আশাবাদী আমেৰিকাবাসীঃ অভূতপূর্ব প্রত্যাহ্বানৰ সন্মুখত ৰাষ্ট্রপতি বাইডেন
আমেৰিকাৰ নতুন ৰাষ্ট্রপতিৰ দায়িত্ব লৈ জ’ বাইডেন বিভিন্ন দিশৰ পৰা তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ৰাজনীতিত সুদীর্ঘ অভিজ্ঞতাৰে পুষ্ট নতুন মার্কিন ৰাষ্ট্রপতিজনৰ ওপৰত দেশবাসীয়ে আস্থা ৰাখিছে৷ প্রত্যাহ্বান কঠিন হ’লেও বাইডেনে ইয়াৰ মুখামুখি হোৱাৰ দৃঢ়তা প্রদর্শন কৰিব বুলি সকলো আশাবাদী৷ প্রতিজন মার্কিন ৰাষ্ট্রপতিয়ে নতুনকৈ দায়িত্ব লোৱাৰ পিছত প্রত্যাহ্বানৰ সন্মুখীন হয় বা সাধাৰণ প্রতিবন্ধকতাকো প্রায় অতিৰঞ্জিত কৰি প্রচাৰ মাধ্যমে বিশ্লেষণ কৰে৷ কিন্তু বাইডেন এনে এক সময়ত ৰাষ্ট্রপতি নির্বাচিত হৈছে, যেতিয়া মহামাৰী, অর্থনৈতিক সংকট, গণতান্ত্রিক প্রমূল্যৰ প্রতি ভাবুকি, বিশ্বৰ আটাইতকৈ প্রভাৱশালী দেশখনৰ ভাবমূর্তিক লৈ সৃষ্টি হোৱা নেতিবাচক প্রতিক্রিয়া আদিয়ে তেওঁৰ কাম জটিল কৰি তুলিছে৷ পূর্বৰ বহুকেইজন ৰাষ্ট্রপতিয়েও দায়িত্বভাৰ গ্রহণ কৰি কিছুমান কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ তেওঁলোকে বহুতো কঠিন সিদ্ধান্ত গ্রহণ কৰিব লগা হৈছিল৷ উদাহৰণস্বৰূপে গৃহযুদ্ধই সমগ্র আমেৰিকাক জুৰুলা কৰাৰ সময়ত ৰাষ্ট্রপতিৰ দায়িত্ব লৈ আব্রাহাম লিংকনে কেতবোৰ অত্যন্ত গুৰুত্বপূর্ণ সিদ্ধান্ত আৰু পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছিল৷ চাৰি বছৰত চাৰে সাত লাখ মানুহৰ মৃত্যু হৈছিল৷ কিন্তু ৰাষ্ট্রপতি হিচাপে পালন কৰা দায়িত্বৰ বাবে প্রশংসিত হৈছিল লিংকন৷ যোৱা শতিকাৰ ৩০ৰ দশকৰ আৰম্ভণিতে ফ্রেংকলিন ৰুজভেল্টে ৰাষ্ট্রপতিৰ দায়িত্ব লৈ উত্তৰাধিকাৰী হিচাপে পাইছিল ভয়ংকৰ অর্থনৈতিক সংকট৷ মহামন্দাই আমেৰিকাত সৃষ্টি কৰিছিল ভয়ংকৰ খাদ্যসংকটৰ৷ নিবনুৱাৰ হাৰ বৃদ্ধি পাইছিল প্রায় ২৫ শতাংশলৈ৷ সম্প্রতি আমেৰিকাত গৃহযুদ্ধসদৃশ কেতবোৰ ঘটনা সংঘটিত হ’লেও লিংকন যি পৰিস্থিতিৰ সন্মুখীন হৈছিল তেনে পৰিস্থিতি বাইডেনৰ সন্মুখত নাই৷ কিন্তু মার্কিন জনতা যে দুটা ভাগত বিভক্ত হৈছে, তেওঁলোকৰ মাজত ঘৃণাই গা কৰি উঠিছে আৰু ৰাজনৈতিকভাৱে দেশখনত চৰমপন্থী চিন্তাধাৰাৰ উন্মেষ ঘটিছে তাক লৈ কোনো সন্দেহ নাই৷ সেইদৰে ৰুজভেল্টে মুখামুখি হোৱা ভয়ংকৰ মহামন্দাৰ তুলনাত বর্তমান আমেৰিকাৰ অর্থনৈতিক সংকট গুৰুতৰ নহয় যদিও বাইডেনে গোটেই পৰিস্থিতি চম্ভালিবলৈ যে অতিৰিক্ত পৰিশ্রম কৰিব লাগিব সেয়া নিশ্চিত৷ ইয়াৰ কাৰণ হ’ল তেওঁ একেলগে আভ্যন্তৰীণ বিষয়ৰ পৰা আন্তঃৰাষ্ট্রীয় ক্ষেত্রলৈ অত্যন্ত জটিল সমস্যাৰ সৈতে মোকাবিলা কৰিব লাগিব৷
বাইডেনে এনে এক সময়ত ৰাষ্ট্রপতিৰ দায়িত্ব লৈছে, যেতিয়া মহামাৰীয়ে দেশখনত লাখ লাখ লোকৰ প্রাণ কাঢ়ি নিছে৷ শপত গ্রহণৰ পিছত তেওঁ নিজে স্বীকাৰ কৰিছে যে আৰু কেইদিনমানৰ ভিতৰতে ক’ৰোনা ভাইৰাছত মৃত্যু হোৱা মার্কিন নাগৰিকৰ সংখ্যা পাঁচ লাখলৈ বৃদ্ধি পাব৷ ক’ৰোনাত আমেৰিকাৰ ছয় লাখ মানুহৰ মৃত্যু হ’ব বুলি তেওঁ সতর্কবাণী প্রেৰণ কৰে৷ তেওঁ ঘোষণা কৰে যে ১০০ দিনত ১০০ নিযুত নাগৰিকক ক’ৰোনাৰ ভেকচিন প্রদান কৰা হ’ব৷ টিকাকৰণ অভিযান সফল কৰি তুলিবলৈ ভেকচিনৰ বিতৰণ আৰু সৰবৰাহ অত্যন্ত গুৰুত্বপূর্ণ৷ ড’নাল্ড ট্রাম্পৰ প্রশাসনে এনেধৰণৰ বিষয়বোৰৰ ওপৰত সম্পূর্ণ কর্তৃত্ব প্রদান কৰিছিল প্রাদেশিক চৰকাৰসমূহক৷ কিন্তু বাইডেনে এই দায়িত্ব ফেডাৰেল প্রশাসনক অর্পণ কৰাৰ সিদ্ধান্ত লৈছে৷ বাইডেনৰ ঘনিষ্ঠ বিষয়াসকলে জনোৱা মতে ভেকচিনৰ ক্ষেত্রত নতুন ৰাষ্ট্রপতিজনে আক্রমণাত্মক পদক্ষেপ ল’ব৷ প্রয়োজনসাপেক্ষে গোটেই প্রক্রিয়াটোত অধিক পুঁজি বিনিয়োগ কৰিবলৈ তেওঁ সাজু হৈ আছে৷ কিন্তু মহামাৰীৰ কবলত তীব্র বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ সময়ত মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বাইডেন প্রশাসনে বিশাল হাৰত পুঁজি বিনিয়োগ কৰাটো কঠিন হ’ব৷ শেহতীয়া এক প্রতিবেদন মতে আমেৰিকাত নিবনুৱাৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি পাইছে৷ ১১.৭ শতাংশ শ্রমিকে হেৰুৱাইছে সংস্থাপন৷ ১৯৩৯ চনৰ পিছত ২০২০ চনতেই সর্বাধিক লোকে আমেৰিকাত চাকৰি হেৰুৱাবলগীয়া হৈছে৷ আশংকা কৰা হৈছে যে ৫০ নিযুত আমেৰিকান খাদ্য নিৰাপত্তাহীনতাৰ সন্মুখীন হ’ব৷ ইয়াৰ ভিতৰত আছে ১৭ নিযুত শিশু৷ ২০ বছৰৰ পূর্বে আমেৰিকাৰ ঋণ আছিল দেশখনৰ বার্ষিক মুঠ ঘৰুৱা উৎপাদনৰ ৩০ শতাংশ৷ ২০২০ চনত আমেৰিকাৰ ঋণ মুঠ ঘৰুৱা উৎপাদনৰ ৫০ শতাংশৰো অধিক হোৱা বুলি প্রকাশ পাইছে৷ অনুমান কৰা মতে, চলিত বিত্তীয় বর্ষত আমেৰিকাৰ ঋণ ২.৩ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি পাব৷ ট্রাম্পৰ শাসনৰ সময়তে আমেৰিকাৰ অর্থনীতি জটিল পর্যায়লৈ গতি কৰিছিল৷ বাইডেনৰ বাবে নিশ্চিতভাৱে দেশৰ অর্থনীতিক কক্ষপথলৈ অনাটো এক ডাঙৰ প্রত্যাহ্বান হ’ব৷ শপত গ্রহণৰ পিছতে বাইডেনে অত্যন্ত গুৰুত্বপূর্ণ এটা সিদ্ধান্ত লৈছে৷ সেয়া হ’ল বাৰাক অ’বামা প্রশাসনত বিভিন্ন গুৰুত্বপূর্ণ দায়িত্বত থকা ব্যক্তিসকলক তেওঁ নিজৰ প্রশাসনলৈ ওভতাই আনি গধুৰ দায়িত্ব অর্পণ কৰিছে৷ উপ–ৰাষ্ট্রপতি হিচাপে ১০টা কার্যকালত বাইডেনে তেওঁলোকৰ সৈতে বিভিন্ন ক্ষেত্রত ঘনিষ্ঠভাৱে কাম কৰিছিল৷ বাইডেনে নিশ্চিতভাৱে প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত তেওঁলোকৰ ওপৰত বহুখিনি নির্ভৰ কৰিব৷
আন্তঃৰাষ্ট্রীয় ক্ষেত্রতো বাইডেনে ট্রাম্পৰ অদূৰদর্শিতাৰ ফলত বহু দেশৰে দ্বিপাক্ষিক সম্পর্কত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ যথেষ্ট সময় দিব লাগিব৷ সেইদৰে চীন, ৰাছিয়া, মধ্যপ্রাচ্যৰ দিশত বাইডেন প্রশাসনে গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহ লক্ষণীয় হ’ব৷ আব্রাহাম লিংকনে সম্প্রসাৰণবাদী চীনৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল৷ তেওঁ ইৰান–উত্তৰ কোৰিয়াৰ দৰে দেশৰো সন্মুখীন হ’বলগীয়া হোৱা নাছিল৷ জলবায়ু পৰিৱর্তনৰ দৰে জটিল বিষয়ত সেই সময়ৰ ৰাষ্ট্রপতিসকলে মূৰ ঘমাবলগীয়া হোৱা নাছিল৷ কিন্তু বাইডেনে এশ এবুৰি সমস্যাৰ মাজত এনেধৰণৰ বহু প্রত্যাহ্বানৰ মুখামুখি হ’ব লাগিব৷ ইতিমধ্যে তেওঁ জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত ট্রাম্পৰ নীতি নস্যাৎ কৰি নতুন নীতি গ্রহণ কৰিছে, যাৰ বাবে সমগ্র বিশ্বই অপেক্ষা কৰি আছিল৷
চীনৰ সৈতে সম্পর্কৰ ক্ষেত্রত বাইডেনে কি স্থিতি গ্রহণ কৰে তাৰ ওপৰত সমগ্র বিশ্বই দৃষ্টি ৰাখিছে৷ চীন সন্দর্ভত ট্রাম্পৰ আক্রমণাত্মক স্থিতি আছিল যদিও কূটনৈতিকভাৱে তাত পৰিপক্বতা নাছিল৷ বাইডেনৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিব এইবাবেই যে তেওঁ অ’বামা ৰাষ্ট্রপতি হৈ থকাৰ সময়ত চীনৰ সৈতে নীতি নির্ধাৰণৰ মূল দায়িত্বত আছিল৷ মধ্যস্থতাকাৰী হিচাপে বাইডেনৰ নিপুণতাক লৈ কোনো সন্দেহ নাই৷ উপ–ৰাষ্ট্রপতিৰ দায়িত্বত থকাৰ সময়ত তেওঁ বহুবাৰ এইক্ষেত্রত দক্ষতা প্রমাণ কৰি থৈছে৷ আনকি তেওঁ বিভিন্ন বিষয়ৰ ৰিপাব্লিকান জনপ্রতিনিধিৰ সমর্থনো সহজে আদায় কৰিবলৈ সক্ষম হৈছিল৷ চীনৰ সৈতে বাইডেন তীব্র বাকযুদ্ধত অৱতীর্ণ হোৱাৰ সম্ভাৱনা ক্ষীণ৷ অন্ততঃ তেওঁ ট্রাম্পৰ দৰে আক্রমণাত্মক মন্তব্য কৰাৰ পৰা বিৰত থাকিব৷ চৰিত্রগতভাৱেই তেওঁ ঝি ঝিনপিঙৰে সৌহার্দ্যপূর্ণ সম্পর্ক স্থাপন কৰিব বিচাৰিব৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে বাইডেন চীনৰ প্রতি নমনীয় হ’ব৷ এইক্ষেত্রত বাইডেনৰ প্রথম আৰু আটাইতকৈ গুৰুত্বপূর্ণ কামটো হ’ব চীনৰ সম্প্রসাৰণবাদক নিয়ন্ত্রণ কৰা৷ ইয়াৰ লগতে বেইজিঙৰ অর্থনৈতিক আগ্রাসন প্রতিৰোধ কৰিবলৈ সুনির্দিষ্ট পৰিকল্পনা গ্রহণ কৰা৷ চীনৰ সামৰিক ব্যয় ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে৷ দেশখনে আন্তঃৰাষ্ট্রীয় বাণিজ্যত প্রৱঞ্চনা আৰু জালিয়াতি কৰা বুলি অভিযোগ উঠি আহিছে৷ সেইদৰে ভাৰতকে ধৰি চুবুৰীয়া দেশৰ ওপৰত কর্তৃত্ব চলোৱাৰ প্রৱণতা প্রদর্শন কৰি আহিছে চীনে৷ চীনৰ সম্প্রসাৰণবাদৰ আন উদাহৰণ হ’ল দক্ষিণ চীন সাগৰ আৰু হংকং৷ এই সকলোবোৰ স্পর্শকাতৰ বিষয়ত বাইডেনৰ স্থিতি কি হ’ব তাৰ বাবে অধীৰ অপেক্ষা কৰিছে বিশ্বই৷
মধ্যপ্রাচ্যক লৈ ট্রাম্প প্রশাসনৰ স্থিতিৰ ওপৰতো সকলোৱে দৃষ্টি ৰাখিছে৷ শেহতীয়াকৈ ইৰানৰ সৈতে আমেৰিকাৰ যি সামান্য সম্পর্ক আছিল সেয়া ট্রাম্পৰ শাসনত অৱলুপ্ত হৈছে৷ একপ্রকাৰ নিয়ন্ত্রণহীন হৈ পৰিছে ইৰান৷ কূটনৈতিক ব্যর্থতাই আছিল ইয়াৰ মূল কাৰণ৷ বাইডেনে ইৰানৰ সৈতে কূটনৈতিক আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বাইডেনে অ’বামা প্রশাসনৰ সৈতে জড়িত কেইবাজনো অভিজ্ঞ ব্যক্তিক লৈ মধ্যপ্রাচ্যৰ বিশেষ পৰামর্শদাতা গোট গঠন কৰিছে৷ অ’বামা প্রশাসনে মধ্যপ্রাচ্যক লৈ ভুল সিদ্ধান্ত লোৱা বুলি বহু সময়ত চর্চা হৈছিল৷ সেয়ে তেওঁলোকে এইবাৰ ভুলৰ পৰা শিক্ষা লৈ সঠিক পথেৰে আগবাঢ়িব বুলি আশা কৰা হৈছে৷ অ’বামা আৰু বাইডেনৰ সৈতে দীর্ঘদিন একেলগে কাম কৰা এণ্টনী ব্লিনকেনে কয় যে সমগ্র অঞ্চলটোত ইৰানে যি অস্থিৰতাৰ সৃষ্টি কৰিছে তাক নিয়ন্ত্রণ কৰিবলৈ শীঘ্রে কূটনৈতিক আলোচনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ ‘এই মুহূর্তত আমি অৱতৰণৰ কথা চিন্তা কৰা নাই৷ এই মুহূর্তত চিন্তা কৰিছোঁ কেনেকৈ উৰণ আৰম্ভ কৰিব পাৰি৷’ ইৰানে বেলিষ্টিক মিছাইল নির্মাণ কৰাক লৈ বিবাদ অব্যাহত আছে৷ আমেৰিকা আৰু আন্তঃৰাষ্ট্রীয় সমুদায়ৰ বাধা তেওঁলোকে মনা নাই৷ ড’নাল্ড ট্রাম্পে ২০১৫ চনৰ পৰমাণু চুক্তি ভংগ কৰাৰ পিছৰে পৰা ইৰানে বাৰে বাৰে পৰমাণু অস্ত্র নির্মাণৰ ভাবুকি দি আহিছে৷ ব্লিনকেনে কয় যে– ২০১৫ চনৰ চুক্তি পুনৰ কার্যকৰী কৰিবলৈ বাইডেন আগ্রহী৷ কাৰণ তেওঁ বিশ্বাস কৰে যে এয়া আছিল বহুদেশীয় কূটনীতিৰ এক অনুকৰণীয় সাফল্য৷ মধ্যপ্রাচ্যত আমেৰিকাৰ স্বার্থজড়িত একাধিক বিষয় আছে৷ য়েমেন, ছিৰিয়া আদি দেশ এতিয়াও অশান্ত৷ ছৌদি আৰবৰ সৈতেও মানৱ অধিকাৰক লৈ আমেৰিকাৰ বিবাদ তুংগত আছে৷ আশা কৰা হৈছে যে সমগ্র মধ্যপ্রাচ্যক লৈ টীম বাইডেনে সঠিক পদক্ষেপ গ্রহণ কৰিব৷