নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইল–পেলেষ্টাইন সংঘাত

ভয়াৱহ হৈ পৰিছে ইজৰাইল–পেলেষ্টাইনৰ্ পৰিস্থিতি৷ প্রায় এসপ্তাহ পূর্বে জেৰুজালেমৰ ঐতিহাসিক আল–আস্কা মছজিদৰ সমীপত ইজৰাইলী আৰক্ষী আৰু আৰব লোকসকলৰ মাজত সৃষ্টি হোৱা সংঘর্ষৰ পাছতেই সংঘর্ষৰ জুই বিয়পি পৰিছে মধ্য প্রাচ্যৰ বিভিন্ন অঞ্চললৈ৷ ইজৰাইলী আৰক্ষীৰ সৈতে সংঘর্ষত চাৰি শতাধিক পেলেষ্টাইনী মূলৰ আৰব লোক আহত হোৱাৰ পাছতেই পেলেষ্টাইনৰ গাজা ষ্ট্রীপ নিয়ন্ত্রিত বিদ্রোহী হামাছে ইহুদী ৰাষ্ট্র ইজৰাইলৰ তেল আভিব তথা অন্যান্য কেইবাখনো চহৰত ৰকেটৰে আক্রমণ চলায়৷ এই আক্রমণৰ প্রতিশোধ ৰূপে ইজৰাইলী বাহিনীয়ে বিবদমান গাজা ষ্ট্রীপত আৰম্ভ কৰে বোমাবর্ষণ৷ লগে লগে আৰব আৰু ইহুদী লোকসকলৰ সংঘর্ষ ইজৰাইলৰ প্রতিখন চহৰলৈ বিয়পি পৰে৷ ২০১৪ চনৰ পাছত প্রথমবাৰলৈ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘর্ষই অতি জটিল ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে ইজৰাইলী সেনাৰ গুলীত পেলেষ্টাইনৰ গাজা ষ্ট্রীপত প্রাণ হেৰুৱাইছে ১৮১গৰাকী লোকে৷ আহত হৈছে আন কেইবাশও লোক৷ প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰত ৫০টাতকৈ অধিক শিশু আৰু কেইবাগৰাকীও মহিলাও আছে৷ লক্ষণীয়ভাৱে ইজৰাইলী সেনাই বোমাবর্ষণৰ ঘটনাত বিদ্রোহী হামাছৰ সদস্য নিহত হোৱা বুলি সদৰী কৰিছে যদিও গাজা ষ্ট্রীপত ফুলকুমলীয়া শিশু বোমাৰ আঘাতত ঢ়লি পৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ জেৰুজালেম প্রশাসনৰ পেলেষ্টাইনবিৰোধী এনে ঘটনাক লৈ আন্তর্জাতিক মহলত প্রতিক্রিয়া সৃষ্টি হৈছে যদিও প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে গাজা ষ্ট্রীপত বিদ্রোহী হামাছৰ বিৰুদ্ধে বোমা আৰু ক্ষেপণাস্ত্রৰ আক্রমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ ইজৰাইল চৰকাৰৰ এনে কঠোৰ স্থিতিৰ পাছতে মধ্য প্রাচ্যৰ প্রতিখন দেশে ক্ষোভ উজাৰিছে৷ লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি ইজৰাইল–পেলেষ্টাইনৰ্ সংঘাতৰ বিষয়টো সজীৱ হৈ আছে যদিও ৰাষ্ট্রসংঘকে ধৰি কেইবাটাও আন্তর্জাতিক সংস্থাই পেলেষ্টাইনৰ স্বাধীনতাৰ বিষয়টোৰ প্রতি সহমত পোষণ কৰি আহিছে৷ কিন্তু আমেৰিকা আৰু ইজৰাইলৰ স্থিতিৰ বাবেই পেলেষ্টাইনে স্বাধীনতা লাভ কৰা দূৰৈৰ কথা, দেশখনৰ ভূখণ্ড সংকুচিত কৰি ইজৰাইলে পেলেষ্টাইনৰ অস্তিত্ব বিশ্ব মানচিত্রৰ পৰাই মচি দিয়াৰ অপচেষ্টা চলাই আহিছে৷
দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ পাছত ১৯৪৮ চনত পেলেষ্টাইনৰ বুকুত মূৰ দাঙি থিয় হোৱা ইজৰাইলক কেন্দ্র কৰি সমগ্র আৰব বিশ্বত সৃষ্টি হয় নতুন অশান্তি৷ জন্মলগ্ণৰে পৰা ইজৰাইলে পেলেষ্টাইনৰ মূল ভূ–খণ্ড সংকুচিত কৰি আহিছে৷ বিবদমান গাজা ষ্ট্রীপ আৰু জর্দান নদীৰ পশ্চিম পাৰ ইজৰাইলে নিজ খুচি মতে দখল কৰি সমগ্র অঞ্চলটোত সৃষ্টি কৰি আহিছে অশান্তি৷ এসময়ত পেলেষ্টাইন লিবাৰেচন অর্গেনাইজেচন (পি এল অ’) নেতা য়াছেৰ আৰফত আৰু ইজৰাইলৰ কেইবাগৰাকীও নেতাই শান্তিপূর্ণভাৱে দীর্ঘদিনীয়া সমস্যাৰ সমাধান কৰাৰ প্রচেষ্টা চলাইছিল৷ আনকি কেইবালানিও শান্তি আলোচনাত মিলিত হৈছিল ইজৰাইল–পেলেষ্টাইনৰ্ নেতৃবৃন্দ৷ ৰাষ্ট্রসংঘৰ গৰিষ্ঠসংখ্যক দেশে পেলেষ্টাইনৰ স্বাধীনতাৰ বিষয়টোক অগ্রাধিকাৰ দি দীর্ঘদিনীয়া সংঘাতৰ শান্তিপূর্ণ সমাধানৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু আন্তর্জাতিক সম্প্রদায়ৰ সকলো বক্তব্যক অগ্রাহ্য কৰি আহিছে হোৱাইট হাউছ প্রশাসনে৷ আনকি প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইজৰাইল–পেলেষ্টাইন উভয় পক্ষৰ বাবে বিবাদৰ এক কেন্দ্রস্থল হিচাপে চিহ্ণিত হোৱা জেৰুজালেমক একপক্ষীয়ভাৱে ইজৰাইলৰ ৰাজধানী ঘোষণা কৰি ক্ষোভৰ জুইত ঘি ঢ়ালিছিল৷ অকল সেয়াই নহয়, মধ্য প্রাচ্যৰ সংকটটোক অধিক জটিল কৰি তুলিছিল ড’নাল্ড ট্রাম্পে৷ আনকি ইজৰাইলে দখল কৰি থকা ছিৰিয়াৰ ভূখণ্ড গোলানহাইট সার্বভৌম ইজৰাইলৰ অংশ বুলি ঘোষণা কৰিছিল ট্রাম্পে৷ ইয়াৰ পাছতে মধ্য প্রাচ্যৰ জুইকুৰা পুনৰ দাওদাওকৈ জ্বলি উঠে৷ ট্রাম্পৰ উত্তৰসূৰী হিচাপে হোৱাইট হাউছৰ শীর্ষ পদবীত বহা বাইডেনে শেহতীয়া পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ কিন্তু মধ্য প্রাচ্যৰ বর্তমানৰ ক্রোধৰ জুয়ে সমস্যাক দীর্ঘস্থায়ী ৰূপ প্রদান কৰাৰ আশংকা আছে যে সেয়া সহজেই অনুমেয়৷

You might also like