নগাঁৱৰ কোটায়ানী নামঘৰত ব্যতিক্রমী বিবাহানুষ্ঠান
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ সমীপৰ মৰিকলং ধেপাজানত ব্যতিক্রমী বিবাহ উৎসৱ সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ বিয়া হৈছে ধেপাজান কোটায়ানী নামঘৰত৷ বিয়াখন পৰিচালনা কৰিছে কোটায়ানী নামঘৰ পৰিচালনা সমিতিয়ে৷ কোটায়ানী নামঘৰ পৰিচালনা সমিতিৰ দ্বাৰা আয়োজন কৰা এই বিয়া উৎসৱক লৈ অঞ্চলটোত এক উখল–মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ বিয়াৰ সকলোৱেই ব্যৱস্থা আছে৷ মাহ–হালধিৰ পৰা বিবাহাচার্যলৈকে, পৰম্পৰাৰ পৰা বিশ্বাসলৈকে পূর্ণাংগ এই বিবাহ উৎসৱৰ স্মৃতি সজীৱ কৰিবলৈ ব্যৱস্থা কৰা হৈছে কেমেৰাৰো৷ হাতত উপহাৰ লৈ আত্মীয়–কুটুম্ব আৰু অতিথিয়ে বিয়াখনত ভিৰ কৰা পৰিলক্ষিত হয়৷ গ্রহণ কৰিলে আপ্যায়ন, দিলে মৰম–আশীর্বাদ৷ এপাক নাচিবলৈও নাপাহৰিলে দুই–একে৷ এতিয়া হয়তো বহুতৰে মনলৈ প্রশ্ণ আহিব, এনে পৰিৱেশ সকলো বিয়াতেই হয়, তেনেহ’লে এইখন বিয়া উৎসৱতনো কি ব্যতিক্রম হ’ল? প্রকৃততে এই বিয়াখনত আছে ২২ যোৰা দৰা–কইনা৷ আয়তীৰ উৰুলি, বিয়ানাম আৰু বেণ্ডৰ শব্দত কঁকাল ঘূৰাই নাচি–বাগি কলচী–আমডালি লৈ পানী আনি দৰা–কইনাক নোৱাই–ধুৱাই নামঘৰত ভকতৰ সেৱা লোৱাই পৰমানন্দ লাভ কৰিলে পৰিয়ালৰ লোকসকলেও৷ আত্মীয়–ভিভাৱকহীন, পৰিচালনাৰ সমস্যা, আর্থিক সমস্যাকে প্রমুখ্য কৰি বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত হৈ ইচ্ছা থকাৰ পিছতো সামাজিক প্রথাৰে বিবাহপাশত আবদ্ধ হ’ব নোৱৰা দম্পতীসকলকো যথেষ্ট উৎসাহিত, আনন্দিত হোৱা দেখা গ’ল বিবাহস্থলীত৷ অৱশ্যে দুই–একে আকৌ লাজতে মুখ লুকুওৱাৰো যত্ন কৰা পৰিলক্ষিত হ’ল৷ লাজ নকৰিবইনো কিয়? ল’ৰাই বিয়া পাতিব পৰা হ’ল, ছোৱালীকো এঘৰলৈ দিব পৰা হ’ল, বাপেক–মাকৰ হাডশুচি বিয়াখন এতিয়াহে হৈছে৷ সমূহীয়া এই বিয়া উৎসৱে কালি নিশা সম্পন্ন হোৱা একাংশ পৰিয়ালক সকাহ দিয়াই নহয়, গাঁওখনত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি কৰিলে৷নগাঁও চহৰৰ সমীপৰ মৰিকলং ধেপাজানত ব্যতিক্রমী বিবাহ উৎসৱ সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ বিয়া হৈছে ধেপাজান কোটায়ানী নামঘৰত৷ বিয়াখন পৰিচালনা কৰিছে কোটায়ানী নামঘৰ পৰিচালনা সমিতিয়ে৷ কোটায়ানী নামঘৰ পৰিচালনা সমিতিৰ দ্বাৰা আয়োজন কৰা এই বিয়া উৎসৱক লৈ অঞ্চলটোত এক উখল–মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ বিয়াৰ সকলোৱেই ব্যৱস্থা আছে৷ মাহ–হালধিৰ পৰা বিবাহাচার্যলৈকে, পৰম্পৰাৰ পৰা বিশ্বাসলৈকে পূর্ণাংগ এই বিবাহ উৎসৱৰ স্মৃতি সজীৱ কৰিবলৈ ব্যৱস্থা কৰা হৈছে কেমেৰাৰো৷ হাতত উপহাৰ লৈ আত্মীয়–কুটুম্ব আৰু অতিথিয়ে বিয়াখনত ভিৰ কৰা পৰিলক্ষিত হয়৷ গ্রহণ কৰিলে আপ্যায়ন, দিলে মৰম–আশীর্বাদ৷ এপাক নাচিবলৈও নাপাহৰিলে দুই–একে৷ এতিয়া হয়তো বহুতৰে মনলৈ প্রশ্ণ আহিব, এনে পৰিৱেশ সকলো বিয়াতেই হয়, তেনেহ’লে এইখন বিয়া উৎসৱতনো কি ব্যতিক্রম হ’ল? প্রকৃততে এই বিয়াখনত আছে ২২ যোৰা দৰা–কইনা৷ আয়তীৰ উৰুলি, বিয়ানাম আৰু বেণ্ডৰ শব্দত কঁকাল ঘূৰাই নাচি–বাগি কলচী–আমডালি লৈ পানী আনি দৰা–কইনাক নোৱাই–ধুৱাই নামঘৰত ভকতৰ সেৱা লোৱাই পৰমানন্দ লাভ কৰিলে পৰিয়ালৰ লোকসকলেও৷ আত্মীয়–ভিভাৱকহীন, পৰিচালনাৰ সমস্যা, আর্থিক সমস্যাকে প্রমুখ্য কৰি বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত হৈ ইচ্ছা থকাৰ পিছতো সামাজিক প্রথাৰে বিবাহপাশত আবদ্ধ হ’ব নোৱৰা দম্পতীসকলকো যথেষ্ট উৎসাহিত, আনন্দিত হোৱা দেখা গ’ল বিবাহস্থলীত৷ অৱশ্যে দুই–একে আকৌ লাজতে মুখ লুকুওৱাৰো যত্ন কৰা পৰিলক্ষিত হ’ল৷ লাজ নকৰিবইনো কিয়? ল’ৰাই বিয়া পাতিব পৰা হ’ল, ছোৱালীকো এঘৰলৈ দিব পৰা হ’ল, বাপেক–মাকৰ হাডশুচি বিয়াখন এতিয়াহে হৈছে৷ সমূহীয়া এই বিয়া উৎসৱে কালি নিশা সম্পন্ন হোৱা একাংশ পৰিয়ালক সকাহ দিয়াই নহয়, গাঁওখনত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি কৰিলে৷