কালি আবেলি বন্ধু এজনৰ অফিচলৈ গৈছিলোঁ৷ মোক দেখিয়েই তেওঁ ক’লে, ‘এইমাত্র তোমাৰ কথাই ভাবি আছিলোঁ৷ মই জনাত পৃথিৱীৰ আটাইতকৈ বেছি খেলপাগল দুজন মানুহৰ ভিতৰত এজন তুমি আৰু আনজন আমাৰ বৰদলৈ৷ আবেলিখনতে সকলো কাম–কাজ বাদ দি এতিয়া ক’ৰবাত খেল চাবলৈ যাব ওলাইছে৷’ বৰদলৈয়ে মোৰ বন্ধুৰ অফিচতে কাম কৰে৷ তেওঁক সুধিলোঁ যে বৰদলৈ ট্রফী চাবলৈ যাব ওলাইছে নেকি৷ বন্ধুৱে অলপ আচৰিত হৈ মোক সুধিলে বৰদলৈ ট্রফী এতিয়াও চলি আছে নেকি? মই বৰদলৈৰ পিনে চালোঁ আৰু তেওঁ মিচিকিয়া হাঁহি মাৰি মূৰ দুপিয়ালে৷ লগে লগে মোৰ মনটোও উৰি গ’ল অতীতলৈ পাঁচ দশকৰ আগলৈ৷
১৯৭১ চন৷ মই তেতিয়া স্কুলৰ তলৰ শ্রেণীৰ ছাত্র৷ বন্ধু দিবাকৰ কলিতাই এদিন লগ ধৰিলে বৰদলৈ ট্রফীৰ খেল চাবলৈ৷ মই তেতিয়ালৈকে কোনো ফুটবল প্রতিযোগিতা চাই পোৱা নাছিলোঁ আৰু জীৱনৰ প্রথমখন খেল চোৱাৰ উৎসাহত টগবগাই বন্ধুৰ লগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম ওলালোঁগৈ৷ সেইদিনাখনৰ খেলখন আছিল কলিকতাৰ ভ্রাতৃসংঘ আৰু গুৱাহাটীৰ ৰাইজিং একাদশৰ মাজত৷ কলিকতাৰ দলটোৰ এজন শ্যামবৰণীয়া, অতি দ্রুতবেগী খেলুৱৈয়ে মোক বিশেষকৈ আকর্ষিত কৰিছিল৷ সেই খেলুৱৈজনে– বিদেশ বসু, পিছলৈ গৈ ভাৰতীয় দলত এজন আগশাৰীৰ নিয়মীয়া ফৰৱার্ড হিচাপে স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ যি নহওক, মোৰ দৰে ইয়াৰ আগতে কোনোদিনে প্রতিযোগিতামূলক ফুটবল দেখা নোপোৱা ল’ৰা এজনে কলিকতাৰ দলটোৰ আৰু বিশেষকৈ বিদেশ বসুৰ উচ্চ মানসম্পন্ন খেল চাই ইমানেই প্রভাৱিত হ’লোঁ যে তাৰ পিছৰে পৰা প্রতিদিনেই ষ্টেডিয়ামলৈ ঢ়াপলি মেলা হ’লোঁ৷ মোৰ বাবে অবিস্মৰণীয় সেই ১৯৭১ চনৰ বৰদলৈ ট্রফীৰ ফাইনেলখন অনুষ্ঠিত হৈছিল কলিকতাৰ মহমেদান স্প’টিং আৰু অসম পুলিচ দলৰ মাজত৷ ভাৰতীয় ফুটবলৰ কিম্বদন্তি স্বৰূপ গ’লকীপাৰ পিটাৰ থংগৰাজ আৰু নাইমুদ্দিন আকবৰ, লতিফুদ্দিন ৰামান্না, পাপান্না, বিমান লাহিড়ী আদি খ্যাতিসম্পন্ন খেলুৱৈৰে সমৃদ্ধ মহমেদান স্প’র্টিং দলটো বোধকৰো সেই সময়ত ভাৰতবর্ষৰ শ্রেষ্ঠ ফুটবল দল আছিল৷ আনহাতে, অসমৰ ফুটবল অনুৰাগীৰ অতি মৰমৰ অসম পুলিচ দলটোতো দক্ষ খেলুৱৈৰ অভাৱ নাছিল৷ কলিমুদ্দিন, চন্দ্রমোহন গপ্পু, কমলা নাথ, পদ্মেশ্বৰ ডেকা, মণিৰাম বড়ো, সলিল মাৰাক আদি খেলুৱৈৰ নাম মুখে মখে উচ্চাৰিত হৈছিল৷ সম্পূর্ণ অপ্রত্যাশিতভাৱে অসম পুলিচ দল ফাইনেলত ২–১ গ’লত বিজয়ী হয়৷ সেইদিনাখন নেহৰু ষ্টেডিয়ামত যি ধৰণৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল, তাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷
সত্তৰৰ দশকত অসম পুলিচ দলটো অসমৰ শীর্ষস্থানীয় ফুটবল টীম আছিল আৰু বৰদলৈ ট্রফীত অংশগ্রহণ কৰিবলৈ অহা ভাৰতবর্ষৰ আগশাৰীৰ দলসমূহেও পুলিচৰ দলটোক ভয় আৰু সম্ভ্রমৰ চকুৰে চাইছিল৷ ভাবিলে আচৰিত লাগে যে দেৰগাঁৱৰ দৰে এখন সৰু চহৰৰ পৰা অসম পুলিচৰ দৰে এটা ইমান সুন্দৰ ফুটবল দলৰ আবির্ভাৱ ঘটিছিল আৰু বছৰ বছৰ ধৰি দলটোৱে ইমানবোৰ সুদক্ষ খেলুৱৈৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ অসম পুলিচ দলৰ কেইজনমান জনপ্রিয় আৰু প্রখ্যাত খেলুৱৈৰ নাম মই ইতিমধ্যেই উল্লেখ কৰিছোঁ৷ কিন্তু যিজন খেলুৱৈৰ নাম উল্লেখ হ’লেই প্রতিজন ফুটবলপ্রেমীৰ মনত শিহৰণৰ সৃষ্টি হৈছিল তেওঁ আছিল গিলবার্টচন চাংমা৷ নিঃসন্দেহে গিলবার্টচন চাংমাই আছিল অসম পুলিচ দলৰ সর্বকালৰ সর্বশ্রেষ্ঠ খেলুৱৈ৷ বৰদলৈ ট্রফীত অসম পুলিচৰ প্রতিখন খেলতে হাজাৰ হাজাৰ দর্শকৰ সমাৱেশ হৈছিল আৰু গিলবার্টচন চাংমাৰ কাষলৈ বল গ’লেই দর্শকৰ মাজত যি ধৰণৰ উন্মাদনা হৈছিল তাক নেদেখিলে বিশ্বাস কৰিব নোৱাৰি৷
বন্ধুৱে উল্লেখ কৰাৰ দৰে মোকো ‘খেলপাগল’ কৰাৰ বীজটো সেইবছৰ বৰদলৈ ট্রফীয়েই ৰোপণ কৰিছিল৷ তাৰ পিছৰ দহ বছৰত মই প্রতিবছৰে বৰদলৈ ট্রফীৰ প্রায় প্রতিখন খেলেই চাইছোঁ৷ সেয়ে নহয়, সেই সময়ৰ অসমৰ অন্য দুখন আগশাৰীৰ ফুটবল প্রতিযোগিতা নগাঁৱৰ স্বাধীনতা দিৱস কাপ আৰু যোৰহাটৰ এ টি পি এ শ্বীল্ডৰ ছেমিফাইনেল আৰু ফাইনেলৰ ৰেডি’ত চলন্ত বিৱৰণীও শুনিমেই৷ এবাৰ মই বছৰেকীয়া পৰীক্ষাৰ এখন পেপাৰ আধা লিখিয়েই ওলাই আহিছিলোঁ স্বাধীনতা দিৱসৰ ফাইনেলৰ চলন্ত বিৱৰণী শুনিবলৈ৷ কোৱা বাহুল্য যে সেইবাৰ মই কাণে কাণ মাৰিহে পৰৱর্তী শ্রেণীলৈ উত্তীর্ণ হৈছিলোঁ
অসম পুলিচৰ বাহিৰেও বৰদলৈ ট্রফীত দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাব, নাগালেণ্ড পুলিচ, অসম ৰাইফলছ, গুৱাহাটীৰ টাউন ক্লাব, মহাৰাণা ক্লাব ইত্যাদি উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য আগশাৰীৰ দলেও নিয়মীয়াকৈ অংশগ্রহণ কৰিছিল৷ অইল ইণ্ডিয়া দলৰ তিনিজন দুর্ধর্ষ ফৰৱার্ড, অৰুণ বৰঠাকুৰ, ৰেৱতী ফুকন আৰু ৰমেশ ফুকনে সত্তৰৰ দশকত নিয়মীয়াভাৱে প্রতিদ্বন্দ্বী দলৰ ৰক্ষণ বিভাগত ত্রাসৰ সঞ্চাৰ কৰিছিল৷ অইলৰ দলটোৱে বৰদলৈ ট্রফীত এতিয়ালৈকে নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে আৰু যোৱা বছৰো তেওঁলোক এই প্রতিযোগিতাত বিজয়ী হৈছিল৷
যি নহওক, উত্তৰ–পূর্বাঞ্চলৰ কিছুমান দলে উচ্চমানৰ প্রদর্শনৰ দ্বাৰা ফুটবল অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হ’লেও দর্শকৰ বাবে এই প্রতিযোগিতাৰ প্রধান আকর্ষণ আছিল ৰাজ্যৰ বাহিৰৰ পৰা অহা দলসমূহ৷ সেই সময়ত ভাৰতবর্ষৰ তিনিখন প্রধান ফুটবল প্রতিযোগিতা আছিল ডুৰাণ্ড কাপ, ৰ’ভার্ছ কাপ আৰু আই এফ এ শ্বীল্ড৷ অংশগ্রহণৰ দিশৰ পৰা বৰদলৈ ট্রফীও কোনোগুণে কম নাছিল৷ কলিকতাৰ তিনিটা বিখ্যাত দল ইষ্টবেংগল, মোহন বাগান আৰু মহমেদান স্প’র্টিঙে এই প্রতিযোগিতাত নিয়মীয়াভাৱে অংশগ্রহণ কৰিছিল৷ ইয়াৰ উপৰি সেই সময়ৰ ভাৰতবর্ষৰ প্রায় সকলোবোৰ আগশাৰীৰ দল, যেনে জলন্ধৰৰ লীডার্ছ ক্লাব, মুম্বাইৰ মফতলাল ক্লাব, গোৱাৰ ডেম্পো, ভাস্কো আৰু চালগাওকাৰ ক্লাব, পঞ্জাবৰ জে চি টি ক্লাব, বিকানীৰৰ ৰাজস্থান আর্মড্ কনষ্ট্রেবুলাৰী ইত্যাদিৰ সমাৱেশে বৰদলৈ ট্রফীৰ গৌৰৱ আৰু মহিমা বৃদ্ধি কৰিছিল৷ শ্যাম থাপা, সুভাষ ভৌমিক, হাবিব আকবৰ, সুৰজিৎ সেনগুপ্ত, প্রসুন বেনার্জী, ইন্দৰ সিং, মগন সিং, ৰঞ্জিত থাপা, পিটাৰ থংগৰাজ, নাইমুদ্দিন আদি সেই সময়ৰ ভাৰতবর্ষৰ ফুটবলৰ উজ্জ্বলতম তাৰকাসমূহৰ খেল চাবলৈ পাই আমি অভিভূত হৈছিলোঁ৷ মাজে সময়ে ভাৰতবর্ষৰ ওচৰ চুবুৰীয়া দেশৰ দল কিছুমানেও এই প্রতিযোগিতাত অংশগ্রহণ কৰিছিল৷ বাংলাদেশে স্বাধীনতা লাভ কৰাৰ ঠিক পিছতেই, বোধকৰো ১৯৭২ চনত ঢ়াকাৰ পৰা এটা দল আহিছিল৷ অতি আকর্ষণীয় খেলেৰে ঢ়াকাৰ দলটোৱে গুৱাহাটীৰ দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু প্রথম প্রচেষ্টাতে ফাইনেলতো উপনীত হৈছিল৷ সেইবছৰ নিঃসন্দেহে প্রতিযোগিতাখনৰ আটাইতকৈ জনপ্রিয় খেলুৱৈ আছিল ঢ়াকা একাদশৰ দীঘলীয়াকৈ চুলি ৰখা সুদর্শন ফৰৱার্ড চালাউদ্দিন৷ ক্ষিপ্র গতিসম্পন্ন আৰু কৌশলপূর্ণ খেলেৰে দর্শকক মোহিত কৰা আন এটা দল আছিল বেংককৰ প’ট অথৰিটী ক্লাব৷ কিন্তু দুর্ভাগ্যবশতঃ এই দলটোৰ লগত বৰদলৈ ট্রফীৰ এটা কলংকজনক ঘটনা জড়িত হৈ আছে৷ ১৯৭৮ চনৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল কলিকতাৰ ইষ্ট বেংগল আৰু প’ট অথৰিটীৰ মাজত৷ ষ্টেডিয়ামত উপস্থিত থকা বৃহৎসংখ্যক দর্শকেই বিদেশী দলটোক সমর্থন কৰিছিল৷ এখন অতি উত্তেজনাপূর্ণ খেলত ইষ্ট বেংগল দল বিজয়ী হয়৷ খেলৰ পৰিণামত ক্ষুব্ধ হৈ একাংশ দর্শকে ইষ্ট বেংগলৰ সমর্থকসকলক প্রচণ্ড প্রহাৰ কৰিবলৈ আৰম্ভ কৰে৷ কম বয়সীয়া দর্শকৰ পৰা বৃদ্ধ মানুহলৈকে কোনো এই আক্রমণৰ পৰা সাৰি যোৱা নাছিল৷ আমাৰ চকুৰ আগতে সংঘটিত হোৱা এই জঘন্য হিংসাত্মক ঘটনাটো মনত পাৰিলে আজিও মনটো সেমেকি উঠে আৰু লাজত মূৰটো দোঁ খাই যায়৷
১৯৭১ চনত বৰদলৈ ট্রফীৰ লগত পৰিচয় হোৱাৰে পৰা মই প্রতিবছৰে ছিজন টিকেট কিনিছিলোঁ৷ সেই সময়ত বোধহয় স্কুলীয়া ছাত্রৰ বাবে বিশেষ মূল্যৰ ছিজন টিকেটৰ দাম আছিল পাঁচ টকা, তাতকৈ দামী টিকেট কিনাৰ সামর্থ্যও নাছিল৷ ভাল স্থানৰ পৰা খেল চোৱাৰ লোভত প্রচণ্ড ৰ’দকো আওকাণ কৰি দুঘণ্টামান আগৰে পৰা জুইৰ দৰে গৰম পকী গেলেৰীত বহি থাকিছিলোঁ (বৰদলৈয়ে ক’লে যে আজি কালি হেনো টিকেট নালাগে বিনা পইচাই খেল চাব পাৰি)৷ মই শেষবাৰ বৰদলৈ ট্রফী চাইছিলোঁ ১৯৮৩ চনত,The Sentinel নামৰ ইংৰাজী বাতৰিকাকতখনৰ ক্রীড়া সাংবাদিক হিচাপে৷ কলিকতাৰ পৰা প্রকাশিত সেই সময়ৰ জনপ্রিয় ক্রীড়া আলোচনী’Sports world’তো সেই বছৰ বৰদলৈ ট্রফীৰ ওপৰত মই লিখা এটা বিশ্লেষণ ওলাইছিল৷
আশীৰ দশকৰ মাজভাগত মই গুৱাহাটী এৰিলোঁ সুদীর্ঘ ত্রিশ বছৰৰ বাবে৷ ফলত মোৰ প্রিয় প্রতিযোগিতা বৰদলৈ ট্রফীৰ খেল চোৱাৰ পৰাও বঞ্চিত হৈ থাকিলোঁ৷ ইতিমধ্যে ঘৰে ঘৰে টেলিভিছন আহিল, মানুহে নিজৰ ড্রয়িংৰুমত বহিয়েই পৃথিৱীৰ আগশাৰীৰ দল আৰু খেলুৱৈৰ খেল চাব পৰা হ’ল৷ স্বাভাৱিকতেই বহুতো ঘৰুৱা প্রতিযোগিতাৰ গুৰুত্ব বহুগুণে হ্রাস পালে আৰু বৰদলৈ ট্রফীৰো আকর্ষণ অতীতৰ তুলনাত বহুখিনি কমি গ’ল৷ কিন্তু মোৰ কুমলীয়া মনত আজিৰ পৰা পাঁচ দশক আগতে এই প্রতিযোগিতাই যি ধৰণৰ উত্তেজনা আৰু মাদকতাৰ সৃষ্টি কৰিছিল সেয়া মোৰ স্মৃতিত সদায়ে সজীৱ হৈ থাকিব৷