নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেটা পৰিয়ালৰ ঘৰ যদি এবাৰ বানত ভাগে, আনবাৰ ভাঙে হাতীয়ে

শিৱসাগৰৰ লুৰুকী গাঁৱে উদঙাইছে উন্নয়নৰ স্বৰূপ

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ নির্বাচন মানেই ডাঙৰ ডাঙৰ নেতাৰ সভা, তেওঁলোকৰ ডাঙৰ ডাঙৰ হেলিকপ্টাৰৰ অহা–যোৱা, ডাঙৰ ডাঙৰ ভাষণ আৰু মন ভাহি যোৱা প্রতিশ্রুতি৷ তাৰ মাজতো কোনো ভাষণে ঢুকি নোপোৱাকৈ, উন্নয়নৰ ছাঁটোও নপৰাকৈ নীৰৱে বৈ থাকে কেতবোৰ মানুহৰ জীৱনৰ সুঁতি৷ সংগোপনে তেওঁলোকে চলাই নিয়ে জীৱনৰ কঠিনতকৈও কঠিন সংগ্রাম৷ উজনিৰ প্রচণ্ড নির্বাচনী ধামখুমীয়াৰ মাজতে আমি বিচাৰি পালোঁ তেনে এচাম মানুহক৷ সৰল বিশ্বাসৰ প্রতিদানত যিয়ে আজিলৈকে প্রৱঞ্চনাৰ বাহিৰে আন একোৱেই পোৱা নাই৷ শিৱসাগৰ নগৰৰ পৰা প্রায় ২০ কিলোমিটাৰ বাট অতিক্রম কৰাৰ পাছত পোৱা যায় পাণবেচা পঞ্চায়ত৷ পাণবেচা পঞ্চায়তৰ পকী পথেৰে আগবাঢ়ি গৈ থাকিলে য’ত বাট শেষ হয়, সেই গাঁওখনৰ নাম ল’ৰাপোতা৷ মানৰ আক্রমণৰ সময়ত হেনো সেই ঠাইখনতে অসমীয়া ল’ৰাবোৰক হত্যা কৰি পুতি থোৱা হৈছিল৷ কিন্তু এই ল’ৰাপোতা গাঁওখনতে পাণবেচা পঞ্চায়ত শেষ নহয়৷

মানচিত্র অনুসৰি এই পঞ্চায়তখনতেই সংলগ্ণ হৈ আছে আন এখন গাঁও– লুৰুকী৷ যিখন গাঁৱত সোমাবৰ বাবে নাই কোনো বিজ্ঞাপনত দেখুওৱাৰ দৰে মসৃণ পথ৷ পথাৰৰ একা–বেঁকা আলিয়েদি আমি প্রৱেশ কৰিলোঁ লুৰুকী গাঁৱৰ অভ্যন্তৰত৷ এটা সময়ত লুৰুকীৰ কেঁচা পথো শেষ হৈ যায়৷ তাৰ পাছত উদং পথাৰ আৰু অটব্য হাবি৷ মাজেৰে লুংলুঙীয়া বাট৷ তাৰ সিপাৰে থাকে আন কেইবাটাও পৰিয়াল৷ নির্বাচন আহিলেই ৰাজনৈতিক পালিনেতাই হাবি ভাঙি কাষ চাপে এই পৰিয়ালকেইটাৰ৷ কিন্তু তেওঁলোকৰ বছৰ বছৰজোৰা দুর্দশাৰ অন্ত পেলাবলৈ কোনো এখন চৰকাৰ, কোনো এজন জনপ্রতিনিধি যত্নৱান নহ’ল৷ এইবাৰো ইতিহাসেৰে পুনৰাবৃত্তি ঘটিছে৷ নির্বাচন নামৰ উৎসৱটো কাষ চাপি অহাৰ লগে লগে অসূর্যস্পর্শা লুৰুকীৰ পৰিয়ালকেইটাৰ ভোটকেইটাও সকলোৰে বাবে গুৰুত্বপূর্ণ হৈ পৰিছে৷ কিন্তু বছৰৰ বাকী সময়ছোৱা তেওঁলোকে কিদৰে নিজৰেই লগত কঠিন যুঁজ দি কটাবলগীয়া হয়, সেই ভয়াৱহ কাহিনী শুনিবলৈ বিয়াগোম নেতাসকলৰ কাৰোৱেই আহৰি নোলায়৷ লুৰুকী গাঁৱৰ পথৰ সীমা অতিক্রমি আমি আগবাঢ়িলোঁ সেই বিশেষ পৰিয়ালকেইটাৰ ওচৰলৈ৷ বাটত পালোঁ হাবিত আমৰলি পৰুৱাৰ টোপ সৰাই থকা দুজনমান কিশোৰ–যুৱকক৷ নৱপ্রতীম দুৱৰা নামৰ একাদশ শ্রেণীৰ ছাত্রজনে ক’লে– লুৰুকী গাঁৱৰ ৰাইজে তেনেদৰে দিনৰ পাছত দিন কটাই আহিছে৷

আটাইতকৈ বেয়া অৱস্থাৰ সন্মুখীন হয় বাৰিষাৰ সময়ছোৱাত৷ বাট–পথবোৰ অস্তিত্বহীন হৈ পৰে৷ বহিঃবিশ্বৰ লগত যোগাযোগ একপ্রকাৰ দুৰূহ হৈ উঠে৷ এই ছাত্রজনেই আমাক দেখুৱাই দিলে হাবিৰ মাজত থকা পৰিয়ালকেইটাৰ ওচৰলৈ যোৱাৰ বাট৷ বেলি মূৰৰ ওপৰত উঠিছে৷ দুপৰীয়া চোতালত মেলি দিয়া ধানবোৰ ইফাল–সিফালকৈ লৰাই আছে দুগৰাকী মহিলাই৷ এগৰাকীৰ নাম ৰূপালী বৰুৱা৷ হৰেন বৰুৱাৰ স্ত্রী৷ আমি সুধিলোঁ– চৰকাৰে যে সঘনে নতুন আঁচনিবোৰ ঘোষণা কৰি আছে, সেইবিলাকৰ বিষয়ে তেওঁলোকে শুনিছে নে নাই৷ ৰূপালী বৰুৱাই চৰকাৰৰ প্রত্যেকখন আঁচনিৰ বিষয়েই জানে৷ প্রধানমন্ত্রী আৱাস যোজনা, অৰুণোদয় ইত্যাদি ইত্যাদি৷ কিন্তু কিয় তেওঁলোক কোনো এখন আঁচনিৰ আওতাত নপৰে, সেই বিষয়েহে নাজানে৷ একমাত্র চৰকাৰী সুবিধা হিচাপে লাভ কৰিছে উজলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ৷ যাক তেওঁলোকে চৰকাৰৰ উপহাৰ হিচাপেই গণ্য কৰিছিল৷ কিন্তু বাৰে বাৰে চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাত তেওঁলোক এতিয়া ৰন্ধন গেছ ব্যৱহাৰৰ ক্ষেত্রত আগতকৈ অধিক হিচাপী আৰু সাৱধানী হ’বলগীয়া হৈছে৷

ৰূপালী বৰুৰাৰ স্বামী হৰেন বৰুৱাই দিন হাজিৰা কৰে৷ তেওঁলোকৰ সংসাৰত আছে দুটি সন্তান৷ ডাঙৰজনী ছোৱালী এইবাৰ নৱম মানত আৰু সৰু ল’ৰাটোৱে চতুর্থ শ্রেণীত পঢ়ে৷ হৰেন বৰুৱাই দিন হাজিৰা কৰে যদিও মাটি–বাৰীৰ দিশৰ পৰা তেওঁ ডাল–দৰিদ্রও নহয়৷ কেইবাবিঘা খেতি মাটি আছে৷ কিন্তু সমগ্র বাৰিষাৰ সময়ছোৱা বেছিভাগ মাটিয়েই পানীৰ তলত থাকে৷ বাকী সময়খিনিত সুযোগ–সুবিধা মিলাই ধান খেতি কৰে আৰু তাৰ পৰাই বছৰটোৰ চাউলখিনি যোগাৰ কৰে৷ ইয়াৰ পাছত পৰিয়ালৰ বাকী প্রয়োজনখিনি তেওঁ পূৰণ কৰে দিন হাজিৰাৰ উপার্জনৰ জৰিয়তে৷ তেওঁলোকৰ দুর্দিনৰ কাহিনী ইমানতে শেষ হোৱা নাই৷ বাৰিষা বহুত দিনলৈ ঘৰৰ মজিয়া ডুব গৈ থাকে একঁকাল পানীৰ তলত৷ যোগাযোগ–যাতায়াত সম্পূর্ণ স্তব্ধ হৈ পৰে৷ বাৰিষাৰ পৰা নিস্তাৰ পোৱাৰ পাছতো তেওঁলোকৰ সুদিন ঘূৰি নাহে৷ কাৰণ খৰালি ধান পকাৰ বতৰত আৰম্ভ হয় বন্যহস্তীৰ উপদ্রৱ৷ প্রতিবছৰ বাৰিষাত যদি বানে ঘৰ ভাঙে, খৰালিত ঘৰ ভাঙে হাতীয়ে৷ বছৰি দুবাৰকৈ নিজৰ ঘৰটো সাজিবলগীয়া হোৱাটো এটা পৰিয়ালৰ বাবে কিমান মর্মান্তিক, সেয়া ভুক্তভোগীৰ বাহিৰে আন কোনে ভালদৰে বুজি পাব?

হৰেন বৰুৱা–ৰূপালী বৰুৱাৰ পৰিয়ালটোৰ দৰেই তেওঁলোকৰ চুবুৰীয়া আন পাঁচটা পৰিয়ালো একেই ভুক্তভোগী৷ একেই দুঃসময়ৰ প্রহৰী৷ প্রতিশ্রুতি আৰু প্রৱঞ্চনাৰ বাহিৰে লুৰুকী গাঁৱৰ এচুকত থকা এই পৰিয়ালকেইটাই আজিলৈ একোৱেই পোৱা নাই বুলিব পাৰি৷ আনকি প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ এটাও৷ নির্বাচনৰ বতৰত চৰকাৰী সাফল্যৰ বৃহৎ বিজ্ঞাপনবোৰৰ বিপৰীতে অর্ধশতাধিক পৰিয়ালৰ বসতি থকা লুৰুকী গাঁও হৈ ৰৈছে চৰকাৰৰ বিফলতাৰ এক জীৱন্ত প্রতিচ্ছবি৷ পাণবেচা পঞ্চায়তৰ এই গাঁওখনৰ পৰাই আমি তুলি ধৰিলোঁ শিৱসাগৰ সমষ্টিৰ এক সামান্য নির্বাচনী প্রেক্ষাপট৷ নেতাৰ ভাষণ নহয়, জনতাৰ পোৱা–নোপোৱাৰ হিচাপেৰেহে নির্বাচন নামৰ বৃহৎ গণতান্ত্রিক প্রক্রিয়াটোৰ মূল্যায়ন হোৱা উচিত৷ নির্বাচন আহিব আৰু যাব৷ নেতা–মন্ত্রীৰ ফিতাহি কথাবোৰো এদিন পুৰণি হ’ব৷ কিন্তু লুৰুকীৰ দৰে গাঁওসমূহৰ অৱস্থাৰ যিদিনালৈ কোনো পৰিৱর্তন নহ’ব, সিদিনালৈ দেশৰ বিকাশৰ ডাঙৰ ডাঙৰ শ্লোগানো অর্থহীন হিচাপেই বিবেচিত হৈ ৰ’ব৷

You might also like