ ভেকচিন প্রস্তুতকাৰক প্রতিষ্ঠানটোৱে অনুমোদনৰ পূর্বেই ৮০ নিযুত ড’জ ক’ভিশ্বিল্ড মজুত কৰা বুলি জানিবলৈ দিছে৷