নিবনুৱা সমস্যা
মাৰাত্মক নোভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ হ্রাস পাবলৈ ধৰাৰ লগে লগে দেশৰ অর্থনীতিয়ে কিছু গতি লাভ কৰিছে৷ কিন্তু মহামাৰীয়ে মোক্ষম আঘাত হনা অর্থনীতিলৈ কেতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিব, সেই কথা কোনেও নিশ্চিতভাৱে ক’ব পৰা নাই৷ আন্তর্জাতিক মুদ্রা নিধি, বিশ্ব বেংক আদিকে ধৰি বিভিন্ন সংস্থাই যোৱা সময়ছোৱাত চলোৱা সমীক্ষাসমূহত এটা কথা স্পষ্ট হৈছে যে নোভেল ক’ৰোনা ভাইৰাছে প্রতিখন ৰাষ্ট্রৰে অর্থনীতিক থান–বান কৰি পেলাইছে৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনত পর্যায়ক্রমে শিথিলতা আনিলেও কৃষি, উদ্যোগ, পর্যটন আদি খণ্ডসমূহে স্বাভাৱিক অৱস্থা লাভ কৰা নাই৷ দেশ এখনত অর্থনীতিৰ সুস্থিৰতা তথা বিকাশৰ গতি বহুলাংশে নির্ভৰ কৰে কর্মসংস্থাপনৰ ওপৰত৷ লকডাউন বলৱৎ কৰাৰ ফলত উৎপাদন ক্ষেত্র স্তব্ধ হৈ পৰিণতিত লাখ লাখ শ্রমিক–কর্মচাৰী কর্মসংস্থাপনহীন হৈ পৰিছিল৷ শেহতীয়াকৈ ইয়াৰে বহুতে কর্মক্ষেত্রলৈ উভতি গৈছে যদিও বহুতে এতিয়াও কর্মসংস্থাপনহীন হৈয়ে আছে৷ যাৰ বাবে ক’ৰোনা কালত উদ্ভৱ হোৱা নিবনুৱাৰ সমস্যা সম্পূর্ণৰূপে সমাধান হোৱা নাই৷ মহামাৰীয়ে ভাৰতত কর্মহীন লোকৰ সংখ্যা কিদৰে বৃদ্ধি কৰিছে, তাৰ তথ্য ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি’ (চিএমআইই) নামৰ সংস্থাটোৱে সময়ে সময়ে প্রকাশ কৰি অহা প্রতিবেদনতে স্পষ্ট হৈ আহিছে৷ চি এম আই ইৰ প্রতিবেদনৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি যোৱা ছেপ্ঢেম্বৰ–ডিচেম্বৰ এই ত্রৈমাসিকত দেশত নিবনুৱাৰ হাৰ হৈছে ৭.৫ শতাংশ৷ সংস্থাটোৱে একেখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০১৭ চনৰ মে’–আগষ্টৰ পাছত ভাৰতত কর্মহীন লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ ২০১৭ চনত ভাৰতত নিবনুৱাৰ হাৰ আছিল চাৰিটা দশকৰ ভিতৰত সর্বোচ্চ ৬.১ শতাংশ৷ কিন্তু শেহতীয়া ত্রৈমাসিকত এই সংখ্যাকো অতিক্রম কৰি গ’ল৷ যিটো ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্রৰ অর্থনীতিৰ বাবে অশুভ ইংগিত বুলি ক’ব পাৰি৷ ভাৰতৰ অর্থনীতিত গ্রামাঞ্চলে প্রভূত অৰিহণা আগবঢ়াই আহিছে৷ কিন্তু গ্রামাঞ্চলতো নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ চি এম আই ইৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি গ্রামাঞ্চলত যোৱা চাৰি মাহত নিবনুৱাৰ হাৰ হৈছে ৬.৮ শতাংশ৷
চি এম আই ইৰ সমান্তৰালভাৱে ৰাষ্ট্রসংঘৰ আন্তর্জাতিক শ্রম সংস্থাই শেহতীয়াভাৱে প্রকাশ কৰা প্রতিবেদনতো নিবনুৱাৰ সংখ্যাক লৈ এখন উদ্বেগজনক চিত্র পোহৰলৈ আহিছে৷ আন্তর্জাতিক শ্রম সংস্থাৰ প্রতিবেদনত স্পষ্টভাবে কোৱা হৈছে যে কর্মমুখী লোকৰ সংখ্যাৰ অনুপাতে নতুন কর্মস্থান সৃষ্টি হোৱা নাই৷ যাৰ বাবে সমগ্র বিশ্বতে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ কেৱল চলিত বছৰতে সমগ্র বিশ্বত নিবনুৱাৰ সংখ্যা প্রায় ২৫ লাখ বৃদ্ধি হ’ব বুলি আন্তর্জাতিক শ্রম সংস্থাই ইংগিত দিছে৷ তদুপৰি সম্প্রতি প্রায় ৫০ কোটি লোকে মাত্র কেইঘণ্টামানৰ বাবেহে কাম কৰাৰ সুযোগ পোৱাৰ উপৰি ইয়াৰে বহু সংখ্যকে কামৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলিও একেখন প্রতিবেদনতে উল্লেখ কৰা হৈছে৷ এনে অৱস্থাত এটা প্রশ্ণই সকলোৰে মাজত চর্চিত হৈছে– ভাৰত তথা সমগ্র বিশ্বতে কর্মসংস্থাপনহীন লোকৰ সংখ্যা হ্রাস পাব কেতিয়া? লকডাউন বলৱৎ কৰাৰ সময়ত কর্মসংস্থাপন হেৰুৱাই গৃহাভিমুখী হোৱা শ্রমিক–কর্মচাৰীসক্ সকাহ দিয়াৰ উদ্দেশ্যেৰে কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রী গৰীব কল্যাণ যোজনা নামৰ অভিলাষী আঁচনিখন প্রৱর্তনৰ সমান্তৰালভাৱে এম জি এনৰেগাৰ দৰে আঁচনিৰ অধীনত তেওঁলোকক কাম দিয়াৰ উদ্যোগ গ্রহণ কৰিছিল৷ দেশৰ অর্থনীতিলৈ ঘূৰি অহা গতি অব্যাহত ৰাখিবলৈ হ’লে চৰকাৰীভাৱে এনে ধৰণৰ পদক্ষেপ তথা পৃষ্ঠপোষকতা অব্যাহত ৰাখিব লাগিব৷ একেদৰে বিশেষজ্ঞসকলে আগবঢ়োৱা পৰামর্শক অগ্রাধিকাৰ দি নতুন নতুন আঁচনি আদি চৰকাৰে গ্রহণ কৰিলেহে বর্ধিত নিবনুৱা সমস্যা কিছু হ’লেও হ্রাস পোৱাৰ সম্ভাৱনা আছে৷