নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত প্রচাৰ চলাব বিজেপিৰ ৪০ তাৰকা প্রচাৰকে

নিয়মীয়া বাৰ্তা, ১১ মার্চঃ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ হাতৰ পৰা পশ্চিমবংগৰ শাসন কাঢ়িবলৈ সংকল্পবদ্ধ হোৱা বিজেপিয়ে ৰাজ্যখনৰ আগন্তুক বিধানসভা নির্বাচনত ৪০গৰাকী তাৰকা প্রচাৰকক নমাব৷

ৰাজ্যখনৰ নির্বাচনী প্রচাৰত নেতৃত্ব দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মোদীৰ উপৰি তাৰকা প্রচাৰক হিচাপে থাকিব গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, নীতিন গাডকাৰি, অর্জুন মুণ্ডা, জে পি নাড্ডা, ধর্মেন্দ্র প্রধান, স্মৃতি ইৰাণী আৰু বাবুল সুপ্রিয়৷

ইয়াৰ উপৰি যোগী আদিত্যনাথ, শিৱৰাজ সিং চৌহানেও বিজেপিৰ বাবে প্রচাৰ চলাব ৰাজ্যখনত৷ অভিনেতা মিথুন চক্রৱর্তীয়েও তাৰকা প্রচাৰক হিচাপে ৰাজ্যখনত প্রচাৰ চলাব৷ ইয়াৰ উপৰি আছে অন্য কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা৷

You might also like