নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন–সুৰাৰ উজান

নির্বাচনী আচৰণবিধি বলৱৎ হোৱা দিনটোৰ পৰা প্রথম পষেকটোত দেশৰ চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত জব্দ হৈছে ৩৩১ কোটি টকা মূল্যৰ নগদ ধন, সুৰা, নিচাজাতীয় সামগ্রী আৰু মূল্যৱান ধাতু৷ এইটো অতি উদ্বেগজনক তথ্য৷ নির্বাচন স্বচ্ছ, নিকা আৰু মুক্ত হোৱাৰ স্বার্থত ধন–সুৰাকে ধৰি প্রলোভনৰ বাবে ব্যৱহূত সকলো সামগ্রীৰ সৰবৰাহ, বিতৰণ বন্ধ হোৱাটো জৰুৰী৷ সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি, অবৈধভাৱে সৰবৰাহ কৰা ধন তথা সামগ্রীৰ সর্বাধিক জব্দ হৈছে দেশৰ ভিতৰতে সাংস্কৃতিকভাৱে অন্যতম সমৃদ্ধিশালী তামিলনাডুত৷ ৰাজ্যখনত ১২৭.৬৪ কোটি টকা মূল্যৰ তেনে সামগ্রী জব্দ হৈছে৷ এইক্ষেত্রত পাছপৰি ৰোৱা নাই অসমো৷ অসমত ১১.৭৩ কোটি টকা, ২৭.০৯ কোটি টকাৰ সুৰা, ২.৮২ টকা দামৰ বহুমূলীয়া ধাতু জব্দ হৈছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে পর্যাপ্ত নথি অবিহনে নির্ধাৰিত নূ্যনতম পৰিমাণৰ ওপৰত ধন সৰবৰাহত নির্বাচন আয়োগে নিষেধাজ্ঞা আৰোপ কৰিছে৷ নির্বাচনী আচৰণবিধি বলৱৎ হোৱাৰে পৰা এই নিষেধাজ্ঞা আৰোপ হৈছে৷ তদুপৰি, সুৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে, তৎসত্ত্বেও বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা, পডুচেৰীত অব্যাহত আছে নগদ ধন, সুৰাকে ধৰি বিভিন্ন সামগ্রীৰ সৰবৰাহ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে নির্বাচনী আচৰণবিধি ভংগ কৰি সৰবৰাহ হৈ থকা ধন আৰু সামগ্রীৰ আঁৰত অসৎ উদ্দেশ্য আছে৷ নির্বাচনত ভোটাৰক প্রলোভিত কৰিবলৈ সৰবৰাহ হৈ আছে ধন আৰু বিভিন্ন সামগ্রী৷ এইক্ষেত্রত নির্বাচন আয়োগ অধিক তৎপৰ হোৱাৰ আৱশ্যক আছে৷ ফ্লায়িং স্কোৱাড, এছ এছ টিৰ সংখ্যা বৃদ্ধি কৰি অধিক তালাচী চলোৱাৰ আৱশ্যক আছে৷ অন্যথা জনপ্রতিনিধি নির্বাচনৰ সমগ্র প্রক্রিয়াটো প্রহসনত পৰিণত হোৱাৰ দুর্ভাৱনা আছে৷ অৱশ্যে এতিয়ালৈকে আয়োগে গ্রহণ কৰা পদক্ষেপক লঘু কৰিব নোৱাৰি৷
ভাৰতবর্ষ এখন দাৰিদ্র্যপীডিত ৰাষ্ট্র৷ দেশখনৰ কোটি কোটি লোকৰ বাবে আজিও ভোক এটা অমীমাংসিত সমস্যা হৈয়েই আছে৷ বহু লোকৰ ভাগ্যত দিনটোৰ দুসাঁজ ভাত নোজোৰে৷ অনেকৰ বাবে অনাহাৰ, অর্ধাহাৰ দৈনন্দিন জীৱনত নিয়মত পৰিণত হৈছে৷ বিধানসভা নির্বাচন অনুষ্ঠিতব্য ৰাজ্যকেইখন আৰু কেন্দ্রীয়শাসিত অঞ্চলটোও ইয়াৰ ব্যতিক্রম৷ স্বৰাজোত্তৰ কালত যদিও অঞ্চলকেইটাত কেইবাখনো চৰকাৰ আহিল, জনসাধাৰণৰ নূ্যনতম মৌলিক সমস্যাখিনি আজিও সমাধান নহ’ল৷ ইয়াৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ দৰিদ্রতাৰো গ্রাফডাল ঊর্ধ্বমুখী হৈ গৈ থাকিল৷ ভোক আৰু অভাৱত থকা লোকক কেইটামান টকাই বিচলিত কৰাৰ সম্ভাৱনা থাকে৷ বহু ৰাজনৈতিক দলে দুর্দশাগ্রস্ত লোকৰ ভোক আৰু দাৰিদ্র্যক নির্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে৷ নির্বাচনত ধন বিতৰণ কৰি ভোট ক্রয়ৰ অপচেষ্টা চলায়৷ তদুপৰি, দেশখনত আর্থিকভাৱে সমস্যাজর্জৰ লোকৰ মাজত তুলনামূলকভাৱে ৰাজনৈতিকভাৱে সচেতনতাৰ অভাৱ৷ তেওঁলোকৰ মাজত প্রলোভনৰ প্রভাৱ নপৰাকৈ নাথাকে৷ এইক্ষেত্রত ৰাজনৈতিক সমর্থন গোটোৱাত সুৰা, ড্রাগছ আদিয়ে যথেষ্ট সহায় কৰে৷ সেইবাবে বছৰ বছৰ ধৰি নির্বাচনী যুঁজত সুৰা বিতৰণ এপদ ডাঙৰ অস্ত্র হিচাপে ব্যৱহাৰ হৈ আহিছে৷ অসমতো চাহ বাগিচা অঞ্চলত ৰাজনৈতিক দল, প্রার্থী–নেতা আদিয়ে সুৰা বিতৰণ কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাই অহা বুলি দীর্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে৷ কিছু কিছু জনজাতীয় অঞ্চলতো সুৰা বিতৰণ কৰা হয় বুলি অভিযোগ আছে৷ সেয়াই নহয়, আন আন অঞ্চলতো সুৰা, ধন বিতৰণৰ অভিযোগ আছে৷ তদুপৰি, নিশাৰ অন্ধকাৰত বিতৰণ কৰিবলৈ নিয়া সুৰা, ধন আদি জব্দ হোৱাৰো নজিৰ আছে৷ এইবোৰে মানুহৰ বিবেচনাত কু–প্রভাৱ পেলায়৷ ভোটটো নিজৰ বিবেকৰ বিপৰীতে আনৰ চিন্তাৰ সপক্ষে গুচি যায়৷ নির্বাচনত ইয়াতকৈ দুর্ভাগ্যজনক আৰু প্রহসন আন কি হ’ব পাৰে? অর্থাৎ মুক্ত, স্বচ্ছ, নিকা নির্বাচনৰ বাবে ধন, সুৰা আদিৰ সৰবৰাহ, বিতৰণ বন্ধ হোৱাটো গণতন্ত্রৰ বাবে জৰুৰী৷

You might also like