বিধানসভাৰ সমষ্টি সংৰক্ষণ
বিধানসভা নির্বাচন আহি আছে৷ প্রতিশ্রুতি–আশ্বাসৰ বন্যা ব’বই৷ জনসাধাৰণৰ প্রায় প্রতিটো সমস্যাক স্পর্শ কৰাৰ প্রয়াস চলিব৷ ভাত–কাপোৰ–বাসস্থা দৰে মৌলিক সমস্যাৰে আজিও জর্জৰ হৈ থকা লাখ লাখ সাধাৰণ লোকক সুন্দৰ ভৱিষ্যতৰ স্বপ্ণ দেখুৱাবলৈ চেষ্টা চলোৱা হ’ব৷ নিযুক্তিৰ কথা থাকিব৷ কর্মসংস্থাপন–ঔদ্যো কথাও কোৱা হ’ব৷ শিক্ষা–স্বাস্থ্য, কৃষি–বানকে ধৰি সকলো সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়া হ’ব৷ অবৈধ বিদেশী নাগৰিকক বিতাডনৰ আশ্বাসো দিয়া হ’ব৷ ভালদৰে গমি–পিতি চালে দেখা যায় যে বছৰবছৰ ধৰি একেই বুনিয়াদী কথাবোৰক লৈ ৰাজনৈতিক দল, নেতাৰ নির্বাচনী প্রতিশ্রুতি–আশ্বাসবোৰ্ ঘূৰি থাকে৷ নতুন বা অনুচ্চাৰিত কথাবুলিবলৈ একো নাথাকে৷ এইবেলিৰ বিধানসভা নির্বাচনতো বিভিন্ন ৰাজনৈতিক নেতা আৰু দলৰ বক্তব্যত এতিয়ালৈকে প্রায় একেখিনি কথাৰেই চর্বিতচর্বন হৈ আছে৷ ইয়াৰ মাজতে নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা ডত্তোলন কৰি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ ৰাজনীতিত ডচ্চাৰিত নোহোৱা বিষয় এটা ডত্থাপন কৰিছে৷ ভাষণৰ জৰিয়তে ৰাজ্যবাসীক তেওঁ জনাব বিচাৰিছে, ৰাজ্য চৰকাৰে অসমৰ বিধানসভাৰ গৰিষ্ঠসংখ্যক আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণ নতুবা আধিপত্য বজাই ৰাখিব পৰাকৈ পুনৰ গঠন কৰাৰ দিহা কৰিব৷ অসমৰ ৰাজনীতিত এনে ধৰণৰ প্রতিশ্রুতি অথবা বিষয় পূর্বতে মুকলিকৈ ডচ্চাৰণ কৰা হোৱা নাছিল৷ ইয়াৰ বিপৰীতে ইমান দিনে খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা, আধিপত্য আদি মাথোঁ ৰাজপথৰ আন্দোলনৰ বিষয় হৈ আছিল৷ অভিযোগ ডঠি আছে, ৰাজ্যখনলৈ অবাধ গতিত চলি থকা অবৈধ বাংলাদেশীৰ প্রব্রজনে খিলঞ্জীয়া জনসাধাৰণক প্রায় সকলো দিশৰ পৰা অসহায় অৱস্থালৈ ঠেলি দিছে৷ এই পৰিস্থিতিৰ সঠিক অধ্যয়ন, বিশ্লেষণ আৰু তাৰ জৰিয়তে প্রাপ্ত সিদ্ধান্তৰ আধাৰত সঠিক পদক্ষেপ লোৱাটো জৰুৰী৷ বিধানসভা সমষ্টিৰ পুনৰ গঠনে সুযোগ এটা দিছে৷ ইয়াৰ সদ্ব্যৱহাৰ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰব্যৱস্থা কৰিব পাৰি৷ নিঃসন্দেহে প্রতিশ্রুতি বা আশ্বাসটোৰ আঁৰত বিজেপিৰ ৰাজনৈতিক এজেণ্ডা জডিত আছে৷ কিন্তু ইয়াৰ ফলাফল যদি সুদূৰপ্রসাৰী আৰু খিলঞ্জীয়াৰ স্বার্থৰ সপক্ষে হয়, তেন্তে ই চর্চাৰ বিষয় হ’ব পাৰে৷ অৱশ্যে ইয়াৰ সৈতে এটা গুৰুত্বপূর্ণ বিষয় যুক্ত হৈ আছে৷ সেয়া হ’ল, খিলঞ্জীয়াৰ পৰিচয় অথবা সূত্র৷
অসমত খিলঞ্জীয়াৰ অধিকাৰ সন্দর্ভত সুদীর্ঘ দিন ধৰি আন্দোলন, বিতর্ক চলি আহিছে৷ ইমান দিনে খিলঞ্জীয়াৰ অধিকাৰ সন্দর্ভত ৰাজ্যখনৰ জাতীয়তাবাদী শিবিৰ সৰৱ হৈ আছিল৷ বিজেপিয়ে খিলঞ্জীয়া শব্দটো তেনেকৈ ব্যৱহাৰ নকৰে৷ দলটোৰ নেতা–কর্মীয়ে খিলঞ্জীয়া বুলিলে সততে নির্ণিত হোৱা জনসাধাৰণৰ লগতে এইখন ৰাজ্যত বসবাস কৰা সকলো ভাৰতীয়ক সামৰি এটা বিশেষ ধাৰণা নাইবা সংযোগ সূত্রৰ কথা কয়৷ গতিকে, সমাগত দিনত বিজেপিয়ে তেওঁলোকৰ খিলঞ্জীয়াৰ পৰিভাষাটোক নিশ্চয় স্পষ্ট কৰিব৷ কিন্তু মন্ত্রী ড০ শর্মাৰ ভাষণৰ পৰা এটা কথা স্পষ্ট হৈছে যে অসমত পূর্বতে সমষ্টি নির্ধাৰণত এটা বিশেষ গোষ্ঠীক প্রাধান্য দিয়া হৈছিল৷ যাৰ বাবে বহু সমষ্টিত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহ’ল৷ তদুপৰি বহু ক্ষেত্রত সেই গোষ্ঠীটোৰ মুখলৈ নাচালে বা নির্ভৰশীল নহ’লে খিলঞ্জীয়াই পছন্দৰ প্রার্থীজনক বিধানসভালৈ প্রেৰণ কৰিব নোৱাৰে৷ এইটো বিজেপিৰ ৰাজনৈতিক ব্যাখ্যা৷ ইয়াত বিতর্কৰ থল ওলাবই পাৰে৷ কিন্তু হিন্দুৱেই হওক বা মুছলমান, অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে সমষ্টি পুনৰ গঠনত নকৈ চিন্তাৰ অৱকাশ আছে৷ অবৈধ বাংলাদেশীৰ আগ্রাসনৰ পৰা ভৱিষ্যতৰ অসমখন সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে এই ভূখণ্ডৰ সন্তান ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব লাগিব৷ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ কেডটাতে খিলঞ্জীয়াৰ আধিপত্য নাই৷ এই অৱস্থাৰ পৰিৱর্তন বিচাৰি আজিলৈকে কোনেও মাত মতা নাই৷ অন্ততঃ নির্বাচনী প্রেক্ষাপটত ইয়াক ডচ্চাৰণ কৰা হোৱা নাই৷ বিজেপিয়ে প্রথমবাৰৰ বাবে মাত মাতিছে৷ ই ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট হ’ব পাৰে৷ তদুপৰি, ইয়াক কার্যকৰী কৰাটোও ৰাষ্ট্রীয় দল এটাৰ বাবে সহজসাধ্য নহ’ব৷ তথাপি অসমবাসীয়ে বিষয়টো সতর্কতাৰে সৈ লক্ষ্য নকৰাকৈ নিশ্চয় নাথাকিব৷