হিমবাহৰ প্রলয়
উত্তৰাখণ্ডৰ চামলিত হিমবাহ বিস্ফোৰণে এক বান্ধ ভাঙি সংহাৰ সৃষ্টি কৰা ঘটনাৰ পিছতে বিশ্বৰ বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ৰ হিমবাহবোৰলৈ কেনেধৰণৰ বিপর্যয় নামি আহিব পাৰে তাক লৈ আৰম্ভ কৰিছে বিশ্লেষণ৷ ইতিপূর্বে কেইবাটাও আন্তর্জাতিক সংস্থাই হিমালয়ৰ হিমবাহসমূহক লৈ চলোৱা অধ্যয়নত এটা কথা স্পষ্ট হৈছিল যে জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশ্ব সম্প্রদায়ে বাস্তৱসন্মত নীতি গ্রহণ নকৰিলে ধ্বংস হ’ব পাৰে হিমালয়ৰ হিম দুর্গ৷ গিৰিৰাজ হিমালয়ৰ নামনি অঞ্চলত মুহূর্তৰ ভিতৰতে সৃষ্টি হ’ব পাৰে মহাপ্রলয়৷ লক্ষণীয়ভাৱে হিমালয়ৰ হিমবাহবোৰ হৈছে কোটি কোটি লোকৰ খোৱাপানীৰ অন্যতম উৎস৷ ইয়াৰ উপৰি কৃষি, জৈৱ বৈচিত্র্যকে ধৰি প্রাকৃতিক ভাৰসাম্য ৰক্ষা পৰি আছে এই হিমবাহসমূহৰ বাবে৷ কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিয়ে হিমবাহসমূহৰ জলস্তৰ বৃদ্ধি কৰিছে৷ দ্রুতগতিত আৰম্ভ হৈছে বৰফৰ গলন প্রক্রিয়া৷ ইয়াৰ ফলত হিমবাহসমূহ ক্রমান্বয়ে ধ্বংসৰ মুখলৈ গতি কৰিছে৷ হিমবাহৰ পৰা উফৰি অহা জলপ্রবাহে নামনি অঞ্চলত সৃষ্টি কৰিছে অভাৱনীয় বান তথা ভূমিস্খলন৷ উত্তৰাখণ্ডৰ চামলিৰ ঘটনাৰ পিছত বিজ্ঞানীসকলৰ এই গৱেষণা সত্য বুলি প্রমাণিত হৈছে৷ চামলিৰ ঘটনাত মুহূর্তৰ ভিতৰতে বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰিছে৷ ধ্বংস হৈছে কেইবাখনো গাঁৱৰ বসতি অঞ্চল৷ খৰ জলস্রোতত উটি গৈছে দুই শতাধিক অমূল্য জীৱন৷ ইতিমধ্যে বিশ্বৰ প্রান্তে প্রান্তে হিমবাহৰ বিস্ফোৰণ আৰু বিপজ্জনক অঞ্চলত নির্মাণ কৰা বান্ধক লৈ চলিছে কঠোৰ সমালোচনা৷ হিমবাহৰ বিস্ফোৰণৰ বাবে পৰিৱেশবিদসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টোক সমালোচনা কৰাৰ বিপৰীতে দুর্গম অঞ্চলত বান্ধ নির্মাণ কৰা বিষয়টোকো একাংশ বিজ্ঞানীয়ে অবিবেচকী কাণ্ড আখ্যা দিছে৷ লক্ষণীয়ভাৱে ২০১৯ চনতে ইমটাৰ গৱর্নমেণ্টেল পেনেল অৱ ক্লাইমেট চেঞ্জ (আইপিচিচি) নামৰ সংস্থাটোৱে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ৰ হিমবাহত অকল্পনীয় দুর্যোগ সংঘটিত হ’ব বুলি সতর্কবাণী কৰিছিল৷ দুবছৰ পূর্বৰ সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা হৈছিল যে আগন্তুক কেইটামান বছৰৰ ভিতৰতে হিমালয়ৰ বহু হিমবাহৰ বিলুপ্তি ঘটিব৷ এই হিমবাহসমূহৰ বিলুপ্তি মানে নামনি অঞ্চলৰ বসতি অঞ্চলত বিপর্যয়৷ দক্ষিণ এছিয়াত হিমালয়ৰ হিমবাহে খোৱাপানী, কৃষিক্ষেত্রৰ পানী, জলবিদ্যুৎ আৰু জৈৱ বৈচিত্র্যৰ ক্ষেত্রত যি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে তাক অক্ষত ৰাখিবলৈ হ’লে গোলকীয় উষ্ণতা প্রতিৰোধৰ ক্ষেত্রত সজাগ হ’ব লাগিব বুলিও আই পি চি চিয়ে সতর্কবাণী কৰিছিল৷
হিমালয়ক কেইবাটাও গুৰুত্বপূর্ণ অঞ্চলত ভাগ কৰা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে হিন্দুকুশ হিমালয় অঞ্চল৷ এই অঞ্চলটোত বসবাস কৰি আছে ২৪ কোটি লোকে৷ এই ২৪ কোটি লোকৰ জীৱন সঞ্জীৱনী হিচাপে চিহ্ণিত হৈ আহিছে হিমবাহসমূহ৷ এই বৃহৎসংখ্যক লোকৰ জল যোগানৰ একমাত্র উৎসই হৈছে হিমালয়৷ হিমালয়ৰ হিমবাহৰ পৰা নদী তথা অন্যান্য জান–জুৰিৰে বৈ অহা পানীয়েই এই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ৰক্ষা কৰি আহিছে৷ গঢ়ি উঠিছে সমগ্র অঞ্চলটোত এক কৃষি সভ্যতা৷ হিন্দুকুশ হিমালয় অঞ্চলত আছে ভাৰতৰ ৮ কোটি ৬ লাখ বাসিন্দা৷ অর্থাৎ দেশৰ কেইবাখনো মহানগৰত বাস কৰা জনসংখ্যাতকৈও বেছি এই অঞ্চলটোত আছে৷ গতিকে হিমালয়ৰ হিমবাহসমূহ বৃহৎসংখ্যক লোকৰ জীৱন ৰেখা হিচাপে চিহ্ণিত হৈ আহিছে৷ যদি পৃথিৱীক শোষণ কৰি মানুহে নিজৰ প্রগতিৰ যাত্রা অব্যাহত ৰাখিবলৈ চেষ্টা কৰে, তেন্তে গোলকীয় উষ্ণতাই এই প্রাকৃতিক উপাদানবোৰ ধ্বংস কৰি পেলাব৷ অর্থাৎ মানৱসৃষ্ট ভয়াৱহ উপাদানবোৰেই এতিয়া প্রাকৃতিক উপাদানবোৰৰ বাবে বিপর্যয় হিচাপে চিহ্ণিত হৈ আহিছে৷ গোলকীয় উষ্ণতা হৈছে তেনে এক মাৰাত্মক উপাদান৷ অত্যধিক গ্রীন হাউছ গেছ নির্গমনৰ ফলত পৃথিৱীৰ জলবায়ু উত্তপ্ত হৈ পৰিছে৷ ইয়াৰ ফলত এণ্টার্কটিকাৰ বৰফীয় স্তৰ হ্রাস পাব ধৰিছে৷ মহাসাগৰৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ আহি পৰিছে এল নিন’ৰ দৰে মহাসাগৰীয় প্রাকৃতিক বিপর্যয় আৰু ইয়াৰ দ্বাৰা সংকটৰ সন্মুখীন হৈছে মানৱ জাতি৷ হিমবাহসমূহৰ ক্ষেত্রতো একেই বিপর্যয় দেখিবলৈ পোৱা গৈছে৷ উত্তৰাখণ্ডৰ প্রলয় ইয়াৰ মাথোঁ এক সাধাৰণ উদাহৰণহে৷