নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্জন হল

গুৱাহাটীত কোনেও এতিয়া কার্জন হলটোক বিচাৰি নাপাব কাৰণ স্বাধীন ভাৰতত ঔপনিৱেশিক বিদেশী শাসনৰ চিন–মোকাম বিলোপ কৰাৰ প্রয়োজনত ঐতিহ্যমণ্ডিত কার্জন হলৰ নতুন নাম কৰা হ’ল কর্মবীৰ নবীন বৰদলৈ ভৱন৷ অসম মাতৃৰ শ্রেষ্ঠতম সন্তানসকলৰ ভিতৰত নিঃসন্দেহে এজন আছিল নবীন চন্দ্র বৰদলৈ৷

অসমৰ বুৰঞ্জীত তেওঁৰ নাম চিৰ–যুগমীয়া হৈ থাকিব৷ তাৰ কাৰণে কার্জন হলৰ নাম সলনি কৰি নবীন ভৱন কৰাৰ কোনো প্রয়োজন নাছিল৷ যিসকল লোকে এই কাম কৰিলে তেওঁলোকৰ দেশপ্রেম প্রশংসনীয় হ’লেও ইতিহাস–চেতনা আছিল নিশ্চয় অতি দুর্বল৷ লর্ড কার্জন কেৱল ব্রিটিছ–শাসিত ভাৰতৰ ভাইচৰয়েই নাছিল তেওঁৰ আন এটা পৰিচয় উন্মোচিত কৰি জৱাহৰলাল নেহৰুৱে তেওঁৰ বিষয়ে লিখিছিল–After every other Viceroy has been forgotten, Curzon will be remembered because he restored all that was beautiful in India.

মোৰ চেতনাত কার্জন হল এতিয়াও কার্জন হল মই নমৰালৈকে সি কার্জন হল হৈয়েই থাকিব৷ মোৰ দুৰন্ত যৌৱনৰ বহুতো সোণালী স্মৃতিৰ লগত কার্জন হলৰ নামটো অবিচ্ছেদ্যভাৱে জড়িত৷ আজি কেইবছৰমানৰ আগতে সুলেখক, কথাছবি সমালোচক আৰু প্রতিভাৱান ফটোগ্রাফাৰ উৎপল দত্তই মোৰ কেইখনমান ফটো তুলিবলৈ মন কৰি ৰাতিপুৱাই মোৰ ঘৰলৈ আহিছিল৷

তেওঁ প্রস্তাৱ কৰিলে যে কেৱল ঘৰতে ফটো নুতুলি তেওঁ দিনৰ পোহৰত গুৱাহাটীৰ বিভিন্ন ঠাইত মোৰ ফটো তুলিবলৈ ইচ্ছা কৰে৷ ভাল ফটো তোলাৰ স্বার্থত মই উৎপলৰ ইচ্ছাৰ ওচৰত স্বেচ্ছাই আত্মসমর্পণ কৰিছিলোঁ৷ মোৰ বিচাৰত উৎপল এজন ভাল ফটোগ্রাফাৰ৷ তেওঁ সৃষ্টিশীল কল্পনাৰ অধিকাৰী৷ তেওঁ তোলা মোৰ কেইবাখনো ফটো প্রকাশকসকলে মোৰ কিতাপৰ বেটুপাতত ব্যৱহাৰ কৰিছে৷ মোৰ আন এজন প্রিয় আৰু প্রতিভাৱান ফটোগ্রাফাৰ হ’ল মোৰ একালৰ সহকর্মী অনুপম নাথ৷ বর্তমান তেওঁ এছ’চিয়েটেড প্রেছৰ ফটোগ্রাফাৰ, আৰু সেই পদত কাম কৰি তেওঁ আন্তর্জাতিক খ্যাতি অর্জন কৰিবলৈ সমর্থ হৈছে৷

সি যি কি নহওক, উৎপলে মোক সর্বপ্রথমে লৈ গ’ল নবীন বৰদলৈ ভৱনলৈ, অর্থাৎ মোৰ প্রিয় কার্জন হললৈ৷ কলেজ এৰাৰ পিছত দ্বিতীয় নে তৃতীয় বাৰৰ কাৰণে মই কার্জন হললৈ গ’লোঁ৷ কার্জন হলৰ চৌহদত ভৰি দিয়াৰ লগে লগে মোৰ মনত এটা ডাঙৰ ধুমুহা ববলৈ আৰম্ভ কৰিলে ঃ প্রবল আৱেগৰ ধুমুহা৷ মুহূর্তৰ ভিতৰতে অজস্র মধুৰ স্মৃতিয়ে আহি মোৰ মনত ভিৰ কৰিলে৷ উৎপলে সেইবোৰ কথাৰ একো গম নাপালে৷

কটন কলেজত পঢ়ি থকাৰ সময়ত (১৯৫০–৫৩) মোৰ বাসস্থান আছিল কটন কলেজ হোষ্টেলৰ ছেকেণ্ড মেছ৷ তাৰ পৰা কার্জন হললৈ এখন তামোল খোৱাৰ বাট৷ কটন কলেজৰ বিশাল লাইব্রেৰীটো থকা সত্ত্বেও মই প্রথম বার্ষিকৰ ছাত্র হৈ থাকোঁতেই নিয়মিতভাৱে কার্জন হললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ কার্জন হলৰ লাইব্রেৰীত থকা অসমীয়া–বাংলা কিতাপ আৰু আলোচনীবোৰ কটন কলেজৰ বিশাল লাইব্রেৰীটোত নাছিল৷ কার্জন হলৰ কিতাপ আৰু

আলোচনীবোৰ ঘৰলৈ লৈ যাবলৈ অনুমতি দিয়া নহৈছিল তাতেই বহি পঢ়াৰ সুব্যৱস্থা আছিল৷ আৰু যিহেতু একেটা বহনতে সেইবোৰ পঢ়ি শেষ কৰাটো সম্ভৱ নাছিল, সেইকাৰণে এবাৰ ধাৰাবাহিক কিতাপ আৰু আলোচনী পঢ়িবলৈ আৰম্ভ কৰা মানুহবোৰে সদায় নহ’লেও সঘনাই কার্জন হললৈ যাবলৈ বাধ্য হৈছিল৷

মোৰ কাৰণে কার্জন হল লাইব্রেৰীৰ প্রধান আকর্ষণ আছিল সযতনে বন্ধাই থোৱা পুৰণি আৰু দুষ্প্রাপ্য আলোচনীবোৰ৷ লাইব্রেৰিয়ান (স্বর্গীয়) মুৰাৰিচৰণ দাসৰ কাৰণে মোৰ মুখখন খুব চিনাকি হৈ পৰিছিল, আৰু মোৰ লগত মুখেৰে এষাৰো কথা নাপাতিলেও মোৰ প্রতি তেওঁৰ আচৰণ আছিল অতি বন্ধুত্বপূর্ণ৷ মুৰাৰিচৰণ দাসৰ আগতে কার্জন হলৰ লাইব্রেৰিয়ান আছিল (স্বর্গীয়) গোপাল কৃষ্ণ দে’৷ নামটো শুনাতহে বাঙালী, কিন্তু তেওঁ আছিল নবীন চন্দ্র বৰদলৈৰ দুহিতা আৰু অসমীয়া ভাষাৰ এজন অমৰ কবি নলিনীবালা দেৱীৰ গৃহশিক্ষক৷ তেওঁ অসমীয়া ভাষাত কেইবাটাও উল্লেখযোগ্য প্রবন্ধও লিখিছিল৷

কিন্তু সেই সময়ত মোৰ কাৰণে কার্জন হল লাইব্রেৰীৰ আটাইতকৈ ডাঙৰ আকর্ষণ আছিল বাংলা কিতাপবোৰ৷ অসমীয়াৰ তুলনাত বাংলা কিতাপৰ বিষয়–বৈচিত্র্য, অন্ততঃ সেই যুগত, প্রায় অন্তহীন যেন লাগিছিল৷ তাতে আকৌ মই বাংলা কিতাপৰ থাকত আৱিষ্কাৰ কৰিলোঁ কেইবাখনো বিশ্ববিখ্যাত কিতাপৰ বাংলা অনুবাদ৷ সেই কিতাপবোৰ এবাৰ পঢ়িবলৈ আৰম্ভ কৰিলে পঢ়ি শেষ নোহোৱালৈকে কার্জন হললৈ গৈয়েই থাকিব লাগিব, কাৰণ কিতাপবোৰ হোষ্টেললৈ আনিবলৈ দিয়া নহয়৷

এনেকৈয়ে মোৰ কটন কলেজৰ চাৰিটা বছৰত কার্জন হলটো হৈ পৰিছিল মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ৷ মই কার্জন হলৰ লাইব্রেৰীত যিকেইখন বিখ্যাত কিতাপ বাংলা অনুবাদত পঢ়িছিলোঁ সেইবোৰৰ ভিতৰত অন্ততঃ দুখন কিতাপে মোৰ জীৱনৰ ওপৰত স্থায়ী প্রভাৱ ৰাখি থৈ গৈছে৷ কিতাপ দুখন হ’ল আইভান টুর্গেনিভৰFathers and Sons আৰু যোহান বয়াৰৰThe Prisoner Who Sang৷

মই যে কার্জন হললৈ প্রতিদিনেই গৈছিলোঁ তেনে কথা নহয়৷ কিন্তু গড় হিচাপে সপ্তাহটোত তিনি দিনমান নিশ্চয় গৈছিলোঁ৷ লাইব্রেৰীটোত নোসোমালেও আবেলি ফুৰিবলৈ যাওঁতে কার্জন হলৰ আগেদি দীঘলীপুখুৰীলৈ গৈছিলোঁ আৰু মুগ্ধ দৃষ্টিৰে কার্জন হলৰ ফালে অন্ততঃ এবাৰ চাই গৈছিলোঁ৷ তেনেকৈ কার্জন হলৰ আগেদি ফুৰিবলৈ যাওঁতে হঠাৎ একোদিন– সপ্তাহত অন্ততঃ এদিন– মোৰ চকুত পৰিছিল যে আবেলি ৰ’দৰ চোক কমি অহাৰ সময়ত কার্জন হলৰ উত্তৰ ফালৰ অপ্রশস্ত বাকৰিত এখন ৰাজহুৱা সভাৰ আয়োজন চলিছে বা সভা আৰম্ভ হৈছে৷

চাৰিটা বছৰৰ অভিজ্ঞতাৰ পৰা জানিলোঁ যে সেই সময়ৰ গুৱাহাটীৰ বৌদ্ধিক সমাজৰ যিকোনো সভা–সমিতিৰ কাৰণে আটাইতকৈ উপযোগী স্থান হ’ল কার্জন হলৰ বাকৰি৷ তাত খুব বেছি দুশ মানুহৰ বহিবলৈ বা থিয় হ’বলৈ ঠাই হয় আৰু সেই সময়ত সেই দুশ মানুহেই প্রতিনিধিত্ব কৰিছিল গুৱাহাটীৰ বৌদ্ধিক সমাজৰ৷

এনেকুৱা প্রায় প্রত্যেকখন সভাতেই মই উপস্থিত আছিলোঁ৷ বহুত সময়ত আন বহুত মানুহৰ লগত ৰাস্তাত থিয় হৈ বত্তৃণতা শুনিছিলোঁ৷ তেনেকুৱা যিকেইখন সভাৰ কথা মোৰ স্মৃতিত এতিয়াও সজীৱ হৈ আছে তেনেকুৱা তিনিখনমান সভাৰ কথা মই ইয়াত চমুকৈ উল্লেখ কৰিম৷
এদিন আবেলি ফুৰিবলৈ গৈ ঘূৰি আহোঁতে দূৰৰ পৰাই দেখিলোঁ যে কার্জন হলৰ বাকৰিত এখন সভা চলি আছে৷ উপস্থিত মানুহৰ সংখ্যা ৫০–৬০ জনমান হ’ব বুলি মই অনুমান কৰিলোঁ৷

সভাখনত মই যোগ দিম নে নিদিম বুলি চিন্তা কৰিবলৈ আৰম্ভ কৰোঁতেই মোৰ কাণত পৰিল সভাখনত এজন বক্তাই কৈ থকা এটা বাক্য বা বাক্যাংশ– ‘অসমীয়া সাহিত্যত এতিয়াও বেজবৰুৱাৰ যুগ চলি আছে৷’

মই ৰাস্তাতেই থমকি ৰ’লোঁ৷ বত্তৃণতাটো মই সম্পূর্ণকৈ শুনিবই লাগিব৷ বক্তা মহেশ্বৰ নেওগ৷ বত্তৃণতাৰ বিষয় হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিচাৰণ৷ ১৯৫২ চনতো অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ চলি আছে– এই কথা মই মানি ল’ব নোৱাৰিলোঁ৷ হোষ্টেললৈ উভতি আহোঁতে মই গোটেই বাটছোৱাত মনে মনে এটা প্রতিবাদ–প্রবন্ধ লিখিলোঁ আৰু হোষ্টেলত নিজৰ কোঠাত সোমায়েই প্রবন্ধটো কাগজত লিখি পেলালোঁ৷

এসপ্তাহমানৰ ভিতৰতে ‘ৰামধেনুত’ প্রবন্ধটো প্রকাশ হ’ল (ন–পঢ়ুৱৈৰ দৃষ্টিত বেজবৰুৱা) আৰু লগে লগে প্রতিবাদৰ ধুমুহা আৰম্ভ হ’ল৷ কমলেশ্বৰ চলিহাই এটা সুদীর্ঘ প্রবন্ধ লিখি মোক তীব্র ভাষাৰে আক্রমণ কৰিলে৷ বহু বছৰৰ পিছত মহেশ্বৰ নেওগে নিজৰ এটা প্রবন্ধত এই কথা স্বীকাৰ কৰিছিল যে বেজবৰুৱাৰ মৃত্যুৰ লগে লগেই বেজবৰুৱা–যুগৰ প্রায় অন্ত পৰিছিল, আৰু তাৰ পিছতো বেজবৰুৱা–যুগ চলি থকা বুলি ক’ব নোৱাৰি৷ লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে মই লিখা ‘মই কেনেকৈ লক্ষ্মীনাথ বেজবৰুৱাক নতুনকৈ আৱিষ্কাৰ কৰিলোঁ’ শীর্ষক এটা দীঘল প্রবন্ধত মই এইবোৰ কথা লিখিছোঁ আৰু বেজবৰুৱাৰ মূল্যায়ন সম্পর্কত মই অপৈণত বয়সত কৰা ভুলৰ কথাও একেটা প্রবন্ধতে স্বীকাৰ কৰিছোঁ৷

কার্জন হলৰ বাকৰিত বহা যিখন দ্বিতীয় সভা মোৰ স্মৃতিপটত এতিয়াও উজ্জ্বল হৈ আছে সেই সভাখন অনুষ্ঠিত হৈছিল সেই যুগৰ বিখ্যাত বাঙালী লেখক গোপাল হালদাৰক সম্বর্ধনা জনাবলৈ৷ বাঁওপন্থী লেখক গোপাল হালদাৰ সেই সময়ত ঔপন্যাসিক আৰু সংস্কৃতি–সমালোচক হিচাপে বিখ্যাত হৈছিল৷ তেওঁৰ ‘একদা’ নামৰ বহুপঠিত উপন্যাসখন অসমীয়া পাঠক সমাজতো জনপ্রিয় হৈছিল, আৰু চন্দ্রপ্রসাদ শইকীয়াই ‘একদাৰ’ আর্হিত ‘এদিন’ নামৰ এখন উপন্যাস লিখিছিল৷

উক্ত সভাখনৰ আঁত ধৰিছিল সেই সময়ৰ নেতৃস্থানীয় বাঁওপন্থী বুদ্ধিজীৱী ভবানন্দ দত্তই৷ উপস্থিত ৰাইজৰ লগত গোপাল হালদাৰক চিনাকি কৰি দিয়া বত্তৃণতাটোৰ আৰম্ভণিতে ভবানন্দ দত্তই কোৱা প্রথম বাক্যটো মোৰ এতিয়াও স্পষ্টকৈ মনত আছে– ‘আপোনালোকৰ সন্মুখত বহি থকা এই ক্ষীণকায় মানুহজনক দেখি আপুনি কল্পনা কৰিব পাৰেনে যে এই মানুহজনেই আমাৰ যুগৰ এজন বহু সন্মানিত যুদ্ধশাস্ত্র–বিশাৰদ?’

মই ক’ব খোজা তৃতীয়খন সভাৰ কথা মোৰ কাৰণে অবিস্মৰণীয় কৰি ৰাখিছে দিলীপ শর্মাৰ উদাত্ত কণ্ঠৰ গানে৷ সেই সময়ত ভাৰতীয় গণনাট্য সংঘ আছিল এটা শক্তিশালী, জনপ্রিয় আৰু জীৱন্ত অনুষ্ঠান৷ যুগটো আছিল হিন্দী চীনি ভাই ভাইৰ যুগ৷ গণনাট্য সংঘ চীন দেশলৈ আমন্ত্রিত হৈছিল, আৰু দলটোৰ অন্যতম সদস্য আছিল বিখ্যাত অসমীয়া গায়ক দিলীপ শর্মা৷ স্বদেশলৈ ঘূৰি অহাৰ পিছত তেওঁক সম্বর্ধনা জনাবলৈ কার্জন হলৰ বাকৰিত অনুষ্ঠিত হৈছিল সেই সভাখন৷

কার্জন হলৰ আধা–ন্ধকাৰ বাকৰিত দিলীপ শর্মাই এটাৰ পিছত এটাকৈ গাইছিল সেইবোৰ গান– যিবোৰ গান তেওঁ গাইছিল চীন দেশত৷ তেওঁ গানৰ সামৰণি মাৰিছিল চীনা ভাষাত গোৱা এটা গানেৰে৷

মোৰ কটন কলেজৰ চাৰিটা বছৰত কার্জন হলৰ বাকৰিত অনুষ্ঠিত শতাধিক সভাৰ পৰা মই বাছি বাছি মাত্র তিনিখন সভাৰ কথা ক’লোঁ৷ গুৱাহাটীৰ সেই সময়ৰ বৌদ্ধিক তথা সাংস্কৃতিক পৰিৱেশৰ আভাস দিবলৈ এই তিনিখন সভাৰ কথাই যথেষ্ট৷ মোৰ স্বপ্ণাতুৰ প্রাণ–চঞ্চল আদর্শবাদী যৌৱনৰ সোণালী স্মৃতিৰ লগত অবিচ্ছেদ্যভাৱে জড়িত হৈ আছে কার্জন হলৰ স্মৃতি– কিতাপৰ গন্ধই মদিৰ আৰু ভাৰাতুৰ কৰি ৰখা ৰীডিং ৰূমটোৰ স্মৃতি, বক্তাৰ আৱেগময় কণ্ঠই স্পন্দিত কৰি ৰখা আধা–ন্ধকাৰ বাকৰিটোৰ স্মৃতি, গধূলিৰ অন্ধকাৰত নিশ্চল হৈ থিয় হৈ মুগ্ধ হূদয়েৰে বত্তৃণতা শুনি থকা সংস্কৃতিৱান মানুহবোৰৰ স্মৃতি…. … …৷

You might also like