নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য়েমেনৰ ৰক্তক্ষয়ী সংঘাত

ৰক্তক্ষয়ী যুদ্ধ আৰু সংঘর্ষত বিধ্বস্ত এখন দেশ হৈছে য়েমেন৷ মধ্য প্রাচ্যৰ এই দেশখনৰ পৰিস্থিতি অতি জটিল হৈ পৰিছে৷ দেশখনৰ ৰাজধানী ছানাকে ধৰি গুৰুত্বপূর্ণ অঞ্চলত নিয়ন্ত্রণ সাব্যস্ত কৰিছে ইৰান সমর্থিত হুঠি বিদ্রোহীয়ে৷ ৰাষ্ট্রপতি মনছুৰ হাদি এতিয়াও দেশখনত নিৰাপদ নহয়৷ নির্বাচিত চৰকাৰ বুলিবলৈ এতিয়া তাত একোৰে অস্তিত্বই নাই৷ ছৌদি আৰব নেতৃত্বাধীন কেইবাখনো দেশৰ মিত্র বাহিনীয়ে য়েমেনত শান্তি স্থাপনৰ প্রচেষ্টা চলোৱাৰ নামত দেশখনত নির্বিচাৰ বোমা, ক্ষেপণাস্ত্র নিক্ষেপ কৰি আছে৷ অর্থাৎ মনছুৰ হাদিৰ পক্ষত আছে ছৌদি আৰব৷ এই ছৌদি আৰবক য়েমেনৰ বিৰুদ্ধে সহযোগিতা আগবঢ়াইছিল আমেৰিকাৰ পূর্বৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কেইবাখনো শক্তিশালী ৰাষ্ট্রৰ বাহিনীয়ে মধ্য প্রাচ্যৰ এই দুখীয়া দেশখনৰ ওপৰত চলোৱা হিংস্র আক্রমণৰ ফলত দেশখনলৈ নামি আহিছে পংগুত্ব৷ কেইবা নিযুতো লোক দুর্ভিক্ষৰ কবলত পৰিছে৷ অপুষ্টিৰ চিকাৰ হ’বলগীয়া হৈছে কেইবা লাখো শিশু৷ আনকি মেলেৰিয়াৰ দৰে ৰোগত প্রাণ হেৰুৱাবলগীয়া হৈছে দাৰিদ্র্যপীড়িত দেশখনৰ বহু লোকে৷ য়েমেনত এই ভয়াৱহ পৰিস্থিতি অব্যাহত থকাৰ বাবেই অতি জৰুৰী হৈ পৰা মানৱীয় সাহায্য প্রদান কার্যসূচী ব্যাহত হৈছে৷ বহুকেইটা আন্তর্জাতিক দাতব্য সংস্থাই য়েমেনত সাহায্য আগবঢ়াবলৈ গৈ দুর্গত লোকৰ ওচৰ চাপিবলৈ সক্ষম হোৱা নাই যুদ্ধৰ বিভীষিকাৰ বাবে৷ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই বাৰে বাৰে য়েমেনৰ লাখ লাখ দুর্গত লোকক মানৱীয় সাহায্য প্রদানৰ ক্ষেত্রত যুদ্ধবাজ শক্তিসমূহক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে যদিও মানৱীয়তাৰ প্রাথমিক চর্ত পূৰণ কৰিবলৈ ইচ্ছুক হোৱা নাই যুদ্ধৰত উভয় পক্ষ৷ পৰিণতিত য়েমেন এতিয়া যুদ্ধ আৰু হিংস্রতাৰ এক বধ্যভূমিত পৰিণত হৈছে৷ দুর্ভিক্ষ আৰু অপুষ্টিৰ বাবে য়েমেন হৈ পৰিছে আন্তর্জাতিক মহলত চর্চাৰ বিষয়৷ শেহতীয়াকৈ দেশখনত সংঘটিত হৈছে নতুন এক অবাঞ্ছিত ঘটনা৷ ৰাজধানী ছানাত বন্দী কৰি ৰখা হৈছে দুর্দশাগ্রস্ত ইথি’পিয়াৰ পৰা পলায়ন কৰি অহা কেইবাহাজাৰো প্রব্রজনকাৰীক৷ এই প্রব্রজনকাৰীক পশুৰ দৰে বন্দীগৃহত ৰখা হৈছে৷ প্রব্রজনকাৰীসকলে পাবলৈ সক্ষম হোৱা নাই প্রয়োজনীয় খাদ্য–সামগ্রী৷ তথাপি এক দুর্বিষহ জীৱন কটাই হ’লেও য়েমেনৰ বন্দীগৃহত থাকিবলগীয়া হৈছে ইথি’পিয়াৰ প্রব্রজনকাৰী লোকসকল৷
মাত্র দুদিন পূর্বে ৰাজধানী ছানাৰ এক বন্দীগৃহত সংঘটিত শিহৰণকাৰী অগ্ণিকাণ্ডত প্রাণ হেৰুৱাইছে কমপক্ষেও ৩০গৰাকী লোকে৷ ৰাষ্ট্রসংঘৰ অধীনস্থ সংস্থা প্রব্রজনকাৰীৰ আন্তর্জাতিক সংগঠন আই’এমে সদৰী কৰা অনুসৰি এই অগ্ণিকাণ্ডৰ ঘটনাত কেইবাশও লোক গুৰুতৰভাৱে আহত হৈছে৷ ইফালে নিহত লোকৰ সংখ্যা শতাধিক হ’ব বুলি শংকা প্রকাশ কৰিছে সংগঠনটোৱে৷ কিন্তু য়েমেনৰ পৰা এতিয়ালৈকে এই সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা হোৱা নাই৷ আনকি এই অগ্ণিকাণ্ডৰ কাৰণো উল্লেখ কৰা হোৱা নাই৷ আই’এমৰ মতে অগ্ণিকাণ্ডৰ ঘটনাৰ দিনাই বন্দীকেন্দ্রৰ সমীপৱর্তী কেইবাটাও প্রাসাদ বিধ্বস্ত হৈছে ছৌদি বাহিনীৰ বোমা আৰু ক্ষেপণাস্ত্রত৷ গতিকে এই বন্দীকেন্দ্রত ছৌদি বাহিনীৰ ক্ষেপণাস্ত্রৰ বোমাই অগ্ণিকাণ্ডৰ সৃষ্টি কৰা বুলি সন্দেহ কৰা হৈছে৷ লক্ষণীয়ভাৱে আন্তর্জাতিক সংস্থাটোৰ এনে সন্দেহ সত্ত্বেও নীৰৱতা অৱলম্বন কৰিছে ছৌদি আৰবে৷ গতিকে সমগ্র বিষয়টোক লৈ বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহৰ মাজত সৰৱ চর্চা চলিছে৷ য়েমেনত বিদ্রোহী হুঠিৰ বিৰুদ্ধে ছৌদি মিত্র বাহিনীয়ে যিমান আক্রমণ সংঘটিত কৰিছে, তাতকৈ বেছি অসামৰিক নিৰীহ লোকৰ ওপৰত চলোৱা হৈছে আক্রমণ৷ গতিকে য়েমেনত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো এতিয়া আন্তর্জাতিক সম্প্রদায়ৰ বাবে এক চর্চাৰ বিষয়৷ এই প্রসংগতে উল্লেখ কৰিব পাৰি যে বিশ্বজুৰি চলি থকা সৰৱ প্রতিবাদৰ বাবেই আমেৰিকাৰ বর্তমানৰ ৰাষ্ট্রপতি জ’ বাইডেনে য়েমেনৰ হুঠি বিদ্রোহীবিৰোধী অভিযানত ছৌদি মিত্র বাহিনীক সহযোগিতা আগবঢ়াবলৈ অস্বীকাৰ কৰিছে৷ অর্থাৎ য়েমেনত যি ৰক্তক্ষয়ী সংঘাত চলি আছে, সেয়া সাধাৰণ জনতাৰ বিৰুদ্ধে যে তাক সহজেই অনুমান কৰিব পাৰি৷

You might also like