- প্ৰণৱ জ্যোতি মহন্ত
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ । কিন্তু যোৱা ১১ ডিচেম্বৰত এই প্ৰতিবাদে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় । অৱশ্যে শেহতীয়াকৈ ৰাজ্যলৈ ঘূৰি অহা স্বাভাৱিক পৰিস্থিতিৰ বাবে ২০ তাৰিখে পুৱা ৯ বজাত এই ইণ্টাৰনেট সেৱা মুকলি কৰা হয় ।
এই ৯ দিনত সকলোৰে মুখে মুখে এটাই কথা যে চৰকাৰে কাটি ৰখা ইণ্টাৰনেট সেৱা কেতিয়াকৈ আকৌ তেওঁলোকে ঘূৰাই পাব ! এইখিনি কথাৰ পৰাই বুজিব পৰা যায় যে আমি সঁচাকৈয়ে ইণ্টাৰনেটৰ ওপৰত কিমান নিৰ্ভৰ হৈ পৰিছো ।
এইটো কথাও সত্য যে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগত আমি ইণ্টাৰনেটৰ অবিহনে জকাইচুকীয়া গঞাৰ দৰে অৱস্থান কৰিব লাগিব । কিয়নো ইণ্টাৰনেটৰ সুবিধাৰ বাবেই আজি সকলোৱে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো খবৰ হাতৰ মুঠিত লাভ কৰিবলৈ সক্ষম হৈছো । কিন্তু এই ইণ্টাৰনেট অথবা স্মাৰ্ট ফোনৰ পৃথিৱীত থাকি থাকি যেন আমি অভ্যস্ত হৈ পৰিছো । বিশেষকৈ আমি কাষতে থকা মানুহবোৰৰ সৈতে যেন কথা পাতিবলৈ পাহৰি গৈছো ।
আপুনি ভাবি চাওকচোন যেতিয়া আমাৰ হাতত স্মাৰ্ট ফোন নাছিল, ইণ্টাৰনেট নাছিল তেতিয়াৰ জীৱনটো কেনেধৰণৰ আছিল । যেতিয়া আমি লগৰ বন্ধু-বান্ধৱীক লগ পাইছিলো, তেতিয়া সকলোৱেই অনৰ্গল কথা পাতিছিলো । কিন্তু এতিয়া সকলো বন্ধুকে বহু সময়ৰ পিছত লগ পালেও যেন কথা পতা নহয় । সকলোৱেই কেৱল হাতৰ ম’বাইলটোকে লৈ ব্যস্ত থকা হয় । একেলগে থাকিলেও ঘণ্টাৰ পিছত ঘণ্টা ধৰি স্মাৰ্ট ফোনৰ ইন্টাৰনেট ব্ৰাউজাৰৰ সৈতে হাতৰ খেলা পাতোঁ । যাৰ ফলত বহু দিনৰ পাছত বন্ধু অথবা আপোনজনক লগ পোৱাৰ পাছতো মনতে ৰৈ যায় বহু কথা, অপ্ৰকাশিতভাৱে…বাঢ়ি যায় আত্মিক দূৰত্ব…
অলপতে সম্পৰ্কীয় এঘৰত মাৰ সৈতে আলহী খাবলৈ যাওঁতে তেনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলো । ঘৰখনত উপস্থিত হোৱাৰ পিছত ড্ৰইং ৰুমতে দাদা-বাইদেউহঁতে আমাৰ লগত কথা পাতিছিল । খা-খবৰ লৈছিল । পিছত একাদশ শ্ৰেণীত পঢ়ি থকা তেওঁলোকৰ একমাত্ৰ সন্তানটোও আহি হাতত ম’বাইল ফোনটো লৈ বহিছিলহি । ইতিমধ্যে আমাৰ চাহ খোৱা হৈছিল, মাৰ সৈতে বাইদেউগৰাকীয়ে কথা পাতি গৈছিল, কিন্তু মই যেন অশ্বস্তিত পৰিছিলো । কাৰণ মোৰ সৈতে কথা পাতিবলৈ নাছিল এজনো লোক । দাদাজনে মোবাইলত কিবা চাই থকাৰ বিপৰীতে তেওঁলোকৰ সন্তানটো ব্যস্ত আছিল ম’বাইলত গেম খেলাত । অকণমান পিছত মইয়ো পৰিস্থিতিৰ সৈতে মিলিবলৈ নিজৰ ফোনটো উলিয়াই ম’বাইলৰ স্কিনখনত আঙুলি বুলাবলৈ আৰম্ভ কৰিছিলো । যাৰ ফলত আমাৰ থাকি গৈছিল সেই সময়ত পাতিব পৰা বহু কথা ।
যেতিয়া এই ৯ দিন ইণ্টাৰনেট সেৱা বন্ধ হৈ আছিল, আমি যেন পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি গৈছিলো । সকলোৰে সৈতে কথা পাতিছিলো । হাতৰ স্মাৰ্ট ফোনবোৰক অৱহেলাৰ চকুৰে চাইছিলো ।
বহুকেইজন বন্ধুৱেই ফোন যোগে কৈছিল- এইকেইদিন বহুতৰ সৈতে কথা পাতিছো । আগৰ আড্ডাবোৰো পুনৰ ঘূৰি আহিছে । তেতিয়া শুনি সঁচাকৈয়ে ভাল লাগিছিল ।
পাবজি বা ম’বাইলৰ গে’মৰ নিচাত নিচাসক্ত চামেও খেলপথাৰলৈ ওলাই আহিবলৈ আহৰি পাইছে । বহুতে বহুদিনৰ মূৰত হাতত ক্ৰিকেটৰ বেটখন তুলি ল’বলৈ অলপ সময় পাইছে । ম’বাইলটো থৈ অলপ বাহিৰত ওলাই যা বুলি কৈ কৈ ভাগৰি পৰা বহু পিতৃ-মাতৃয়ে কিছুদিনৰ বাবে যেন সকাহ পাইছিল ।
নাই নাই এনেকৈ থকা যায়নে? অৱশেষত ইণ্টাৰনেট আহিল । ৰাইজে আজি অসমত ইণ্টাৰনেট দিৱস পালন কৰিছে । বহুতে ভয় খাইছে-আকৌ বন্ধ হৈ নাযায়তো? সেয়ে ইমানদিনে জমা হৈ থকা চেল্ফিবোৰ, বিয়া-বাৰ্থডে’ৰ ফটোবোৰ লেট আপলোড নামাকৰণেৰে ৰাইজক দেখুওৱাত ব্যস্ত হৈ পৰিছে ।
জানিবলৈ থাকি গ’ল-এইকেইদিন টিকটক সন্থাৰ কৰ্মীসকলে বা কি কৰিলে?