নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ অস্থিৰতা

ম্যানমাৰৰ ৰাজনীতিলৈ হঠাতে নামি আহিছে অস্থিৰতা৷ দীর্ঘদিন ধৰি সেনাৰ শাসনত থকা ম্যানমাৰত গণতন্ত্র প্রতিষ্ঠাৰ পথ মুকলি হৈছিল ২০১১ চনত৷ প্রথমবাৰলৈ দেশখনত গণতান্ত্রিক নির্বাচন অনুষ্ঠিত হৈছিল৷ গণতান্ত্রিক আন্দোলনৰ নেত্রী ন’বেল শান্তি বঁটা বিজয়ী আং ছান ছ্যু কীৰ নেতৃত্বত অসামৰিক চৰকাৰ এখন গঠন হৈছিল ম্যানমাৰত৷ কিন্তু সেনাৰ হস্তক্ষেপ তেতিয়াও অন্ত পৰা নাছিল৷ সম্পূর্ণ এক গণতান্ত্রিক গাঁথনিৰ মাজলৈ উন্নীত হোৱা নাছিল ম্যানমাৰ৷ বিৰোধী পক্ষক সমর্থন জনাই আহিছিল সেনাই৷ যোৱা নৱেম্বৰ মাহত অনুষ্ঠিত সংসদীয় নির্বাচনত ছ্যু কীৰ নেতৃত্বাধীন নেচনেল লীগ ফৰ ডেম’ক্রেচী (এনএলডি)য়ে ৮০ শতাংশতকৈ অধিক ভোট লাভেৰে দেশখনত অভূতপূর্ব বিজয় সাব্যস্ত কৰিছিল৷ লগে লগে ক্ষুব্ধ হৈ পৰে সেনা৷ সেনা সমর্থিত বিৰোধী পক্ষৰ শোচনীয় পৰাজয়ৰ পিছত সামৰিক বাহিনীয়ে এই নির্বাচনত প্রৱঞ্চনা সংঘটিত হোৱাৰ অভিযোগ আনে৷ নির্বাচন আয়োগে এই অভিযোগ প্রত্যাখ্যান কৰি কয় যে ইয়াক প্রমাণ কৰিবলৈ বিৰোধী পক্ষৰ হাতত কোনো ধৰণৰ প্রামাণিক তথ্য নাই৷ অভূতপূর্ব বিজয়ৰ পিছত কেইবাদশক ধৰি ম্যানমাৰত স্বৈৰাচাৰী শাসন চলোৱা সেনাই পূর্ণাংগ গণতন্ত্রৰ ভেটি প্রতিষ্ঠা হোৱাৰ আশংকা কৰিয়েই এক অভ্যুত্থান সংঘটিত কৰে৷ অভ্যুত্থানৰ জৰিয়তে পুনৰ দেশখনৰ ক্ষমতা দখল কৰে সামৰিক বাহিনীয়ে৷ ছ্যু কীসহ শাসকীয় দলৰ মন্ত্রী তথা সাংসদসকলক তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰা হয়৷ লক্ষণীয়ভাৱে গ্রেপ্তাৰৰ পিছৰে পৰা ছ্যু কীৰ কোনোধৰণৰ তথ্য লাভ কৰা নাই সংবাদ মাধ্যমে৷ ম্যানমাৰত হঠাতে সংঘটিত এই অভ্যুত্থানৰ পিছতে সৰৱ হৈ পৰিছে আন্তর্জাতিক সম্প্রদায়৷ দেশখনৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে স্বৈৰতন্ত্র প্রতিষ্ঠাৰ বাবে সেনা অগ্রসৰ হোৱা বিষয়টোক ধিক্কাৰ তথা গৰিহণা দিছে বিশ্বৰ সকলো দেশে৷ আমেৰিকাসহ ইউৰোপৰ কেইবাখনো দেশে অভ্যুত্থানক গৰিহণা দি সামৰিক বাহিনীক দেশখনৰ নির্বাচনৰ ফলাফললৈ সন্মান জনোৱাৰ আহ্বান জনাইছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে সামৰিক অভ্যুত্থানক গৰিহণা দি নির্বাচনৰ ফলাফলক সন্মান নজনালে দেশখনৰ বিৰুদ্ধে পুনৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব বুলি হুংকাৰ দিছে৷ ভাৰতসহ কেইবাখনো দেশে ম্যানমাৰৰ গণতান্ত্রিক প্রক্রিয়াৰ পক্ষত থকা বুলি ঘোষণা কৰি সেনাৰ কার্যক তীব্র ভর্ৎসনা কৰিছে৷
সোমবাৰে সেনাৰ অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰৰ ৰাজনীতি হৈ পৰিছে অস্থিৰ৷ দেশখনৰ অর্থনীতিলৈ হঠাতে নামি আহিছে বিপর্যয়৷ গণতান্ত্রিক প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ বিভিন্ন কোম্পানীত বিদেশী বিনিয়োগ আহিছিল৷ এতিয়া কোটি কোটি ডলাৰ বিদেশী বিনিয়োগলৈ নামি আহিছে আশংকা৷ এই ধন সামৰিক চৰকাৰে নিয়ন্ত্রণ কৰাৰ আশংকাই দেখা দিছে৷ বেংকসমূহৰ দুৱাৰ বন্ধ কৰি দিছে সেনাই৷ অভিযোগ এটাই যে বিগত নির্বাচনত শাসকীয় দলে বৃহৎ ধনৰাশি লৈ বেংকসমূহক দেউলীয়া কৰিছে৷ কিন্তু এই অভিযোগবোৰৰ কোনোধৰণৰ প্রমাণ নাই৷ ইফালে, আন্তর্জাতিক সম্প্রদায়ে ছ্যু কীসহ শাসকীয় দলৰ মন্ত্রী তথা সাংসদসকলক মুক্তি দিবলৈ দাবী জনাই থকাৰ সময়তে ম্যানমাৰৰ আৰক্ষীয়ে নেত্রীগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি ৰুজু কৰিছে গোচৰ৷ আগন্তুক ১৫ ফেব্রুৱাৰীলৈ জিম্মাত ৰখা বুলি আৰক্ষীয়ে ছ্যু কী সন্দর্ভত বিভিন্ন তথ্য মুকলি কৰিছে যদিও নেত্রীগৰাকী ক’ত আছে এতিয়ালৈকে কোনেও সেয়া থিৰাং কৰিব পৰা নাই৷ একাংশ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ছ্যু কীক ৰাজধানী নেইপিটাওৰ বাসগৃহত বন্দী কৰি ৰাখিছে সেনাই৷ অপসাৰিত ৰাষ্ট্রপতি উইন মিণ্টৰ বিৰুদ্ধেও আৰক্ষীয়ে বিভিন্ন ধৰণৰ অভিযোগ আনিছে৷ বিশেষকৈ ক’ভিড প্রট’কল ভংগ কৰি গণ সমাৱেশত অংশগ্রহণ কৰাৰ অভিযোগ অনা হৈছে অপসাৰিত ৰাষ্ট্রপতিগৰাকীৰ বিৰুদ্ধে৷ মিণ্টকো দুই সপ্তাহৰ বাবে আৰক্ষীয়ে জিম্মাত ৰখা বুলি ঘোষণা কৰিছে৷ ইফালে, সেনাৰ শীর্ষ কমাণ্ডাৰ মিন আং লাইঙৰ নেতৃত্বত দেশখনত ১১জনীয়া সামৰিক জুণ্টাৰ শাসন আৰম্ভ হৈছে৷ দেশজুৰি জাৰি কৰা হৈছে এবছৰৰ বাবে জৰুৰী ব্যৱস্থা৷ এই ঘটনাক কেন্দ্র কৰি ম্যানমাৰৰ অর্থনীতি বিপর্যয়ৰ দিশে গতি কৰা বুলি আশংকা কৰিছে অর্থনীতিবিদসকলে৷ পুনৰ ম্যানমাৰত ভয়াৱহ দুর্ভিক্ষ আৰু নজিৰবিহীন আর্থিক বৈষম্যৰ সৃষ্টি হ’ব বুলি কেইবাগৰাকীও অর্থনীতিবিদে ভৱিষ্যতবাণী কৰিছে৷ লক্ষণীয়ভাৱে ম্যানমাৰত ৰহিংগ্যা মুছলমানৰ ওপৰত হোৱা আতিশয্যৰ সময়ত সেনাৰ প্রতি ছ্যু কীয়ে গভীৰ আস্থা পোষণ কৰা বিষয়টোৱেই আজি নেত্রীগৰাকীৰ কাল হ’ল বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে৷ কেইবাবছৰ ধৰি গৃহবন্দী হৈ থকা নেত্রীগৰাকীয়ে দেশখনত গণতন্ত্রৰ বাট মুকলি কৰি পুনৰ সেনাৰ বর্বৰতাক সমর্থন কৰিয়েই আজি আকৌ বন্দ্বিত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হোৱা বুলিও বিষয়টোক লৈ চলিছে চর্চা৷

You might also like